জয়পুৰত মদ্যপানেৰে নহয়, দুগ্ধপানেৰে আদৰণি জনোৱা হয় নতুন বৰ্ষক

জয়পুৰত মদ্যপানেৰে নহয়, দুগ্ধপানেৰে আদৰণি জনোৱা হয় নতুন বৰ্ষক

Sunday January 10, 2016,

3 min Read

নৱবৰ্ষ উদযাপন আৰু গাখীৰ! এই দুই বিষয়ৰ কিবা সংগতি থাকিব পাৰে বুলি আপুনি ভাবিব পাৰেনে? কিয়নো নববৰ্ষ বুলি কলেই আমি সচৰাচৰ দেখি আহিছোঁ, মদ খাই উদ্ভণ্ডালি কৰা ডেকাচামক।মদ্যপানৰ বাবে ৰাস্তাত সংঘটিত হোৱা দুৰ্ঘটনাৰ বাতৰিৰে পিছদিনাৰ বাতৰি কাকতৰ শিৰোনাম।কিন্তু আমি আপোনালোকক কব খুজিছোঁ এনে এক অভিযানৰ কথা যাৰদ্বাৰা মদ্যপান ৰোধ কৰিবলৈ গাখীৰেৰে নতুন বছৰক আদৰণি জনোৱাৰ প্ৰয়াস কৰা হয়। তেৰ বছৰৰ আগতেই এই অভিযান আৰম্ভ হৈছিল ৰাজস্থানৰ ৰাজধানী জয়পুৰত।পাঁচশ লিটাৰ গাখীৰেৰে আৰম্ভ হোৱা এই ব্যতিক্ৰমী অভিযানে বৰ্তমান এক বিস্তৃত ৰূপ পোৱাৰ লগতে বৃহৎ জনসমৰ্থন লাভ কৰিছে।এতিয়া বছৰৰ প্ৰথম দিনটো মদ নহয়,গাখীৰ পান কৰি উদযাপন কৰে জয়পুৰবাসীয়ে।

image


মাদক দ্ৰব্য ৰোধ কৰিবলৈ ৰাজস্থানত বহু বছৰ ধৰি সংগ্ৰাম কৰি আহিছে কেইজনমান সমাজ কৰ্মীয়ে। তেওঁলোকৰ ভিতৰত গান্ধী হিচাপে পৰিচিত গকুল ভাই ভট্ট, সিদ্ধৰাজ আদিৰ দৰে স্বাধীনতা সংগ্ৰামীয়ে আজীৱন সংগ্ৰাম কৰিছিল।জনতা পাৰ্টৰ প্ৰাক্তন বিধায়ক গুৰুচৰণে মাদক দ্ৰব্য ৰোধৰ বাবে আজীৱন অনশন কৰি প্ৰাণ ত্যাগ কৰিলে।এটা দশকৰ পিছত এই সংগ্ৰামে এক অভিযানৰ ৰূপ ল'লে। 'মদ্যপানেৰে নহয়, গাখীৰেৰে আদৰণি জনাওঁ নতুন বৰ্ষ' শীৰ্ষক অভিযান সম্প্ৰতি গান্ধীবাদী বা নৈতিকতাবাদী লোকৰে শ্ল'গান নহয়,জয়পুৰৰ অলিয়ে-গলিয়ে আপুনি এই শ্ল'গান দেখা পাব।যুৱক-যুৱতী,বয়োজ্যেষ্ঠ পুৰুষ-মহিলাৰ পৰা বৃদ্ধজনলৈকে সকলোৱে একোখনকৈ বিপণি খুলি জনসাধাৰণক দুগ্ধপান প্ৰতি আকৃষ্ট কৰিবলৈ এই বাৰ্তা প্ৰেৰণ কৰে-'মদে সকলো ধ্বংস কৰে,কিন্তু গাখীৰে পুষ্টি প্ৰদান কৰে'। সকলো লোকৰ অংশগ্ৰহণেৰে এই অভিযান ফলৱৰ্তী হৈ উঠিছে সমগ্ৰ জয়পুৰ চহৰত।এই অভিযান আৰম্ভ হোৱাৰ পূৰ্বে নৱবৰ্ষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ বাহিৰত মদ্যপান কৰি উন্মত্ত হোৱা যুৱকৰ উদ্ভণ্ডালিত জে.ডি.এ. চাৰ্কলৰ পৰা গান্ধী চাৰ্কললৈ সমগ্ৰ পথ সাধাৰণ যাত্ৰীৰ বাবে বিপদজনক হৈ উঠিছিল।এই পৰিস্থিতি নোহোৱা কৰিবলৈ আৰু যুৱপ্ৰজন্মক বিপথগামী হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সেই সময়ত কিছু সমাজকৰ্মীয়ে উপায় চিন্তা কৰিছিল।

ৰাজস্থানত গান্ধীবাদী বিচাৰ আৰু মদ্যপানৰ বিৰুদ্ধে সজাগতাৰ লগত স্বাধীনতাৰ চেতনা যুক্ত হৈ আছে।স্বাধীনতাৰ পূৰ্বে ৰাজস্থান আছিল ব্ৰিটিছ সংৰক্ষিত প্ৰদেশ। খাদী,নিচাযুক্ত দ্ৰব্য নিষেধকৰণ, অস্পৃশ্যতা নিবাৰণ, দলিত সকলৰ উত্থান, শিক্ষাৰ প্ৰচাৰ-প্ৰসাৰ আৰু খেতিয়ক তথা সামন্তবাদৰ বিৰুদ্ধে আন্দোলনে স্বাধীনতা আন্দোলনৰ চেতনা জাগ্ৰত কৰিছিল।এই আন্দোলনৰ এজন প্ৰধান নেতা ধৰ্মবীৰ কটেৱা সামন্তবাদ বিৰোধী শ্বহীদ পৰিয়াল আৰু গান্ধীবাদী চেতনাৰ সৈতে জড়িত লোক আছিল।আনহাতে, ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা মহেন্দ্ৰ শৰ্মাই যুৱকসকলৰ মাজত জনচেতনা, চৰিত্ৰ নিৰ্মাণ আদিৰ বাবে 'ৰাজস্থান যুৱ সংস্থা' নামৰ এক সংগঠনৰ জন্ম দিয়ে।এই সংস্থাই 'ইণ্ডিয়ান এজমা চচাইটি'ৰ সৈতে লগ হৈ বিশ্ববিদ্যালয়ৰ বাহিৰত বিপণী স্থাপন কৰি প্ৰথমবাৰলৈ 'মদ্যপানেৰে নহয়, গাখীৰেৰে আদৰণি জনাওঁ নতুন বৰ্ষ' শীৰ্ষক অভিযান আৰম্ভ কৰে।

image


এই সন্দৰ্ভত য়'ৰ ষ্ট'ৰীৰ আগত মহেন্দ্ৰ শৰ্মাই মন্তব্য কৰে-'প্ৰথম অৱস্থাত মানুহক এই অভিযানৰ লগত যুক্ত হবলৈ বহু বুজাব লগীয়া হৈছিল।এই অভিযানৰ আৰম্ভণিতে তিনিশ লিটাৰ গাখীৰহে মানুহে পান কৰিছিল।সম্প্ৰতি এই অভিযানে এই পৰ্যায়লৈকে জনপ্ৰিয়তা অৰ্জন কৰিছে যে যোৱা বৰ্ষত পোন্ধৰ হাজাৰ লিটাৰ গাখীৰ এই কেন্দ্ৰত মানুহে নৱবৰ্ষ উদযাপনৰ দিনা পান কৰে।প্ৰতি বছৰে পাঁচশ লিটাৰ গাখীৰ এই অভিযানৰ লগত যুক্ত হৈছে।'ৰাজস্থান ক-অ'পাৰেটিভ ডেইৰী ফাউণ্ডেশ্যন' এই অভিযানৰ লগত যুক্ত হোৱাৰ লগতে অন্যান্য সংস্থা তথা লোক এই অভিযানৰ লগত সন্মিলিত হৈছে। তেওঁলোকে দুগ্ধ বিতৰণত সহযোগিতা প্ৰদান কৰে।ইয়াৰোপৰি বিভিন্ন ব্যৱসায় সংস্থা,আবাসিক কমিটিয়ে ৩১ ডিচেম্বৰৰ পৰা ১ জানুৱাৰীৰ সন্ধিয়ালৈকে দুগ্ধ বিতৰণ কৰি এই অভিযান সফল হোৱাত অৰিহণা যোগাইছে।'

image


এই অভিযানে জয়পুৰ চহৰলৈ যেন এক নতুন আশা কঢ়িয়াই আনিছে।যিসময়ত বাকীবোৰ চহৰত মদাসক্ত লোকৰ উদ্ভণ্ডালিৰ পৰা হাত সাৰিবলৈ যুৱতী সকল ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকিব লগীয়া হয়,তেনে সময়ত জয়পুৰ চহৰৰ যুৱক-যুৱতী,পুৰুষ-মহিলাই একেলগে উদযাপন কৰে নৱবৰ্ষ আনন্দ।এই আনন্দ-উলাহ মদ্যপানেৰে নহয়,হয় দুগ্ধ পানেৰে।

image



মূল: কমল সিং

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অনলাইন টিভিৰ ধাৰণাক বাস্তৱ ৰূপ দিয়া এজন ভাৰতীয় : উদয় ৰেড্ডি

নন্দিনী ফুকনে কলকাতাত আগবঢ়াইছে ডক্টৰ অন কল সেৱা

ডমিন’জৰ পদ্ধতিৰে ভাৰতীয় খাদ্য গ্ৰাহকলৈ লৈ যোৱাৰ প্ৰচেষ্টা চাৰক'ল বিৰিয়ানীৰ

ব্যক্তিগত জীৱনত হেৰুওৱাৰ অভিজ্ঞতা সুনীল ছুৰীৰ বাবে হৈ পৰিল আনক সহায় কৰাৰ প্ৰেৰণা