গাৱঁৰ মহিলাক লৈ অৰ্থনৈতিক বিপ্লৱ কৰিছে এইগৰাকী মহিলাই

গাৱঁৰ মহিলাক লৈ অৰ্থনৈতিক বিপ্লৱ কৰিছে এইগৰাকী মহিলাই

Wednesday December 28, 2016,

2 min Read

এটা শেহতীয়া সমীক্ষা অনুসৰি ভাৰতত উপাৰ্জনকাৰী মহিলাৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে । ২০০৫ চনৰ ৪৯ শতাংশৰ বিপৰীতে ২০১৬ চনত ৩৬ শতাংশলৈ এই হাৰ হ্ৰাস পাইছে । শান্তা নামৰ এগৰাকী মহিলাই এই ছবিখন সলাবলৈ সংগ্ৰাম অব্যাহত ৰাখিছে ।

Image : BBC

Image : BBC


৫৩ বছৰীয়া শান্তাৰ জন্ম হৈছিল এট দুখীয়া পৰিয়ালত আৰু কৈশোৰত তেওঁৰ বিবাহ হৈছিল । বিয়াৰ পাছত তেওঁ তামিল নাডুৰ কোডপট্টিনাম নামৰ গাওঁখনৰ বাসিন্দা হৈছিল । তেওঁ সিদ্ধান্ত লৈছিল কাম কৰাৰ । এটা চৰকাৰী কাৰ্যালয়ত তেওঁ স্বেচ্ছাসেৱকৰ কাম কৰিবলৈ আৰম্ভ কৰে । এই চাকৰীত তেওঁৰ উপাৰ্জন কোনোমতে বাছৰ ভাৰা দিবলৈহে যথেষ্ট আছিল । তেওঁ আশা কৰিছিল যে উন্নত দক্ষতা আৰু যোগযোগেৰে তেওঁ অধিক কাম পাবলৈ সক্ষম হ'ব । 

এই সময়তে তেওঁ আত্ম সহায়ক গোটৰ বিষয়ে প্ৰথমবাৰৰ বাবে জানিবলৈ পায় । তেওঁ বহুকেইগৰাকী মহিলাৰ সৈতে লগ হৈ তেওঁ এটা আত্ম সহায়ক গোট গঠন কৰে । কিন্তু দৰিদ্ৰতাগ্ৰস্ত তেওঁলোকৰ গাওঁখনত ১০ টকা দি গোটৰ সদস্য হ'ব পৰা ২০ গৰাকী মহিলা পাবলৈ তেওঁ দুবছৰ অপেক্ষা কৰিবলগীয়া হৈছিল । 

তেওঁলোকে গৰু কিনি গাখীৰৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিলে । সময়ৰ লগে লগে তেওঁলোকক বেংকেও সহায় কৰিবলৈ আৰম্ভ কৰিলে । "আজি বেংকবোৰে আমাক আমাৰ গাৱঁৰ পুৰুষসকলতকৈ বেছি বিশ্বাস কৰে ।" শন্তাই কয় । 

২০০৯ চনত তেওঁ চেন্নাইৰ এটা বেগ প্ৰস্তুতকাৰক প্ৰতিস্থানৰ সংস্পৰ্শলৈ আহে । এই প্ৰতিস্থানটোৱে তেওঁলোকৰ পেকেজিঙৰ কাম আউটচৰ্ছ কৰিবলৈ বিচাৰি আছিল । ২৬ গৰাকী মহিলা গোটাই লৈ তেওঁ এই কামটো হাতত লয় । আজিৰ তাৰিখত প্ৰতি সপ্তাহত ৫০০০ বেগ তেওঁলোকে প্ৰস্তুত কৰে । আৰ্থিকভাৱে স্বাৱলম্বী এই মহিলাসকলে সামাজিক ন্যায়ৰ বাবে কাম কৰি যোৱাৰ লগে লগে আন অঞ্চলৰ মহিলাসকলক আত্মসহায়ক গোট গঠন কৰাৰ বাবে অনুপ্ৰণিত কৰি আহিছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিৰাটৰ দল শ্ৰেষ্ঠ ভাৰতীয় দল নেকি?

বন্ধ কাৰখানা চলাই বিশাল কোম্পানী গঢ়া এজন শ্ৰমিক

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো




.