এসময়ৰ টমবয় ছোৱালীজনী আজি জনপ্ৰিয় ফেশ্যন ব্লগাৰ

এসময়ৰ টমবয় ছোৱালীজনী আজি জনপ্ৰিয় ফেশ্যন ব্লগাৰ

Sunday February 14, 2016,

4 min Read

২১ বছৰীয়া এগৰাকী যুৱতী।নাম তেওঁৰ মাচুম মিনাৱালা।এই মাচুম মিনাৱালা বৰ্তমান এগৰাকী ফেশ্যন ব্লগাৰ হোৱাৰ লগতে বিখ্যাত ফেশ্যন প’ৰ্টেল ষ্টাইলফিয়েষ্টাৰ মুখ্য কাৰ্যবাহী বিষয়া।ফেশ্যনৰ পৃথিৱীখনলৈ অহাৰ পূৰ্বে মিনাৱালা আছিল একেবাৰে টমবয়, যিয়ে নিজে কি পিন্ধিছে তাৰ প্ৰতি কোনো গুৰুত্বই নাছিল।আৰু আজি তেওঁৰ কোম্পানীটোৱে আৰম্ভ হোৱাৰ প্ৰথম বছৰতেই লাভৰ মুখ দেখিছে।

ষ্টাইলফিয়েষ্টা হৈছে ভিন্ন,আধুনিক,একক আৰু ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ।ই তেওঁৰ ব্যক্তিগত ষ্টাইলকে প্ৰতিফলিত কৰে, যিহেতু প্ৰতিবিধ সামগ্ৰীতে তেওঁৰ নিজা স্পৰ্শ থাকে।কিন্তু অনলাইন ফেশ্যন পৃথিৱীখন এতিয়া অত্যন্ত জনবহুল বজাৰকেন্দ্ৰ।ফেশ্যন পৰ্টেল জাবং,কুভছ্ আৰু ফ্লিপকাৰ্ট(য’ত মাচুমেও নিজৰ সামগ্ৰী বিক্ৰী কৰে)আদিকে ধৰি বিভিন্ন ডিজাইন হাউচেৰে বৰ্তমান দেশ ভৰি পৰিছে।য়’ৰ ষ্ট'ৰীয়ে মাচুমক লগ ধৰি তেওঁৰ ষ্টাইলফিয়েষ্টাৰ বিষয়ে আৰু বৰ্তমানৰ এই প্ৰতিযোগিতাত তেওঁ কিদৰে প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে তাক জানিবলৈ প্ৰয়াস কৰিছিল।

image


টমবয়ৰ পৰা ফেশ্যন জগতলৈঃ

মাচুম স্কুলত থাকোতে টমবয় আছিল।স্কুলৰ ফুটবল দলৰ কেপ্তেইন হিচাপে তেওঁ সদায় লেতেৰা মোজাৰে আহি ঘৰ সোমাইছিলহি।দ্বাদশ মানলৈ কথাবোৰ লাহে লাহে সলনি হৈ আহিল আৰু হঠাতেই তেওঁ ফেশ্যন সম্পৰ্কে সজাগ হ’ল আৰু ইয়াৰ প্ৰতি আগ্ৰহী হৈ উঠিল।

তাৰপিছত তেওঁ সম্পৰ্কীয় ভগ্নী এগৰাকীৰে সৈতে ইণ্টাৰ্ণশ্বিপ কৰা আৰম্ভ কৰিলে, যি নিজেও এগৰাকী ফেশ্যন ডিজাইনাৰ আছিল।অৱশ্যে তেওঁ আশা কৰাৰ দৰে এই অভিজ্ঞতা বৰ এটা ফলপ্ৰসু নহ’ল।

মাচুমে ব্ৰেণ্ড মাৰ্কেটিং ইণ্ডিয়াৰ সৈতে মাৰ্কেটিং ইণ্টাৰ্ণশ্বিপ কৰি থকা অৱস্থাতে(য’ত তেওঁৰ গৱেষণা প্ৰকল্পসমূহৰ এটা আছিল ফেশ্যন ব্লগাৰৰ ওপৰত)ব্যাৱসায়িক ক্ষেত্ৰখনত দৃষ্টি নিবদ্ধ কৰিলে।“প্ৰথমবাৰৰ বাবে মোৰ ফেশ্যন ব্লগিঙৰ ওপৰত আগ্ৰহ জন্মিল আৰু মই যথেষ্ট উৎসাহী হৈ পৰিলো,” তেওঁ এইদৰে ক’লে।

image


সেই উৎসাহেৰেই তেওঁ নিজৰ ব্লগ এটা আৰম্ভ কৰিলে।প্ৰথমে মাচুমে তাইৰ আলমিৰাটোকে ষ্টাইল কৰিবলৈ ল’লে আৰু তাৰ ফটো সমগ্ৰ বিশ্বই দেখাকৈ প’ষ্ট কৰিবলৈ ধৰিলে।

“হবি হিচাপে আৰম্ভ কৰা কামটোৱে খুব সোনকালেই পাঠকৰ সহাঁৰি পাবলৈ সক্ষম হ’ল, কেতিয়াও চিনি নোপোৱা, নেদেখা হাজাৰ হাজাৰ মানুহৰ পৰা বহুতো মন্তব্য আৰু পৰামৰ্শ লাভ কৰিলো।মোৰ কাম আৰু ষ্টাইলক মানুহে প্ৰশংসা কৰা দেখি নিজৰে খুব ভাল লাগিল।মাহৰ পিছত মাহ ধৰি মই যিমান পাৰো সিমান ব্লগিং কৰাত লাগি গ’লো, লগতে মোৰ পঢ়ুৱৈৰ সৈতেও সম্পৰ্ক গঢ়ি তুলিলো,এটাই মাত্ৰ কাৰণত যে, এই কামটো কৰি মই বৰ ভাল পাইছিলো।মই মোৰ ব্লগটোত এটা পষ্ট আপডেট দি আজিও যি সন্তুষ্টি পাওঁ এই সন্তুষ্টি আন কোনো বস্তুৰে সৈতে তুলনা কৰিব নোৱাৰি।”

এক মিশ্যনঃ সকলো মহিলাৰ বাবেই যি উপযোগী

ফেশ্যন ব্লগিঙৰ ডেৰ বছৰীয়া অভিজ্ঞতাই তেওঁক এই ক্ষেত্ৰখন যে তেওঁৰ জীৱন হ’বলৈ গৈ আছে তাকে শিকালে।তেওঁ দেউতাকৰ কথা মতে ফেশ্যনৰ আনুষ্ঠানিক শিক্ষা ল’বলৈ লণ্ডনলৈ গ’ল আৰু তাত ৬টা ডিপ্ল’মা পাঠ্যক্ৰম গ্ৰহণ কৰি পুনৰ মুম্বাইলৈ উভতি আহি নিজৰ ই-কমাৰ্চ ৱেবচাইটটোৰ কামত লাগিল।২০১২ চনৰ ডিচেম্বৰলৈ তেওঁৰ ষ্টাইলফিয়েষ্টা মাৰ্কেটত আহিবলৈ সাজু হৈ উঠিল।“মই মোৰ পঢ়ুৱৈ সকলকে গ্ৰাহক হিচাপে পাবলৈ চেষ্টা কৰিলো,”মাচুমে ক’লে।

প্ৰত্যাহ্বানঃ

আচৰিতভাৱে, প্ৰযুক্তি তেওঁৰ বাবে ডাঙৰ বাধা হিচাপে থিয় দিলে।মাচুমে কোৱা মতে তেওঁ, তেওঁৰ ই-কমাৰ্চ ৱেৱচাইটো সাজু কৰালৈকে ৪ বাৰ ডেভলপাৰ সলনি কৰিব লগা হৈছিল।এই গোটেই প্ৰক্ৰিয়াটো অত্যন্ত কষ্টকৰ আছিল।ব্যৱসায়টো সাজু কৰি চলাব পৰালৈ মাচুমে যথেষ্ট কষ্ট কৰিছে, যিয়ে তেওঁক আৰু অধিক প্ৰত্যাহ্বান ল’ব পৰাকৈ সাজু কৰি তুলিছে।তেওঁ যথেষ্ট আত্মবিশ্বাসেৰে আমাক ক’লে, ‘মই কেতিয়াও কোনো কাম অসফল হ’ম বুলি ভাৱি বা মনত কিবা ভয় ৰাখি কৰা নাই।আনকি মোৰ মনলৈ কিবা বেয়া ভাৱ আহিলেও, মই তেতিয়া নিজকে সোধো যে, ইয়াৰ পৰা আটাইতকৈ বেছি বেয়ানো কি ওলাব পাৰে?’

একেধৰণৰ বিভিন্ন ফেশ্যন প’ৰ্টেল বৰ্তমান ই-কমাৰ্চ ক্ষেত্ৰত উপলব্ধ হোৱাত স্বাভাৱিকতে প্ৰতিযোগিতাও বৃদ্ধি পাইছে।মাচুমৰ মতে, “আমি গ্ৰাহকক একেবাৰে প্ৰকৃত আৰু শেহতীয়া আটাইতকৈ বেছি ফেশ্যনেবল সামগ্ৰী প্ৰদান কৰো।গ্ৰাহকক নিজৰ পছন্দমতে বস্তু বাচি উলিওৱাৰ সম্পূৰ্ণ স্বাধীনতা দিয়া হয়।”

বিনিয়োগৰ প্ৰথম খোজঃ

মাচুমে প্ৰথমে দেউতাকৰ পৰাই ব্যাৱসায়ত বিনিয়োগৰ বাবে পুঁজি লাভ কৰিছিল।“প্ৰথম বছৰৰ ছমাহতেই আমি বিনিয়োগ কৰা পুঁজি উদ্ধাৰ কৰিব পাৰিছিলো আৰু তেতিয়াৰে পৰা আমাৰ ব্যাৱসায়ৰ লভ্যাংশখিনি পুনৰ ব্যাৱসায়তে লগাই দিছো,” মাচুমে ক’লে।মাচুমে আমাক কোৱা মতে তেওঁলোকে ২০১৪ চনৰ প্ৰথম ত্ৰৈমাসিকত ২২,০০,০০০ আৰু পিছলৈ মাহৰ পিছত মাহৰ হিচাপ কৰোতে বছৰটোৰ শেহান্তত ১.৫ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

মাচুমৰ সাতজনীয়া টিমটোৱে তেওঁৰ ল’ৱাৰ পাৰেল এলেকাত থকা ঘৰৰ পৰাই কাম কৰে।ইয়াৰ লগতে সমগ্ৰ দেশতে গ্ৰাহকক বস্তুৰ বিনামূলীয়া পৰিবহণ,বস্তু দিয়াৰ পিছত মূল্য আদায় লোৱা আদি সুবিধা প্ৰদান কৰাৰ লগতে মাচুমে বিনামূলীয়াকৈ অপছন্দ হোৱা বস্তু ঘূৰায়ো লয়।শেহতীয়াকৈ তেওঁলোকে থাৰ্ড পাৰ্টি ৱেবচাইটযোগেও সামগ্ৰী বিক্ৰী কৰিবলৈ লৈছে।

তেওঁৰ ভৱিষ্যৎ পৰিকল্পনাত আছে সামগ্ৰীৰ শ্ৰেণী বৃদ্ধি কৰা আৰু মানুহক ৩৬০ ডিগ্ৰীত ফেশ্যনৰ অভিজ্ঞতা প্ৰদান কৰা।

আমাৰ পঢ়ুৱৈলৈ মাচুমৰ বাৰ্তা

'মোৰ বাবে ষ্টাইল হৈছে, নিজৰ ব্যক্তিত্বৰ প্ৰতিফলন।এগৰাকী শিল্পীয়ে তেওঁৰ পেইণ্টিংছৰ জৰিয়তে তেওঁৰ আৱেগখিনি যিদৰে প্ৰকাশ কৰে, থিক সেইদৰেই মোৰ সাজ-সজ্জ্বাৰ জৰিয়তে মই মোৰ ধাৰণা, মতামত আৰু মোৰ ব্যক্তিত্ব প্ৰকাশ কৰোঁ।ষ্টাইলিছ হোৱাৰ ১ নং নিয়মটো হৈছে-তোমাৰ নিজৰ ষ্টাইলৰ আৱিস্কাৰক হোৱা।এই পৃথিৱীত মোৰ ষ্টাইলৰ সৃষ্টিক কোনো ফেশ্যন গুৰুৱে বাধা দিব নোৱাৰে।

সেয়ে সদায় নিজ ক্ষেত্ৰত একক হৈ থাকক,নিজেই নিজৰ ষ্টাইল গুৰু হওঁক!'

মূলঃ তনভী ডুবে

অনুবাদঃ লীনা শইকীয়া


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

ব্যৱসায় আৰম্ভ কৰাৰ বাবে বিনিয়োগৰ প্ৰয়োজন নাই

ষ্টাৰ্টআপ আৰম্ভ কৰিব খুজিছে নেকি ? এই এঘাৰটা ভুল নকৰিব

‘আমি ভাল টীমতহে বিনিয়োগ কৰোঁ’ বুলি Venture Capitalists (VC)সকলে আচলতে কি বুজায়?

গ্ৰাহকক অসন্তুষ্ট নকৰাটোৱেই গ্ৰাহক ধৰি ৰখাৰ উপায়