খাদ্য আৰু কৃষি ক্ষেত্রত ভাৰত-কিৰঘিজস্থানৰ মাজত চুক্তি স্বাক্ষৰৰ প্রস্তাৱলৈ কেবিনেটৰ অনুমোদন

খাদ্য আৰু কৃষি ক্ষেত্রত ভাৰত-কিৰঘিজস্থানৰ মাজত চুক্তি স্বাক্ষৰৰ প্রস্তাৱলৈ কেবিনেটৰ অনুমোদন

Thursday December 29, 2016,

2 min Read

কৃষি আৰু খাদ্য সম্পৰ্কীয় শিল্প ক্ষেত্রত ভাৰত আৰু কিৰঘিজস্তানৰ মাজত চুক্তি স্বাক্ষৰৰ এক প্রস্তাৱলৈ বুধবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বে অনুষ্ঠিত কেন্দ্রীয় মন্ত্ৰীসভাৰ বৈঠকত অনুমোদন জনোৱা হয়৷ এই চুক্তি স্বাক্ষৰৰ প্রস্তাৱ আগবঢ়োৱা হৈছিল কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা৷

Image Credit

Image Credit


প্রস্তাৱিত চুক্তিখনত ভাৰত আৰু কিৰঘিজস্তানৰ কৃষি আৰু সংশ্লিষ্ট অন্যান্য ক্ষেত্রৰ কাম-কাজত পাৰস্পৰিক সহযোগিতা গঢ়ি তোলাৰ কথা উল্লেখ কৰা হৈছে। কৃষি আৰু খাদ্য সম্পৰ্কীয় সমীক্ষা আৰু গৱেষণা ক্ষেত্রত তথ্য আৰু অভিজ্ঞতা বিনিময়, পশুপালন, আধুনিক প্রযুক্তৰে বীজ উৎপাদন, বীজৰ গুণগত মান সম্পর্কে প্ৰশংসাপত্র প্ৰদান, বিভিন্ন ধৰণৰ ছেচ ব্যৱস্থাৰ সম্প্রসাৰণ ইত্যাদিৰ ক্ষেত্রতো দ্বিপাক্ষিক সহযোগিতা সম্প্রসাৰণৰ দিশ উল্লেখ আছে এই প্রস্তাৱিত চুক্তিখনত। খাদ্য প্রক্রিয়াকৰণ ব্যৱস্থাক দক্ষ কৰি তুলিবলৈ তথ্য প্রযুক্তি আৰু পেকেজিং প্রযুক্তিৰ প্রয়োগ তথা ব্যৱহাৰৰ ক্ষেত্রতো পৰস্পৰে পৰস্পৰৰ প্ৰতি সহযোগিতা আগবঢ়াই যাব এই দুয়োখন দেশে৷’

ইয়াৰ উপৰিও, বিভিন্ন প্রজাতিৰ গছেৰ স্বত্ব আৰু অধিকাৰ ৰক্ষা, খাদ্য বিপণন, বাগিচা পালন, কৃষিশিক্ষা আৰু গৱেষণা, উদ্যান পালন সম্পর্কেও শিক্ষা তথা গৱেষণা, খাদ্য নিৰাপত্তা, মৎস্য পালন ইত্যাদিও অন্তর্ভূক্ত কৰা হৈছে এই প্রস্তাৱিত বিধেয়কত।

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মৰক্কোৰ জলবায়ু সন্মিলনত ভাৰতৰ অৱস্থান তথা দৃষ্টিভঙ্গীলৈ কেবিনেটৰ আনুষ্ঠানিক স্বীকৃতি

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড