পৌষ্টিক খাদ্যৰ ব্যৱসায়েও দিব পাৰে সফলতাৰ ৰেচিপি- এ এম এ আই ৰ প্ৰতিষ্ঠাতা ঐশ্বৰ্য নায়াৰ

মূল- ফ্ৰান্সেস্কা ফেৰেইৰ'

পৌষ্টিক খাদ্যৰ ব্যৱসায়েও দিব পাৰে সফলতাৰ ৰেচিপি- এ এম এ আই ৰ প্ৰতিষ্ঠাতা ঐশ্বৰ্য নায়াৰ

Thursday October 20, 2016,

5 min Read

ঐশ্বৰ্যই কেৱল নিজৰ সফলতাৰ বাটেই মুকলি কৰা নাছিল,লগতে পৰিয়ালৰ সহযোগ আৰু নিজৰ দৃঢ়তাক মূলধন কৰি ভাৰতীয় উদ্যোগৰ ইতিহাসত সফল মহিলা উদ্যোগীৰ কাহিনী লিপিবদ্ধ কৰিবলৈও সমৰ্থ হ’ল।আমাৰ খাদ্যৰুচিৰ ওপৰতে আমাৰ পৰিচয় নিৰ্ভৰ কৰে,এই কথাষাৰিলৈ মন কৰিলে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণৰ অভিযান সঁচাকৈয়ে প্ৰশংসনীয়।লীলা গ্ৰুপৰ ঐশ্বৰ্য নায়াৰে স্বাস্থ্য আৰু গুণমানবিশিষ্ট খাদ্য সামগ্ৰীৰ ব্ৰেণ্ড এ এম এ আই মুকলি কৰি এইক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইওৰ ষ্ট’ৰীৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ আমাক জনায়, কেনেদৰে বহু প্ৰত্যাহ্বান গ্ৰহণ কৰি কিন্ত্ত সফলতাৰে তেওঁ এই প্ৰকল্পত অগ্ৰসৰ হৈছিল। ঐশ্বৰ্যৰ এই প্ৰচেষ্টাৰে তেওঁ কেৱল নিজৰ সফলতাৰ বাটেই মুকলি কৰা নাছিল,লগতে পৰিয়ালৰ সহযোগ আৰু নিজৰ দৃঢ়তাক মূলধন কৰি ভাৰতীয় উদ্যোগৰ ইতিহাসত সফল মহিলা উদ্যোগীৰ কাহিনী লিপিবদ্ধ কৰিবলৈও সমৰ্থ হ’ল।


সুস্বাদু আৰু পৌষ্টিক

সুস্বাদু আৰু পৌষ্টিক


“ যি কামেই কৰোঁ সেয়া পৃথক আৰু অভিনৱ ৰুপত কৰিবলৈ মোৰ মনটোৱে অহৰহ তাগিদা দি থাকে।পূৰ্বৰ শৈলী বিচাৰি ফুৰাতকৈ মই নিজাকৈ শৈলী সৃষ্টি কৰাটোৰ ওপৰত বেছি গুৰুত্ব দিওঁ I এ এম এ আই য়ে সঁচাঅৰ্থত এইক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে বুলি কব পাৰি,কিয়নো সম্প্ৰতি ভাৰতীয়সকল ফাষ্টফুড আৰু সংসাধিত খাদ্যৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীল।দৰাচলতে লীলা গ্ৰুপ অৱ হোটেল্ছৰ মাধ্যমেৰে মোৰ পৰিয়ালকেন্দ্ৰিক হোটেল ব্যৱ্সায়ৰ পৰম্পৰাই মোক আতিথ্যৰ এই উদ্যোগৰ প্ৰতি ঢাল খুৱালে। ককা আৰু দেউতাৰ পৰা বাৰুকৈয়ে অনুপ্ৰাণিত ‘মই’জনীৰ বাবে এয়া আচলতে নিশ্চিত পছন্দ।স্নাতক ডিগ্ৰী গ্ৰহণৰ পাছত মই ফটোগ্ৰাফী আৰু চলচিত্ৰ নিৰ্মাণ সম্পৰ্কে অধ্যয়ন কৰিব বিচাৰিছিলো যদিও দেউতাই মোক ৰন্ধনকলাত মনোনিবেশ কৰাৰ পৰামৰ্শ দিলে আৰু সেই পৰামৰ্শ গ্ৰহণৰ দিন ধৰি মই পিছলৈ উভতি চাবলগীয়া নহ’ল ।মোৰ ককা কেপ্তেইন কৃষ্ণন নায়াৰেও মোক গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল।তেওঁৰ প্ৰাণোচ্ছলতা,কৰ্মস্পৃ্হা আৰু আনন্দৰে জীৱন উপভোগৰ আদৰ্শ প্ৰতিমুহূৰ্তে স্মৰণ কৰো। ককাৰ ব্যক্তিত্বত একধৰণৰ অতু্লনীয় জ্যোতি আছিল যাৰ বাবে তেওঁৰ কাষ চপা প্ৰতিজনেই তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল।তেওঁৰ কৰ্মনীতিও আছিল অতি প্ৰশংসনীয় আৰু মানুহ হিচাবে তেওঁ আছিল প্ৰখৰ আধুনিক মনৰ। এই দুই প্ৰকাৰৰ ব্যক্তিত্বৰ গুণৰাজিয়ে মোক উৎসাহিত কৰাৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে কাম কাজ আৰু অনুষ্ঠান সাৱ্লীলভাৱে চলাই লৈ যাবলৈ সক্ষম হোৱাকৈ মোৰ স্বাভাৱিক ক্ষমতাৰ বিকাশ ঘটাইছিল আৰু ইয়েই মোক কেৰিয়াৰৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিছে।।

পৰিস্থিতি যিয়েই নহওঁক-মান বজাই ৰখাটোহে মূল কথা

এ এম এ আইৰ জন্মৰ মূল উদ্দেশ্যটোৱেই আছিল খাদ্যাভ্যাস উন্নত কৰা।জাপানী ভাষাত এই শব্দটোৰ অৰ্থ হ’ল ‘মিঠা অভিজ্ঞতা’ আৰু জাপানৰ লঘিষ্ঠবাদ আৰু মেক্ৰোবায়’টিকছ্ ৰ দ্বাৰা ই প্ৰ্ৰভাৱিত।এই পদ্ধতিত খাদ্যৰ উপাদান সমূহ যথাসম্ভৱ প্ৰাকৃতিক আৰু অসংসাধিত ৰুপত ৰখা হয় যাতে হজম কৰাত সহায় হয়। পৰিশোধিত চেনি আৰু ঘেঁহুজাতীয় সামগ্ৰী খাদ্যত ব্যৱ্হাৰ ৰোধ কৰাটো এই অভিযানৰ মূল লক্ষ্য।এই ধৰণৰ খাদ্য প্ৰস্ত্ততৰ ধাৰণা ভাৰতত সম্পূৰ্ণ নতুন আৰু কোনো হোটেল উদ্যোগীয়ে ইতিপূৰ্বে মোৰ এ এম এ আই ৰ দৰে সম্পূৰ্ণ পুষ্টিগুণবিশিষ্ট খাদ্যসামগ্ৰীৰ ব্ৰেণ্ড প্ৰস্ত্তত কৰা নাই।

অৱশ্যে,খাদ্য আৰু দৰৱৰ প্ৰয়োজনৰ সালসলনি অনুসৰি আমদানিৰ হ্ৰাস-বৃদ্ধি হৈ থকাৰ বাবে উত্তম খাদ্য যোগান ধৰা কথাটো ইমান সহজ নহয়।এইবাবেই মোৰ খাদ্য সামগ্ৰী সমূহে আবিৰত ভাৱে নিজৰ গুণমান বজাই ৰখাটোও সমস্যা হৈছিল কিয়নো মই কেতবোৰ অভিনৱ উপাদান খাদ্যত ব্যৱ্হাৰ কৰি ভাল পাওঁ যদিও এইবোৰৰ নিয়মীয়া আমদানি সম্ভৱ নহয়।কিন্ত্ত যিকোনো ক্ষেত্ৰত এনে প্ৰত্যাহ্বান থাকিবই আৰু ইয়াৰ মোকাবিলা কৰিবলৈ উপায় উলিওৱাটোৱেই আচল কথা।


এ এম এ আই ৰ অভিনৱ সম্ভাৰ

এ এম এ আই ৰ অভিনৱ সম্ভাৰ


সফল হোৱা আৰু কৃতজ্ঞ অনুভৱ কৰা

আপোনাৰ গ্ৰাহক কোন এই কথাটো বুজি উঠিলে আপুনি নিজৰ সামগ্ৰীসমূহ তেওঁলোকৰ নিৰ্দিষ্ট প্ৰয়োজন পূৰাব পৰাকৈ প্ৰস্ত্তত কৰিব পাৰিব।ইয়াৰ বিপৰীতে,গ্ৰাহকেও সামগ্ৰীসমূহৰ উপকাৰিতা সম্পৰ্কে জনাটো দৰকাৰ।এ এম এ আই বিলাসী হোটেল । ইয়াত প্ৰস্তুত খাদ্য মানবিশিষ্ট খাদ্য সামগ্ৰী হোৱা হেতুকে মোৰ গ্ৰাহকৰ বজাৰখন সৰ্বসাধাৰণ গ্ৰাহকৰ বজাৰ খনৰ পৰা কিছু পৃথক হয়। মই জানো যে এ এম এ আই ৰ সামগ্ৰী ক্ৰয় কৰা গ্ৰাহকে জাপানৰ থলুৱা খাদ্যৰুচি আৰু ইয়াৰ উপাদান সম্পৰ্কে জ্ঞাত।খাদ্যৰ পুষ্টিদায়ক আৰু স্বাস্থ্যকৰ উপাদান সম্পৰ্কে থকা এই সাধাৰণ জ্ঞানে ক্ৰেতা আৰু বিক্ৰেতা উভয়ৰে মনত সন্ত্তষ্টিৰ জন্ম দিয়ে।

দৰাচলতে, এনে ধৰণৰ খাদ্য সামগ্ৰীয়ে সম্প্ৰতি ভাৰতত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।পৰোক্ষভাৱে হ’লেও মানুহৰ কুম্ভীলক বৃত্তিয়েও এই কথাৰ প্ৰমাণ দিয়ে।এ এম এ আইক নকল কৰি এনে ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্ত্ততৰ চেষ্টা এ এম এ আই মুকলি হোৱাৰ প্ৰথম মাহতে চলোৱা হৈছিল।সৌভাগ্যবশতঃ এই সামগ্ৰী সমূহে খাদ্য সামগ্ৰী প্ৰস্ত্ততৰ কৌশল সঠিককৈ আয়ত্ব কৰিবলৈ সক্ষম নহ’ল! এইক্ষেত্ৰত অগ্ৰণী আৰু উদ্ভাৱ্ন প্ৰিয় ব্ৰেণ্ড সমূহে আন্তৰ্জাতিক বজাৰত এনে খাদ্য প্ৰস্ত্ততকাৰী ব্ৰেণ্ডৰ সৈতে ফেৰ মাৰিব পৰা খাদ্য প্ৰস্ত্ততত মনোনিবেশ কৰা উচিত।মই ভাৱো এ এম এ আই, লীলা হোস্পিটেলিটি চেইনৰ প্ৰতি মোৰ এক প্ৰশস্তি আৰু লীলা গ্ৰুপৰ তৃতীয় প্ৰজন্ম হিচাবে এই ব্ৰেণ্ডটো সময়োপযোগী কৰি ৰখাটো মোৰ তৰফৰ পৰা আন্তৰিক অৰিহণা।ইয়াৰ সফলতাই হব মোৰ ককা আৰু দেউতাই মোক দি অহা উৎসাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ অন্যতম সুযোগ তথা মোৰ ঔদ্যোগিক সামৰ্থৰ প্ৰতি সমৰ্থন।

মহিলা উদ্যোগী

image


মোৰ কাহিনীৰে অনুপ্ৰাণিত হৈ ভাৰতীয় মহিলাসকলে যাতে এনেধৰণৰ উদ্যোগক পেছা হিচাবে লবলৈ আগবাঢ়ে সেয়াই মই কামনা কৰো।অৱশ্যে ইয়াৰ বাবে পূৰ্ব প্ৰস্ত্ততিৰ প্ৰয়োজন।বিশেষকৈ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি কৰিব লাগিব, কিয়নো ইয়েই ঔদ্যোগিক মানসিকতা গঢ় দিয়াৰ মূল উপাদান।নিসন্দেহে,সুৰক্ষাৰ সমস্যা সমাধান কৰাটোও এই দিশত প্ৰয়োজনীয় পদক্ষেপ।

এ এম এ আই ব্ৰেণ্ডৰ বাবে কাম কৰা অধিকাংশই মহিলা।ব্ৰেণ্ডটোৰ কাম কৰাৰ ক্ষেত্ৰত তৰুণী সকলক অগ্ৰাধিকাৰ দিবলৈ মই সিদ্ধান্ত লৈছিলো,সেয়া লাগিলে বিক্ৰীৰ ক্ষেত্ৰত হওঁক বা প্ৰস্ততৰ ক্ষেত্ৰতেই হওঁক।তেওঁলোকে নিজৰ কামৰ ক্ষেত্ৰত দেখুউৱা ব্যাপক উৎসাহে মোৰ বাবে এই ব্যৱ্সায়ত ক্ৰেতাৰ ইতিবাচক প্ৰতিক্ৰিয়া আদায় কৰাত সহায় কৰিলে।সঠিক প্ৰশিক্ষণ সূচীৰ দ্বাৰা মই মোৰ উদ্দেশ্য সমূহ সুন্দৰকৈ জুকিয়াই লবলৈ সক্ষম হৈছো আৰু মোৰ ব্ৰেণ্ডটোক প্ৰতিনিধিত্ব কৰা এই মানুহ কেইগৰাকীৰ প্ৰতি মোৰ আস্থা গভীৰ হৈ আহিছে।আমি মহিলাসকলক প্ৰেৰণা যোগাই তেওঁলোকৰ সপোন বোৰ সফল কৰি তোলাত সহায় আগবঢ়োৱা উচিত। পৰিশেষত,ভাৰতৰ সমূহ উদ্যোগী মহিলাৰ বাবে মই নিজে শুনি উৎসাহিত হোৱা এশাৰী কথা কব খোজোঃ‘তুমি যিদৰে চিন্তা কৰা সেইদৰেই সৃষ্টিও কৰিব পাৰিবা,তুমি যাক অনুভৱ কৰা তাৰ প্ৰতি আকৰ্ষিতও হ’বা,তুমি যি কল্পনা কৰা সেয়াই হব পাৰিবা।’