কেন্দ্ৰীয় বাজেটে ই-কমাৰ্চ ক্ষেত্ৰৰ সাঁথৰ সমাধান কৰিবনে?

0

ডাঙৰ প্ৰশ্ন

অনলাইন বিক্ৰী ক্ষেত্ৰখনে ভাৰতৰ সমগ্ৰ বিক্ৰীক্ষেত্ৰৰ মাত্ৰ ১শতাংশহে দখল কৰি আছে। তথাপিও ভাৰতৰ ৯টা বৃহৎ ষ্টাৰ্টআপৰ তিনিটাই হৈছে অনলাইন ক্ষেত্ৰৰ আটাইতকৈ ডাঙৰ নিয়ন্ত্ৰক। এইকেইটা হৈছে ফ্লিপকাৰ্ট (মুঠ মূল্য ১৫৫০ কোটি টকা), স্নেপডীল (মুঠ মূল্য ৬৫০ কোটি টকা) আৰু শ্ব’পক্লজ (মুঠ মূল্য ১১০ কোটি টকা)। ২০১৬ চনৰ শেষলৈকে এই কোম্পানীকেইটাই একেলগে ৩৮০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ ই-কমাৰ্চ ক্ষেত্ৰখনৰ প্ৰসাৰ অতি চমকপ্ৰদ। অৱশ্যে এই ক্ষেত্ৰখনৰ সম্ভাৱনীয়তা বৃদ্ধিত বাধা হৈ থিয় দিছে কেতবোৰ চৰকাৰী নীতি-নিয়ম।ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অনলাইন বিক্ৰীক্ষেত্ৰৰ মাজৰ টনা-আঁজোৰাৰ প্ৰধান বিষয়বস্তু হৈছে প্ৰত্যক্ষ বিদেশী বিনিয়োগ।২০১৫চনৰ নৱেম্বৰ মাহত কেন্দ্ৰই প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অধীনত একক-ব্ৰেণ্ডৰ বিক্ৰেতাক অনলাইন ব্যৱসায়ৰ অনুমতি দিয়ে যদি প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অধীনত মাল্টি-ব্ৰেণ্ড বিক্ৰেতাক ব্যৱসায়ত অন্তৰ্ভুক্ত নকৰিলে ই-কমাৰ্চ ক্ষেত্ৰৰ বৃহৎ ৰূপান্তৰ আশা কৰিব নোৱাৰি। দিল্লী উচ্চ ন্যায়ালয়ে এফডিআইৰ নিয়ম উলংঘা কৰা ২১টা ই-কমাৰ্চ ৱেবছাইট তালিকাভুক্ত কৰাৰ পিছতে এই কথা অনুভৱ কৰা হয় । অৱশ্যে উচ্চ ন্যায়ালয়ৰ এই পদক্ষেপে পুংখানুপুংখ তদন্তৰ বাট মুকলি নকৰালে বা ৱেবছাইটসমূহ বন্ধ নকৰালে বৰং এই তালিকাত এফডিআইৰ আওতাত নপৰা কোম্পানীকো অন্তৰ্ভুক্ত কৰা হয়। এনেদৰে এতিয়া ক্ষেত্ৰখনক লৈ ধুঁৱলি-কুঁৱলি পৰিৱেশ বিদ্যমান।

‘ষ্টাৰ্টআপ ইণ্ডিয়া, ষ্টেণ্ডআপ ইণ্ডিয়া’ অভিযানে ষ্টাৰ্টআপ ক্ষেত্ৰখনলৈ সকাহ আনিলে যদিও অনলাইন ক্ষেত্ৰখনেও একেধৰণৰ আশাৰ বতৰা কামনা কৰি আছে ২৯ ফেব্ৰুৱাৰীত ঘোষণা কৰিবলগীয়া কেন্দ্ৰীয় বাজেটৰ পৰা। শেহতীয়াকৈ ই-কমাৰ্চ যোঁটবন্ধনে আশা কৰি আছে যে ছিংগল ব্ৰেণ্ড অনলাইন বিক্ৰীক্ষেত্ৰত কেন্দ্ৰই ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি প্ৰদান কৰাৰ দৰে বাজেটে মাল্টি-ব্ৰেণ্ড ৰিটেইল ক্ষেত্ৰতো একে ব্যৱস্থা প্ৰৱৰ্তন কৰিব।এই বাজেটে ই-কমাৰ্চ বিক্ৰীক্ষেত্ৰৰ ব্যৱসায়ৰ প্ৰকৃতি নিৰ্ধাৰণ কৰাৰ লগতে বিক্ৰীক্ষেত্ৰৰ অন্তৰ্ভুক্ত দিশসমূহক লৈ দোমোজা দূৰ কৰাৰ সম্ভাৱনা আছে।

ই-কমাৰ্চ কি হ’ব লাগে?

সহজ সৰল ভাষাত ইণ্টাৰনেটৰ জৰিয়তে সম্পন্ন কৰা যিকোনো আদান-প্ৰদানেই হৈছে ই-কমাৰ্চ। কিন্তু ই-কমাৰ্চৰ ক্ষেত্ৰখনক ইমান সহজে নিৰ্ধাৰণ কৰিব পৰা নাযায়। টেকন’পেকৰ অৰবিন্দ অৰবিন্দৰ মতে বস্তুগত মাধ্যম নে বিতৰণ মাধ্যম তাৰ ওপৰত ভিত্তি কৰিহে কমাৰ্চৰ সংজ্ঞা নিৰ্ধাৰণ কৰা উচিত।“ইয়াৰে পিছৰটো সংজ্ঞাত ই হৈছে কেৱল উৎপাদকৰ পৰা এজন গ্ৰাহকলৈ সামগ্ৰী আৰু সেৱা বিতৰণৰ মাধ্যম। এইদিশৰ পৰা ই-কমাৰ্চ আৰু প্ৰত্যক্ষ বিক্ৰীক্ষেত্ৰৰ মাজত কোনোধৰণৰ পাৰ্থক্য থাকিব নালাগে। তদুপৰি বিনিয়োগৰ দিশৰ পৰা চাবলৈ গ’লে প্ৰত্যেক উদ্যোগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিনিয়োগকৰ্তা থাকে।”ইয়াৰ লগতে অৰবিন্দই কয়,“ই-কমাৰ্চ ক্ষেত্ৰখনক লৈ দুঃচিন্তাত ভোগাৰ প্ৰয়োজন নাই। এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় নহয়, ক’ৰ পৰা টকা আহিছে তাক লৈ কিয় মুৰ ঘমাব লাগে?”

বৰ্তমান ই-কমাৰ্চ সেৱাক্ষেত্ৰৰ অধীনস্থ কাৰণ ইয়ে কেৱল মধ্যস্থতাকাৰীৰূপে কাৰ্য পৰিচালনা কৰে, সেইবাবে ইয়াত VAT বা কেন্দ্ৰীয় বিক্ৰী কৰ পৰিশোধ কৰিবলগীয়া নহয়। বিক্ৰেতাসকলে VATৰ উপৰিউ বিক্ৰী কৰ আদায় দিয়াৰ পৰাও ৰক্ষা পৰি আছে। ইয়াৰ লগতে তেওঁলোকে ৰেহাই পাইছে দুই শতাংশৰ পৰা ৫০-৫৫ শতাংশ কমিছন আদায়ৰ পৰাও। পৰম্পৰাগত ব্যৱসায়ত কমিছনৰ হাৰ নিৰ্দিষ্ট কৰা থাকে। বিভিন্ন দিশত ইয়াৰ ভিন্নতা থাকিলেও কোনো বিশেষ পাৰ্থক্য চকুত নপৰে। লগতে কমিছনড এজেণ্টজনৰ পৰা সেৱাৰ পৰিৱৰ্তে সামগ্ৰীৰ ওপৰত ভিত্তি কৰি কৰ আদায় কৰা হয়।

কিহে দোমোজাৰ সৃষ্টি কৰিছে?

ই-কমাৰ্চৰ জংক-পংক ইমান ক্ষুদ্ৰ নহয়। ঔদ্যোগিক নীতি আৰু প্ৰসাৰ বিভাগে ২০১৬ৰ জানুৱাৰী মাহত কৈছিল যে FDI আইনৰ অধীনত তেওঁলোকে বিক্ৰীক্ষেত্ৰক স্বীকৃতি প্ৰদান নকৰে, ছয় সপ্তাহৰ ভিতৰত তেওঁলোকে আকৌ ক’লে যে বিক্ৰীক্ষেত্ৰত তেওঁলোকে ১০০শতাংশ FDIক প্ৰৱেশৰ অনুমতি দিয়াৰ বিবেচনা কৰিছে।

আইনখনৰ মাজতে দোধোৰ-মোধোৰ ভাৱ নিহিত হৈ আছে। ঔদ্যোগিক নীতি আৰু প্ৰসাৰ বিভাগে পাইকাৰী বিক্ৰীক্ষেত্ৰত FDIক অনুমতি দিয়াৰ লগতে বিক্ৰীক্ষেত্ৰনো কি সেয়া নিৰ্ধাৰণ কৰা নাই। ইয়াৰ দ্বাৰা সকলো সৰু-সুৰা ব্যৱসায়ী পক্ষক ফ্লিপকাৰ্ট, স্নেপডিল আৰু আমাজনৰ দৰে ই-কমাৰ্চ ৱেবছাইটত বিক্ৰী কৰিবলৈ অনুমতি দিয়া হৈছে। কিন্তু এই বিক্ৰীক্ষেত্ৰকেইখনৰ নিৰ্দিষ্ট বিক্ৰেতা আছে যেনে, Prione, Cloudtail আৰু WS Retail। এইসমূহে এই মাধ্যম ব্যৱহাৰ কৰি মূল্যৰ ভিত্তিত সমগ্ৰ বিক্ৰীৰ ৬০ শতাংশ (সূত্ৰৰ পৰা পোৱা তথ্য) অধিকাৰ কৰি আছে। সেইবাবে এই বিক্ৰীক্ষেত্ৰ ব্যৱহাৰ কৰিব বিচৰা খুচুৰা বিক্ৰেতাসকলে নিজৰ আপত্তি লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। তেওঁলোকৰ যুক্তি এই বিক্ৰীক্ষেত্ৰসমূহ প্ৰত্যক্ষ বিক্ৰেতা আৰু কমিছনখোৰ এজেণ্ট নহয়।

“আইনমতে এই বিক্ৰীক্ষেত্ৰসমূহে কোনো ধৰনৰ অপৰাধ কৰা নাই। তেওঁলোকে নিজৰ বিতৰণ কোম্পানীসমূহৰ সৈতে ওচৰ সম্পৰ্ক বৰ্তাই ৰাখিছে।অৱশ্যে এখন ব্যৱসায়িক ক্ষেত্ৰত আদান-প্ৰদানৰ প্ৰকৃতিক লৈ দোমোজা থকাটো স্বাভাৱিক।” খেইতান আৰু কোম্পানীৰ সহযোগী গণেশ প্ৰসাদৰ মন্তব্য। কিন্তু যদি কেন্দ্ৰীয় চৰকাৰে এই সংজ্ঞাক এলাগী কৰি ৰাখে তেনেহ’লে ইয়াৰ পৰা এটা স্পষ্ট হ’ব যে, মাধ্যমটোৰ প্ৰধান বিক্ৰী আহে ইয়াত আগস্থান দিয়া কোম্পানীসমূহৰ পৰা আৰু এয়া প্ৰথমাৱস্থাত আশা কৰাৰ দৰে খুচুৰা বিক্ৰেতাসকলৰ উপযুক্ত মাধ্যম নহয়।

নিৰ্দিষ্ট সংজ্ঞা নথকাৰ বাবে বিক্ৰেতাসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।সৰ্বভাৰতীয় অনলাইন বিক্ৰেতা সংস্থাই আশা কৰিছে যে অনলাইন বিক্ৰীক্ষেত্ৰৰ সংজ্ঞা নিৰ্ধাৰণ কৰাৰ ফলত ই-কমাৰ্চ বিক্ৰেতাসকলে এক আইনস্বীকৃত উদ্যোগৰ মৰ্যাদা লাভ কৰিব আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ সন্মুখত সম্ভাৱনাৰ দ্বাৰ মুকলি হ’ব।উদাহৰণস্বৰূপে কিছুবছৰ পূৰ্বে মিউচুৱেল ফাণ্ডসমূহক স্বীকৃতি প্ৰদান কৰা হোৱা নাছিল।কিন্তু ইয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰাৰ পিছতে বিভিন্ন নীতি-নিয়ম ইয়াৰ আওতালৈ অনা হ’ল আৰু ফলত ঠগবাজী তথা একপক্ষীয় পলিচীসমূহ হ্ৰাস কৰাত সহায়ক হয়। য়’ৰষ্টৰীৰ আগত সৰ্বভাৰতীয় অনলাইন বিক্ৰেতা সংস্থাৰ মুখপাত্ৰই জনায় যে অনলাইন বিক্ৰীক্ষেত্ৰৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব লাগে আৰু ইয়াৰ লগতে এই মাধ্যমে নিজে ক্ৰয়-বিক্ৰয়ত লিপ্ত হোৱাৰ লগতে Cloudtail আৰু WS Retailৰ দৰে গোট সৃষ্টি কৰাৰ পৰা বিৰত থাকিব লাগে। সকলো ধৰনৰ অংশীদাৰৰ বাবে একেধৰনৰ নীতি থকা উচিত।

ৰাজ্য আৰু FDI:এক জটিল সম্পৰ্ক

বিক্ৰীক্ষেত্ৰক ৰঙা চকু দেখুৱাই ব্যৱসায় বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া প্ৰথমখন ৰাজ্য হৈছে কৰ্ণাটক। ৰাজ্য চৰকাৰৰ নিৰ্দেশপত্ৰত উল্লেখ কৰা হৈছিল যে, বিক্ৰীক্ষেত্ৰই Invoice প্ৰস্তুত কৰাৰ লগতে গুদামত সামগ্ৰী জমা ৰাখিছে গতিকে তেওঁলোকে ভেট আদায় দিবলৈ বাধ্য।ইয়াৰ প্ৰত্যুত্তৰত বিক্ৰীক্ষেত্ৰই যুক্তি দিয়ে যে তেওঁলোকে ভেট আদায় নিদিয়ে কাৰণ তেওঁলোকে বিক্ৰেতাৰ পৰা কৰ সংগ্ৰহ আৰু তেওঁলোকৰ হৈ কৰ আদায় দিলে FDIৰ নিয়ম উলংঘা হয়।

“ৰাজ্যই এতিয়াও ইয়াৰ নিয়ম-কানুনসমূহ আৰু বিক্ৰীক্ষেত্ৰৰ প্ৰকৃতি বুজিবলৈ বাকী আছে। নীতিগত দিশত ইয়াত কোনো আইন উলংঘা হোৱা নাই কিন্তু বিক্ৰীক্ষেত্ৰসমূহক লৈ দিল্লী উচ্চ ন্যায়ালয়ে তদন্তৰ নিৰ্দেশ দিয়াৰ বাবে ৰাজ্যসমূহে বিক্ৰীক্ষেত্ৰলৈ নটিচ প্ৰেৰণৰ অনুমতি লাভ কৰে।” প্ৰশান্ত কাথ’ৰ, কৰ্পৰেট কৰৰ মুৰব্বী আৰু সহযোগী, আৰ্নষ্ট এণ্ড ইয়ঙৰ মন্তব্য।

আদৰ্শগত ভৱিষ্যত

বিভাজনে সাধাৰণতে দোমোজাৰেই সৃষ্টি কৰে। একেখন চাদৰ তললৈ সকলো বিক্ৰীৰ ব্যৱস্থাক অনাৰ উদ্যোগে সকলো অংশীদাৰৰ পক্ষে ব্যৱসায় সহজ কৰি তুলিব। লগতে নীতি নিৰ্ধাৰণতো সহায় হ’ব। থাৰ্ড আই নামৰ এখন কনছালটেন্সী ফাৰ্মৰ মুখ্য কাৰ্যবাহী দেবাংশু দত্তই কয়, “বৰ্তমান বিভিন্ন কৃত্ৰিম স্তৰীকৰণ আছে। ইয়াৰে কেতবোৰ দ্বিধা-শংকা, নীতিৰ ভুল ব্যাখ্যা আৰু আন কেতবোৰ ব্যৱসায়ৰ বিৱৰ্তনৰ ফলত সৃষ্টি হৈছে। মাল্টি ব্ৰেণ্ড নে একক ব্ৰেণ্ডক গ্ৰহণ কৰিব সেয়া সম্পূৰ্ণৰূপে ব্যৱসায়িক কৌশলৰ কথা।এয়া চৰকাৰী নীতিৰ আলোচ্য বিষয় নহয়।”

চৰকাৰে যে ইমান দ্ৰুত গতিত প্ৰসাৰিত ব্যৱসায়ৰ শাখাভিত্তিক বিভাজনক লৈ পৃথক দৃষ্টিভংগী গ্ৰহণ কৰিব নালাগে সেইবিষয়ত সকলো বিশেষজ্ঞ একমত। বিক্ৰীক্ষেত্ৰৰ আইনৰ যিকোনো পৰিৱৰ্তন শাসকীয় পক্ষই নিৰ্ধাৰণ কৰিব লাগে। কিন্তু যোৱা ১৫ বছৰৰ পৰা এই দিশক অৰ্থনৈতিক বিষয়ৰ পৰিৱৰ্তে ৰাজনৈতিক বিষয়ৰূপেহে বিবেচনা কৰা হৈছে। টেকন’পেকৰ অৰবিন্দই কয়, “প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে সংসদত অপ্ৰয়োজনীয়ভাৱে খুচুৰা বিক্ৰী ক্ষেত্ৰত FDIৰ প্ৰসংগক টানি আনে। এয়া প্ৰকৃততে এক কাৰ্যবাহী বিষয়া পৰ্যায়ৰ সিদ্ধান্তহে হোৱা উচিত আছিল। এই সকলো বিবাদৰ ওৰ পেলোৱাৰ এয়াই উচিত সময়। বিত্ত মন্ত্ৰী অৰুণ জেটলী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অথবা অমিত শ্বাহে শাসকীয় দলৰ মুৰব্বীৰূপে FDIপ্ৰকৃততে লাগে নে নালাগে সেই বিষয়ত স্থিৰ সিদ্ধান্ত লোৱা উচিত। ইয়াৰ পিছতে দায়িত্বত থকা বিভাগে সৰল নীতি নিৰ্দেশনা প্ৰস্তুত কৰক।”

আন্তঃৰাষ্ট্ৰীয় ধন আহিছে নে নাই তাক লৈ যিকোনো ব্যৱসায়িক আৰ্হিত ব্যৱধান অহাটো স্বাভাৱিক যাৰ পৰিপ্ৰেক্ষিতত সেই দিশত নিৰ্দিষ্ট নীতি থকাটো অত্যাৱশ্যকীয়। ই-কমাৰ্চ বৰ্তমান চালুকীয়া অৱস্থাত আছে কিন্তু অনাগত ভৱিষ্যতে এই ব্যৱসায় বহুদূৰ আগুৱাই যোৱাৰ সম্ভাৱনা নিশ্চিত।সংজ্ঞা নিৰ্ধাৰণেই হ’ব সেই নিৰ্দিষ্ট দিশত প্ৰথমটো খোজ।

মূল-আথিৰা এ নায়াৰ আৰু বিশাল কৃষ্ণ

অনুবাদ-তুলিকা দেৱী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

যোগাত্মক চিন্তাৰ প্ৰসাৰ যাৰ জীৱনৰ ব্ৰত- ডঃ বুলজিৎ বুঢ়াগোহাঁই

১০,০০০ টকাৰে আৰম্ভ কৰি ১.৫ কোটি টকাৰ ব্যৱসায় কৰা “ব্ৰ’কেন কম্পাছ”ৰ সাফল্যৰ কাহিনী

ঘৰে ঘৰে মুৰ্গী মাংসৰ সোৱাদ দিবলৈ দীপ বৰাৰ 'চিকেন ভান'

ৰন্ধনৰ ফিউজন শিল্পী- জ্যোতি দাস