জিএছটিয়ে ষ্টাৰ্টআপক কিদৰে লাভাম্বিত কৰিব

জিএছটিয়ে ষ্টাৰ্টআপক কিদৰে লাভাম্বিত কৰিব

Friday August 05, 2016,

2 min Read

এখন দেশ এটা কৰ । গুডছ এণ্ড চাৰ্ভিছেজ বিল অৰ্থাৎ জিএছটি বিধেয়ক শাসক বিৰোধী সকলো পক্ষৰে সহযোগিতাৰ এক বিৰল উদাহৰণ দাঙি ধৰি সংসদে গ্ৰহণ কৰিলে । এই বিধেয়ক গৃহীত হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে বিৰোধীও সমানে প্ৰশংসাৰ পাত্ৰ । ইউ পি এৰ আমোলত প্ৰথমাবাৰৰ বাবে জিএছটি বলৱৎ কৰিববলৈ চেষ্টা চলাইছিল । কিন্তু দহ বছৰতকৈও বেছি সময় এই বিধেয়কক লৈ মতপাৰ্থক্য বিৰাজ কৰিছিল ৰাজনৈতিক মহলত । এইবাৰ যেনিবা সেই অনিশ্চয়তাৰ অৱসান ঘটিল । অৱশ্যে কি হাৰত এই কৰ আদায় কৰা হ'ব সেই কথা এতিয়াও ঠিক হোৱা নাই । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে জিএছটি বলৱৎ হোৱাৰ অৰ্থটো হ'ল যে কৰ প্ৰক্ৰিয়া আগৰ দৰে জটিল হৈ নাথাকে আৰু ইয়াৰ ফলত সামগ্ৰীৰ দাম কমাৰ সম্ভাৱনা আছে । কিন্তু তাৰ মাজতে প্ৰশ্ন হয় যে ষ্টাৰ্টআপ সমূহৰ ইয়াৰ ফলত কি লাভ হ'ব ?

image


ব্যৱসায় এতিয়াৰেপৰা সৰল হ'ব 

কৰ ব্যৱস্থা সৰল হোৱাৰ ফলত বহু ঝামেলা কমি যাব আৰু ব্যৱসায়ী সকলে অন্যান্য দিশত মনোনিবোশ কৰিব পাৰিব । ব্যাৱসায়িক আৰ্হিক লৈও পৰীক্ষা নিৰীক্ষা কৰিব পাৰিব । বিশেষকৈ ই-কমাৰ্চ ক্ষেত্ৰৰ প্ৰতিষ্ঠান সমূহে বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ নিয়ম মানি চলিব লগীয়া নহয় । 

সামগ্ৰী পৰিবহণত অধিক সুবিধা

কৰৰ জটিলতাৰ বাবে আন্তঃৰাজ্যিক চেকগেট সমূহত সামগ্ৰী দিনৰ পিছত দিন আবদ্ধ হৈ নাথাকে । পৰিবহণৰ খৰচো প্ৰায় ২০ শতাংশ কমাৰ সম্ভাৱনা । কাছকেডিং এফেক্ট নথকাত সামগ্ৰীৰ দামত ইয়াৰ প্ৰতিফলন দেখা যাব । 

দেশৰ জিডিপিৰ ওপৰত সু-প্ৰভাৱ পৰিব 

কেন্দ্ৰ আৰু ৰাজ্যই পৃথকে পৃথকে কৰ আদায় কৰাৰ যি প্ৰথা ইমান দিনে চলি আহিছিল সেই প্ৰথা উঠি যোৱাৰ ফলত ব্যৱসায়ীসকল লাভৱান হ'ব । ব্যৱসায়ৰ খৰচ কমাৰ ফলত লাভ অধিক হ'ব আৰু ই জিডিপি বৃদ্ধিত অৰিহণা যোগাব ।

এটা কথা গুৰুত্বপূৰ্ণ যে যোগান শৃংখলৰ শেষ ধাপত এই কৰ আদায় কৰা হ'ব আৰু ঢাপে ঢাপে কৰ সংগ্ৰহ আৰু নহয় । আনহাতে চৰকাৰৰ তৰফৰ পৰাও কৰ সংগ্ৰহ সুচল আৰু সৰল হ'ব । 

স্টার্টআপৰ বাবে সুখবৰ

বৰ্তমান প্ৰচলিত পদ্ধতিত পাঁচ লাখ টকাৰ ওপৰত ব্যৱসায় কৰিলে কৰ দিবলগীয়া হয় । জিএছটিৰ ফলত এই পৰিমাণ ১০ লাখলৈ বাঢ়িব । আনহাতে ৫০ লাখৰ এপৰত ব্যৱসায় হলে কৰৰ স্লেব আৰু কমিব । ইয়াৰ ফলত ব্যৱসায় বঢ়োৱা সহজ হোৱাৰ লগতে কৰ হিচাপ কৰাটোও সহজ হ'ব ।

এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী

ৰং আৰু ৰেখাৰে অসমক ৰাষ্ট্ৰীয় স্তৰত উজলাই তুলিছে পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ ৰাতুলে

আনে নোযোৱা পথেৰে ভ্ৰমণ কৰা ড° সঞ্জয় অগ্ৰৱাল

মান্দায়াৰ ঋণগ্ৰস্ত খেতিয়কসকলক নতুন জীৱন দিছে এজন ছফটৱেৰ ইঞ্জিনিয়াৰে

কাশ্মীৰী পণ্ডিত পৰিয়ালক সহায়ৰ বাবে নিজৰ জীৱন বিপন্ন কৰা এক কাশ্মীৰী মুছলমান দম্পতি