অন্তহীন প্ৰেৰণাৰ উৎস -ভাৰতৰ প্ৰথম গৰাকী ব্লেড ৰাণাৰ কিৰণ কণৌজিয়া

অন্তহীন প্ৰেৰণাৰ উৎস -ভাৰতৰ প্ৰথম গৰাকী ব্লেড ৰাণাৰ কিৰণ কণৌজিয়া

Thursday December 31, 2015,

4 min Read

২০১১ চনত এক দুৰ্ঘটনাত এটা ভৰি হেৰুৱাইছিল কিৰণে

ভাৰতত আয়োজিত বহু কেইটা মাৰাথনত ভাগ লৈছে কিৰণে

দৌৰাৰ উপৰিও হায়দৰাবাদত ইনফছিছ কম্পেনীৰ চাকৰিয়াল কিৰণ

কিৰণ কণৌজিয়া। যাৰ অভিধানত নাই অসম্ভৱ শব্দটো। যি নাজানে পৰাজয় কি। যি নিশিকিলে থমকি ৰ’বলৈ। সেই গৰাকীয়েই কিৰণ কণৌজিয়া। ভাৰতৰ প্ৰথম গৰাকী ব্লেড ৰাণাৰ। যি নিজৰ সাহস আৰু ধৈৰ্যৰে নিজৰ নাম উজলাই তোলাৰ লগতে কঠিন পৰিস্থিতিৰ সৈতে যুঁজ দি আন বহুতৰে বাবে হৈ পৰিল এক প্ৰেৰণাৰ উৎস।

ফৰিদাবাদৰ বাসিম্দা কিৰণে MCA কৰি এতিয়া হাইদৰাবাদৰ ইনফছিছ কম্পেনীত কাম কৰি আছে। ২০১১ চনত নিজৰ জন্মদিন পালন কৰিবৰ বাবে কিৰণ হায়দৰাবাদৰ পৰা জন্মস্থান ফৰিদাবাদলৈ ৰে’লেৰে গৈ আছিল। পলবল ষ্টেচনত এটা দুস্কৃতিকাৰীৰ দলে কিৰণৰ বেগটো আঁজুৰি নিয়াৰ চেষ্টা কৰে। কিৰণৰ সৈতে টনা আঁজোৰা লাগে দুস্কৃতিকাৰীৰ দলটোৰ। আৰু সেই টনা আঁজোৰাতে ৰেলৰ পৰা ট্ৰেকত পৰি যায় কিৰণ। ততাতৈয়াকৈ কিৰণক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে কিৰণৰ এটা ভৰি কাটি পেলাবলগীয়া হয়।

image


কিৰণৰ বাবে সেই ঘটনাটো জীৱনৰ বাবেই পীড়া দায়ক এটা ঘটনা। কিন্তু কিৰণে হাৰ নামানিলে। কিৰণে জীৱনটোৰ বাবে আনৰ দয়াৰ পাত্ৰ হৈ থাকিব বিচৰা নাছিল। যি হৈ গ’ল সেয়া সলনি কৰিব কোনেও নোৱাৰে। কিন্তু অনাগত ভৱিষ্যত নিজেই লিখাৰ পণ ল’লে কিৰণে। কিৰণে মন বান্ধিলে তাইৰ দুৰ্বলতাকে শক্তিশালী অস্ত্ৰ হিচাপে লৈ দেশতে নহয় সমগ্ৰ বিশ্বতে নিজৰ নাম উজলাই তোলাৰ।

image


কিৰণ সদায়ে ফিটনেছৰ প্ৰতি সচেতন কিৰণে এৰবিক্স কৰিছিল । ৬ মাহৰ দীৰ্ঘ বিৰতিৰ অন্তত উঠিছিলহে মাথো, পিছে আকৌ লুটি খাই পৰিল কিৰণ। পুণৰ চিকিৎসালয়, অস্ত্ৰোপচাৰ। এইবাৰ চিকিৎসকে খৰখেদাৰ পৰা সম্পূৰ্ণ বিৰত থাকিবলৈ ক’লে কিৰণক। চিকিৎসকৰ এই কথাকেইটাকে প্ৰত্যাহ্বান হিচাপে ল’লে কিৰণে। আৰু ঘৰলৈ উভটি আহি কিৰণে পুৰণা কথা সকলো পাহৰি জীৱনটো নতুনকৈ গঢ়াৰ পণ ল’লে। ঘৰৰ ডাঙৰ ছোৱালী হিছাপে কিৰণে নিজৰ ওপৰত থকা দ্বায়িত্ব উপলব্ধি কৰিছিল সেইবাবেই কিৰণ পুণৰ চাকৰিত যোগদান কৰিবৰ বাবে হাইদৰাবাদলৈ গ’ল। সহকৰ্মী সকলেও সৰ্ম্পূ্ণ সহযোগিতা আগবঢ়ালে কিৰণক। কিৰণে কৃত্ৰিম ভৰি লগোৱাৰ প্ৰয়াস কৰিলে। প্ৰথম অৱস্থাত খুবেই অসুবিধা হ’ল কিৰণৰ। হাইদৰাবাদৰে এটা পুণৰসংস্থাপন কেন্দ্ৰত নিজৰ দৰে বহু লোক লগ পালে কিৰণে। তাত বহু লোকে ব্লেড লগাই দৌৰৰ অনুশীলন কৰা দেখা পালে। তাৰ চিকিৎসক সকলেও কিৰণক ব্লেড ব্যৱহাৰ কৰিবৰ বাবে প্ৰেৰণা যোগালে। ব্লেড লগোৱাৰ পিছত কিৰণে সহজ ভাৱেই দৌৰিব পাৰিলে। তাতেই এটা দল বনাই এজনে আন জনক উৎসাহিত কৰি একেলগে এটা মৰাথন দৌৰৰ আয়োজন কৰিলে। ভাগ ল’লে ব্লেড লগোৱা বহুজনে। তাকে দেখি আন বহু লোকেও প্ৰেৰণা যোগালে কিৰণহঁতক। সেই পাঁচ কিলোমিটাৰৰ মাৰাথনে সকলোকে আত্মবিশ্বাস আনি দিলে।

সেই দিনটোৰ পৰাই কিৰণে লাহে লাহে দৌৰাৰ অনুশীলন কৰিবলৈ ধৰিলে। লাহে লাহে দৌৰা আৰম্ভ কৰাৰ লগে লগেই কিৰণৰ বাবে কথাবোৰ সহজ হৈ যাবলৈ ধৰিলে। প্ৰথমে পাঁচ কিলোমিটাৰ, তাৰ পিছত বঢ়াই দি দহ কিলোমিটাৰ আৰু পিছত ২১ কিলোমিটাৰ দৌৰি অনুশীলন কৰিবলৈ ধৰিলে কিৰণে। নিজকে শক্তিশালী কৰি তুলিবলৈ কিৰণ বদ্ধপৰিকৰ হৈ পৰিল। দৌৰাৰ অনুশীলন ৰুটিন হৈ পৰিল কিৰণৰ বাবে। দৌৰৰ অনুশীলন লাহে লাহে কিৰণৰ বাবে আমোদলৈ পৰিবৰ্তন হ’ল।

image


image


কিৰণে কয় যে তেওঁ নিজৰ এটা ভৰি হেৰুৱাই পেলালেও নিজকে সমৰ্থৱান কৰি তুলিছে। জীৱনৰ প্ৰতি দৃষ্টিভংগী ইতিবাচক হৈ পৰিছে তেওঁৰ। এতিয়া জীৱনক উপভোগ কৰিব বিচাৰে কিৰণে। কেৱল নিজৰ বাবেই নহয়, আনকো অনুপ্ৰাণিত কৰি জীৱনৰ এক ইতিবাচক পৰিবৰ্তন আনিব বিচাৰে।

আজি কিৰণ ভাৰতৰ প্ৰথম গৰাকী মহিলা ব্লেড ৰাণাৰ। কিৰণে দিল্লী, মুম্বাই, হাইদৰাবাদকে ধৰি বিভিন্ন স্থানত হোৱা মাৰাথন ৰেচত ভাগ লৈছে। কিৰণে তাইৰ দৌৰৰ সন্দৰ্ভত কয় যে তাই এই ক্ষেত্ৰত সকলোৰে সহযোগিতা পাইছে। সেয়া পৰিয়ালৰ লোকৰ পৰাই হওক, বা বন্ধু বান্ধৱৰ পৰাই হওক বা পূৰ্বে কেতিয়াও সাক্ষাৎ নোহোৱা কিন্তু দৌৰা দেখি আগবাঢ়ি আহি শুভকামনা জনোৱা জনেৰ পৰাই হওক।

কিৰণে এতিয়া নিজৰ দৰে আন বহু জনক সহায় কৰে। জীৱন যুদ্ধত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায়।

image


দৌৰাৰ উপৰিও কিৰণে ফুলটাইম চাকৰি কৰে। একে সময়তে দুয়োটা কামেই ভালদৰে চলাই গৈছে কিৰণে। কিৰণৰ মতে হৰা জিকা আমাৰ মনৰ মাজত থাকে। আমি যদি নিজৰ ওপৰত ভৰষা ৰাখি জীৱনক ইতিবাচক দৃষ্টিভংগীৰে চাই আগবাঢ়ো তেতিয়া কোনো সমস্যা অন্তৰায় হ’ব নোৱাৰে। আমি নিজৰ ওপৰত ভৰষা ৰাখিলে আনেও আমাৰ ওপৰত ভৰষা কৰিব আৰু তেতিয়া নিজৰ ভাল কামৰ দ্বাৰা আনৰো প্ৰেৰণা হ’ব পাৰি।

কিৰণে অনাগত ভৱিষ্যতত বিদেশতো বিভিন্ন মাৰাথন ৰেচত ভাগ ল’ব বিচাৰে। পেৰা অলিম্পিকত ভাগ লৈ দেশৰ বাবে পদক জয় কৰিব বি;eৰে। মধ্যবিত্ত পৰিয়ালৰ ছোৱালী কিৰণৰ বাবে ব্লেডছ আৰু দৌৰৰ প্ৰশিক্ষণৰ খৰচ বাজেটৰ বাহিৰত। সেইবাবে ব্লেড ক্ৰয় কৰিবৰ বাবে চৰকাৰৰ সহায় বিচাৰিছে যাতে উন্নত ব্লেড ব্যৱহাৰ কৰি বিদেশতো দেশৰ নাম উজলাব পাৰে। কিৰণ কেৱল এগৰাকী মহিলা নহয়, কিৰণ এক সম্ভাৱনা। লক্ষ জনৰ বাবে প্ৰেৰণাৰ অন্য নাম কিৰণ। পৰাজয় স্বীকাৰ কৰিব নোখোজাৰ আন এটা নাম কিৰণ।

মূলঃ আশুতোশ খান্তৱাল

অনুবাদঃ মুকুন্দ মাধৱ নেওগ


এনেকুৱা প্ৰেৰণাদায়ক কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী

এসময়ত নিৰীহৰ তেজেৰে ৰাঙলী কাকপথাৰ এতিয়া অৰ্থনৈতিক বিপ্লৱৰ নিদৰ্শন

আজন্ম হাত নথকা বাসন্তীয়ে ভৰিৰেই ব্লেকবৰ্ডত লিখি শিক্ষা দান কৰে ছাত্ৰ ছাত্ৰীক

যোগাত্মক চিন্তাৰ প্ৰসাৰ যাৰ জীৱনৰ ব্ৰত- ডঃ বুলজিৎ বুঢ়াগোহাঁই

এজন শিক্ষক যি ছাত্ৰক শিকাবলৈ সাঁতুৰি পাৰ হয়, আৰু আজিলৈ ছুটী লোৱা নাই.....