ৱেবচাইট আৰু ম'বাইল এপ সেৱাৰ সমূহীয়া মঞ্চ clickexcel.com

ৱেবচাইট আৰু ম'বাইল এপ সেৱাৰ সমূহীয়া মঞ্চ clickexcel.com

Tuesday July 12, 2016,

2 min Read

ৱেবচাইট ডিজাইনিং তথা মবাইল এপ প্ৰস্তুতকৰণৰ সেৱা আগবঢ়োৱা বিভিন্ন প্ৰতিষ্ঠান আৰু বিভিন্ন ফ্ৰিলান্সাৰৰ মাজৰপৰা আপোনাৰ প্ৰয়োজনীয় বা আপোনাৰ বাবে উপযুক্ত সেৱা বাচি উলিওৱাটো নিশ্চয় এক জটিল কাম । কিন্তু এনেধৰণ সকলো সেৱাক এটা প্লেটফৰ্মত আগবঢ়াইছে অন ডিমাণ্ড ৱেবচাইট এণ্ড মবাইল চাৰ্ভিচ এগ্ৰেগেটৰ সেৱা clickexcel.com. পুণেৰপৰা পৰিচালিত এই ষ্টাৰ্টআপটোৱে ইতিমধ্যে ১৫০তকৈও অধিক এনে সেৱাপ্ৰদানকাৰীক সামৰি লৈছে বুলি দাবী কৰে । 

২০১৫ চনত পণ্ডিত কদমে প্ৰতিস্থা কৰা এই কোম্পানীটোৱে সৰু-ডাঙৰ বিভিন্ন ব্যৱসায়ৰ প্ৰয়োজন অনুসৰি ৱেবচাইট, মবাইল এপ, ৱেব হ'ষ্টিং, ডিজিটেল মাৰ্কেটিং ইত্যাদি বিভিন্ন সেৱা প্ৰদান কৰা প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষক গ্ৰাহকৰ সৈতে অনলাইন যোগাযোগৰ ব্যৱস্থা কৰি দিয়ে । আনহাতে এই সেৱা প্ৰদানকাৰী কোম্পানীৰ প্ৰতিনিধিৰ সৈতে যোগোযোগ কৰিবলৈ বিচাৰিলে এই সুবিধা ২৪ ঘন্টাৰ ভিতৰত বিনামূল্যে প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়ে পণ্ডিত কদমে । 

image


সম্পূ্ৰ্ণ নিজা পুঁজিৰে আৰম্ভ কৰা এই কোম্পানীটোৱে অহা বছৰৰপৰা দিনে ১০০ অৰ্ডাৰ লেৱাৰ লক্ষ্য আগত ৰাখি কামত আগবাঢ়িছে । অৱশ্যে এতিয়া আগ্ৰাসীভাৱে পুঁজি বিচৰা নাই । প্ৰতিস্থাপক পণ্ডিত কদমে কয়, 'কোম্পানীটোৱে কেৱল ৱেবচাইট আৰু ম'বাইল এপত মনোনিবেশ কৰাৰ কাৰণ হ'ল যাতে আমি যি সেৱা আগবঢ়াইছো তাক উৎকৃষ্টৰূপত আগবঢ়াব পাৰোঁ ।' 

image


মূলতঃ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়সমূহৰ প্ৰয়োজনলৈ লক্ষ্য ৰাখি এই সেৱা আগবঢ়োৱা হৈছে । clickexcel.comৰ সেৱা অতি শীঘ্ৰেই এণ্ড্ৰইড আৰু iOS এপৰ মাধ্যমেৰেও উপলব্ধ হ'ব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

নিজৰ প্ৰাণ দি আইছিছ বোমাৰুক বাধা দিয়া ব্যক্তিজন

১৬মাহত হেৰুৱাইছিল শ্ৰৱণ আৰু বাক শক্তি, আজি দেশে চিনি পায় এঞ্জেলা লাহনক

উত্তৰ-পূৱ ভাৰতৰ ‘পুষ্পসজ্জা’ৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিছে নাচিমা বেগম লহকৰে

১০০৯ বাৰ বিফল হৈও 'কেএফচি'ৰে বিশ্বজয় কৰিছিল ৬৫ বছৰীয়া কৰ্ণেল ছেণ্ডাৰ্ছে