কৰ্মচাৰীলৈ ন-ন সুবিধা প্ৰদানৰ প্ৰতিযোগিতাত ব্যৱসায়িক প্ৰতিষ্ঠান

কৰ্মচাৰীলৈ ন-ন সুবিধা প্ৰদানৰ প্ৰতিযোগিতাত ব্যৱসায়িক প্ৰতিষ্ঠান

Thursday December 31, 2015,

2 min Read

বৰ্তমান প্ৰতিযোগিতাৰ যুগত কৰ্মচাৰীক নিজৰ কোম্পানীত ধৰি ৰখাটো এক ডাঙৰ প্ৰত্যাহ্বান । এটা ব্যৱসায়িক প্ৰতিষ্ঠানে যিদৰে উৎকৰ্ষ বিচাৰে তেনেকৈ কৰ্মচাৰীসকলেও বিচাৰে ব্যক্তিগত উৎকৰ্ষ । বেছিভাগ কোম্পানীয়েই সেয়েহে তৎপৰতা প্ৰদৰ্শন কৰিছে কৰ্মচাৰীসকলক এইটো পতিয়ন নিয়াবলৈ যে তেওঁলোকে কৰ্মচাৰীৰ কথা চিন্তা কৰে।এই ক্ষেত্ৰত অন্যতম হৈছে মাতৃত্ব আৰু পিতৃত্বৰ সৈতে জড়িত বিভিন্ন সুবিধা প্ৰদানৰ আঁচনি।

বাংগালোৰ স্থিত ফ্লিপকাৰ্টে তেওঁলোকৰ মাতৃত্ব অৱকাশ নীতিৰ সংশোধন ঘটাই চলিত বছৰৰ জুলাই মাহৰ পৰা ২৪ সপ্তাহলৈ বৃদ্ধি কৰিছে। ইয়াৰ উপৰি কেইবাটাও আন কোম্পানী যেনে, মচলন মোডেলেজ ইণ্ডিয়া ফুডচ্ঃ পূৰ্বৰ কেডবেৰী ইণ্ডিয়া, মুম্বাইৰ ৰিয়েল ইষ্টেট কোম্পানীৰ ৰহেজা কৰ্প, এপ আধাৰিত ফেশ্যন ৰিটেইলাৰ মিণ্ট্ৰাই নতুন নতুন ব্যৱস্থাৰ সংযোজনেৰে তেওঁলোকৰ অভিভাৱক নীতিৰ পুনৰগঠন কৰিছে।

image


মোডেলেজ ইণ্ডিয়া ফুডচৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ পৰিচালক পি. মহালক্ষ্মীয়ে কয় যে, “কিছুমান অতিৰিক্ত সহায় আগবঢ়ালে কৰ্মচাৰীসকলৰ কৰ্মতৎপৰতা বৃদ্ধি পোৱাৰ কথাটো আমি বুজি পাওঁ।সেয়েহে ইতিমধ্যে থকা মাতৃত্ব নীতিৰ পুনৰগঠন কৰি ২০১৫ চনৰ এপ্ৰিলৰ পৰা অভিভাৱক নীতি আৰম্ভ কৰা হৈছে।” ‘নতুন অভিভাৱক নীতি’ অনিবাৰ্য মাতৃত্ব অৱকাশৰ আগৰেপৰা কাৰ্যকৰী হ’ব।এইখিনি সময়ত পুৰুষ সহযোগীজনৰো যে দায়িত্ব আছে, সেই কথাটোও উপলব্ধি কৰা হৈছে।

সেইদৰে ৰহেজা কৰ্পে ‘দত্তক সহযোগী নীতি’ আগবঢ়াইছে।কাৰ্যকৰী সন্ধান কোম্পানী ‘গ্লোবেলহাণ্ট’ৰ প্ৰবন্ধ পৰিচালক সুনীল গোয়েলে কয় যে, নতুন প্ৰজন্মৰ কৰ্মচাৰীসকল যথেষ্ঠ আত্মসন্মানবোধসম্পন্ন।সেয়েহে আজিকালিৰ বিশ্বমানৰ বেছিসংখ্যক কোম্পানীয়েই নিজকে দায়িত্বপূৰ্ণ সংস্থা হিচাপে প্ৰতিস্থা কৰাতে ক্ষান্ত নাথাকি বিদেশী গ্ৰাহককো আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি থকাৰ মাজতে তেওঁলোকৰ নিজৰ কৰ্মচাৰীসকলকো ধৰি ৰাখিবলৈ ন ন প্ৰচেষ্টা হাতত লৈছে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

দুয়োখন ভৰি হেৰুৱা ট্ৰাক ড্ৰাইভাৰৰ সন্তান নাগা নৰেশ আজি বিশ্ববিখ্যাত গুগলৰ কৰ্মকৰ্তা

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত