Freedom 251- কম দামী স্মাৰ্ট ফোন নে এক বৃহৎ বাণিজ্যিক কৌশল!

Freedom 251- কম দামী স্মাৰ্ট ফোন নে এক বৃহৎ বাণিজ্যিক কৌশল!

Sunday February 21, 2016,

4 min Read

২৫১ টকাত এটা স্মাৰ্ট ফোন! অবিশ্বাস্য যেন লাগিলেও ই সত্য। বৰ্তমান সকলোতে ই এটা কোটিটকীয়া কৌতুহলেই হৈ পৰিছে।প্ৰস্তুতকাৰীসকলৰ দাবী ই বিশ্বৰ ভিতৰতে আটাইতকৈ কম দামী স্মাৰ্ট ফোন। ইয়াৰ মূল্যই সকলোৰে চকু কপালত তোলাৰ লগতে আশাৰো সঞ্চাৰ কৰিছে। উৎসাহৰ লগতে কিছু ক্ষেত্ৰত ই বিতৰ্কৰো সৃষ্টি কৰিছে। অৱশ্যে, নতুন কোম্পানী এটাৰ ক্ষেত্ৰত প্ৰডাক্ট এটা মুকলিৰ পূৰ্বে সৃষ্টি হোৱা বিতৰ্ক এয়ে প্ৰথম নহয়। দুবছৰ পূৰ্বে চচিয়েল নেটৱৰ্কিং মঞ্চ WorldFloat এ দাবী কৰিছিল যে, তেওঁলোকৰ ৩ কোটি ৬০ লাখ ব্যৱহাৰকাৰী আছে যাৰ মূল্য প্ৰায় ৩০০ মিলিয়ন আমেৰিকান ডলাৰ। কিন্তু এইটো এটা পাৰিসাংখ্যিক পৃষ্ঠাৰ বাহিৰে আন একো নাছিল। Freedom 251ৰ ৩০,০০০ অৰ্ডাৰ লাভ কৰাৰ পাছতে গ্ৰাহকৰ অত্যাধিক হেঁচা সহ্য কৰিব নোৱাৰি ই কাম নকৰা হ’ল, কাৰণ ৱেবচাইটোৰ চাৰ্ভাৰ এক চেকেণ্ডত ৬ লাখবাৰ হিট হোৱাৰ পাছত বন্ধ হৈ পৰে। পৰিবহণ ব্যয় ৪০ টকা সহ Freedom 251ৰ মূল্য হ’বগৈ ২৯১ টকা, গতিকে ৱেবচাইটৰ চাৰ্ভাৰ ডাউন হোৱাৰ আগলৈ কোম্পানীটোৱে ৮৭,৩০,০০০ টকা সংগ্ৰহ কৰিলে।


image


যোৱা দিনকেইটাত বিভিন্ন চচিয়েল মিডিয়াত Freedom 251ৰ যথেষ্ট প্ৰচাৰ হৈছে আৰু সেইদৰে ই যে এটা ডাঙৰ গণ্ডগোল হ’বগৈও পাৰে সেই লৈও প্ৰচুৰ আলোচনা হৈছে। তলত ইয়াৰে কেইটামান দিশ উনুকিওৱা হৈছে-

উৎস-ফাৰ্ষ্টপ’ষ্ট

১) এপলৰ অনুকৰণঃ স্মাৰ্ট ফোনটোৰ আইকন, হ’ম স্ক্ৰীণ আৰু সমগ্ৰ ইউআই এপলৰ আই ফোনটোৰ দৰে হুবহু একে। এই বিষয়ে যেতিয়া প্ৰশ্ন কৰা হ’ল, উত্তৰত ৰিংগিং বে’লৰ মুখ্য টেকনিকেল বিষয়া বিকাশ শৰ্মাই স্বীকাৰ কৰে যে,তেওঁলোকে এপলৰ আইকন ব্যৱহাৰ কৰিছে। কাৰণ এপলে তেওঁলোকৰ ডিজাইনবোৰ কপিৰাইট কৰি থোৱা নাই।

২) ৱেবচাইটঃ ৱেবচাইটত যোগাযোগৰ কোনো কথা বিষদভাৱে দিয়া নাই। ইয়াৰ পৰিৱৰ্তে যোগাযোগৰ এখন প্ৰ-পত্ৰ দিয়া হৈছে। এটা সাধাৰণ অনুসন্ধানত প্ৰকাশ পোৱা মতে, ডমেইনটো চলিত বছৰৰ ১০ ফেব্ৰুৱাৰীত পঞ্জীয়ন কৰা হৈছে আৰু ১৪ ফেব্ৰুৱাৰীত আপডেট কৰা হৈছে।

৩) অনুমতি অবিহনে পুনৰ বিক্ৰীঃ প্ৰডাক্টটো এডকম ব্ৰেণ্ডৰ জৰিয়তে বজাৰলৈ আহিছে, যিটো বগা ৰঙেৰে ঢাকি থৈ তাৰ ওপৰত “Freedom 251” লিখা হৈছে। আৰু এডকমে এই কথা নুই কৰি কৈছে যে, স্মাৰ্ট ফোনটোৰ বিক্ৰী আৰু আনকি নিৰ্মাণ ৰিংগিংবে’লৰ জৰিয়তেহে হৈছে।

৪) ডেলিভাৰী তাৰিখঃ ডেলিভাৰীৰ তাৰিখ থিক ৪ মাহৰ পিছত দিয়া হৈছে। আনহাতে, ৰিংগিংবে’লে ফোনটোৰ বিক্ৰীৰ বাবে হয়তো অনলাইন বিক্ৰী ৱেবচাইট ফ্লিপকাৰ্ট, স্নেপডীল বা আমাজনৰ লগত ফোনটোৰ আগতীয়া অৰ্ডাৰ গ্ৰহণ কৰাৰ বাবে যোগাযোগ কৰিছে। আন এক ব্যৱস্থা হিচাপে ক্ৰাউডফাণ্ডিং চাইট Indiegogo, Ketto বা Wishberry ৰ জৰিয়তে পুঁজি সংগ্ৰহ কৰি প্ৰডাক্টটো আৰু কিছু উন্নত কৰি তোলাৰো হয়তো চেষ্টা কৰা হ’ব।

image


৫) ব্যক্তিগত অৰ্থ বিনিয়োগ হোৱা নাইঃ Freedom 251 মুকলি হোৱাৰ কথা জনাই অনুষ্ঠিত কৰা সংবাদ মেলত বিনিয়োগকাৰী গোষ্ঠী ৰিংগিংবে’লে ব্যক্তিগত ধন কোম্পানীত লগাইছে নেকি বুলি সোধা সাংবাদিকৰ প্ৰশ্নত তেওঁলোকে স্পষ্ট কৰি দিয়ে যে, বিনিয়োগৰ সমূহ ধন ইকুইটি আৰু ডেবট্ ইনভেষ্টমেণ্টৰ জৰিয়তে কৰা হৈছে।

৬) খৰচঃ বৰ্তমানৰ প্ৰযুক্তিয়ে এইটো খৰচত স্মাৰ্ট ফোন এটা নিৰ্মাণ কৰিব পৰাটো অসম্ভৱ বুলি কৈছে। আনকি চাবচিডাইজড্ হ’লেও অতি কমেও ভাৰতীয় টকাৰ মূল্যত ৩,৮০০ টকা হ’ব লাগে। ইফালে কোম্পানীয়ে এইটো কথাও পৰিস্কাৰ কৰি কৈছে যে, তেওঁলোকে চৰকাৰ বা কোনো তৃতীয় পাৰ্টিৰ পৰা ফোনটোৰ বাবে কোনো চাবচিডি লাভ কৰা নাই। অৰ্থাৎ ‘মেজিক ফৰ্মূলা’টো সম্পূৰ্ণ গোপনীয় কৰি ৰখা হৈছে।

৭) ৬৫০+ সেৱা কেন্দ্ৰঃ ৱেবচাইটটোত যদিও ৬৫০ৰো অধিক সেৱা কেন্দ্ৰ থাকিব বুলি কোৱা হৈছে,তাত অৱশ্যে এটা সেৱা কেন্দ্ৰৰো নামোল্লেখ নাই আৰু কোন কোন চহৰত থাকিব তাৰো একো উল্লেখ নাই।

৮) আপুনি Freedom 251ৰ আধা অংশও ক্ৰয় কৰিব পাৰেঃ কোম্পানীৰ ৱেবচাইটটোৱে গ্ৰাহকক স্মাৰ্ট ফোনটোৰ আধা অংশ ১২৫ টকাত ক্ৰয় কৰিব পৰাৰ সুবিধাও প্ৰদান কৰিছে। কিছুমান বিমুখ গ্ৰাহকে টুইটাৰ যোগে এনেধৰণৰ বুকিঙৰ স্ক্ৰীণশ্বট ৰাজহুৱা কৰি দিছে।

৯) নিৰ্মাণত অলেখ প্ৰতিশ্ৰুতিঃ বুকিং খুলি দিয়াৰ কেইছেকেণ্ডমানতে ৱেবচাইটটোৰ চাৰ্ভাৰ ডাউন হৈ যোৱাৰ কথাটো সকলোতে জনাজাত হৈ যোৱাৰ পাছত বুকিং কৰিব নোৱাৰাসকলে চচিয়েল মিডিয়া যোগে নিজৰ ক্ষোভ উজাৰিলে। চাইবাৰ কাফেৰ মালিকসকলে গ্ৰাহকৰ পৰা টকা লৈ তেওঁলোকৰ জৰিয়তে ফোনৰ বুকিঙৰ ৰছিদ প্ৰদান কৰিছে বুলি যতীন চাওলা নামৰ এজন লোকে টুইটাৰত টুইট কৰিছে।

মূলঃ আদিত্য ভূষণ দ্বিবেদী

অনুবাদঃ লীনা শইকীয়া

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিতৰ্কৰ আৱৰ্তত সোমাই পৰা Freedom 251 আপুনি ভবাৰ দৰে সুলভ হয়তো নহয়

অসমলৈ ৰাষ্ট্ৰীয় সন্মান অনা ৰঞ্জিমা দাসে অসুস্থতাৰ বাবে আৰম্ভ কৰিছিল শৰীৰ চৰ্চা

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ

ব্ৰহ্মপুত্ৰ উপত্যকাত শান্তিৰ কাৰণে ষ্টার্টআপৰ এনে বহু যুদ্ধৰ প্ৰয়োজন...