ভাৰতৰ একমাত্ৰ সংস্কৃত ৰক বেণ্ড: ধ্ৰুৱ

0

২০১৫ চনৰ বসন্ত পঞ্চমী তিথিত ভূপালত স্থাপন হৈছিল ভাৰতৰ প্ৰথমটো সংস্কৃত বেণ্ড । ধ্ৰুৱ নামৰ এই বেণ্ডটোৱে সংস্কৃত শ্লোক আৰু স্তোত্ৰ সমূহক পশ্চিমীয়া সুৰত সজাই পৰিবেশন কৰে ।

সংস্কৃত পণ্ডিত আৰু শাস্ত্ৰীয় সঙ্গীতৰ চমজদাৰ সঞ্জয় দ্বিবেদীৰ পৰিকল্পনাৰে স্থাপিত হৈছিল ধ্ৰুৱ । সঞ্জয়ে ইতিমধ্যে কেইবাখনো সংস্কৃত নাটকো লিখিছে । দেশৰ বিভিন্ন প্ৰান্তৰত ১২ টা অনুস্থান ইতিমধ্যে পৰিবেশন কৰা এই বেণ্ডটোৱে বৰ্তমান ভাৰতৰ বাহিৰত খোজ পেলাবলৈ প্ৰস্তুতি চলাইছে । 

'সকলো ধৰণৰ সঙ্গীতেই প্ৰয়োজনীয় কিন্তু একে সময়তে শাস্ত্ৰীয় সঙ্গীত সকলো প্ৰজন্মৰ কাষ চাপি যোৱাটোও দৰকাৰী । মই এমুঠিমান মানুহৰ মাজত মোৰ সঙ্গীত সীমাবদ্ধ হৈ থকাটো বিচৰা নাছিলো । সেয়েহে মোৰ বন্ধু বৈভৱ সন্তোৰে আৰু জ্ঞানেশ্বৰী পৰছাইৰ সৈতে লগ লাগি ২০১৫ চনৰ ১৪ জানুৱাৰীত এটা সাহসী খোজ পেলাইছিলো । এই প্ৰচেষ্টাক ৰাইজে আদৰি লোৱাত আমি সুখী ।' সঞ্জয়ে টাইমছ অৱ ইণ্ডিয়া এইদৰে কয় ।

মঞ্চত পৰিবেশনৰ সময়ত এই বেণ্ডটোৱে সংস্কৃত মন্ত্ৰ সমূহ পশ্চিমীয়া ৰক শৈলীত উপস্থাপন কৰে । ঋগ্বেদ, কালিদাসৰ ৰচনা, গীত গোৱিন্দম, শংকৰাচাৰ্যৰ ৰচনা আদি বিভিন্ন শ্লোকৰ উপৰিও নিজৰ ৰচনাও তেওঁলোকে পৰিবেশন কৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নিসঙ্গতা দুৰ কৰিবলৈ স্কুলত পঢ়িবলৈ যায় নেপালৰ ৬৮ বছৰীয়া দুৰ্গা কামি

বৰ্তমান ২০কোটি টকীয়া কোম্পানীৰ গৰাকীৰ এসময়ত দৈনিক উপাৰ্জন আছিল কেৱল ৩৪ টকা

জয়পুৰত মদ্যপানেৰে নহয়, দুগ্ধপানেৰে আদৰণি জনোৱা হয় নতুন বৰ্ষক

প্ৰযুক্তি ক্ষেত্ৰখনত খলকনি তোলা এজন ১২ বছৰীয়া শিশু