ভাৰত চৰকাৰক আদালতলৈ নিয়া এটি ন বছৰীয়া শিশু

ভাৰত চৰকাৰক আদালতলৈ নিয়া এটি ন বছৰীয়া শিশু

Saturday April 08, 2017,

2 min Read

উত্তৰাখণ্ডৰ ন বছৰীয়া ছোৱালী ঋদ্ধিমা পাণ্ডে শেহতীয়াকৈ বাতৰিৰ শিৰোনামলৈ আহিছে । বতৰ পৰিৱৰ্তন বিষটোক গুৰুত্ব সহকাৰে নোলোৱা বাবে তেওঁ ভাৰত চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সেউজ প্ৰধিকৰণত গোচৰ তৰিছে ঋদ্ধিমাই । 

Image Source: Independent

Image Source: Independent


পৰিবেশ সম্পৰ্কীয় গোচৰবোৰ নিস্পত্তি কৰিবৰ বাবে ২০১০ চনত এই প্ৰাধিকৰণ  স্থাপন কৰা হৈছিল । ঋদ্ধিমাই প্ৰধিকৰণৰ আগত এইবুলি আবেদন জনাইছে যে পৰিবেশ সংৰক্ষণ মন্ত্ৰালয়ক কেইটামান বিষয়ত জৱাবদিহি কৰিব লাগে । কাৰ্বন ডাইঅক্সাইড নিৰ্গমনৰ হাৰ প্ৰতি দহ লাখত ৩৫০ ভাগ কম কৰিবলৈ বিশেষ আঁচনি লবলৈ চৰকাৰক নিৰ্দেশ দিবলৈ আহ্বান জনোৱা হৈছে এই আবেদনত ।

নিজৰ অভিভাৱকৰ যোগেদি এই আবেদন জনাইছে ঋদ্ধিমাই । তেওঁ লগতে চৰকাৰক বনাঞ্চল সংৰক্ষণ, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কমোৱা, ব্যাপক বনানীকৰণকে ধৰি কেইবাটাও বিষয়ত চৰকাৰক পদক্ষেপ লবলৈ আহ্বান জনাইছে । 

সেউজ গৃহ গেছ নিৰ্গমন ৰোধ কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰ ব্যৰ্থ হৈছে । ই পৰিবেশৰ প্ৰতি ভাবুকি কঢ়িয়াইছে । ইয়ে মোক আৰু আমাৰ পৰৱৰ্তী প্ৰজন্ম সমূহক প্ৰভাৱিত কৰিব । জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কম কৰাৰ ক্ষেত্ৰত আমাৰ দেশৰ ব্যাপক সম্ভাৱনীয়তা আছে কিন্তু চৰকাৰৰ অমনোযোগিতাৰ বাবে মই সেউজ ন্যায়াধিকৰণৰ কাষ চাপিছো । তেওঁ কয় । 

উল্লেখযোগ্য যে কেগৰ ৩৪ তম প্ৰতিবেদনত পুনৰনবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ ক্ষেত্ৰত নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হোৱাত ভাৰত চৰকাৰ বিফল হৈছে । বতৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় কৰ্মনীতিত এই লক্ষ্য সমূহ নিৰ্দ্ধাৰণ কৰা হৈছিল । 

কেন্দ্ৰীয় পৰিবেশ আৰু বন মন্ত্ৰালয় তথা কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক ইতিমধ্যে ন্যায়াধীকৰণে জাননী জাৰি কৰিছে । ঋদ্ধিমাই কয় যে তেওঁ ডাঙৰ হৈ দেশৰ পৰিবেশ নীতি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব খোজে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

ষ্টাৰ্টআপ আৰম্ভ কৰাৰ আগতে সকলো আইনী বিষয় স্পষ্ট কৰি লওক: শিৱ শ্ৰীনিৱাসন

গুৱাহাটী আৰু শ্বিলঙত হ'ব পূব ভাৰতৰ বৃহত্তম প্ৰযুক্তি ষ্টাৰ্টআপ শ্ব'কেছ Thrive30ৰ প্ৰাৰম্ভিক বাচনি

১২ এপ্ৰিলত বি বৰুৱা মহাবিদ্যালয়ত 'বি প্লেন কণ্টেষ্ট'