শিক্ষাৰ পোহৰ বিলাবলৈ এখোজ দুখোজকৈ আগুৱাইছে ‘বেয়াৰ ফুট’

0

পঢ়া টেবুলত চেলেং পেতেংকৈ থাকোতে দেউতাই প্ৰায়েই আওৰাইছিল, “ পঢ়াই, পঢ়ে, ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন”৷ আমাৰ নিচিনা অমনোযোগী ছাত্ৰৰ ক্ষেত্ৰত প্ৰবচন ফাকিৰ যুক্তিযুক্ততা হয়তো আছিল কিন্তু যিসকল ছাত্ৰই দূর্বাৰ ইচ্ছা থকাৰ পিছতো পঢ়াৰ সুযোগ নাপায় তেওঁলোকৰ কাৰণে একা? সঁচা কথা ক’বলৈ গ’লে দিনতে এন্ধাৰ দেখা সেইসকল ছাত্ৰৰ ভবিষ্যৎ বুলি বিশেষ একো এটা নাথাকে৷ কিন্তু তাৰ মাজতো ব্যতিক্ৰম থাকে৷ তেনে ব্যতিক্ৰমী লোকসকলেই দহৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷

শিৱসাগৰ গৌৰীসাগৰৰ সঞ্জীৱৰাগ দে নামৰ যুৱকজনে অকালতে দেউতাকক হেৰুৱাই স্কুলীয়া শিক্ষা আধাতে এৰিবলৈ বাধ্য হৈছিল৷ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী দেউতাকৰ মৃত্যুৰ সময়ত সঞ্জীৱৰাগৰ বয়স আছিল মাত্ৰ ১২ বছৰ৷ বিধবা মাক আৰু ভায়েকৰ সৈতে সংসাৰখন আগুৱাই নিবলৈ সঞ্জীৱৰাগে সেই তেতিয়াই স্কুলৰ পৰা ওভতাৰ পিছত ঘৰৰ ওচৰতে পাণ-তামোলৰ দোকান এখন দিব লগা হৈছিল৷ কিন্তু এটা সময়ত কেৱল দোকানখনৰ উপাৰ্জনেৰে ঘৰখন নচলা হোৱা কাৰণে সঞ্জীৱৰাগে পঢ়া-শুনা সিমানতে সামৰি ইলেকট্ৰিচিয়ান এজনৰ সহকাৰী হিচাপে কাম কৰিবলৈ ল’লে৷

তাৰপিছত তেওঁ জীৱনৰ বহু খলা-বমা পথ অতিক্ৰম কৰি ২০১৩ চনৰ শেষভাগত একক প্ৰচেষ্টাৰে ‘বেয়াৰ ফুট ফাউণ্ডেশ্ব্যন’ নামেৰে এটা এন.জি.অ. ৰ জন্ম দিলে৷ মূলতঃ সমাজৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা-দীক্ষাৰ দিশত পার্যমানে সহায় কৰাৰ মানসেৰেই সঞ্জীৱৰাগে এই এন.জি.অ. টোক গঢ় দিয়া বুলি অমাক জনালে৷

“মই চেষ্টা কৰিম যাতে মোৰ নিচিনাকৈ কোনো ল’ৰা-ছোৱালীয়ে আধাতে স্কুল এৰিবলগা নহয় আৰু সকলোৱে ভালদৰে পঢ়া-শুনা কৰি নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে” সঞ্জীৱে এইদৰেই আমাৰ আগত পঢ়া-শুনাৰ প্ৰতি থকা নিজৰ অনুৰাগ আৰু নিস্বঃ জনৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা প্ৰকাশ কৰিলে৷

‘বেয়াৰ ফুট’ৰ প্ৰথমটো খোজ ...

“শিক্ষাখণ্ডত কাম কৰিবলৈ যোৱাৰ আগেয়ে আমি প্ৰত্যক্ষভাৱে অসমৰ শিক্ষাখণ্ডৰ দৃশ্যপটৰ উমান ল’বলৈ সমগ্ৰ অসমজুৰি একেটা তাৰিখৰ একে সময়তে ‘বেয়াৰ ফুট টেলেণ্ট চার্চ এগ্জামিনেশ্ব্যন’ নামেৰে মাচুল বিহীন এক বৃত্তি পৰীক্ষাৰ আয়োজন কৰিছিলো৷ সেই উদ্দেশ্যে স্কুলবোৰৰ বছৰেকীয়া পৰীক্ষাৰ ঠিক আগে আগে ২০১৪ চনৰ নবেম্বৰৰ ১৬ তাৰিখে অসমৰ বিভিন্ন স্থানৰ ৬৩ টা কেন্দ্ৰত তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এই বৃত্তি পৰীক্ষাটো অনুষ্ঠিত কৰা হৈছিল৷ ছাত্ৰ-ছাত্ৰী সকলে লাভ কৰা নম্বৰৰ ক্ৰম অনুসৰি এই পৰীক্ষাত এককালীন সাহার্যৰ পৰিমান ধার্য কৰা হৈছিল ৩০০ টকাৰ পৰা ৫০০০ টকা পর্যন্ত৷ কিন্তু দুখৰ বিষয় যে ৫০০০ টো দূৰৰ কথা মাত্ৰ দুজনমানেহে ৮০০ টকাৰ বৃত্তি লাভ কৰিবলৈ সক্ষম হ’ল আৰু বৃত্তি লাভ কৰা সৰহ সংখ্যকেই ৩০০ টকাৰ ঘৰতে আৱদ্ধ থাকিল৷ ১০০০০ ৰৰো অধিক পৰীক্ষার্থীয়ে অংশ লোৱা সেই পৰীক্ষাত মাত্ৰ ৯২ গৰাকীয়েহে বৃত্তি লাভ কৰিলে৷বেয়াৰ ফুট ফাউণ্ডেশ্ব্যন’ৰ প্ৰথম পদক্ষেপ সম্পর্কে আমাক সঞ্জীৱৰাগ দে'ই এইদৰে ক’লে৷

‘বেয়াৰ ফুট’ৰ দ্বিতীয়টো খোজ ...

“অসমৰ শিক্ষা খণ্ডৰ পুতৌলগা অৱস্থাটোৰ কথা জনাৰ পিছত আমাৰ পৰৱর্তী কার্যক্ষেত্ৰ হিচাপে ধেমাজি, শিৱসাগৰ, গোলাঘাট, গুৱাহাটী গ্ৰাম্য, গুৱাহাটী মহানগৰ আৰু ডিমা হাচাও জিলাৰ লগতে শদিয়া আৰু মাজুলীক আমি বাচি ল’লো৷ আমাৰ দ্বিতীয় পদক্ষেপত এই জিলাকেইখনৰ বিভিন্ন ঠাইৰ আর্থিকভাৱে দূর্বল ছাত্ৰ-ছাত্ৰী সকলৰ সহায় হোৱাকৈ স্কুল ছুটিৰ শেষত আমাৰ দ্বাৰা নিয়োগ কৰা শিক্ষকৰ হতুৱাই তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক সকলোবোৰ বিষয়তে টিউশ্যন কৰোৱাৰ সিদ্ধান্ত ল’লো৷ এই গোটেই ব্যৱস্থাটো পৰিচালনা কৰিবলৈ প্ৰতিখন জিলাতে আমি এজন আৰু কোনো কোনো ঠাইত দুজনকৈ পর্যবেক্ষক (চুপাৰভাইজাৰ) নিয়োগ কৰিলো৷ পর্যবেক্ষক কেইজনে প্ৰথমে অঞ্চলটোৰ অভাৱী ছাত্ৰ-ছাত্ৰী সকলৰ টিউশ্যন কৰাৰ সুবিধা হোৱাকৈ স্থান নির্বাচন কৰা, সেই স্থান সমূহৰ কর্তৃপক্ষৰ লগত যোগাযোগ কৰি অনুমতি লোৱা, অভিভাৱকৰ সৈতে কথা পাতি ছাত্ৰ-ছাত্ৰী গোটোৱা, টিউশ্যনৰ সময় নির্দ্ধাৰণ কৰাৰ লগতে অঞ্চলটোৰে সুশিক্ষিত আৰু উপযুক্ত নিবনুৱা যুৱক-যুৱতীৰ মাজৰ পৰা সাক্ষাৎকাৰ অনুষ্ঠিত কৰি টিউশ্যন পঢ়ুৱাবলৈ শিক্ষক নিয়োগ কৰা আদি কামবোৰ কৰে৷ অৱশ্যে এই সকলোবোৰ কামৰে মই নিজাববীয়াকৈয়ো তদাৰক কৰাৰ লগতে গুৱাহাটী মহানগৰীৰ ‘স্নেহালয়’ আৰু ‘জ্যোতি স্নেহালয়’ৰ টিউশ্যন কেন্দ্ৰ দুটা মই নিয়মিত পৰিদর্শন কৰোঁ”৷ আর্থিকভাৱে দূর্বল ছাত্ৰ-ছাত্ৰীক টিউশ্যন কৰাৰ এই পদক্ষেপৰ বিষয়ে সঞ্জীৱৰাগে আমাক ক’লে-

"প্ৰতি তিনিমাহৰ অন্তৰে অন্তৰে মাত্ৰ ১০০ টকা মাননি দি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই ব্যৱস্থাৰে সকলোবোৰ বিষয়তে টিউশ্যনৰ সুবিধা লাভ কৰিছে৷ ২০১৫ চনৰ ১৫ এপ্ৰিলত আৰম্ভ কৰা এই ব্যৱস্থাটোৱে এতিয়ালৈকে ৩২০০০ গৰাকী ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিছে৷ তাৰোপৰি পর্যবেক্ষক (চুপাৰভাইজাৰ) আৰু শিক্ষকক সামৰি সমগ্ৰ অসমজুৰি ৭৮০ জন শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে ‘বেয়াৰ ফুট ফাউণ্ডেশ্ব্যন’ৰ অধীনত অস্থায়ীকৈ হ’লেও নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷"


‘বেয়াৰ ফুট’ৰ তৃতীয়টো খোজ ...

‘বেয়াৰ ফুট’ৰ তৃতীয়টো খোজ সম্পর্কে সঞ্জীৱৰাগ দে'ই আমাক ক’লে, “আর্থিকভাৱে দূর্বল ছাত্ৰ-ছাত্ৰী সকলক টিউশ্যন কৰাৰ কামত অসমৰ বিভিন্ন ঠাই ভ্ৰমণ কৰোতে মই দেখিলো যে স্কুলসমূহত এটা পয়ালগা ব্যৱস্থাৰে কম্পিউটাৰৰ শিক্ষা প্ৰদান কৰি থকা হৈছে৷ কোনো ঠাইত হয়তো স্কুলৰ কম্পিউটাৰ শিক্ষকজনে প্ৰাপ্য দৰমহা নোপোৱাৰ কাৰণে বহুদিন স্কুললৈ নহাকৈ আছে আৰু আন কোনো স্কুলত হয়তো কম্পিউটাৰ সমূহ তদাৰকৰ অভাৱত বিভিন্ন ভাইৰাচত আক্ৰান্ত হৈছে নতুৱা জহি-খহি যাব ধৰিছে৷ সেইবোৰ দেখি শুনিয়ে মই দশম মান শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে ‘ই-ভিলেজ কম্পিউটাৰ লাৰ্নিং চেণ্টাৰ’ নামেৰে এক কম্পিউটাৰ শিক্ষাৰ অনুষ্ঠান মুকলি কৰিবলৈ মনস্থ কৰিলো৷ আৰু এই প্ৰচেষ্টাৰ প্ৰথমটো পদক্ষেপত আমি গোলাঘাট জিলাৰ দুটা কেন্দ্ৰত মুঠ ৩০০ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ কম্পিউটাৰৰ বুনিয়াদী শিক্ষা প্ৰদান কৰিছো”৷ কম্পিউটাৰৰ এই শিক্ষা সমাপ্তিৰ পাছত আমি ছাত্ৰ-ছাত্ৰীসকলক এন.জি.অ. ৰ তৰফৰ পৰা চার্টিফিকেট প্ৰদান কৰাৰো ব্যৱস্থা কৰিছো৷ গোলাঘাট জিলাৰ এই দুটা কম্পিউটাৰ শিক্ষা কেন্দ্ৰত আমি প্ৰতিটোতে দুজনকৈ মুঠ চাৰিজন দক্ষ কম্পিউটাৰ শিক্ষক নিয়োগ কৰিছো”৷

নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা ‘বেয়াৰ ফুট ফাউণ্ডেশ্ব্যন’ৰ প্ৰতিষ্ঠাতা সঞ্জীৱৰাগ দেই আমাক ক’লে যে আর্থিকভাৱে দূর্বল লোকসকলৰ ল’ৰা-ছোৱালীবোৰৰ পঢ়া-শুনা নিয়মিত চলি থাকিবলৈ হ’লে মাকবোৰ স্বাবলম্বী হোৱাটো অত্যন্ত জৰুৰি৷ কাৰণ স্বাবলম্বী হৈ নিজাববীয়াকৈ কিছু উপার্জন কৰাৰ পিছতহে মাক এগৰাকীয়ে জীৱনটোত অর্থবহ কিবা এটা কৰাৰ সপোন দেখিব পাৰে৷ সেয়ে আর্থিকভাৱে অনগ্ৰসৰ মহিলা সকলক আত্মনির্ভৰশীল কৰাৰ উদ্দেশ্য বেয়াৰ ফুটে চতুর্থটো খোজ আগবঢ়াইছে৷

‘বেয়াৰ ফুট’ৰ চতুর্থটো খোজ ...

এই যাত্ৰাত ‘বেয়াৰ ফুট ফাউণ্ডেশ্ব্যন’এ গোলাঘাট আৰু নগাওঁ জিলাৰ সর্বমূঠ ১২ কেন্দ্ৰ বাছি লৈ সেইবোৰত আর্থিকভাৱে অনগ্ৰসৰ মহিলা সকলক ধূপকাঠি তৈয়াৰ কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে৷ এই কামতোত এন.জি.অ. টোৱে কেইবাগৰাকীও উপযুক্ত প্ৰশিক্ষক নিয়োগ কৰাৰ লগতে মানসম্পন্ন কেঁচামালৰো যোগান ধৰিছে৷ ২০১৫ ৰ শেষ ভাগত আৰম্ভ কৰা ‘বেয়াৰ ফুট ফাউণ্ডেশ্ব্যন’ৰ এই অভিযানৰ প্ৰথমটো পর্যায় প্ৰায় শেষ হোৱাৰ পথত৷ এই প্ৰশিক্ষণ কালত ইতিমধ্যে ইায়ৰ সৈতে জড়িত মহিলাসকলে বহু শ কেজি ধূপকাঠি তৈয়াৰ কৰিবলৈ সক্ষম হৈছে৷ মহিলাসকলে তৈয়াৰ কৰা সেই ধূপকাঠি সমূহ ‘বেয়াৰ ফুট ফাউণ্ডেশ্ব্যন’ এ উচিত মূল্যত তেওঁলোকৰ পৰা ক্ৰয় কৰাৰ ফলত মহিলাসকলে আর্থিকভাৱে যথেষ্ট লাভবান হৈছে৷ মহিলাসকলে প্ৰস্তুত কৰা সেই ধূপকাঠি সমূহত সুগন্ধি যোগ কৰাৰ পিছত দেখনিয়াৰ এক পেকেজিঙেৰে ‘ব্ৰহ্মপুত্ৰ’ ব্ৰেণ্ড নাম দি এন.জি.অ. টোৱে অতি শীঘ্ৰেই বজাৰত মুকলি কৰি দিয়াৰো যোজা কৰিছে৷

সঞ্জীৱৰাগে আমাক তেওঁৰ জীৱনৰ বহু ঘাত-প্ৰতিঘাত, উত্থান-পতনৰ কথা কোৱাৰ অন্তত ক’লে , “আজি মই সুখী৷ দুপইচাৰ মূখ দেখা কাৰণে মোৰ এই সুখ হোৱা নাই, হৈছে মাৰ মূখত বিৰিঙি উঠা হাঁহিটো দেখিহে৷ মই সৰুতে আধাতে পঢ়া-শুনা বাদ দিয়া কাৰণে যি মায়ে সদায় নিৰৱে চকুলো টুকিছিল আজি সেইগৰাকী মায়ে মই হাজাৰ হাজাৰ ল’ৰা-ছোৱালীক পঢ়া-শুনাত দেহে-কেহে সহায় কৰি দিয়া দেখি বৰ আানন্দ পাইছে৷ মাৰ সেই আনন্দতে মোৰো আনন্দ৷ আজি মাৰ মূখৰ হাঁহিটোৱে দুগুণ উৎসাহেৰে নিজৰ কামত আগুৱাই যাবলৈ মোক মনত বল আৰু সাহস দিছে”৷

আমি য়’ৰ ষ্ট'ৰী পৰিয়ালেও আশা কৰিছো সঞ্জীৱৰাগ দেৰ মাকৰ মূখৰ হাঁহিটো সদায় বিৰিঙি থাকক আৰু ‘বেয়াৰ ফুট ফাউণ্ডেশ্ব্যন’ৰ সৈতে তেওঁ আৰু শত যোজন বাট আগুৱাই যাওক৷


এনেকুৱা প্ৰেৰণাদায়ক কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী


গুৱাহাটীত অনন্য হৈ উঠিছে জয়িতা কৰ চৌধুৰীৰ বেকাৰী এণ্ড কনফেকশ্বনাৰী ‘ডেলিচ’

এসময়ত নিৰীহৰ তেজেৰে ৰাঙলী কাকপথাৰ এতিয়া অৰ্থনৈতিক বিপ্লৱৰ নিদৰ্শন

উত্তৰ-পূৱ ভাৰতৰ ‘পুষ্পসজ্জা’ৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিছে নাচিমা বেগম লহকৰে

চিনেমাৱালাৰ ‘তপোবন’ আৰু গুৱাহাটীৰ নাগৰিকক কম দামত পাছলি যোগানৰ প্ৰয়াস



A student of Cinema...

Related Stories