মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ইছৰ'ৰ বিশ্ব অভিলেখ

মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ইছৰ'ৰ বিশ্ব অভিলেখ

Monday February 27, 2017,

1 min Read

ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰ'ৱে শেহতীয়াকৈ ইতিহাস সৃষ্টি কৰি ১০৪ টা উপগ্ৰহ একেবাৰতে মহাকাশলৈ সফলতাৰে উৎক্ষেপন কৰা কাৰ্য আছিল এক বিশ্ব অভিলেখ । ইছৰ'ৰ প'লাৰ ছেটেলাইট লন্স ভেহিকল ( পি এছ এল ভি)ৰ এয়া আছিল ৩৯ তম উৰণ । একেৰাহে ৩৮ বাৰৰ বাবে এয়া আছিল পি এছ এল ভিৰ সফল উৰণ । ১০৩ টা ক্ষুদ্ৰ উপগ্ৰহৰ সৈতে ৭১৪ কিলোগ্ৰাম ওজনৰ কাৰ্ট'ছেট-২ ৰ উৎক্ষেপনেৰে এই বিৰল অভিলেখ ৰচিলে ইছৰ'ৱে । এই আটাইকেইটা উপগ্ৰহৰ সৰ্বমুঠ ওজন আছিল ১৩৭৮ কিলোগ্ৰাম । উল্লেখযোগ্য যে আমেৰিকাকে ধৰি ছখন দেশৰ উপগ্ৰহ াছিল এই ১০৪ টা উপগ্ৰহৰ অন্তৰ্গত। 

image


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইছৰ’ক ১০৩টা নেন’ উপগ্ৰহৰ সৈতে পিছএলভি-চি৩৭ আৰু চিএআৰটিঅ’এছএটি উপগ্ৰহৰ সফল উৎক্ষেপনৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, “১০৩টা নেন’ উপগ্ৰহৰ সৈতে পিছএলভি-চি৩৭ আৰু চিএআৰটিঅ’এছএটি উপগ্ৰহৰ সফল উৎক্ষেপনৰ বাবে ইছৰ’ক অভিনন্দন জনাইছোঁ। ইছৰ’ৰ মহাকাশ বিজ্ঞানীৰ সমাজ তথা দেশৰ বাবে এয়া গৌৰৱোজ্জ্বল অধ্যায়। ভাৰতবাসীয়ে আমাৰ বিজ্ঞানীসকলক চেল্যুট জনাইছে। মহাকাশ বিভাগৰ সচিবক তথা বিজ্ঞানীৰ সমূহ দলটোক এই অতুলনীয় সাফল্যৰ বাবে অভিনন্দন জনাইছোঁ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

চকুৰ পচাৰতে ঋণ দিয়ে কীৰ্তি জৈনে

দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক

চিৰ যুগমীয়া পুৰণি গীতবোৰৰ আঁৰৰ কথাৰে The SongPedia

সন্তানৰ অসুখেই সফল উদ্যোগীত পৰিণত কৰিলে এগৰাকী মহিলাক