আতংকৰ অন্ধকাৰত সাক্ষৰতাৰ শলিতা, সবা হাজী

0

সেয়া ২০০৮ চনৰ কথা, সবা হাজীয়ে তেওঁৰ কাৰ্যালয়ৰ আৰামদায়ক পৰিৱেশত বহি পৰ্যবেক্ষণ কৰি আছিল জম্মু-কাশ্মীৰলৈ প্ৰসাৰিত সেই সংঘৰ্ষ যি আৰম্ভ হৈছিল অমৰনাথত। জন্মভূমি জম্মুৰ এখন সৰু জিলা ডোডাৰ বিষয়ে ইটো-সিটো বাতৰি সংবাদ মাধ্যমত পাই তেওঁৰ গাৰ নোম সিঁয়ৰি উঠিছিল। ‘মই ঘৰলৈ ফোন কৰিছিলো আৰু বুজিছিলো সকলোৱে অজান ভৱিষ্যতক লৈ শংকিত হৈ পৰিছিল। মোৰ মাই মাথো কৈছিল যে জনতাৰ এটা বৃহৎ সমদল গাঁওখনৰ দিশে আগুৱাই আহিছে।’

কেপিএমজিত এগৰাকী অ’ডিট প্ৰশিক্ষক হিচাপে কাম কৰি থকা সবাই বুজিলে যে নিজৰ ঘৰলৈ উভতি যোৱাৰ সময় আহি পৰিছে। সেই সময়ৰ স্মৃতি ৰোমন্থন কৰি সবাই কয়, ‘মই বাংগালুৰুত নিজৰ বয়-বস্তু বান্ধিলো আৰু কেইবছৰমান ডোডাত থাকিবলৈ বুলি ২০০৮ৰ শীতৰ সময়ছোৱাতে উভতি আহিলো।’


পাহাৰুৱা আৰু দুৰ্গম অঞ্চল হিচাপে জনাজাত ডোডাৰ আছে এক স্বকীয় ইতিহাস, সংস্কৃতি আৰু পৰম্পৰা। এই অঞ্চলত ভ্ৰমণ কৰাটোৱেই এটা বৃহৎ প্ৰত্যাহ্বান। অধিকাংশ নগৰীয়া লোকৰ দৃষ্টিতে দুৰ্গম আৰু অসহায় এই প্ৰান্তৰ একাংশ জনতাই সবা আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে সম্পৰ্ক কৰিলে এখন বিদ্যালয় খুলিবৰ বাবে। ‘মোৰ খুৰাই সাধাৰণতে দুখীয়া লোকলৈ ধন প্ৰেৰণ কৰি সহায় কৰি থাকে। তেওঁ মোক আৰু মাক সুধিলে আমি এখন বিদ্যালয় পৰিচালনা কৰিব পাৰিমনে? আমিও গাঁওখনৰ জনতাক সহায় কৰিব বিচাৰিছিলো, সেই বাবেই সৰু বিদ্যালয় এখন স্থাপন কৰাৰ সিদ্ধান্ত লৈয়েই পেলালো।’ আৰু এইদৰেই পাহাৰৰ মাজত অৱস্থিত সৰু গাঁও ব্ৰেছৱানাত স্থাপন হ’ল হাজী পাব্লিক স্কুল।


জটিল আৰু অৱৰোধৰ সৃষ্টি কৰিব বিচৰা বিষয়াৰ সৈতে বিবাদৰ মাজতো হাজী পাব্লিক স্কুলে বছৰে বছৰে নতুন কীৰ্তি ৰচনা কৰিছে। ডোডাৰ শিশুসকলক শিক্ষিত কৰি তোলাৰ সম্পূৰ্ণ জিম্মা কেৱল নিজেই কিয় কান্ধ পাতি লৈছে বুলি সোধা প্ৰশ্নৰ উত্তৰত সবাই ক’লে, ‘গাঁৱৰ সকলো শিশুৱেই শিক্ষিত আৰু সাক্ষৰ হোৱাটো প্ৰয়োজন, কিন্তু বিগত তিনিটা দশকতকৈয়ো অধিক কাল এই দিশত কোনেও লক্ষ্যণীয় পদক্ষেপ লোৱা নাই। আমাৰ ইয়াৰ শিশুৱে কেতিয়াও দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ মুখামুখিকৈয়ো ঠিয় হোৱা নাই।’ ভাৰতৰ অন্য ৰাজ্যসমূহৰ শিক্ষিক আৰু উচ্চ বৰ্গৰ দৰে জম্মু-কাশ্মীৰৰ লিখা-পঢ়া কৰা লোকসকলেও নিজক লৈ গৌৰৱ অনুভৱ কৰে। তেওঁ কয়, ‘ইয়াৰ শিক্ষিত লোকসকলে কেতিয়াও গ্ৰামীণ অঞ্চললৈ গৈ শিশুসকলক শিক্ষিত কৰাৰ কথা নাভাবে। মই এই অন্তৰায় নিৰসন কৰিবলৈ দেশৰ অন্য প্ৰান্তৰপৰা স্বেচ্ছাসেৱক লৈ সুন্দৰ বাহিনী এটা গঠন কৰিছোঁ।’

স্বেচ্ছাসেৱকৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ হোৱাৰ বাহিৰেও তেওঁৰ বাবে আন এক বৃহৎ প্ৰত্যাহ্বান হৈছে সেই স্বেচ্ছাসেৱকসকলক ডোডাৰ কঠিন আৰু দুৰ্গম ঠাইত থাকিবলৈ প্ৰেৰণা দিয়াটো। সবাৰ মতে, ‘ষ্টাফিঙেই আমাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান’। বিপদৰ সৈতে খেলাৰ সাহস লৈ ইয়ালৈ অহা যুৱপ্ৰজন্মৰ বহুতেই সম্পূৰ্ণ বছৰটো থাকিবলৈ সক্ষম হয়। ‘এবাৰ আপুনি মানসিকভাৱে ইয়াত থাকিবলৈ যদি প্ৰস্তুত হয়, তেন্তে এই ঠাইখন বসবাসৰ বাবে অতি সুন্দৰ। আমাৰ আৰম্ভণিৰ এগৰাকী স্বেচ্ছাসেৱক সম্প্ৰতি এই প্ৰতিষ্ঠানটোৰ উপনিৰ্দেশক পদত অধিস্থিত হৈ আছে।’


সকলো কথাই মুকলিভাৱে কোৱা সবাৰ মতে, ‘যদিহে মোৰ পৰিয়াললৈ লক্ষ কৰা হয় তেন্তে দেখিব বহুকেইজন সদস্যৰে চৰকাৰী চাকৰি কৰাৰ বাবে প্ৰয়োজনীয় অৰ্হতা আছে আৰু চাকৰিৰ বাবে যোগ্য।’ কিয় জানো জম্মু-কাশ্মীৰবাসীৰ জীৱনত নিৰন্তৰ স্থিৰতাই গা কৰি উঠিছে। ‘জম্মু-কাশ্মীৰত কাম কৰাৰ পদ্ধতি সম্পূৰ্ণ সুকীয়া। মই জানো মোৰ এই মন্তব্যই বহুতকে অসন্তুষ্ট কৰিব কিন্তু গভীৰভাৱে মই বিশ্বাস কৰোঁ যে কিবা এটা কাম কৰিব বিচাৰিলে নিজৰ সকলো অৰ্পণ কৰি সেই কামটো আনন্দসহকাৰে কৰিব লাগিব। কিন্তু ইয়াত তেনেকুৱা নহয়। ইয়াৰ মানুহে ‘পিছত কৰিম’ বুলি কাম পিছুৱায় নাইবা বেলেগৰ কান্ধত দায়িত্ব অৰ্পণ কৰাৰ চেষ্টা কৰে। ইয়াৰ বেছিভাগ লোকেই নিজৰ কৰ্মত সমৰ্পিত নহয়। এনেকুৱাও নহয় যে ইয়াত ভাল কাম কৰা মানুহ নাই, কিন্তু সেইসকলৰ সংখ্যা অতি সীমিত। কাম এৰি দিয়াটো এই ঠাইৰ জনতাৰ মানসিকতাত পৰিণত হৈছে।’

আৰম্ভণিৰপৰাই হাজী পাব্লিক স্কুল উৎসাহী গাঁওবাসীৰ বাবে পৰম উৎসুকতাৰ কেন্দ্ৰবিন্দু হৈ আহিছে। আৰম্ভণিৰেপৰা শিশুসকলৰ মাতৃ-পিতৃয়ে শাৰী পাতি খিৰিকিৰে শ্ৰেণীকোঠাৰ ভিতৰলৈ জুমি চাবলৈ নিজৰ পাল অহালৈ অপেক্ষা কৰিছিল। তেওঁলোকৰ বাবে নিজৰ সন্তানে বাস্তৱিকতে শিক্ষাগ্ৰহণ কৰাৰ দৃশ্য দেখাটো অতি দুৰ্লভ।


‘আমি ৰাজ্যৰ পাঠ্যক্ৰম মানি চলোঁ’, সবাই কয়, ‘কিন্তু সমান্তৰালভাৱে আমি ব্যৱহাৰিকতাতো দৃষ্টিপাত কৰোঁ। আমাৰ সৈতে আছে বিভিন্ন সংস্কৃতি আৰু দেশৰ শিক্ষকৰ সম্পূৰ্ণ শৃংখল। বিশ্বৰ বিভিন্ন দেশৰপৰা সহায় লাভ কৰাৰ পিছত হাজী পাব্লিক স্কুলত গ্ৰন্থাগাৰো স্থাপন কৰা হৈছে। আমাৰ স্বেচ্ছাসেৱকসকলে নিজৰ নিজৰ ঔদ্যোগিকতা, সংস্কৃতি আৰু সাহিত্য লৈ শিশুসকলৰ মাজলৈ আহে আৰু শিশুসকলক সেইবোৰৰ সৈতে চিনাকি কৰাই দিয়ে। কিছুবছৰ আগতে এনে এক পৰিস্থিতি আছিল যে ইয়াৰ অধিকাংশই নিজৰ মাতৃভাষাটোকেই পঢ়িবলৈ জনা নাছিল কিন্তু এতিয়া সম্পূৰ্ণ দক্ষ। ‘বাহিৰৰ মানুহতো বাদেই দিয়ক ইয়াৰ শিশুসকলে প্ৰথমবাৰৰ বাবে কোনো হিন্দু লোকৰ সৈতে পৰিচিত হৈছে।’

ধৰ্ম আৰু সম্প্ৰদায়ৰ সেই পুৰণি ৰাজনীতিৰ মাজত দোদুল্যমান জম্মুত এতিয়াও হিন্দু আৰু মুছলমানৰ মাজত পুৰণি ভেদাভেদ পৰিষ্কাৰ ৰূপত দৃশ্যমান। সবাই কয়, ‘যদিও দুয়োটা সম্প্ৰদায়ৰ মাজত কোনো শত্ৰুতা নাই, কিন্তু ভেদভাব এতিয়া অনুভূত হয়। যেতিয়া আমাৰ স্বেচ্ছাসেৱকসকল ইয়ালৈ আহিবলৈ আৰম্ভ কৰিছিল শিশুসকলে ভাবিছিল যে এয়া ভুল কাম হৈছে।’ কিন্তু সাধাৰণতে ‘বহিৰাগত’ৰূপে পৰিচিত এইসকল লোকৰ সৈতে এবাৰ পৰিচিত হৈ উঠাৰ পিছত শিশুসকলৰ মনৰপৰা পৰম্পৰাগত সেই ধাৰণা নোহোৱা হৈ পৰে। ‘এতিয়া পৰিস্থিতি এনেকুৱা হৈছেগৈ যে নিজৰ ঘৰতো ধৰ্মীয় ভেদভাৱৰ কথা শুনিলে তেওঁলোকে বিৰোধিতা কৰে আৰু বুজনি দিয়ে।’ নিজৰ বিদ্যাৰ্থীসকলৰ এনে সাংস্কৃতিক পৰিপক্বতাক লৈ সবাই সবাতোকৈ বেছি গৰ্বিত অনুভৱ কৰে।

এতিয়া শিশুসকলে ‘লৰ্ড অব্ দ্য ৰিংছ’ পঢ়ে আৰু টেৰেণ্টিন’ৰ সংবাদ শুনে। ‘আমি এই কথাতো সম্পূৰ্ণৰূপে গুৰুত্ব দিওঁ যাতে কাৰোবাৰ বাবে অপমানজনক পৰিস্থিৰো সৃষ্টি কৰা নহয়। সেইবাবে কিছুমান বিষয়ত আমি চেন্সৰশ্বিপৰ ব্যৱস্থাও কৰিছোঁ, বিশেষকৈ আমাৰ ইয়াৰ প্ৰদৰ্শন কৰা চিনেমাৰ ক্ষেত্ৰত। এই সৰু গ্ৰামীণ বিদ্যালয়খনে শাস্ত্ৰীয় উদ্দেশ্য পূৰণ কৰিবলৈ গৈ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠ শিকায়। নিজৰ সন্তানসকলক প্ৰশ্ন কৰিবলৈ আৰু নিজৰ মনৰ কথা সম্পূৰ্ণ আত্মবিশ্বাসেৰে আনৰ আগত ব্যক্ত কৰিবলৈ শিকায়। সবাই কয়, ‘কেতিয়াবা শিশুহঁতে মাক-দেউতাকে কোৱা কথাৰ পিছতো প্ৰশ্ন কৰে, নিশ্চিতভাৱে এয়া যোগাত্মক পৰিৱৰ্তন।’

তেওঁ পুনৰ কয়, ‘ইয়াৰ উপৰি শিশুসকলৰ বাবে আমাৰ ইয়াৰ বহুতো ধৰণৰ খেলৰ ব্যৱস্থাও আছে। পাহাৰীয়া জীৱনৰ বাবে শাৰীৰিকভাৱেও তেওঁলোক অতি দক্ষ। পাহাৰত অৱশ্যে সমান খেলপথাৰৰ দৰে স্থানৰ অভাৱ।’ ২০১৪ চনৰ ফিফা বিশ্বকাপৰ সময়ত বিশ্বৰ বাকী অংশতকৈ প্ৰায় আঠ হাজাৰ ফুট উচ্চতাত ছাত্ৰৰ এটা দলক ফুটবল খেলিবলৈ সবাই প্ৰেৰণা দিছিল আৰু সফলতাৰে খেলি ছাত্ৰসকলেও দেখুৱাই দিছিল যে আমি কাৰো তুলনাত কম নহয়।


ইয়াৰ পিছত ক’বলৈ গৈ আশ্বৰ্যান্বিত হৈ পৰে সবা, ‘মই কেতিয়াও শিক্ষা বিভাগৰ বিষয়াই স্কুলৰ পৰীক্ষা কৰা দেখা নাই, কিন্তু নথি-পত্ৰৰ কাম কৰাৰ সময়ত তেওঁলোকে পুৰণি নথি পৰ্যবেক্ষণ কৰে।’ তেওঁ ভাবে ৰাজ্যৰ স্কুলৰ বেয়া অৱস্থাৰ বাবে চৰকাৰৰ দায়িত্বহীনতাও এটা ডাঙৰ কাৰণ। ইয়াৰ উপৰি এনে প্ৰতিকূল পৰিৱেশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। কৰ্মচাৰীসকলৰ কাম বেলেগ গতিৰে চলে আৰু উৎকোচ নোলোৱাকৈ চৰকাৰী কৰ্মচাৰীয়ে নথি-পত্ৰত হাতেই নিদিয়ে। তেওঁ কয়, ‘যিকোনো ৰাজনৈতিক পৰিৱৰ্তনৰ ফলত চৰকাৰ নিষ্ক্ৰিয় হৈ পৰে আৰু সকলো নথি-পত্ৰ কাম স্তব্ধ হৈ পৰে।’

বিগত আঠ বছৰ ধৰি এই অকৰ্মণ্য চৰকাৰী কৰ্মচাৰীসকলৰ সৈতে যুঁজ কৰা আৰু তেওঁলোকক শাস্তি দিয়াৰ ক্ষেত্ৰত সক্ষম হোৱাৰ বাবে হাজী পাব্লিক স্কুলৰ এইগৰাকী প্ৰধান নিকটৱৰ্তী স্থানসমূহত চিনাকি হৈ পৰিছে। সৌভাগ্যৰ কথাটো হৈছে যে সবাৰ পিতৃ হৈছে গাঁও পঞ্চায়তৰ প্ৰধান আৰু জীয়ৰীৰ এই ৰূপ দেখি তেওঁ চৰকাৰী কাম-কাজ সম্পূৰ্ণ কৰাৰ দায়িত্ব নিজেই মূৰ পাতি লৈছে।

সবাই কয়, ‘আমি বহুতো হাস্যস্পদ নিয়ম পালন কৰি আহিবলগীয়া হৈছে। উদাহৰণ হিচাপে পঢ়াত কেঁচা কোনো ছাত্ৰক অনুত্তীৰ্ণ কৰাব নোৱাৰোঁ। যদিহে কোনো এজন ছাত্ৰই ভালকৈ পঢ়িব পৰা নাই আৰু তেওঁৰ অভিভাৱকে একেটা শ্ৰেণীতে পুনৰবাৰ পঢ়ুৱাবলৈ ৰাজী হয়, তেন্তে ইয়াত চৰকাৰে কিয় হস্তক্ষেপ কৰে? বাস্তৱিকতে এনে ছাত্ৰক পৰৱৰ্তী শ্ৰেণীলৈ পঠোৱাটো ব্যৰ্থতাহে, কিয়নো তেওঁলোকে পুৰণি পাঠেই ভালদৰে সম্পূৰ্ণ কৰিব পৰা নাই।’


নতুন আশাৰে সবাই ভাবে যে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ সৈতে সংযুক্ত কৰিবলৈ সক্ষম হ’ব। সবাৰ আটাইতকৈ ডাঙৰ সপোনটো হৈছে নিজৰ ৰাজ্যৰ যুৱ স্নাতকসকলক উদ্বুদ্ধ কৰি গ্ৰামীণ তথা সৰু চহৰৰ শিশুসকলক সাক্ষৰ কৰি তোলা। ‘ইয়াত ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাটোৱেই বহুত ডাঙৰ কথা। আনহাতে ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাৰ পিছত যদি তেওঁলোকে সমাজৰ বাবেও কিবা কৰে তাতকৈ আৰু ভাল কথা একোৱেই নাথাকিব। কিন্তু এই চিন্তা বেছিভাগৰেই নাথাকে।’

সবাই পুনৰ কয়, ‘সমগ্ৰ দেশতে উন্নত মহাবিদ্যায়ৰ অভাৱ নাই, কিন্তু মানুহে উচ্চ শিক্ষা লাভৰ বাবে বিদেশলৈ যাবলৈ ভালপায়। জম্মু-কাশ্মীৰত বুনিয়াদী শিক্ষাৰ অৱস্থা ভাল নহয়। কোনোৱেই ইয়াৰ বিদ্যালয়ৰ বাবে পৰোৱাই নকৰে আৰু বাহিৰৰপৰা মানুহ আহি বিদ্যালয় স্থাপন কৰাটোও অসম্ভৱ।’

জম্মু-কাশ্মীৰত হোৱা ভাল কামৰ প্ৰতি কোনেও দৃষ্টিপাত নকৰে মাত্ৰ কিবা বেয়া ঘটনা হ’লেহে বাতৰিৰ শিৰোনাম দখল কৰে, কিন্তু বাস্তৱিক ছবিখন সম্পূৰ্ণ সুকীয়া। ‘এই সকলোবোৰ বাৰেবিংকৰা’, হাঁহি ক’লে সবাই। ‘সংবাদ মাধ্যম আৰু গাঁৱৰ মাজত কোনো সম্বন্ধ নাই। তেওঁলোকৰ বাবে কাশ্মীৰ সম্পূৰ্ণ বেলেগ ঠাই। আমাৰ নিজৰ দৃষ্টিত আমি সংস্কৃতিবান প্ৰহৰী। ইয়াত কোনো আতংক নাই যদিও ৰাজনৈতিকভাৱে আমি উপেক্ষিত। সংবাদ মাধ্যমে ইয়ালৈ তেতিয়াহে ঘূৰি চায় বিশেষকৈ যেতিয়া সীমান্তৱৰ্তী অঞ্চলত কিবা এটা হয়।’ কেৱল নিৰ্বাচনৰ সময়ত জম্মুৰ গাঁও আৰু চহৰসমূহ সক্ৰিয় হৈ উঠে। ‘ৰাজনৈতিক নেতাই মুকলিভাৱে ধন দিয়ে। গাঁওবাসীৰ বাবে আচলতে ই নতুন কথা কিয়নো ইমান ধন এওঁলোকে কেতিয়াও একেলগে লাভ নকৰে। যদিহে আপুনি তেওঁলোকক নিৰ্বাচনৰ অৰ্থ সোধে, তেতিয়াহ’লে তেওঁলোকে ক’ব, ‘আমি পইচা পাওঁ।’

যদিও এই ঠাইখন অধিক সময়ত শান্ত হৈ থাকে তথাপি কেতিয়াবা পৰিস্থিতি বেয়ালৈ ঢাল খালে গাঁৱৰ মুখিয়ালজনে উভয় পক্ষৰ সৈতে যোগাযোগ কৰি সামাজিক সৌহাৰ্দ্য অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰে। ‘গাঁৱৰ জনতাই নিজৰ ম’বাইল ফোনত বিভিন্ন ধৰণৰ ভয়লগা কথা পঢ়ে যাৰ পিছত উৰাবাতৰি বিয়পি পৰে আৰু জনতাৰ মাজত ভয়-আতংকই গা কৰি উঠে। এই কথাবোৰত ভোল নাযাবলৈ আমি মানুহক বুজাবলগীয়া হয়। তথাপি বিদ্যালয়খন সকলো প্ৰভাৱৰপৰা মুক্ত হৈ থাকে। ডোডা অতি শান্ত ঠাই আৰু ইয়াত বিশেষ একো ঘটনা সংঘটিত নহয়।’

তথাপি কিছুমান স্বেচ্ছাসেৱকৰ পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ সুৰক্ষাৰ বাবে চিন্তিত হৈ পৰা দেখা যায়। ধেমালিৰ চলেৰে সবাই কয়, ‘বাংগালুৰুৰ তুলনাত ডোডা অধিক সুৰক্ষিত।’ যদিও কাশ্মীৰৰ বেছি অংশই উদ্বিগ্নতাৰ মাজত পাৰ কৰে, কিন্তু ইয়াৰ বিপৰীতে জম্মুৰ ডোডা অঞ্চলে ভয়ংকৰ হিংসাৰ দাবানলৰপৰা নিজকে আঁতৰাই ৰখাত সক্ষম হৈছে।’


‘মই বিশ্বাস কৰোঁ যে কেৱল ডাঙৰ অট্টালিকাতেই নহয় গছৰ তলত বহিও ভাল শিক্ষা লাভ কৰিব পাৰি। মাথোঁ আমাক ভাল শিক্ষকৰহে প্ৰয়োজন।’ হাজী পাব্লিক স্কুলে লাভ কৰা বিত্তীয় অনুদান আৰু ৰাজহৰ ৭০ শতাংশতকৈয়ো অধিক ধন কৰ্মচাৰীৰ বেতনতে ব্যয় হয় আৰু বাকী অংশৰে কিতাপ কিনা হয়। সবাৰ খুৰাক আৰু হাজী আমিনা ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক নাছিৰ হাজীয়ে এই বিদ্যালয়খনৰ বাবে দানৰ বেছি অংশ প্ৰদান কৰে। ‘জনতাই সদায় নিজৰ সামৰ্থ অনুসৰি আমাক সহায় কৰিবলৈ প্ৰস্তুত। এইসকল লোকৰ সহযোগিতাতেই আমি এটা গ্ৰন্থাগাৰ নিৰ্মাণ আৰু পৰিচালনাৰ কাম হাতত লৈছোঁ।’

হাজী পাব্লিক স্কুলত শিশুসকলক সপ্তম শ্ৰেণীলৈ শিক্ষা প্ৰদান কৰা হয়। ইয়াৰ পিছত অভিভাৱকসকলে সিদ্ধান্ত গ্ৰহণ কৰে। আৰ্থিক স্থিতি অনুসৰি তেওঁলোকৰক বৰ্ডিং স্কুল অথবা বেলেগ স্কুলত ভৰ্তি কৰোৱা হয়।

এতিয়া বিদ্যালয়খনত আছে গাঁওখনৰেই পুৰুষ-মহিলাৰদ্বাৰা গঠিত এটা প্ৰশিক্ষণপ্ৰাপ্ত বিশেষ ষ্টাফ, যিসকলে কিছুদিন আগলৈ হয়তো এটা ইংৰাজী শব্দও উচ্চাৰণ কৰিব নোৱাৰিছিল। স্বেচ্ছাসেৱকসকলৰ বাবে প্ৰশিক্ষণ প্ৰক্ৰিয়া অতি কঠিন। ‘আমাৰ মুখ্য উদ্দেশ্য হৈছে শিশুসকল আৰু আপুনি যদিহে ইয়ালৈ তিনিমাহৰ বাবে আহিছে তেন্তে কিয়নো আপুনি সকলো উজাৰি নিদিব। আমাৰ অধিকাংশ স্বেচ্ছাসেৱকেই যুৱক আৰু আনক সহায় কৰিবলৈ সৰ্বদা তত্পৰ। মই নিবিচাৰোঁ বতৰ, পৰিস্থিতি অথবা ঘৰৰ বাবে চিন্তা কৰি থকা লোকক। খাদ্যৰ বাহিৰে ইয়াত থকা আৰু বিনোদনৰ সকলো ব্যৱস্থা প্ৰদান কৰা হয়।’

‘যদিহে আপুনি এগৰাকী মহিলাক সহায় কৰাৰ উদ্দেশ্যেৰে ইয়ালৈ আহিবলৈ চিন্তা কৰিছে বা নিজৰ খং দমন কৰিবলৈ গাঁৱলৈ আহিবলৈ বিচাৰিছে তেন্তে ইয়ালৈ নাহিব। নিজৰ সুৰক্ষাৰ বাবে আমাক আপোনাৰ সহায়তাৰ প্ৰয়োজন নাই’, সবাই ক’লে। ‘এই সম্পৰ্কত আমি দুই-এবাৰ স্পষ্ট কৰিছো। ইয়াত বহুত সমস্যা হৈ পৰে আৰু এনেকুৱা ব্যক্তিক যাবলৈ ক’বলৈ বাধ্য হৈ পৰোঁ।’

আঠ বছৰ আগেয়ে সবাই সপোনতো ভাবিছিলনে যে ইয়াত এখন বিদ্যালয় স্থাপন কৰা হ’ব? ‘মইতো কেতিয়াও ডোডাত থকাৰ কথাই ভবা নাছিলো। মই মধ্যবিত্ত আৰু মাটিৰ সৈতে মিলা মানুহ। যিসকলে সদায় গাঁৱৰ পৰিৱেশৰ সৈতে সংযুক্ত হৈ থাকে।’ গতিকে সবাৰ বাবে এয়া কোনো নতুন ঠাই নহয়, বৰঞ্চ ডুবাই আৰু বাংগালুৰুত দীৰ্ঘ সময়ৰ বাবে কাম কৰাৰ অন্তত ঘৰলৈ ঘূৰি অহাৰ দৰেহে হৈছে।

সবাই কয়, ‘মোৰ সকলো আত্মীয়ৰ সন্তান আজি মোৰ ছাত্ৰ। এইসকল মোৰ এনেধৰণৰ আত্মীয় যিসকলৰ শিক্ষাৰ বাবে কোনো উপায় নাছিল আৰু এয়াই আজি তেওঁলোকৰ সৈতে মোৰ প্ৰভেদ। তেওঁলোকে নিজৰ সন্তানক শিক্ষিত হৈ কিবা এটা কৰাটো বিচাৰে। এয়া মাথোঁ মই জানোঁ।’

এই ভাৱনাৰেই সবাই বিশ্বৰ পৰা আঠ হাজাৰ ফুটৰো অধিক উচ্চতাত শিশুসকলৰ শিক্ষিত কৰাৰ বাবে নিজকে প্ৰেৰণা যোগাইছে।


মূল: নিশান্ত গোৱেল

অনুবাদ: ৰুবুল দাস