ভোট জলকীয়াৰ সোৱাদ বিশ্বত বিলাই দিয়া উদ্যোগী লীনা শইকীয়া

ভোট জলকীয়াৰ সোৱাদ বিশ্বত বিলাই দিয়া উদ্যোগী লীনা শইকীয়া

Friday March 11, 2016,

4 min Read

জলকীয়া খোৱাটো সহজ যদিও, ভোট জলকীয়াৰ জলা খোৱাটো কিন্তু সহজ নহয় । কোনোয়ে কয় ভোট জলকীয়া খাবলৈ কলিজা লাগে । কাৰণ ভোট জলকীয়া সকলো জলকীয়াৰ ৰজা । অসমৰ এই ভোট জলকীয়াৰ সোৱাদৰ সৈতে বিশ্ববাসীক পৰিচিত কৰি দিয়াৰ আঁৰত আছে এগৰাকী উদ্যমী ব্যৱসায়ী লীনা শইকীয়া আৰু তেখেতৰ কোম্পানী Frontal Agritech Pvt. Ltd. ।


image


লীনা শইকীয়া যোৰহাট জিলাৰ এগৰাকী আগশাৰী উদ্যমী । তেখেতৰ জন্ম ১৯৬৬ ডিব্ৰুগড়ত । দেউতাক উমেশ বৰা RRL এসময়ৰ Deputy Director আৰু মাক নিলিমা বৰা অৰ্থনীতি বিজ্ঞানৰ প্ৰব্ক্তা আছিল । এটা সম্পুৰ্ণ উচ্চ শিক্ষিত পৰিয়ালৰ পৰা লীনা শইকীয়াৰ জীৱন যাত্ৰা আৰম্ভ হৈছিল । সেয়েহে পৰৱৰ্ত্তী পৰ্যায়ত উচ্চ শিক্ষিত হৈ নিজেই এগৰাকী আগশাৰীৰ উদ্যমী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল । তেখেতে নিজেই প্ৰতিষ্ঠা হোৱা নহয়, ভোট জলকীয়া খেতি যে এক লাভজনক ব্যৱসায় হ’ব পাৰে, তাৰ বাবে হাজাৰ খেতিয়কক বাবে দিছে এখন প্লেটফৰ্ম । এক কথাত ক’ব লৈ গ’লে লীনা শইকীয়া আৰু তেওঁৰ কোম্পানী (Frontal Agritech Pvt. Ltd.)য়ে এক নৱ জাগৰণৰ সুচনা কৰিলে ।


লীনা শইকীয়াৰ স্কুলীয়া শিক্ষাৰ জীৱন আৰম্ভ হৈছিল যোৰহাট চৰকাৰী বলিকা বিদ্যলয়ৰ পৰা, জে. বি কলেজৰ পৰা হায়াৰ ছেকেণ্ডাৰীত উত্তীৰ্ণ হোৱাৰ পাচত যোৰহাট কৃষি বিশ্ব বিদ্যালয়ৰ পৰা “ Food and Nutrition” ত শিক্ষা গ্ৰহণ কৰি মহীশূৰত CFTRI ত Food technology ওপৰত শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিচত হাফলং Assam Hills Small Industries development Corporation “ ত প্ৰথম চাকৰিত যোগদান কৰে । পৰবৰ্তী সময়ত “ North Eastern Regional Agricultural Marketing Corporation”ত কিছু বছৰ চাকৰি কৰে । ব্যক্তিগত অসুবিধাৰ বাবে চাকৰি বাদ দিয়ে ।

চাকৰি বাদ দি লীনা শইকীয়াই এনেই বহি নাথাকিল, নিজাকৈ কিবা এটা মানসিকতাৰ বাবে আৰম্ভ কৰিলে নিজা ব্যৱসায়। প্ৰথমে কিছু বছৰ ভেষজ ব্যৱসায়ৰ লগত জড়িত হৈ আছিল । এই ব্যৱসায়ে বিশেষ সফলতা লাভ নকৰিলে …. কিন্তু তেওঁ হতাশ ন’হল । দুগুণ উৎসাহেৰে ২০০৫ চনৰ পৰা ভোট জলকীয়াৰ লগত জড়িত হৈ পৰিল, আৰু জন্ম দিলে “Frontal Agritech Pvt. Ltd.” ।

image


এই কোম্পানীটোj জৰিয়তে ভোট জলকীয়া অসমৰ বিভিন্ন জিলাৰ যেনে ডুমডুমা, শিৱসাগৰ, গোলাঘাট, কাৰ্বি আলং আদিৰ উপৰিও নাগালেণ্ড, মণিপুৰৰ পৰা ব্যৱসায়ৰ কাৰণে সৰবৰাহ কৰা হয় । উল্লখযোগ্য যে এই ভোট জলকীয়া নাগালেণ্ডত ৰজা মিৰ্চ হিচাপে জনা যায়। সমগ্ৰ বিশ্ববাসীৰ সন্মুখত ভোট জলকীয়াক, ভোট জলকীয়া হিচাপে প্ৰতিষ্ঠা কৰা সন্দৰ্ভত লীনা শইকীয়াই এনে দৰে কয়, 'ভোট জলকীয়াক বিশ্ববাসীৰ সন্মুখত পৰিচয় কৰাবলৈ যাওতে বহু প্ৰচেষ্টা চলাইছিলো, বিভাগীয় কৰ্তৃপক্ষক বহুত আবেদন নিবেদন কৰিছিলো আৰু ভোট জলকীয়াৰ Sample ও পঠিয়াইছিলো । আৰু অবশেষত ভোট জলকীয়াই বিশ্বৰ আটাইতকৈ জলা জলকীয়া হিচাপে স্থান পাবলৈ সক্ষম হয় । পূৰ্বে আমাৰ কৃষক সকলে ভোট জলকীয়া খেতিটো যে লাভজনক ব্যৱসায় সেই কথা জনা নাছিল । আমাৰ কোম্পানীৰ উদ্যাগত কৃষক সকলে ভোট জলকীয়াৰ বাবে এখন বজাৰ পাবলে সক্ষম হৈছে ।'

Frontal Agritech Pvt. Ltd. পৰা ভোট জলকীয়া গুড়ি হিচাপে, পেষ্ট হিচাপে, ফ্লেক হিচাপে, আচাৰ হিচাপে প্ৰতি মাহে আমেৰিকা, ইউ কে, ৰ্জামানী, কানাডা, চুইজাৰলেণ্ড আদি কৰি বিশখন দেশ লৈ ৰপ্তানি হয় । ভোট জলকীয়াই ব্যৱসায়ৰ দিশত ভাৰতৰ লগতে বিদেশতো চাহিদা পূৰণ কৰাৰ বাবে Frontal Agritech Pvt. Ltd. “Spice Board of India” ৰ পৰা দুবাৰকৈ Excellence in Spice Export Award ৰে সন্মানিত হৈছিল ।

উল্লেখযোগ্য যে এই কোম্পানীটোৰ জৰিয়তে বাৰজন মানুহে কৰ্ম সংস্থাপন লাভ কৰিছে । শেহতীয়াকে ভোট জলকীয়াৰ Squash, Sauce, প্ৰস্ততকৰণৰ বাবে প্ৰস্তুতি চলাইছে । লগতে জালুকৰ ব্যৱসায় আৰম্ভ কৰাৰো পৰিকল্পনা কৰিছে ।

ব্যৱসায়ৰ ক্ষেত্ৰত হোৱা প্ৰত্যাহ্বান সম্বন্ধে সোধাত লীনা শইকীয়াই কয়, 'অসমৰ নিচিনা পিছপৰা জেগাত প্ৰতিটো ক্ষেত্ৰতেই সমস্যা । যাতায়তৰ আৰু যোগাযোগৰ সু-ব্যৱস্থা নোহোৱাৰ বাবে আমদানি ৰপ্তানি ক্ষেত্ৰত সময় মতে কৰিব নোৱাৰা নিচিনা প্ৰত্যাহ্বানৰ সন্মুখীন হয় । মোৰ ব্যৱসায়িক অঞ্চল হ’ল যোৰহাটৰ হাতীগড় অঞ্চল । সেই অঞ্চলটো সামাজিক ভাবে উত্তৰণ কৰাৰ প্ৰচেষ্টা চলাম । মোৰ ল’ৰা ৰ্বত্তমান Australiaত Food Technology ৰ ওপৰত পঢ়ি আছে,পৰিকল্পনা আছে, সি অহাৰ পাচত তাক আমাৰ ব্যৱসায়ত অন্তৰ্ভূক্ত কৰি ব্যৱসায় আৰু সম্প্ৰসাৰণ কৰিম ।

উদ্যমী মহিলা লীনা শইকীয়া হাজাৰ জনৰ প্ৰেৰণা উৎসহৈ ৰওক । য়'ৰ ষ্ট'ৰীৰ ফালৰ পৰা শুভকামনা থাকিল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি 'মেঘাজ ফুড প্ৰডাক্ট'ৰ জন্ম দিলে মেঘালী বৰাই

শিশুৰ সৃষ্টিশীলতাক বিশ্ববাসীৰ আগত ডাঙি ধৰাৰ প্ৰয়াসত ব্ৰতী এজন যুৱক

অসমীয়া ভাষা সংস্কৃতিক ই-বিশ্বলৈ নতুন ৰূপত লৈ যোৱা যুৱকজন-হিমজ্যোতি তালুকদাৰ

‘স্থানীয় ভাষাক উপেক্ষা কৰিব নোৱাৰি, বজাৰ যথেষ্ট বিশাল’