ৰাজকোটৰ কলেজৰ ছাত্ৰই নিৰ্মাণ কৰিছে বায়ুচালিত গাড়ী

ৰাজকোটৰ কলেজৰ ছাত্ৰই নিৰ্মাণ কৰিছে বায়ুচালিত গাড়ী

Thursday June 30, 2016,

2 min Read

অবিশ্বাস্য যেন লগা এই কথা সম্ভৱ কৰিছে গুজৰাটৰ ৰাজকোটৰ এখন ইঞ্জিনীয়াৰিং কলেজৰ ৰ ছাত্ৰ-ছাত্ৰীয়ে । তেওঁলোকে এখন গাড়ীৰ এটা প্ৰট'টাইপ বা অভিৰূপ নিৰ্মাণ কৰিছে যি তেলৰ সলনি চলিব বায়ুৰে । চাৰিজন ছাত্ৰই এবছৰ ধৰি চুড়ান্ত বাৰ্ষিকৰ প্ৰকল্প হিচাপে নিৰ্মাণ কৰিছে এই গাড়ীখন । খৰচ কমাবলৈ গাড়ীখনত ব্যৱহাৰ হৈছে পুৰণা গা়ড়ীৰ অংশ আৰু ইয়াত পেট্ৰল বা ডিজেল টেংকৰ সলনি সংলগ্ন আছে বায়ু টেংক ।  

Image: (L-R) Youtube ; Drive Spark

Image: (L-R) Youtube ; Drive Spark


এই দলৰ এজন ছাত্ৰ কিশন পনসুৰিয়াই কয় যে গাড়ীখন বেছিদূৰ নচলিলেও সৰু চৌহদত ই চলিব পাৰিব । 'আমি প্ৰমাণ কৰিছো যে যদি ১২ বাৰ বায়ু ভৰোৱা হয় তেনেহলে গাড়ীখনে এক দুই কিলোনিটাৰ পথ অতিক্ৰম কৰিব পাৰে । যদি ১৫ বাৰ ভৰোৱা হয় তেনেহলে ই ৩ কিলোমিটাৰ পথ যাব পাৰে । এই গাড়ী কলেজ বা বিশ্ববিদ্যালয় চৌহদত ব্যৱহাৰ কৰিব পাৰি ।' তেওঁ কয় । এই কামত ছাত্ৰসকলক তেওঁলোকৰ শিক্ষক আৰু অধ্যক্ষই সহায় কৰিছে আৰু তেঁলোকৰ কামক লৈ তেওঁলোক যথেষ্ট উৎসাহী । 


আন এজন ছাত্ৰ কল্পেশ কোটদিয়াই কয় যে এই অভিৰূপটোক আৰু উন্নত কৰিব পাৰি । 'আমি ১১০চি চি বাইকৰ ইঞ্জিন ব্যৱহাৰ কৰিছো । মাত্ৰ এজন মানুহ এই গাড়ীখনত উঠিব পাৰে । ২০০ কিলোমিটাৰ প্ৰতি ঘণ্টা বোগত ই চলিব পাৰে । ইয়াত আৰু কিছু সংশোধন ঘটাই আমি ইয়াক দিঘলীয়া যাত্ৰাৰ উপযোগী কৰি তুলিব পাৰোঁ । ' তেওঁ কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মহিলাৰ স্বাস্থ্যৰ বাবে এজন পুৰুষৰ বিচিত্ৰ সংগ্ৰাম

কৃত্ৰিম তেজ: অতীত হ'ব ৰক্তদান

প্ৰযুক্তি ক্ষেত্ৰখনত খলকনি তোলা এজন ১২ বছৰীয়া শিশু

ৰঙেৰে নতুন পৃথিৱী গঢ়িব খোজা আন্তঃৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত শিল্পী নিৰুপম কোঁৱৰ