দাৰিদ্ৰ্যৰ নিহালিত ‘প্ৰতিবন্ধী’ জেলেবানুৰ মৰ্যাদাৰ শিল্প

দাৰিদ্ৰ্যৰ নিহালিত ‘প্ৰতিবন্ধী’ জেলেবানুৰ মৰ্যাদাৰ শিল্প

Tuesday January 19, 2016,

2 min Read

সৃজনীশিল নিহালিৰ ওপৰত বিভিন্ন ধৰণৰ নক্সা। গম পালো এগৰাকী প্ৰতিবন্ধী তৰুণীৰ হাৰ নমনা জেদৰ কাষত হাৰ মানিছে শাৰীৰিক অক্ষমতাই। শৃংগ বিজয়েই তেওঁৰ স্বপ্ন।


image


নাম জেলেবানু খাতুন। ঘৰ পশ্চিমবঙ্গৰ ভিতৰুৱা কৌড়া গাঁৱত। পাঁচগৰাকী ভগ্নীৰ ভিতৰত তিনিগৰাকীৰে বিয়া হৈছে। নিজে ৮০শতাংশ শাৰীৰিক প্ৰতিবন্ধী। মাক আলেয়া বিবিয়ে কৈছিল, ১০মাহত জেলেবানু পলিঅ’ত আক্ৰান্ত হৈছিল। তেতিয়াই সোঁভৰিখন অকামিলা হৈ পৰে।

কিন্তু সেই অক্ষমতাই তেওঁৰ জীৱন সংগ্ৰামক স্তব্ধ কৰি দিব পৰা নাই। গাঁৱৰ প্ৰাথমিক শিক্ষা শেষ কৰি মনৰ বলতেই ঘৰৰপৰা পাঁচ কিলোমিটাৰ আঁতৰত থকা মিল্কিডাংগা উচ্চ বিদ্যালয়ৰপৰা উচ্চ মাধ্যমিক শিক্ষা সমাপ্ত কৰে। তাৰ পিছত এইগৰাকী দুৰ্দমনীয় কিশোৰীয়ে বিএ প্ৰথম বৰ্ষত নামভৰ্তি কৰিলে ৰামপুৰহাট আছলেহা কলেজত। প্ৰতিদিনে হুইল চেয়াৰত মাড়গ্ৰাম। তাৰ পিছত বাছত যায় ৰামপুৰহাটলৈ। শাৰীৰিক অসুবিধাক অংগুষ্ঠ দেখুৱাই এইদৰেই প্ৰতিদিনে ৩২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি কলেজলৈ যায়।

কিন্তু ভূমি বিবাদক কেন্দ্ৰ কৰি এতিয়া কলেজ বন্ধ। পাঠ্যক্ৰম প্ৰায় শেষ। সময়ৰ ফাঁকে ফাঁকে শিকিছে আৰবী ভাষাও। ৰামপুৰহাটৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত কম্পিউটাৰো শিকিছে। মাক-বায়েকৰ সৈতে নিহালীৰ ওপৰত প্ৰস্তুত কৰিছে নক্সা।

প্ৰস্তুত কৰিছে ইটোৰ পিছত সিটো নস্কা। কৰ’বাত তাজমহল। কোনোটোত আকৌ শ্ৰীকৃষ্ণৰ বৃন্দাবন লীলাৰ পৌৰানিক উপাখ্যান। মাক আলেয়া বিবিয়ে কয়, ‘হিন্দু-মুছলিম নিৰ্বিশেষে ক্ৰেতাসকলে ফটা কাপোৰ দি থৈ যায়। সেইবোৰকে চিলাই কৰি তাৰ ওপৰত ভাল কাপোৰ দি সৰু সূতাৰে চিলাই কৰি নক্সা প্ৰস্তুত কৰোঁ। নক্সাৰ কামটো কৰে জেলেবানুৱে। আমি মাথোঁ তাইক সংগ দিওঁ।’ গম পোৱা গ’ল একোখন নিহালিত নক্সা আঁকি আয় হয় ৫০০ টকা। তাৰেই কোনোমতে সংসাৰ চলে। অভাবৰ তাড়নাতেই আটাইকেইগৰাকী জীয়ৰীয়ে পঢ়া-শুনা কৰিব পৰা নাই। পৰিয়ালটোৰ ব্যতিক্ৰম একমাত্ৰ জেলেবানু। নিজৰ জেদতে কলেজ পৰ্যন্ত পাইছে। আৰু পঢ়িব বিচাৰে। আৰু নিহালিত নক্সা আঁকিয়েই দিন কটায়।


image


এতিয়া জেলেবানুৰ হুইল চেয়াৰৰ অৱস্থা বৰ বেয়া। ফলত পেঙেই ভৰসা। কাৰোবাৰ ওচৰত হাত পাতিবলৈ কুণ্ঠাবোধ কৰে আত্মসন্মানী জেলেবানুৱে। তেওঁ জানে, লক্ষ্যত উপনীত হ’বলৈ দীঘলীয়া পথ এইদৰেই আগুৱাই যাব লাগিব। মাথোঁ নাজানে পথটো কিমান দীঘল।

মূল: আশিষ মণ্ডল

অনুবাদ: ৰুবুল দাস

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

নাৰীয়ে কেৰিয়াৰত উধাব নোৱাৰিলে সমাজেও চাপ নিদিয়েঃ

বিয়াৰ বাবে ফটোগ্ৰাফাৰৰ সন্ধান কৰোতে সৃষ্টি হ'ল কিউ ৱাই কে (Qyk) ৰ

“যদি দৃঢ়বিশ্বাস থাকে তেন্তে সফলতা অনিবাৰ্য”: ডঃ বন্দনা জৈন