শুকুৰবাৰে কন্যা সন্তান জন্মিলে মাচুল নোলোৱা এখন চিকিৎসালয়

শুকুৰবাৰে কন্যা সন্তান জন্মিলে মাচুল নোলোৱা এখন চিকিৎসালয়

Saturday January 30, 2016,

3 min Read

যোৱা কেইটামান বৰ্ষৰ লোকপিয়ল অনুসৰি দেশত যিধৰণে পুৰুষৰ তুলনাত মহিলাৰ অনুপাত হ্ৰাস হোৱা দেখা গৈছে, তাৰ পৰাই আজিৰ দিনতো সমাজৰ চিন্তাধাৰৰ উমান পাব পাৰি। এনে সময়ত কেন্দ্ৰীয় চৰকাৰে কণ্যা সন্তানৰ বাবে আৰম্ভ কৰা বিভিন্ন আঁচনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই সজাগতা মূলক কাৰ্যসুচীয়ে কেৱল সমাজতে প্ৰভাৱ পেলোৱা নাই, প্ৰভাৱ পেলাইছে চিকিৎসক আৰু চিকিৎসালয়তো। আজি এনে এখন চিকিৎসালয়ৰ কথা ক'ব খুজিছো, যিখনে ব্যক্তিগত চিকিৎসালয় সমূহৰ ওপৰত সাধাৰণতে ‘ধনঘটাৰ ব্যৱসায়’ বুলি থকা ধাৰণাৰ সালসলনি ঘটাব।

image


ক’ব বিচৰা চিকিসালয়খনত শুক্ৰবাৰে কন্যা সন্তান জন্ম হ’লে মাক দেউতাকৰ পৰা চিকিৎসাৰ মাচুল লোৱা নহয়। এইখন কিন্তু কোনা ডাঙৰ চহৰৰ ডাঙৰ চিকিৎসালয় নহয়। দিল্লীৰ পৰা ৭৫ কিলোমিটাৰ নিলগৰ এখন সৰু চহৰ মেৰঠ। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত মেৰঠৰ নাম সকলোতকৈ ওপৰত আছিল। কিন্তু আজি মেৰঠৰ চৰ্চা হয় এই চিকিৎসালয়খনৰ বাবেহে। মেৰঠৰ ৪৫ খন বিছনাযুক্ত এই চিকিৎসলয়খনৰ বিশেষত্ব হ’ল ইয়াত শুকুৰবাবে কন্যা সন্তান জন্ম হ’লে সকলো সুবিধা দিয়া হয় বিনামুলীয়াকৈ। কন্যা শিশুৰ জন্মই পিতৃ-মাতৃলৈ কঢ়িয়াই আনে ৰেহাইৰ এই সুখবৰটো। জন্ম হোৱা কন্যা শিশুৰ পিতৃ-মাতৃৰ বাবে দিনটো হৈ পৰে উৎসৱৰ দিন, কাৰণ চিকিৎসালয়ৰ খা- খৰচৰ কথা তেওঁলোকে চিন্তা কৰিব লগীয়া নহয়। কেৱল ভৰিব লগীয়া হয় ঔষধৰ বিল। ইয়াৰ বাহিৰে অস্ত্ৰোপচাৰ কক্ষ, চিকিৎসকৰ মাচুলকে ধৰি সকলো সা-সুবিধাৰ বাবদ চিকিৎসালয়খনে কোনো মাচুল নলয়। এই সৰু চিকিৎসালয়খনে এই পদক্ষেপৰ জৰিয়তে এটা ডাঙৰ বাৰ্তা বহন কৰি আহিছে। ‘দয়াৱতী চিকিৎসালয়’ নামৰ এই চিকিৎসালয় খনে ২০১৫ চনৰ নৱেম্বৰ মাহৰ পৰা এই সুবিধা দি আহিছে। আৰু ইয়াৰ দ্বাৰা সমাজত এটা ইতিবাচক প্ৰভাবো পৰিছে।

চিকিৎসালয়খনৰ প্ৰতিষ্ঠাপক ৪২ বছৰীয়া প্ৰমোদ বালিয়ানে য়'ৰ ষ্ট’ৰীক জনালে-

image


“প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘বেটী বচাও, বেটী পঢ়াও’ আঁচনি আৰম্ভণি কৰোঁতে, মোৰ তেনে কিবা এটা কৰাৰ কথা মনলৈ আহিল। প্ৰথমে মই চিকিৎসালয় খনৰ বাবে এই আঁচনি খনৰ কথা আমাৰ টীমটোৰ মাজত উলিয়ালো, প্ৰথমে কোনো ৰাজী হোৱা নাছিল, কিন্তু যেতিয়া মই এই আঁচনিৰ দ্বাৰা সমাজলৈ এক ইতিবাচক বাৰ্তা যাব বুলি ক’লো, সকলোৱে হাঁহিমুখে সন্মতি দিলে।”

ড০ বালিয়ানৰ ভাষ্য অনুসৰি চিকিৎসালয়খনত স্বাভাৱিক আৰু চিজাৰিয়ান দুয়োটাৰে সুবিধা আছে, আৰু ইয়াৰ বাবে প্ৰায় ৮-১০ হাজাৰ টকা খৰচ হয়। কিন্তু শুকুৰবাবে জন্ম হোৱা কন্যা শিশুৰ অভিভাৱকৰ বাবে এই সেৱা বিনামুলীয়া । মেৰঠৰ লগতে ইয়াৰ নিকটবৰ্তী অন্যান্য অঞ্চল সমূহতো চিৎসালয়খনৰ ভালকৈয়ে চৰ্চা হৈছে।

মেৰঠৰ চিকিৎসালয়ত শুক্ৰবাৰে কন্যা শিশু জন্ম হোৱা অভিভাৱকে য়'ৰ ষ্ট'ৰীক ক’লে এনেদৰে-“আমাৰ বাবে খুবেই ৰেহাই হ’ল, নহ’লে আজি আমি চিকিৎসলয়ৰ বিল পৰিশোধ কৰিবৰ বাবে পইছা বিচাৰি ফুৰিব লগীয়া হ’ল হেতেন, কিন্তু কন্যা সন্তান জন্ম হোৱাৰ বাবে সকলো সুবিধা বিনামূলীয়াকৈ পালো।”

image


“শুক্ৰবাৰটো কেৱল হিন্দু সকলৰ বাবেই নহয়, মুছলমান সকলৰ বাবেও এটা পবিত্ৰ দিন। এই দিনটোত কন্যা শিশু জন্ম হ’লে বিল দিব নলগীয়া হোৱাটো অভিভাৱকলৈ আমাৰ এক ক্ষুদ্ৰ উপহাৰ। চৰকাৰে যেতিয়া কন্যাক আগবঢ়াই নিবৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছে, আমিও এনে কিছু কাম কৰাৰ প্ৰয়োজন, যিবোৰে পাছলৈ সমাজত ইতিবাচক প্ৰভাব পেলাব।”- দয়াৱতী চিকিৎসালৰ প্ৰতিষ্ঠাপক ড০ বালিয়ানে ক’লে এনেদৰে।

চিকিৎসালয় খনত কাম কৰা চিকিৎসক আৰু নাৰ্ছ সকলো এই আঁচনিক লৈ গৌৰৱাম্বিত। কাৰণ তেওঁলোকে পূৰ্বে কাম কৰা কোনো চিকিৎসালয়তে কন্যা সন্তান জন্ম হ’লে এনে সা সুবিধা নিদিয়ে। আঁচনিখন আৰম্ভ কৰোঁতে মালিকৰ প্ৰস্তাৱক প্ৰথমে তেওঁলোকে সহজ ভাবে লোৱা নাছিল যদিও সমাজলৈ এক ইতিবাচক বা্ৰ্তা বহন কৰাৰ কথা উনুকিয়াই দিয়াত সকলো সন্মত হৈছিল। এতিয়া এনে এখন আঁচনিত নিজেও কাম কৰিবলৈ পাই সকলো সুখী।

মূলঃ নিৰজ সিং

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

    Share on
    close