ধনৰ নাম জয়ৰাম, ধনে সাধে সর্বনাম: এজন ধাৰাবাহিক উদ্যমীৰ কথা

0


এনে এজন মানুহৰ কথা আজি ক'ম যাক হয়তো বহুতেই নাজানে । কিন্তু দক্ষিণ কামৰূপৰ এখন সৰু ঠাইৰ এই মানুহজনে নিচেই কম বয়সৰপৰাই উদ্যমিতাৰ  ইটোৰ পাছত সিটো উদাহৰণ ডাঙি ধৰি বহুতকে দিছে উদ্যমিতাৰ পাঠ । আজিৰ তাৰিখত এখন ব্যক্তগত বিদ্যালয়ৰ লগতে এখন জুনিয়ৰ কলেজৰ উপৰিও আছে কেইবাটাও ব্যৱসায় ।  

নাৰায়ন চন্দ্ৰ চৌধুৰীৰ ঘৰ দক্ষিণ কামৰুপৰ মির্জাত৷ এটা চৰকাৰী কাৰ্য়ালয়ৰ গাণনিক ৷ আনহাতে চৌধুৰীৰ পৰিবাৰ মির্জা অঞ্চলৰে প্ৰাথমিক বিদ্যলয় এখনৰ প্ৰধান শিক্ষয়ত্ৰী৷ তেখেতসকলৰ ল’ৰা তিনিজন৷ তিনিওজনেই ইতিমধ্যে শিক্ষা-দীক্ষা লৈ নিজৰ ভৰিত ঠিয় দিছে৷ দেউতাকৰ দিনৰে তেখেতৰ খেতি মাটিও যথেষ্ট পৰিমানে আছে৷ তাৰ লগতে কল্লাপাৰাৰ সুবৃহৎ চৌহদৰ ঘৰখন বছৰৰ বাৰ মাহেই পুখুৰীৰ মাছ আৰু বাৰীৰ শাক-পাছলিৰে নদন বদন হৈ থাকে৷

জীৱনৰ ৫৯ টা বসন্ত অতিক্ৰম কৰা প্ৰায়ভাগ মধ্যবিত্ত অসমীয়াই ইমানখিনি আহৰণ কৰাৰ পিছত আৰু কৰিবলৈ একো বাকী নাই বুলি ধৰি লৈ জীয়াই থকা বাকী দিনকেইটা হৰিনাম লৈ পাৰ কৰি দিয়াৰ কথাই ভাবিব৷ কিন্তু নাৰায়ন চন্দ্ৰ চৌধুৰীয়ে তেনেকৈ নাভাবে৷ তেখেতে শৈশৱৰে পৰা তেনেকৈ ভাবিবলৈ শিকা নাই৷ দেখাত তেনেই সাধাৰণ মানুহজনৰ কাম কাজ বোৰ বৰ অসাধাৰণ৷ আচলতে কবলৈ গ’লে শৈশৱৰে পৰাই তেখেত কিছু ব্যতিক্ৰম৷

শৈশৱৰ সোঁৱৰণ...

নাৰায়ন চন্দ্ৰ চৌধুৰীৰ বয়স তেতিয়া এঘাৰ কি বাৰ৷ পঢ়ে ষষ্ঠ মান শ্ৰেণীত৷ সমনীয়াই খেলা ধূলা কৰি আনৰ ঘৰে-বাৰীয়ে ফল-মূল বিচাৰি ঘূৰি ফুৰা বয়সতে চৌধুৰীয়ে আৰম্ভ কৰিছিল ব্যৱসায় - এড়ী কাপোৰৰ ব্যৱসায়৷ সেয়া ১৯৭০ চনৰ কথা৷ সেইবছৰ তেখেতে ভিনিহিয়েকৰ লগ লাগি বৃহত্তৰ মির্জা অঞ্চলৰ শিপিনীসকলে তৈয়াৰ কৰা এড়ি কাপোৰবোৰ গোটাবলৈ ধৰিলে৷ গৰমৰ বন্ধৰ সময়ত ভিনিহিয়েকজনৰ লগতে এঘাৰ বছৰীয়া চৌধুৰীয়ে উত্তৰ অসমৰ বিভিন্ন ঠাইত সেই এড়ী কাপোৰবোৰ বিক্ৰী কৰি যথেষ্ট উপার্জন কৰিলে৷

তেখেতে কিন্তু ঘৰৰ আর্থিক অনাটনৰ বাবে তেনেকৈ এঘাৰ-বাৰ বছৰ বয়সতে ব্যৱসায় কৰিব লগা হোৱা নাছিল৷ কৰিছিল ব্যৱসায় প্ৰতি একধৰণৰ চখৰ কাৰণেহে৷ বোধহয় ককাদেউতাকৰ দিনৰে পৰা ব্যৱসায় কৰি অহা ঘৰখনৰ পৰিবেশৰ কাৰণেই কুমলীয়া বয়সতে চৌধুৰীৰ মনত ব্যৱসায়ৰ প্ৰতি আকর্ষণ গভীৰ হৈছিল৷ উল্লেখযোগ্য যে ঘৰৰ লগতে ককাদেউতাকে বৃটিছৰ যুগতে আৰম্ভ কৰা সেই দোকানখনত গেলামালৰ পৰা কাপোৰলৈকে নথকা বস্তু একোৱেই নাছিল৷ নিজৰ শক্তিমান গাড়ীখনেৰে স্বাধীনতাৰ আগৰে পৰা ককাকে আৰু পিছলৈ দেউতাকে কলিকতাৰ পৰা নিজে গৈ কাপোৰ কিনি আনি ব্যৱসায় কৰিছিল৷ ইমান অৱস্থাপন্ন পৰিয়াল এটাৰ ল’ৰা হৈ নাৰায়ন চন্দ্ৰ চৌধুৰীয়ে ষষ্ঠ শ্ৰেণীতে ব্যৱসায়ত হাত দিয়াৰ হয়তো প্ৰয়োজন নাছিল৷ কিন্তু প্ৰয়োজন নথকাৰ পিছতো সেই তেতিয়াৰ পৰাই নাৰায়ন চন্দ্ৰ চৌধুৰীয়ে পঢ়া-শুনাৰ সমান্তৰালকৈ নিজাববীয়াকৈ ব্যৱসায় চলাই থাকিল৷ ১৯৭৩ চনত নৱম মান শ্ৰেণীত পঢ়ি থাকোতে তেখেতে এড়ী কাপোৰৰ ব্যৱসায়ৰ লগতে মির্জাৰ পাঁচ ঠাইত, পাঁচজন ল’ৰা ৰাখি, পাঁচখন চাট হা্উচ আৰম্ভ কৰে৷ মূলতঃ সন্ধিয়াপৰত ঘুগুণি, পকৰি, চ’প আদি বিক্ৰীকৰা চাট হাউচ কেইখনৰ পৰাও চৌধুৰীয়ে ভালেখিনি আয় কৰিছিল৷

১৯৭৫ চনত তেখেতে প্ৰবেশিকা পৰীক্ষাত উত্তীর্ণহৈ গুৱাহাটী কমার্চ কলেজত নাম ভর্তি কৰেহি৷ গুৱাহাটীৰ কলেজত নতুন জীৱনটো আৰম্ভ নকৰোতেই তেখেতৰ মগজুত নতুন ব্যৱসায়িক বুদ্ধি এটা খেলালে৷ লগে লগেই তেখেতে কামত লাগি গ’ল৷ কলেজৰ ওচৰতে থকা পাণ-তামোলৰ দোকানী এজনৰ লগত বন্দোবস্ত কৰি তেখেতে “ইয়াত ইটা-বালি পোৱা যায়” বুলি সৰুকৈ ফলক এখন লিখি দোকানখনত আঁৰি দিয়াৰ ব্যৱস্থা কৰিলে৷ কলেজৰ নিয়মীয়াকৈ শ্ৰেণী আৰম্ভ হোৱাৰ আগতেই চৌধুৰীয়ে গুৱাহাটীৰ নাগৰিকক ইটা-বালিৰ যোগান ধৰিও এটা ভাল উপার্জন কৰিবলৈ ধৰিলে৷ সেই ১৯৭৫ চনতে প্ৰতি গাড়ী বালিত তেখেতে ১০০ টকা আৰু প্ৰতি গাড়ী ইটাৰ বাবদ ৩০০ টকা পাইছিল৷

ইটা-বালিৰ উপৰিও তেখেতে সেই সময়ত মির্জা অঞ্চলৰ সুলভ কাঠেৰে এজন ভাল মিস্ত্ৰীৰ হতুৱাই বিচনা সাঁজি সেইবোৰ গুৱাহাটীলৈ আনি বিক্ৰী কৰিও যথেষ্ট ধন উপার্জন কৰিছিল৷ গুৱাহাটী কমার্চ কলেজত স্নাতক উত্তীর্ণ হোৱালৈকে পঢ়া পাঁচ বছৰত তেখেতে হেনো পঞ্চাশৰো অধিক বিচনা বিক্ৰী কৰিব পাৰিছিল৷ প্ৰতিখন বিচনাৰ পৰা তেখেতৰ লাভ হৈছিল ১০০০ টকাকৈ৷ এইদৰেই স্নাতক উত্তীর্ণ হোৱালৈ নাৰায়ন চন্দ্ৰ চৌধুৰীৰ হাতত যথেষ্ট পৰিমানৰ ধন জমা হৈছিল৷

সেই ব্যৱসায়ৰ সমান্তৰালকৈ তেখেতে বি.কম. পাছ কৰাৰ পিছত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ এটা চাকৰিত যোগদান কৰে৷ তেখেতৰ চাকৰিটো আছিল ৰাতিপুৱা ৭ ৰ পৰা ৮.৩০ বাজালৈ পশুপালন আৰু পশুচিকিৎসা বিভাগে যোগান ধৰা একলিটাৰৰ ষাঠি পেকেট গাখীৰ মানুহক বেচিব লাগে৷ চাহিদা অনুপাতে যোগান কম হোৱা বাবে বহুসময়ত এঘণ্টাৰ ভিতৰতে ষাঠি লিটাৰ গাখীৰ শেষ হৈ যায়৷ কেইবছৰমান আন আন ব্যৱসায়ৰ লগতে মাহিলী ৬০ টকা দৰমহাৰ সেই চাকৰিটো কৰাৰ পিছত চৌধুৰীয়ে ১৯৮২ চনত তেতিয়া বামুনীমৈদান অঞ্চলত থকা ‘গুৱাহাটী পাব্লিক স্কুল’ত নিম্ন বর্গ সহায়কৰ চাকৰিত যোগদান কৰে৷ চাকৰিটোত যোগদান কৰাৰ লগে লগে তেখেতে সেই সময়ত প্ৰচলিত টেম্প’ এখন কিনি মাহেকীয়া বন্দোবস্তিত স্কুলৰ ছাত্ৰ-ছাত্ৰী অনা নিয়াৰ ব্যৱসায়টোও আৰম্ভ কৰি দিলে৷

তেনেকুৱাতে ১৯৮৪ চনত তেখেতলৈ গুৱাহাটীৰ এটা চৰকাৰী কাৰ্যালয়ত গাননিক বিভাগৰ চাকৰিত যোগদান কৰাৰ এটা সুযোগ আহিল৷ চাকৰিত যোগদান কৰাৰ কেইমাহ মানৰ ভিতৰতে তেখেতে কল্লাপাৰাৰ গাঁৱৰ ঘৰৰ কাষতে ‘চৌধুৰী টেণ্ট হাউচ’ নাম দি এখন টেণ্ট হাউচ খুলিলে৷ ১৯৮৫ চনত ১২ জন কর্মচাৰীৰে আৰম্ভ কৰা সেই টেণ্ট হাউচৰ এতিয়াৰ কর্মচাৰীৰ সংখ্যা হ’ল ৩৫ জন৷

তাৰপিছত গতানুগতিক ভাৱে কেইটামান বছৰ পাৰ হৈ গ’ল৷ নতুন সহস্ৰাব্দৰ আৰম্ভণীতে নাৰায়ন চন্দ্ৰ চৌধুৰীয়ে মির্জাত অসমীয়া মাধ্যমৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত ল’লে৷ ২০০১ চনত ৯৪ জন ল’ৰা-ছোৱালীৰে গুৱাহাটীৰ ‘অসম জাতীয় বিদ্যালয়’ৰ আর্হিত প্ৰতিষ্ঠা কৰা বিদ্যালয়খনত অংকুৰৰ পৰা ষষ্ঠ মান শ্ৰেণীলৈ পাঠদান আৰম্ভ হয়৷ এতিয়া বিদ্যালয়খনৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪৯৮ জন আৰু শিক্ষককে ধৰি মুঠ কর্মচাৰীৰ সংখ্যা ৩৫ জন৷ এই পোন্ধৰতা বছৰতে ব্যৱসায়ৰ লগতে শিক্ষা-দীক্ষাৰ ফালৰ পৰাও বিদ্যালয়খনে দক্ষিণ কামৰুপৰ ভিতৰতে এক আগশাৰীৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ চৌধুৰীৰ পৈতৃক মাটিত প্ৰতিষ্ঠা কৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ২০০৬ বর্ষত প্ৰথমবাৰৰ বাবে প্ৰবেশিকা পৰীক্ষাত অৱতীর্ণ হোৱাৰে পৰা আজিলৈকে ১০০% উত্তীর্ণৰ হাৰ বজাই ৰাখিবলৈ সক্ষম হৈছে৷

বিদ্যালয় খনৰ এই কৃতকার্যতাত উৎসাহী হৈয়েই নাৰায়ন চন্দ্ৰ চৌধুৰীয়ে ২০০৮ বর্ষত তেখেতৰ স্বর্গগত পিতৃ বৈকুণ্ঠ চৌধুৰীৰ সোঁৱৰণত ‘বৈকুণ্ঠ চৌধুৰী জুনিয়ৰ কলেজ’ নাম দি এখন কনিষ্ঠ মহাবিদ্যলয়ো প্ৰতিষ্ঠা কৰে৷ তেখেতৰ ৩৫ বিঘা মাটিকালিৰ এখন ফার্মৰ ভিতৰতে এই মহাবিদ্যালয়খন স্থাপন কৰিছে৷

সেই ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰ পৰা আজিলৈকে এক মূহুর্তৰো বিৰতি নোলোৱাকৈ অবিৰাম কেৱল মাত্ৰ ব্যৱসায়ৰ কামকে কৰি যোৱা চৌধুৰীক আমি সুধিছিলো, “আপোনাৰ কেতিয়াবা ভাগৰ নালাগেনে”? উত্তৰত হাঁহি এটাৰে তেখেতে কৈছিল, “নাই নালাগে৷ মই আচলতে কেতিয়াওঁ হামিয়াই পোৱা নাই, আৰু কি জানে, ঘৰত দুখনকৈ গাড়ী থকাৰ পিছতো কিন্তু মই এই ৫৯ বছৰ বয়সতো মির্জাৰ পৰা গুৱাহাটীৰ লালমাটি অফিচলৈ প্ৰায়েই বাচতে অহাযোৱা কৰো”৷  আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্তুষ্টি কিহত বুলি শোধাত তেখেতে ক’লে, “ব্যৱসায় আৰু মোৰ নিজৰ সংসাৰখনক লৈ মই খুৱেই সুখী যদিও কিন্তু কেতিয়াবা বাবুলক লগ পালে মই তাতকৈয়ো বেছি সন্তুষ্টি পাওঁ”৷

তাৰপিছত চৌধুৰীয়ে বাবুল অর্থাৎ বাবুল হুছেইনৰ কথা কৈছিল৷ কেনেকৈ ১৯৭৫ চনত গুৱাহাটী কমার্চ কলেজত পঢ়ি থাকোতে তেওঁ কেও-কিছু নোহোৱা নলবাৰীৰ বাবুল হুছেইনক তুলি লৈছিল, কেনেকৈ বাবুলক তেওঁ পঢ়াৰ সুবিধা কৰি দিছিল আৰু কেনেকৈ এদিন সেই বাবুলে এম.এ. পাছ কৰিছিল – এই সকলোবোৰ কথা তেখেতে কিছু আৱেগেৰেই আমাৰ আগত কৈ গৈছিল৷ এম.এ. পাছ কৰাৰ পাছত চৌধুৰীৰ আর্থিক আৰু ব্যৱসায়ীক বুদ্ধিৰ সহায় লৈ আজি বাবুল হুছেইনে নিজকে এজন আগশাৰীৰ ব্যৱসায়ী হিচাপে নিজকে প্ৰতিষ্ঠা লাভ কৰিব পাৰিছে৷ চৌধুৰীয়ে ক’লে যে আজি বাবুলৰ সফলতা দেখি তেখেত অতি আনন্দিত হয়৷

ইয়াৰ উপৰিও নিজৰ কামেৰে অনুপ্ৰাণিত কৰি এনে বহু বাবুল গঢ়াত সহায় কৰিছে চোধুৰীয়ে৷ য়’ৰ ষ্ট'ৰী পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ লগতে তেখেতৰ পৰিয়াললৈ আমি যাচিলো অলেখ শুভকামনা৷

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গৱেষণা ক্ষেত্ৰখনত অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে এডুপেকডে

মুক-বধিৰ কৰ্মচাৰীৰে চলোৱা, মুম্বাইৰ এখন আগশাৰীৰ ৰেষ্টোৰাঁ

অসুস্থ অৱস্থাতে চাকৰি হেৰুউৱা এজন অভিযন্তাই বহুতকে দিলে সংস্থাপন

ছিলিকন ভেলীৰ ২৫ হাজাৰ ডলাৰৰ লোভনীয় কাম এৰি ভেড়া পালনত ব্যস্ত এজন পেছাদাৰী

A student of Cinema...

Related Stories

Stories by moni bhattacharjee