আপোনাৰ আৱৰ্জনা, ডিজাইনাৰৰ সম্পদ

0

সেয়া আছিল ২০০৭ চনৰ শেষ ভাগৰ কথা। ৰাহুল খাদালিয়া বাংগালুৰুৰ এনআইএফটিত এছেচৰি ডিজাইনিঙত অধ্যয়নৰত। তেওঁৰ এটা শিক্ষামূলক ভ্ৰমণৰ সময়ত এভেন্যু ৰোডৰ এটা গলিত তেওঁ যি দেখিলে সেয়া তেওঁৰ মানসপটত চিৰদিনৰ বাবে ৰৈ গল।

এখন চাহৰ দোকানত চাহ খাই থকা সময়ত তেওঁ দেখিলে এটি শিশু এখন লেতেৰা কাপোৰ গাত মেৰিয়াই পথৰ কাষত পৰি আছে। তেওঁ কাৰ নো এই শিশুটি তাক জানিবৰ বাবে ইফালে সিফালে চাবলৈ ধৰিলে। তেওঁ দেখিলে চাহ দোকানখনৰ আনটো দিশৰ পৰা মলিয়ন বস্ত্ৰ পৰিধান কৰা, সমগ্ৰ মুখমণ্ডলেই লেতেৰা হৈ থকা আৰু অবিন্যস্ত চুলিৰে এগৰাকী মহিলাই ওলাই আহিছে।

মহিলাগাৰাকীৰ হাতত দুটা গিলাছ। এটাত অকনমান গাখীৰ আনটোত পানী। তেওঁ আনফুলে শিশুটিত তুলি ললে আৰু মাটিত গিলাচ দুটা থৈ আঙুলি ডুবাই এটোপালকৈ গাখীৰ আৰু পানী শিশুটিৰ মুখত দিলে।

আনফালে এদিন এখন ৰেষ্টোৰাঁত তেওঁ দেখিলে এগৰাকী মহিলা আৰু তেওঁৰ কণমানি সন্তানটো খাবলৈ বহিছে। খোৱাৰ অন্তত তেওঁলোকে যিমান পৰিমাণৰ খাদ্য প্লেটতে এৰি গল, সেইখিনিৰে তেওঁৰ সন্তানটিয়ে আৰু দুদিন খাবলৈ পাৰিলেহেতেন।

দুটা অনুৰূপ ঘটনাৰ মাজৰ বৈসাদৃশ্যই ৰাহুলৰ মনত ক্ৰিয়া কৰিলে। তেওঁ জানিছিল যে তেওঁৰ ডিজাইনসমুহত অপচয় ৰোধৰ বাবে স্থায়ী ব্যৱস্থা কৰিব লাগিব। তেওঁৰ মগজুত কিছুমান উপায় আছিল,কিন্তু সেইসমূহ কাৰ্যকৰীকৰণ কিদৰে কৰা যায় তাৰ সন্ধানত আছিল তেওঁ। সংযোগগত ভাবে একেটা বছৰতে তেওঁ স্থায়িত্ব আৰু স্থায়ী উন্নয়ন সম্পৰ্কত আধ্যয়ন আৰম্ভ কৰিছিল। সেই অধ্যয়নে তেওঁক স্থায়ী উন্নয়ন আৰু ডিজাইন সম্পৰ্কত ন ন চিন্তা প্ৰদান কৰিছিল।

A Basic Concept Designৰজন্ম

অৱশেষত ২০১১চনত তেওঁ এটা ডিজাইন কনচালটেন্সীত কাম কৰি থাকোঁতেই সিদ্ধান্ত গ্ৰহণ কৰে যে তেওঁ নিজাকৈ কিবা কৰিব আৰু সেইমৰ্মেই প্ৰতিস্থা কৰে ABCD (A Basic Concept Design). “তেতিয়াৰে পৰাই যথেষ্ট উত্থান পতনৰ সাক্ষী হৈছো। কিন্তু সৰহ সংখ্যক অভিজ্ঞতাই মোক এক সঠিক দিশ প্ৰদান কৰিছে। প্ৰতিবাৰতেই মোৰ স্থায়ী উন্নয়ন আৰু ডিজাইনিঙৰ যি মূল লক্ষ্য তাৰ দিশে এখোজকৈ আগুৱাই লৈ গৈছে। ৩৪বছৰীয়া ৰাহুলৰ ভাষ্য।"

এবিচিডিৰ আঁৰৰ চিন্তাটো আছিল বিভিন্ন উপায়েৰে জীৱন যাপন কৰা। প্ৰতিগৰাকী ব্যক্তিৰ বাবেই ইয়াৰ ভিন্ন দিশ আছে-আবেগিক,সামাজিক,অৰ্থনৈতিক আৰু সাংস্কৃতিক। এজেন্সীটোৰ মূল লক্ষ্য আছিল বিভিন্ন সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত সাম্ভাব্য সকলো পদ্ধতিৰেই স্থায়ীত্ব দিশত কাম কৰাটো।

ৰাহুলে লগতে কয় যে বৰ্তমানো আমাৰ বজাৰ খনে অৰ্থনীতিকেন্দ্ৰিক নতুন চিন্তাতকৈ স্থায়ীত্ব কেন্দ্ৰীক নতুন চিন্তাৰ সন্ধানত আছে। এতিয়াও আমাৰ সমাজত এনেকুৱা বহুতো উপায় আছে যাৰ সহায়ত স্থায়ীত্বক নতুন ৰূপ প্ৰদান কৰিব পৰা যাব।

“ মূল চিন্তাটো হল, গ্ৰাহক সেৱা বা সম্পৰ্কৰ পদ্ধতিৰ পৰিৱৰ্তে ব্যৱসায়ীক মূল নীতিৰেই স্থায়ী ব্ৰেণ্ড প্ৰতিস্থা কৰা। তাৰ অৰ্থ ব্যৱসায়ীক নীতিৰ পুনৰ পৰিৱৰ্তনো হব পাৰে। ,” ৰাহুলে কয়।


The Second Lifeৰ আৰম্ভণী

এবিচিডি হৈছে দুটা ভাগত বিভক্ত সংস্থা। সেয়া হৈছে The Second Life অধীনত ডিজাইন সেৱা আৰু সামগ্ৰী। The Second Lifeৰ বাবে বিনিয়োগ আহে ডিজাইন সেৱাৰ উপাৰ্জনৰ পৰা।

ৰাহুলে সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত স্থায়ীত্বৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে আৰম্ভ কৰিছিল ‘The Second Life’ । “ আমি চেষ্টা কৰিছো যাতে আমি ক্ষুদ্ৰ ব্যৱসায় এটাক স্থায়িত্ব প্ৰদান কৰি তাক বৃহত্তৰ ৰূপ ধাৰণ কৰাত সহায় কৰিব পাৰো আৰু স্থায়িত্ব আৰু স্বচ্ছতা প্ৰদান কৰিব পাৰো। ,” ৰাহুলে লগতে কয়।

বাংগালুৰুৰ বিভিন্ন পেলনীয়া সমগীৰ ব্যৱসায়ীৰ পৰা প্ৰয়োজনীয় সামগ্ৰী সমুহ সংগ্ৰহ কৰা হয়। তাৰে ভিতৰত কিছুসংখ্যক ব্যৱসায়ী আছে যিয়ে সংস্থাটোৰ প্ৰয়োজনীয়তাটো বুজিব পাৰে আৰু সেই অনুসৰি সামগ্ৰী যোগান ধৰে। যেনে ধৰক পেলনীয়া চিনেমাৰ পোষ্টাৰ, বগা কাগজ আদি।

আৱৰ্জনাৰ মাজতে সম্পদৰ সন্ধান

ৰাহুলে মাজে মাজে ব্যৱসায়ীসকলৰ ওচৰলৈ গৈ পুনৰ ব্যৱহাৰযোগ্য কিবা পেলনীয়া সামগ্ৰী যেনে ডকুমেন্ট বক্স আদি পোৱা যায় নেকি,তাৰ সন্ধান কৰে।“ এই বক্সসমুহ স্থানীয় পেলনীয়া সা-সামগ্ৰীৰ ব্যৱসায়ীৰ ওচৰত পোৱা যায়। এইবোৰ আমি আমাৰ ধৰণৰে পুনৰ ব্যৱহাৰযোগ্য কৰি তোলোঁ। সাধাৰণতে এই বক্সসমুহ মালয়েছিয়াৰ পৰা আহে আৰু কৰ্পৰেট জগতত এবাৰ ব্যৱহাৰ হোৱাৰ পিছত পেলাই দিয়া হয়। আমি সেই অপচয়টো চিনাক্ত কৰিলো আৰু পুনৰ ব্যৱহাৰৰ কথা ভাবিলো। সেইবোৰ সাধাৰণতে কমকৈ উপলব্ধ সামগ্ৰী আৰু প্ৰায়েই উপলব্ধতাৰ ওপৰত নিৰ্ভৰশীল,” ৰাহুলে কয়।

অনুপ্ৰেৰণা হিচাপে ৰাহুলে সৰ্বসাধাৰণ লোকৰ আচৰণকে চিহ্নিত কৰে, যিয়ে তেওঁলোকক এক অন্য স্থিতিত উপনীত কৰোৱায়। কিন্তু তেওঁ এতিয়া পৰ্যবেক্ষন আৰু মানুহৰ পৰা লাভ কৰা শিক্ষাকে অনুপ্ৰেৰণাৰ উৎস হিচাপে বাছি লয়। মানুহৰ ব্যৱহাৰ, আন লোকৰ সৈতে সম্পৰ্ক, পৰিঘটনা,পৰিস্থিতি আদি ইয়াৰ ভিতৰতেই পৰে।

“লিংগ,জাত-পাত,ধৰ্ম, সামাজিত বাধা, অৰ্থনৈতিক স্থিতি, লালসা আদি মানবীয় উপাদানৰে পৰিস্থিতি তন্ত্ৰটো পৰিচালিত হৈ থাকে। কিন্তু তথাকথিত অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰভাবে মানবীয় উপাদানসমুহক বিঘ্নিত কৰিব ধৰিছে ,” ৰাহুলে কয়।

The Second Lifeত সংস্থাটোৱে পৰৱৰ্তী পদক্ষেপ হিচাপে বিভিন্ন সামগ্ৰীৰ পৰা নিৰ্মাণ কৰিব পৰা অন্য সামগ্ৰীৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। শেহতীয়াভাবে, সংস্থাটোৱে আন্তৰাষ্ট্ৰীয় বজাৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সামগ্ৰীৰ পাইকাৰি বিক্ৰীৰ কথা ভাবিছে।

বৰ্তমান তেওঁলোকে পৰৱৰ্তী পদক্ষেপ হিচাপে হস্তনিৰ্মিত সামগ্ৰীৰ নতুন দিশৰ সূচনা কৰি আৰু অধিক নিয়োগৰ সুবিধা কৰাৰ কথা ভাবিছে। “আমি সাম্ভাব্য বিভিন্ন উৎসৰ পৰা বিনিয়োগ আহৰণ কৰাৰ কথা ভাবিছো,” ৰাহুলৰ ভাষ্য।

এই সংস্থাটোৱে ২০১৩ বিত্তীয় বৰ্ষত প্ৰায় ১কোটি টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

বজাৰখন কি

স্থায়ীত্বৰ ওপৰত শেহতীয়াভাবে পৰিলক্ষিত হোৱা মনোযোগৰ প্ৰতি লক্ষ্য ৰাখি ৰিচাইকল কৰা সামগ্ৰীৰ ব্যৱহাৰৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পোৱা দেখা গৈছে। এইধৰণেই কাম আৰম্ভ কৰা আন কিছুমান সংস্থা হল Arora Fibres, Green Power, Liquid Gold, Cleaning E-Wasteland আদি

ইয়াৰ ওপৰিও, এইক্ষেত্ৰত চৰকাৰ আৰু ৰাজ্যসমুহৰো আগ্ৰহ দেখা গৈছে। Recycle Trade Indiaৰ এক সমীক্ষা মতে গুজৰাটৰ ১০শতাংশ প্লাষ্টিকৰ সামগ্ৰী ৰিচাইকেল কৰা হয় আৰু সমগ্ৰ দেশত ৪.৪ বিলিয়ন পাউণ্ড বছৰি প্লাষ্টিক ৰিচাইকেল কৰা হয়। কিন্তু এইকথাও সত্য যে ৰিচাইকল কৰা সামগ্ৰী সমুহে মূল বজাৰখন স্পৰ্শ এতিয়াও কৰা নাই। এবিচিডিৰ আয়ুস কিমান সেয়া সময়েহে কব।

মূল-সিন্ধু কাশ্যপ

অনুবাদ-প্ৰাঞ্জল শৰ্মা

Related Stories