এখন ভাল বিদ্যালয় আৰু এখন ডাঙৰ চিকিৎসালয় স্থাপনৰ লক্ষ্যৰে হেমেন কলিতাৰ ব্যৱসায়

এখন ভাল বিদ্যালয় আৰু এখন ডাঙৰ চিকিৎসালয় স্থাপনৰ লক্ষ্যৰে হেমেন কলিতাৰ ব্যৱসায়

Sunday January 17, 2016,

5 min Read

সেই টাৰ্ণিং পইন্টটো-

দুৰ্ঘটনাটো ঘটিছিল আকস্মিকভাবেই। গুৱাহাটীৰ মালিগাৱৰ কলিতা চুইটছ এণ্ড বেকাৰীৰ পৰা অলপ আতৰত বিদ্যুতস্পৃষ্ট হৈ এজন লোকে প্ৰান হেৰুৱালে। ৰেলৱে বিভাগে অভিযোগ কৰিলে যে কলিতা চুইটছৰ জেনেৰেটৰৰ পৰা অহা বিদ্যুতৰ বাবেই এই ঘটনাটো ঘটিল। তাৰ পিছতে কলিতা চুইটছৰ বিদ্যুত সেৱা এক বছৰৰ বাবে ব্যাহত কৰি দিয়া হ'ল। সেয়াই সংগ্ৰাম আৰম্ভ হ’ল সমাজৰ বাবে কিবা এটা কৰাৰ মানসিকতা সৰুতে মনত ঠাই পোৱা হেমেন কলিতাৰ। পিতৃৰ বিয়োগৰ পিছত কলিতা ছুইটছৰ দায়িত্ব অকলে কান্ধ পাতি লৈ বিভিন্ন উত্থান পতন,ঘাট-প্ৰতিঘাটৰ মাজেৰে তেওঁ চলাই গ’ল ব্যৱসায়িক সংগ্ৰাম। সেই দুৰ্ঘটনাটো প্ৰকৃততে কলিতা চুইটছৰ ভুলৰ বাবে সংঘটিত হোৱা নাছিল।সেই কথা পৰৱৰ্তী সময়ত আইনী যুঁজত প্ৰতিপন্ন হৈছিল। সেয়া প্ৰায় ১৯৮৯ চনৰ কথা। সেই ব্যৱসায়টোক স্থিৰতা প্ৰদান কৰাৰ পিছত হেমেন কলিতাই আৰম্ভ কৰিলে নিৰুজ হাৰ্ডৱেৰ। কিছু সফলতা অহাৰ পিছত দীৰ্ঘদিনে খাদ্য সামগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত হৈ থকাৰ অভিজ্ঞতাকে মূলধন হিচাপে লৈ কলিতাই বেংকৰ পৰা ঋণ লৈ গুৱাহাটীৰ কটাবাৰীত ২০০৯ চনত তেওঁ আৰম্ভ কৰিলে ‘নিৰুজ ধাবা’। প্ৰথমে ট্ৰিপালেৰে ধাকি আৰম্ভ কৰা ব্যৱসায়টোত তেওঁৰ আছিল কিছু শংকা আৰু সংশয়। কিন্তু মনত আছিল তীব্ৰ আত্ম বিশ্বাস। খাদ্যৰ গুণগত মান যদি উন্নত কৰি ব্যৱসায় চলোৱা হয়,তেনেহ’লে গ্ৰাহকে আদৰি ল’বয়ে। আৰু সেয়ে হ’ল। বৰ্তমান নিৰুজ ধাবা হৈছে গুৱাহাটীবাসীৰ বাবে দিনৰে হওঁক বা নিশাৰে হওঁক,খাদ্য গ্ৰহণৰ এক নিৰ্ভৰযোগ্য স্থান।


image


চাকৰিৰ পৰিৱৰ্তে ব্যৱসায় কিয়-

হেমেন কলিতাৰ পিতৃ আছিল এগৰাকী ব্যৱসায়ী। কলিতা চুইটছ আছিল সেই সময়ৰ এক চিনাকী নাম। সেই বাবেই খাদ্যৰ ব্যৱসায়টো নিচেই ওচৰৰ পৰা দেখিছিল হেমেন কলিতাই। প্ৰায় নৱম শ্ৰেণীৰ পৰায়ে তেওঁ পিতৃৰ ব্যৱসায়ত ইটো সিটো সহায় কৰি দিছিল। কিন্তু হঠাৎ পিতৃ বিয়োগৰ পিছত সকলো দায়িত্ব আহি পৰিছিল সেই সময়ৰ ছাত্ৰ হেমেনৰ কান্ধত। পিতৃতকৈ তুলনামূলকভাবে অনভিজ্ঞ হেমেনে কিন্তু নিষ্ঠাৰে কৰি গৈছিল সকলো কাম। দিন ৰাতি একাকাৰ কৰি কৰা কষ্টৰ ফচল হিচাপে তেওঁ স্থাপন কৰিছিল কলিতা চুইটছৰ বৰ্তমান ‘চেইন’টোৰ দ্বিতীয়খন প্ৰতিস্থান। ব্যৱসায় তথা ঘৰৰ দায়িত্ব হঠাৎ ল’বলগীয়া হোৱা হেমেন কলিতাই পৰৱৰ্তীসময়ত দূৰৱৰ্তী শিক্ষাৰ জৰিয়তে স্নাতক ডিগ্ৰীও গ্ৰহণ কৰিছিল। ‘বানিজ্যে বসতি লক্ষ্মী’- এই কথাকে সৰোগত কৰি হেমেন কলিতাই কোনো ধৰণৰ চাকৰিৰ কথা চিন্তা নকৰি কেৱল ব্যৱসায়তে মনোনিবেশ কৰিলে। আজি তেওঁ এজন সফল ব্যৱসায়ী।

কিহৰ বাবে অহৰহ এই প্ৰচেষ্টা-

ঘৰ সংসাৰৰ দায়িত্বৰ বাবে তেওঁ ব্যৱসায় চলাই গৈছে যদিও তেওঁ সৰুৰে পৰা আছে এক সপোন। ইতিপূৰ্বে উল্লেখ কৰিছোৱেই যে সৰুৰে পৰা সমাজৰ বাবে কিবা এটা কৰাৰ সপোন পুহি ৰাখিছিল হেমেনে। ক্ৰমাত ব্যৱসায়িক স্থিৰতাও আহিছিল। বিবাহ পাশত আৱদ্ধ হল তিলকা কলিতাৰ সৈতে। দিল্লীত চাকৰি লাভ কৰিছিল হেমেন কলিতাৰ পত্নী তিলকা কলিতাই। কিন্তু এখন বিদ্যলয় খোলাৰ হেঁপাহ দীৰ্ঘদিনে মনত পুহি ৰখা হেমেনে নিজ পত্নীক দিল্লীত চাকৰিৰ বাব যাবলৈ নিদি গুৱাহাটীৰে খনামুখত ৰোপন কৰিলে তেওঁৰ সপোনৰ প্ৰথমটো বীজ। তেওঁ পত্নীক দায়িত্ব প্ৰদান কৰি আৰম্ভ কৰিলে এখন ব্যক্তিগত বিদ্যালয়ৰ ফ্ৰেন্সাইজী। হেমেন কলিতাৰ কিন্তু সপোন কিন্তু তাতোকৈও ডাঙৰ আছিল। অনাগত সময়চোৱাত তেওঁ বিচাৰিছে এখন ডাঙৰ বিদ্যলয় আৰু চিকিৎসালয় স্থাপন কৰিবলৈ। শিক্ষা আৰু স্বাস্থ্য খণ্ডটোত সৰ্বসাধাৰণ ৰাইজৰ উপকাৰ সাধন কৰিব পৰাকৈ তেওঁ এই বিদ্যালয় আৰু চিকিৎসালয় স্থাপন কৰিব বিচাৰিছে। ইতিমধ্যে সেই সপোনক ধিয়াই বহু কাম সম্পন্নও কৰি তুলিছে তেওঁ।

"ভাতমুঠিৰ বাবে বা ঘৰখন চলাবৰ বাবে আমি কিবা নহয় কিবা কৰিবয়ে লাগিব। সেয়া চাকৰিয়েই হওক অথবা সৰু এখন চাহ দোকানেই হওক। কিন্তু জীৱন আৰু জগতৰ বাবে কিবা এটা আমাৰ জীৱন কালত কৰিব যাব পাৰিলেহে সাৰ্থকতা আছে। আমাৰ মালিগাওঁ অঞ্চলত এসময়ত যেতিয়া শিক্ষাৰ অভাৱত বহু নৱ-প্ৰজন্ম বিপথে যোৱা দেখিছিলো,ভাল চিকিৎসাৰ অভাৱত বহুলোকে মৃত্যুক আকোৱালি লোৱা দেখিছিলো, তেতিয়াই মোৰ মন গৈছিল এখন ভাল স্কুল স্থাপন কৰিবলৈ আৰু এখন চিকিৎসালয় স্থাপন কৰিবলৈ। কিন্তু সেই কাম ইমান সহজসাধ্য নহয় । তাৰ বাবে মই ইতিমধ্যে প্ৰাথমিক কাম কাজ আৰম্ভ কৰিছো। আশাকৰোঁ সফল হম। মোৰ ইচ্ছা, বৰ্তমান শিক্ষা বা চিকিৎসাৰ যি বজাৰ গঢ়ি উঠিছে,তাৰ বিপৰীতে গৈ যিকোনো লোকৰ সহায় হোৱাকৈ মোৰ সেই সপোন পূৰা কৰা।" হেমেন কলিতাই কয়।

হেমেন কলিতাৰ আন এক দিশ হৈছে লোকহিতৈষী দান। নিজৰ অঞ্চলটোৰ বিভিন্ন অনুস্থান প্ৰতিস্থানৰ উন্নয়ন আৰু সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত এগৰাকী অগ্ৰণী ব্যক্তি হৈছে হেমেন কলিতা। কেৱল ইমানেই নহয়, নিজৰ বাৰ্ষিক আয়ৰ এটা অংশ কলিতাই লোকহিতৈষী দানৰ বাবত খৰচ কৰি আহিছে। আৰ্তজনৰ বাবে হেমেন কলিতাৰ হাত সদায় খোলা। যেতিয়াই সুবিধা লাভ কৰে তেতিয়াই সহায় সাহাৰ্যৰে দৰিদ্ৰজনৰ কাষত থিয় হৈ আহিছে কলিতা।

"ঈশ্বৰৰ ইচ্ছাত ব্যৱসায় বাণিজ্য সুকলমে চলিছে। এমুঠি শান্তিত খাবলৈ পাৰিছো। যদি মোৰ উপাৰ্জনৰ এটা অংশৰে আন এজনেও ভোক বা শীতৰ পৰা পৰিত্ৰাণ পায়,তেনেহলে সেয়াই হব মোৰ পূজা। ভগবানৰ কাষলৈ যাবৰ বাবে মন্দিৰলৈ নগলেও হয়। মানুহেই ভগবান। " কলিতাৰ ভাষ্য


image


অসমত উদ্যোগশীলতা আৰু সম্ভাৱনা--

যিসময়ত হেমেন কলিতাই ‘নিৰু’জ ধাবা’ আৰম্ভ কৰিছিল। সেই সময়ত বহুজনে তেওঁক সকিয়াই দিছিল ভৱিষ্যত সম্পৰ্কে। হয়তো বিফল হ’ব পাৰে তেওঁ। কিন্তু কেৱল প্ৰদত্ত সামগ্ৰী আৰু সেৱাৰ গুণগত মান আৰু উচিত দামকে ব্যৱসায়ীক অস্ত্ৰ হিচাপে আগবাঢ়িছিল তেওঁ। কালক্ৰমত সকলো গ্ৰাহকে আদৰি লৈছিল নিৰু’জৰ খাদ্য আৰু সেৱাক। তেওঁ বিশ্বাস কৰে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে নিত্য নতুন খাদ্যৰ জুতি লৈ ভাল পায়। উচিত দামত যদি ভাল খাদ্য উৎকৃষ্ট সেৱাৰে গ্ৰাহকলৈ আগবঢ়াব পৰা যায় তেনেহ’লে অসমত খাদ্যৰ ব্যৱসায়টো প্ৰৱল সম্ভাৱনাপূৰ্ণ ব্যৱসায়। গ্ৰাহকক মাথো লাগে উৎকৃষ্ট খাদ্য আৰু সেৱা। ‘কোৱালিটী’ৰ ক্ষেত্ৰত কেতিয়াও ‘কম্প্ৰমাইজ’ কৰা নাই হেমেন কলিতা আৰু ‘নিৰু’জ ধাবা’ই। সেইবাবেই হয়তো তেওঁৰ আৰম্ভণী সময়ৰ কৰ্মচাৰীয়ে আজিও নিৰু’জতেই কাম কৰি আছে আৰু তেওঁলোকক পাৰিশ্ৰমিকো তেওঁ ব্যৱসায়ীক লাভালাভৰ পৰায়ে প্ৰদান কৰি আহিছে। "নতুন উদ্যোগীয়ে সদায় সততা,নিষ্ঠাৰে কাম কৰি আগবঢ় উচিত। কোৱালিটিৰ লগত কেতিয়াও কম্প্ৰমাইজ কৰিব নালাগে। যিটো দাম আমি এটা দিশ্বৰ বাবত লওঁ সেই দামটোত আচলতে আমাৰ সকলো বিনিয়োগ আদায় হৈ যায়। গতিকে ক্ষুধা নিবাৰণৰ লগতে অলপ মানসিক প্ৰশান্তি আৰু সন্তুষ্টি গ্ৰাহকক আমি দিব চেষ্টা কৰিব লাগে। অধিক ধন আহৰণৰ বাবে কোৱালিটী কম্প্ৰমাইজ কৰিলে গ্ৰাহকে দ্বিতীয় দিনৰ পৰা নিজেতো নাহেই,আন দহজনকো বাধা দিব। গতিকে বিজ্ঞাপন দিব লাগে গ্ৰাহকৰ মনত।" হেমেন কলিতাই কয়।