মণিপুৰৰ ইম্ফলত পঞ্চম আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ উদ্বোধন

মণিপুৰৰ ইম্ফলত পঞ্চম আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ উদ্বোধন

Saturday November 26, 2016,

2 min Read

মণিপুৰৰ ইম্ফলত বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰ্যালয়ৰ সচিব বিনোদ জুটছীৰ উপস্থিতিত পঞ্চম আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ শুভ উদ্বোধন কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী ওক্ৰাম ইব’বি সিঙে। ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰ্যালয় উদ্যোগত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে পশ্চিমবংগ চৰকাৰৰ সহযোগত এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজন কৰা হৈছে।

মেলা উদ্বোধন কৰি মণিপুৰৰ মুখ্যমন্ত্ৰী ওক্ৰাম ইব’বি সিঙে এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা মণিপুৰৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ চুবুৰীয়া ৰাজ্য কেইখনৰ পৰ্যটনখণ্ডৰ প্ৰচাৰ বাবে এক সুন্দৰ মঞ্চ বুলি মত ব্যক্ত কৰে। তেওঁ লগতে কয় যে ৰাজ্যখনত মণিপুৰ চৰকাৰে দহদিনীয়াকৈ পালন কৰি অহা ছাংগাই মহোৎসৱৰ সময়তে এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা আয়োজন কৰা বাবে ৰাজ্যখনৰ বৈচিত্ৰপূৰ্ণ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য প্ৰদৰ্শনৰ এক বৃহৎ সূযোগ লাভ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত প্ৰথম বাৰলৈ পৰ্যটন ক্ষেত্ৰৰ ইমান সংখ্যক বিদেশী অংশীদাৰৰ উপস্থিতিয়ে মণিপুৰৰ পৰ্যটনৰ প্ৰচাৰৰ এক আধাৰ গঢ় দিব। তেওঁ বিমান সেৱাৰ উন্নয়নত গুৰুত্ব আৰোপ কৰি বিশেষকৈ ইম্ফলক আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰে জড়িত কৰাত জোৰ দিয়ে।

image


অনুষ্ঠানত আগবঢ়োৱা ভাষণত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰ্যালয়ৰ সচিব বিনোদ জুটছীয়ে উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন খণ্ডৰ উন্নয়ন আৰু প্ৰচাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰ্যালয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলি কয়। উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন খণ্ডৰ উন্নয়ন আৰু প্ৰচাৰৰ ক্ষেত্ৰত পৰ্যটন মন্ত্ৰ্যালয়ে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ কথা উনুকিয়াই কেন্দ্ৰীয় সচিবগৰাকীয়ে কয় যে স্বদেশ দৰ্শন আঁচনিৰ অধীনত এই অঞ্চলটোৰ আঠখন ৰাজ্যৰ বাবে ইতিমধ্যে ১২টা প্ৰকল্পৰ অনুমোদন জনোৱাৰ লগতে সৰ্বমুঠ ১০৭০.০৭ কোটি টকা ধাৰ্য কৰিছে। তেওঁ এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০১৬ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মণিপুৰৰ চৰকাৰৰ লগতে উত্তৰ-পূবৰ আন সাতখন ৰাজ্য আৰু পশ্চিমবংগ চৰকাৰৰ ভূমিকাৰ শলাগ লয়।

তিনিদিনীয়াকৈ আয়োজন কৰা পঞ্চম আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত অষ্ট্ৰেলিয়া, বাংলাদেশ, ব্ৰাজিল, ব্ৰুনেই, কম্বোদিয়া, কানাডা, জাৰ্মানী, ইন্দোনেছিয়া, আয়াৰলেণ্ড, ইটালী, জাপান, কেনিয়া, কোৰিয়া, লাও পিডিআৰ, মালয়েছিয়া, ম্যানমাৰ, নেডাৰলেণ্ড, নিউজিলেণ্ড, অ’মান, ফিলিপাইনছ, ৰাছিয়া, দক্ষিণ আফ্ৰিকা, ছিংগাপুৰ, স্পেইন, শ্ৰীলংকা, থাইলেণ্ড, ইউএই, ব্ৰিটেইন আৰু আমেৰিকাৰ ট্যুৰ অপাৰেটৰ আৰু সংবাদকৰ্মীকে ধৰি ৪৮গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে ভাগ লৈছে। মেলাত উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু পশ্চিমবংগৰ লগতে দেশৰ বিভিন্ন অঞ্চলৰ ৮০গৰাকী ট্যুৰ অপাৰেটৰেও অংশগ্ৰহণ কৰিছে।

মেলাস্থলীত উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু পশ্চিমবংগৰ পৰ্যটন বিভাগে প্ৰদৰ্শন কৰা জাক-জমক প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী ওক্ৰাম ইব’বি সিং আৰু কেন্দ্ৰীয় পৰ্যটন বিভাগৰ সচিব বিনোদ জুটছীয়ে। অনুষ্ঠানত ৰাজ্যকেইখনৰ চহকী আৰু বৈচিত্ৰপূৰ্ণ সংস্কৃতি আৰু খাদ্যাভ্যাসৰো আলোকপাত কৰা হৈছে।

(সৌজন্য- PIB)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কহিমা আৰু ইম্ফল যুদ্ধৰ স্মৃতিত “মেম’ৰিজ অৱ এ ফৰগটেন ৱাৰ”

নগা যুৱতী লুলু ফাইগাই বেলজিয়াম তোলপাৰ লগাইছে নগা ব্যঞ্জনেৰে

আমাজন কতৃপক্ষই কৰ্মচাৰীৰ বাবে পাতিছে এখন অৰণ্য

ছত্তিছগড়ৰ ভিতৰুৱা অঞ্চলত অজয়ৰ বাইক এম্বুলেন্সেই সাৰথি