বাস্তৱ জীৱনৰ 'ফুনছুক ৱাঙ্গৰু' চোনম ৱাংচুকলৈ ৰ'লেক্স বঁটা

বাস্তৱ জীৱনৰ 'ফুনছুক ৱাঙ্গৰু' চোনম ৱাংচুকলৈ ৰ'লেক্স বঁটা

Wednesday November 23, 2016,

2 min Read

৫০ বছৰীয়া চোনম ৱাংচুক হৈছে লেহ নিবাসী এজন অভিযন্তা । পিছে স্থানীয় লোকৰ মাজত তেওঁৰ পৰিচয়- থ্ৰী ইডিয়টছ ছৱিত আমিৰ খানৰ চৰিত্ৰ ফুনছুক ৱাঙ্গৰুক অনুপ্ৰাণিত কৰা বাস্তৱ ব্যক্তিগৰাকী । 

Image : (L) - Rolex Awards;(R) - Wallpapers

Image : (L) - Rolex Awards;(R) - Wallpapers


চোনমকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পাঁচজন উদ্ভাৱকলৈ আগবঢো়ৱা হৈছে ২০১৬ চনৰ ৰ'লেক্স এৱাৰ্ড ফৰ এন্টাৰপ্ৰাইজ । লাদাখত কৃত্ৰিম গ্লেচিয়াৰ নিৰ্মাণ কৰি পানীৰ সমস্যা দূৰ কৰাৰ প্ৰচেষ্টাৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে ।

বিগত কেইটামান দশক ধৰি লাডাখৰ মূলতঃ কৃষিজীৱি লোকসকল বতৰ পৰিৱৰ্তনৰ ফলত বেয়াকৈ পানীৰ সংকটত ভূগিছে । এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চোনমে ৪০ ফুট ওখ কৃত্ৰিম বৰফৰ পাহাৰ কিছুমান নিৰ্মাণ কৰিছে । ১০ হেক্টৰ মাটিৰ খেতিপথাৰত পানী যোগান ধৰিবলৈ এই গ্লেচিয়াৰবোৰ যথেষ্ট উপযোগী । 

Image : Rolex Awards

Image : Rolex Awards


দুবছৰ াগতে এই প্ৰকল্প আৰম্ভ কৰিছিল চোনমে । আজি চোনমৰ চেষ্টাতে বহু অনুৰ্বৰ অঞ্চল সেউজীয়া হৈ পৰাৰ লগতে ভূমিজলৰ স্তৰো উন্নত হৈছে । মই কোনো বৈপ্লবিক কাম কৰা নাই । এয়া নবম শ্ৰেণীৰ বিজ্ঞানৰ কাৰিকৰী প্ৰয়োগ । "আমি পাহাৰীয়া মানুহবোৰে প্ৰকৃতিৰ বিৰুদ্ধে নগৈ প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি সমস্যা সমাধানৰ নতুন নতুন পথ উলিয়াবলগীয়া হয়।" তেওঁ কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এগৰাকী মূখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব লোৱা প্ৰথম মহিলা আই পি এছ সুবাষিণী শংকৰণ

ভাৰতত ব্যৱসায় কৰিবলৈ হলে ভাৰতৰ গ্ৰাহকক বুজিব লাগিব: ভিমেক্সৰ সহ-প্ৰতিষ্ঠাপক দীপক খুৰাণা

এজন ২০ টকীয়া ডাক্টৰৰ মৃত্যুত শোকস্তব্ধ কোইম্বটুৰ

বি-মুদ্ৰাকৰণ: যিটো কথা সংবাদ মাধ্যমৰ চকুত নপৰিল