কলকাতাৰ ‘ৰিলিজ-মাই-এডে’ অনলাইনযোগে আগবঢ়াইছে অফলাইন বিজ্ঞাপন সম্বন্ধীয় সহযোগিতা

কলকাতাৰ ‘ৰিলিজ-মাই-এডে’  অনলাইনযোগে আগবঢ়াইছে অফলাইন  বিজ্ঞাপন সম্বন্ধীয় সহযোগিতা

Saturday December 12, 2015,

4 min Read

কল্পনা কৰক, আপুনি এটা ডাঙৰ সমস্যা সমাধান কৰিব পৰা এটা আশ্চৰ্যকৰ বস্তু উদ্ভাৱন কৰিলে। কিন্তু মাত্ৰ কেইজনমান মানুহেহে কথাটো জানে। সকলোকে জনাবলৈ আপুনি কি কৰিব?

ছ’চিয়েল মিডিয়া, বন্ধুবৰ্গ আৰু পৰিয়ালৰ লোকক ক’ব? যদি বাতৰি কাকতত এটা বিজ্ঞাপন দিব লগীয়া হয়, তেতিয়া আপুনি কি কৰিব?

এনে ধৰণৰ প্ৰশ্নই অনুপ্ৰেৰণা যোগালে শাৰদ লুনীয়াক। শাৰদে ‘ৰিলিজ মাই এড’ (releaseMyAd) আৰম্ভ কৰিবৰ বাবেই যেন নিজৰ গোটেই কেৰিয়াৰটো এডভাৰটাইজিং আৰু ইয়াৰ লগত জড়িত ক্ষেত্ৰখনতে কটালে। শাৰদে ইউনিভাৰচিটি অৱ পেনচিলভেনিয়াৰ দ্য ৱাৰ্টন স্কুলৰ পৰা মাৰ্কেটিঙত গ্ৰেজুৱেচন কৰাৰ পাছত নিউয়ৰ্কৰ ছাটচি এণ্ড ছাটচি নামৰ এড এজেঞ্চি এটাত কিছুদিন কাম কৰিলে। তাৰপিছত মাইক্ৰ’ছফটৰ ডিজিটেল এডভাৰটাইজিং ছলিউছনছ গ্ৰুপত প্ৰায় দুবছৰ কাম কৰিলে। তাৰপৰা গৃহচহৰ কলকতালৈ ঘুৰি আহি ২০০৯ চনত আৰম্ভ কৰিলে ‘ৰিলিজ মাই এড’।

অনলাইন এডভাৰটাইজিং প্লেটফৰ্ম ‘ৰিলিজ মাই এডে’ কোনো ব্যৱসায় বা ব্যক্তি বিশেষক বাতৰি কাকত, ৰেডিঅ’, চিনেমা বা আলোচনীৰ দৰে বৃহত্তৰ প্লেটফৰ্মত বিজ্ঞাপন দিয়াৰ ক্ষেত্ৰত সহযোগিতা কৰে।

‘ৰিলিজ মাই এড’ আৰম্ভ কৰা হৈছিল ভেলেন্টাইন ডে’ ৰ দিনা। উদ্দেশ্য আছিল কোনোবাই বিচাৰিলে ভেলেনটাইন ডে’ৰ শুভেচ্ছা জনাই বাতৰি কাকতত বিজ্ঞাপন দিব পাৰিব।

“প্ৰথমতে আমি ভেলেনটাইনৰ বাৰ্তা বাতৰি কাকতত দিবনে নিদিয়ে বুলি বৰ দুবিধাত আছিলো।” ৩১ বছৰীয়া শাৰদৰ অকপট স্বীকাৰোক্তি এয়া। শাৰদৰ টীমটোৱে ইয়াৰ বাবে ১৪ দিন ফেচবুকত প্ৰচাৰ চলাইছিল। অৱশেষত তেওঁলোকে ১২ জন উপভোক্তা পালেগৈ। “মোৰ এতিয়াও মনত আছে প্ৰথমজন গ্ৰাহকে পইছা দিয়াৰ পিছত অফিচটোত কি এটা পৰিবেশৰ সৃষ্টি হৈছিল! লাভৰ নামত যদিও নাম মাত্ৰহে হৈছিল, তথাপি গোটেইকেইটা পইছাৰে আমি ‘পিজাহাট’ত স্ফূৰ্তি কৰিলোগৈ।”-শাৰদে হাঁহি হাঁহি মনত পেলালে সেই দিনটোৰ কথা।

‘ৰিলিজ মাই এড’ টীম

‘ৰিলিজ মাই এড’ টীম


এইখন প্লেটফৰ্মৰ কাম কি

‘ৰিলিজ মাই এডে’ ২১২ খনতকৈও অধিক বাতৰি কাকত, ২৭ টা ৰেডিঅ’ ষ্টে’চন, ১৯টা মাল্টিপ্লেক্স চেইন আৰু প্ৰতিখন আগশাৰীৰ আলোচনীৰ এখন তালিকা দিয়ে। সকলো এডভাৰটাইজাৰ্ছে এই বিলাকতে বিজ্ঞাপন দিয়াটো ভাল বুলি ভাবে শাৰদে। সেইবাবেই ডিজিটেল মিডিয়াৰ ওচৰ চপা নাই শাৰদ। পৰম্পৰাগত মাধ্যম সমূহ এতিয়াও ডিজিটেল মিডিয়াতকৈ বৃহত্তৰ। ২০১৪ চনত ভাৰতত এডভাৰটাইজিঙৰ জৰিয়তে হোৱা আয় ৪১৪ শ কোটি টকা। আৰু ইয়াৰে ৮০ শতাংশই প্ৰিন্ট আৰু টেলিভিচনৰ বিজ্ঞাপনৰ জৰিয়তে হোৱা আয়। KMPG ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

‘ৰিলিজ মাই এডে’ নিজৰ বিজ্ঞাপনটো সঠিক স্থানত দিয়ালৈকে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ সুবিধা দিয়ে এজন উপভোক্তাক। এজন উপভোক্তাই যদি প্ৰপাৰ্টী এড দিব বিচাৰে, তেওঁ প্ৰথমে বাতৰি কাকত খন নিৰ্বাচন কৰি প্ৰপাৰ্টীৰ শিতানত নিজেই স্থান নিৰ্বাচন কৰি দিব পাৰে। তদুপৰি বিজ্ঞাপনটো প্ৰকাশ হোৱা কাকতখন হাতত লৈ পইছা দিয়াৰ সুবিধাও আছে ‘ৰিলিজ মাই এড’ত।

বৰ্তমান প্লেটফৰ্মখনে ব্যক্তি বা প্ৰতিষ্ঠানক বিজ্ঞাপন বুকিঙৰ বাবে সহায় কৰে। কম্পানীটোৱে কমিচন ৰাখি কাম কৰে।

‘ৰিলিজ মাই এড’ৰ এই পৰ্যায় সথেষ্ট সময়ৰ পাছতহে পাইছেহি। শাৰদে ক’য়- 'প্ৰথম আইডিয়াটো মাইক্ৰছফটত কাম কৰাৰ অভিজ্ঞতাৰে ফচল। অন-লাইন এড প্লেটফৰ্মৰ যোগেদি অফলাইন মিডিয়াত বিজ্ঞাপনৰ সুবিধা দিয়া।'

বিশ্বাসযোগ্য আৰু নিস্বাৰ্থভাবে নিৰ্দেশনা দিয়া এডভাৰটাইজিং এজেঞ্চী নোপোৱা আৰু বিজ্ঞাপনৰ বাবে সীমিত বাজেটৰ সৰু সুৰা ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু নতুন উদ্যোগৰ বাবেও সুবিধাৰ হৈ পৰিল ‘ৰিলিজ মাই এড’। কাৰণ সীমিত উৎপাদনৰ সৰু আৰু মধ্যম এন্টাৰপ্ৰাইজ সমুহে নিজৰ টাৰ্গেট গ্ৰুপে পোৱাকৈ বিভিন্ন মাল্টি মিডিয়া কোম্পানীৰ জড়িয়তে বিজ্ঞাপন দিয়াৰ সুবিধা হ’ল।

উপভোক্তাৰ সংখ্যা বৃদ্ধি

অনলাইন যোগেদি বিভিন্ন নৃগোষ্ঠীয় সামগ্ৰী ক্ৰয় কৰিব পৰা প্ৰতিষ্ঠান ক্ৰাফ্টছভিলাই প্ৰথমে এই প্লেটফৰ্মৰ জৰিয়তে বিজ্ঞাপনৰ বাবে প্ৰায় ১লাখ টকাৰ লেনদেন কৰিছিল। ক্ৰাফ্টছভিলাৰ চিএমঅ’ প্ৰতীক শ্বাহে আজিও আৰম্ভণীৰ বছৰ কেইটাত ‘ৰিলিজ মাই এড’ৰ টীমটোৰ সহাযোগিতা আৰু বিজ্ঞাপনৰ সুফলৰ কথা কয়।

আমি উপলদ্ধি কৰোঁ, আমাৰ মাৰ্কেটপ্লেচ মডেলটোৰ জড়িয়তে বিজ্ঞাপনৰ বাবে খৰচ কৰা ধনৰ প্ৰকৃত মুল্য দিওঁ, সেই সুবিধা আনেও লব পাৰে।”- শাৰদৰ ভাষ্য এয়া। ‘ৰিলিজ মাই এডে’ পিপাৰটেপ, শ্বুইগী, হাউছজয়, জিপগ’, ড’ৰমিন্ট, টাস্কবব আৰু লোকেলঅ’য়েৰ দৰে কোম্পানীকেইটাৰ সৈতেও আৰম্ভণীৰে পৰা কাম কৰি আহিছে।

‘ৰিলিজ মাই এড’ টীমটোৱে এডভাৰটাইজিং ৰিপ্ৰেজেনটেটিভৰ জড়িয়তে বিজ্ঞাপনৰ বাবে বহু কেইটা মাধ্যমৰ খোজ খবৰলৈ কম দৰত বিজ্ঞাপন দিওৱাৰ চেষ্টা কৰে। লগতে এডভাৰটাইজাৰ্ছৰ বাবে বিজ্ঞাপনৰ সঠিক দৰ নিৰ্ধাৰণৰ বাবে বহু পূৰ্বৰ বিজ্ঞাপনৰ দৰৰ তালিকাতো চকু ফুৰায়।

আন স্থানীয় এজেঞ্চীবোৰৰ দৰে, আমাৰ ব্যৱসায় কেৱল ভাল সম্পৰ্কৰেই নচলে। আমি দৰ দামৰ ক্ষেত্ৰত অধিক নিকা আৰু স্বচ্ছতা প্ৰদৰ্শন কৰোঁ। বিজ্ঞাপনৰ বাবে এজেঞ্চীটোৱে নিৰ্বাচন কৰি দিয়া বাবে এটা কমিচন আহে।”- শাৰদে ক’লে এনেদৰে।

যি কি নহওক, বিভিন্ন মিডিয়াৰ বিকল্পৰ মাজত প্ৰতিটো বিজ্ঞাপনৰ বাবে সঠিক স্থান বাছি উলিওৱাটো প্ৰথম বছৰ কেইটাত বৰ সহজ কাম নাছিল। প্ৰায়বোৰ মিডিয়াই পৰম্পৰাগত এডভাৰটাইজিং মডেল ব্যৱহাৰ কৰিছিল, তেওঁলোকক অন্য এটা মাধ্যম অনলাইন পৰ্টেলৰ সুবিধাসমুহ বুজুৱাটোও আছিল কঠিন। লগতে এডভাৰটাইজাৰ্ছ সকলকো ব্যক্তিগত ভাবে সাক্ষাতৰ পৰিবৰ্তে অনলাইন প্লেটফৰ্ম ব্যৱহাৰ কৰাৰ সুবিধাৰ কথা বুজুৱাটো কঠিন কাম আছিল।

শাৰদে এতিয়া কয় প্ৰযুক্তিৰ ভেটিত এটা সঠিক ইন্টাৰফেচ গঢ়ি তুলি তেওঁ সকলোৰে সন্দেহ মৰিষণ কৰিলে।

বৃদ্ধি আৰু প্ৰসাৰ

এতিয়ালৈ প্ৰায় ২.১৯ লাখ এডভাৰটাইজাৰৰ সেৱা আগবঢ়োৱাৰ দাবী কৰে শাৰদে। ফাৰ্মখনৰ ২০১৫ বিত্তীয় বৰ্ষটোৰ টাৰ্নঅভাৰ আছিল ৩২ কোটি টকা। আৰু বৰ্তমানৰ ধাৰাত এই বিত্তীয় বৰ্ষত ৮০ কোটি টকা অতিক্ৰম কৰিব। এতিয়া কোম্পানীটো লাভত আছে। শাৰদৰ ভাষ্য মতে আৰু কিছু মুলধন খটুৱাই ব্যৱসায়টো নতুন দিশত আগবঢ়াই নিয়া হ’ব।

শেহতীয়া ভাবে ‘ৰিলিজ মাই এডে’ বাংগালুৰুতো এটা কাৰ্যালয় খুলিছে। “দেশৰ প্ৰতিটো কোণতে শাৰিৰীক উপস্থিতিৰে ‘ৰিলিজ মাই এড’ থকাটো বিচাৰোঁ। সময়মতে আন কেইবাটাও শাখা কাৰ্যালয় খোলাৰো আমাৰ পৰিকল্পনা আছে।”- নতুন কাৰ্যালয় খোলা সন্দৰ্ভত এনেদৰে ক’লে শাৰদে।

মূলঃ সিন্ধু কাশ্যপ

অনুবাদঃ মুকুন্দ মাধৱ নেওগ