হেৰোৱা মেকবুক ঘূৰাই দিবলৈ মুম্বাই ৰেলৰ এজন কৰ্মচাৰীৰ প্ৰশংসনীয় প্ৰচেষ্টা

হেৰোৱা মেকবুক ঘূৰাই দিবলৈ মুম্বাই ৰেলৰ এজন কৰ্মচাৰীৰ প্ৰশংসনীয় প্ৰচেষ্টা

Sunday November 27, 2016,

2 min Read

মুম্বাইৰ অম্বৰীশ ৰায়চৌধুৰীয়ে কাৰ্যালয়ৰপৰা ঘৰলৈ আহি আৱিষ্কাৰ কৰিলে যে তেওঁ নিজৰ বেগটো লোকেল ট্ৰেইনত এৰি থৈ আহিছে । এই বোগটোত আছিল তেওঁৰ এপল মোকবুকটো । নিজৰ মেকবুকটো ঘূৰাই পোৱাৰ সকলো আশা লগে লগে বাদ দিলে তেওঁ । লোকেল ট্ৰেইনেৰে অহা যোৱা কৰা হাজাৰ হাজাৰ মানুহৰ কোনোবা এজনে সইটো লৈ যাব বুলি তেওঁ নিশ্চিত আছিল । কিন্তু তেওঁক আচৰিত কৰি দি ৰেল বিভাগৰ এজন কৰ্মচাৰী বীৰেশ নৰসিং কেলে নামৰ ব্যক্তিজনে তেওঁৰ বেগ আৰু লেপটপ ঘূৰাই দিলে । 

Image: Amborish Roychoudhury Facebook

Image: Amborish Roychoudhury Facebook


বীৰেশে বেগটোৰ ভিতৰত এটা লেফাফাৰ ভিতৰত অম্বৰীশৰ ঠিকনা বিচাৰি পালে আৰু সেই ঠিকনা বিচাৰি গৈ অম্বৰীশক বেগটো ঘূৰাই দিলে । ইয়াৰ বিনিময়ত অম্বৰীশে কিবা এটা দিবলৈ বিচৰাত বীৰেশে ল'বলৈ অস্বীকাৰ কৰে । ফেচবুকত অম্বৰীশে লিখে-

"মই নিজকে নাস্তিক জ্ঞান কৰোঁ । কিন্তু বীৰেশে মোৰ বিশ্বাস ঘূৰাই আনিছে । তেওঁ ভগৱান । তেওঁ মোৰ ঘৰলৈ আহি মোৰ মেকবুকটো ঘূৰাই দি থৈ গ'ল । তেওঁ ৰেল বিভাগৰ এজন কৰ্মচাৰী । ৰেলৰ ডবা চাফ কৰাৰ সময়ত তেওঁ মোৰ বেগটো পাইছিল । বেগটো খুলি তেওঁ মোৰ নাম ঠিকনা বিচাৰি পালে আৰু সেইমতে তেওঁ মোৰ ঘৰলৈ আহি বেগটো দি থৈ গ'ল । ইয়াৰ বিনিময়ত কোনো ধন বা আন বস্তুও তেওঁ মোৰ পৰা লবলৈ অস্বীকাৰ কৰিলে । আমি বন্ধুত পৰিণত হ'লো । ইয়াৰ আগতে ৰেল আৰক্ষীয়ে মোৰ বেগটো বিচাৰি দিব পৰা নাছিল । কিন্তু মোৰ ভগৱানে সেয়া মোক ঘূৰাই দিলে । মোৰ পৃথিৱীখন এৰাতিৰ ভিতৰতে ভাগি গৈ পুনৰ নিৰ্মাণ হ'ল ।"

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

একেলগে এভাৰেষ্ট আৰোহণ কৰা এক ভাৰতীয় দম্পতি

একলব্যৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি বুঢ়া আঙুলি ব্যৱহাৰ নকৰা জনজাতীয় ধনুৰ্বিদসকল

পেলনীয়া প্লাষ্টিকেৰে ঘৰ বনায় এইজন সামাজিক উদ্যমীয়ে

অলিম্পিক মেডেল, গোলগপ্পাৰ ব্যৱসায়: সীতা ছাহুৱে দেখিছে বহু উত্থান পতন