ভাৰত আৰু সংযুক্ত আৰব আমীৰশ্বাহীৰ মাজত পথ পৰিৱহণ আৰু ঘাইপথ খণ্ডত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ প্ৰস্তাৱিত চুক্তিত কেবিনেটৰ অনুমোদন

ভাৰত আৰু সংযুক্ত আৰব আমীৰশ্বাহীৰ মাজত পথ পৰিৱহণ আৰু ঘাইপথ খণ্ডত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ প্ৰস্তাৱিত চুক্তিত কেবিনেটৰ অনুমোদন

Friday January 27, 2017,

2 min Read

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে ভাৰত আৰু ইউনাইটেড আৰৱ এমিৰেটছৰ পথ পৰিৱহণ আৰু ঘাইপথ খণ্ডত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতৰ পথ পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰালয় আৰু ইউএইৰ যুক্তৰাষ্ট্ৰীয় পৰিৱহণ প্ৰাধিকৰণ-স্থল আৰু সামূদ্ৰিক বিভাগৰ মাজত স্বাক্ষৰিত হ’বলগীয়া প্ৰস্তাৱিত বুজাবুজি চুক্তিত অনুমোদন জনায়।

প্রস্তাৱিত বুজাবুজি চুক্তিয়ে দুয়ো দেশৰ মাজত সহযোগিতা বৃদ্ধি আৰু বিনিময় তথা যুটীয়াভাৱে কাম কৰি যোৱাৰ বাবে আন্তঃগাথঁনি উন্নয়নমুলক বিনিয়োগ বৃদ্ধিৰ সমান্তৰালভাৱে সৰ্বাংগীন দক্ষতা বৃদ্ধিতো বৰঙণি যোগাব। ইয়াৰ জৰিয়তে দুয়োখন দেশত নিৰাপদ, ব্যয়সাধ্য, দক্ষ, আৰু পৰিৱেশ অনুকূল পথ নিৰ্মাণ কৰাত সহায় হ’ব। তদুপৰি, প্ৰতিষ্ঠানগত সহযোগিতা বৃদ্ধিতো এই বুজাবুজি চুক্তিয়ে সহায় কৰিব। এই চুক্তিৰ মুল বৈশিষ্ট্যবোৰ নিম্নোলিখিতধৰণৰঃ

image


ক. পথত যাত্ৰী আৰু মালবাহী বাহন চলাচলৰ ক্ষেত্ৰত পৰিৱহণ প্ৰযুক্তি আৰু নীতিৰ সহযোগিতাৰ লগতে উভয় দেশে জ্ঞানৰ বিনিময় কৰিব;

খ. পথ/ঘাইপথ নিৰ্মাণ আৰু মেৰামতিৰ ক্ষেত্ৰত পথৰ আন্তঃগাঁথনি, প্ৰযুক্তি আৰু মানদণ্ডৰ বাবে পৰিকল্পনা, প্ৰশাসন আৰু ব্যৱস্থাপনাত গুৰুত্ব দিয়া;

গ. পথ দুৰ্ঘটনাৰ ফলত নিহত আৰু আহতৰ সংখ্যা হ্ৰাস কৰাৰ অৰ্থে বিভিন্নধৰণৰ বৰ্হি কাম-কাজ হাতত লোৱাৰ লগতে উন্নত পথ সুৰক্ষা পৰিকল্পনা আৰু কৌশলৰ তথ্য তথা উন্নত অনুশীলনৰ বিনিময় কৰা;

ঘ. আধূনিক প্ৰযুক্তিসম্পন্ন মানৱবিহীন বৈদ্যুতিক টোল প্লাজাৰ জৰিয়তে কৰ সংগ্ৰহ পদ্ধতিৰ ব্যৱহাৰ কৰাৰ দিশত জ্ঞানৰ বিনিময় কৰা;

ঙ. পথ আৰু দলং নিৰ্মাণৰ বেলিকা যৌথ গৱেষণাকে ধৰি উন্নত প্ৰযুক্তি আৰু সা-সৰঞ্জামৰ বিকাশ সম্বন্ধীয় তথ্যৰ বিনিময় কৰা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কাশ্মীৰী পণ্ডিত পৰিয়ালক সহায়ৰ বাবে নিজৰ জীৱন বিপন্ন কৰা এক কাশ্মীৰী মুছলমান দম্পতি

স্মাৰ্ট চিটিৰ বাবে আমি প্ৰস্তুত নে?

চকুৰ পচাৰতে ঋণ দিয়ে কীৰ্তি জৈনে

দেউলীয়া পিতৃৰ পুত্ৰই কোটিপতিৰ সৃষ্টি কৰে