দৰিদ্ৰ শিশুৰ জীৱনৰ উন্নতি সাধনত ব্যস্ত দিল্লী আৰক্ষীৰ কনিষ্টবল মমতা আৰু নিশা

দৰিদ্ৰ শিশুৰ জীৱনৰ উন্নতি সাধনত ব্যস্ত দিল্লী আৰক্ষীৰ কনিষ্টবল মমতা আৰু নিশা

Monday January 11, 2016,

3 min Read

আৰক্ষীৰ নাম ল’লেই আমাৰ মানসপটত ভাঁহি আহে খাকী পোছাক পৰিহিত,হাতত বন্দুক অথবা লাঠী লৈ মানুহক ভয় দেখুওৱা এজন ব্যক্তিৰ ছবি। সাধাৰণতে আৰক্ষীসকল কঠুৱা স্বভাৱৰ আৰু ৰুক্ষতাৰে কাম কৰা ব্যক্তি যেন লাগিলেও এয়া সকলো সময়তে শুদ্ধ নহয়। অন্ততঃ দিল্লী আৰক্ষীৰ দুগৰাকী কনিষ্টবল মমতা নেগী আৰু নিশাৰ বিষয়ে এনেদৰে ক’ব পৰা নাযায়।এই কনিষ্টবলকেইগৰাকীয়ে দৰিদ্ৰ শিশুসকলৰ পঢ়া-শুনাৰ দায়িত্ব গ্ৰহণ কৰি তেওঁলোকক নিজৰ ভৰিত থিয় হ’ব পৰাকৈ সক্ষম কৰি তুলিছে।

image


উত্তৰ দিল্লীৰ তিমাৰপুৰ আৰু ৰুপনগৰ আৰক্ষী থানাত দৈনিক বস্তি এলেকাৰ দৰিদ্ৰ পৰিয়ালৰ শিশুসকলক শিক্ষাদান কৰাৰ লগতে তেওঁলোকক সজাগ নাগৰিকৰূপে গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰা হয়। শিশুসকলে যাতে নিজৰ আশে-পাশে সংঘটিত অপৰাধজনিত কামৰ বিৰুদ্ধে মাত মতাৰ লগতে অপৰাধ ৰোধ কৰাত আৰক্ষীক সহায় কৰিব পাৰে তাৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তোলা হয়।

মমতাই য়'ৰ ষ্টৰীক কয়, “তিমাৰপুৰ আৰু ৰুপনগৰ আৰক্ষী থানাৰ আশে-পাশে বৃহৎ বস্তি এলেকা আছে।এই বস্তিত বাস কৰা অধিকাংশ লোকে পৰিয়ালৰ ভৰণ-পোষণৰ বাবে সৰু-সুৰা কাম কৰে। এই পৰিয়ালৰ সন্তানসকলে বিদ্যালয়ৰ পিছত আজৰি সময়ত ইফালে-সিফালে ঘুৰা-পকা কৰি সময় নষ্ট কৰে আৰু এনেক্ষেত্ৰত তেওঁলোকক দুষ্ট সংগৰ কৱলত পৰাৰ সম্ভাৱনা প্ৰৱল হৈ পৰে।ইয়াৰ লগতে বস্তি এলেকাৰ কন্যা শিশুসকলৰ সৈতে নানা ধৰণৰ অপৰাধ সংঘটিত হোৱাৰ আশংকাও থাকে।”

এনেবোৰ কাৰণতে বিগত ছমাহৰ পৰা এই দুইখন থানাত কনিষ্টবল মমতা নেগী (তিমাৰপুৰ) আৰু কনিষ্টবল নিশাই(ৰুপনগৰ)ইয়াৰ শিশুসকলৰ পঢ়া-শুনা আৰু আত্মৰক্ষাৰ কৌশলৰ শিক্ষাদানৰ দায়িত্ব কান্ধ পাতি লৈছে।

নিশাই কয়, “প্ৰতিখন থানাত কমেও ৫০টা শিশু শিক্ষালাভৰ বাবে আহে।ইয়াৰ ভিতৰত অধিকাংশই হৈছে চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত অথবা কিবা কাৰণত বিদ্যালয় আধৰুৱাকৈ এৰা শিশু। বেছিভাগেই পঢ়া-শুনাত মেধাৱী কিন্ত উচিত পৰামৰ্শৰ অভাৱত তেওঁলোক পিছ পৰি ৰৈছে।থানাত শিশুসকলৰ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে ইংৰাজী,গণিত আৰু সাধাৰণ জ্ঞানৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হয়।”

image


মমতাই কয়, “মই নিজে এখন চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰিছিলো।চৰকাৰী বিদ্যালয়সমূহত শিক্ষণৰ সঁজুলিৰ অভাৱৰ লগতে বিভিন্ন সময়ত শিক্ষকসকলে পাল মাৰি শ্ৰেণীত পাঠদান কৰে।সকলোৰে ঘৰুৱা অৱস্থা ব্যক্তিগত শিক্ষক ৰাখিব পৰাকৈ স্বচ্ছল নহয়।আমাৰ বাবে ভাল কথা এটাই যে দৰিদ্ৰ আৰু কম শিক্ষিত হ’লেও এই শিশুসকলৰ পিতৃ-মাতৃ পঢ়া-শুনাৰ প্ৰতি ধাউতি থকা লোক আৰু নিজৰ শিশুসকলক তেওঁলোকে দৈনিক ইয়ালৈ পাঠদানৰ বাবে পঠিয়ায়।”

নিশাই যোগ দিয়ে, “মই দিল্লী আৰক্ষীত যোগদান কৰাৰ পূৰ্বে শিশুসকলৰ টিউশ্যন দিছিলো।এনে কাৰণত শিশুসকলক পাঠদান কৰাৰ লগতে মই নিজেও পঢ়িবলৈ সুযোগ লাভ কৰিছো।ইয়াত অধ্যয়ন কৰা অধিকাংশ শিশু প্ৰতিভাশালী আৰু তেওঁলোকক কেৱল ভাল পৰামৰ্শ আৰু উচিত বাট দেখুৱাই নিয়াৰ প্ৰয়োজনীয়তা আছে।”

ইয়াত পাঠগ্ৰহণ কৰা নিখিল নামৰ এটি শিশুৱে কয়-“আগতে মোৰ ইংৰাজী ইমান ভাল নাছিল কিন্তু ইয়াত আহি পঢ়িবলৈ লোৱাৰ পৰা মোৰ ইংৰাজীত দখল যথেষ্ট বাঢ়িল।এতিয়া ইংৰাজী পৰীক্ষাত মই ভাল নম্বৰ পাবলৈ লৈছো।নিশা বাইদেৱে যেতিয়া কয় যে আমি সকলোৱে ডাঙৰ হৈ দেশৰ সেৱা কৰিম তেতিয়া মোৰ খুব ভাল লাগে।মইও তেওঁৰ দৰে ডাঙৰ হৈ আৰক্ষীত যোগদান কৰিম।”

কাজল নামৰ আন এটি শিশুৱে কয়, “মমতা বাইদেৱে আমাক পাঠদান কৰাৰ লগতে নৃত্য আৰু যোগৰো প্ৰশিক্ষণ দিয়ে।আমি প্ৰতিযোগিতা জিকি আহিলে তেওঁ আমাক চকলেট আৰু কলম উপহাৰ দিয়ে।বাইদেৱে আমাক অক্ষৰধাম মন্দিৰো ফুৰাবলৈ নিছে।তাত গৈ আমি দেশৰ সংস্কৃতি আৰু মহাপুৰুষসকলৰ বিষয়ে জানিব পাৰিলো।”

দিল্লী আৰক্ষীৰ ‘চি টু শক্তি’ নামৰ কাৰ্যসূচীৰ অধীনত এই পাঠদান অব্যাহত আছে।ইয়াৰ মুখ্য উদ্দেশ্য হৈছে মহিলা শক্তিৰ সৱলীকৰণ।‘চি টু শক্তি’ কাৰ্যসূচীৰ অধীনত দিল্লী আৰক্ষীয়ে বিভিন্ন কলেজৰ ছাত্ৰীসকলক আত্মৰক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰে,সময়ে সময়ে এণ্টি ইভটিজিং ড্ৰাইভ গ্ৰহণ কৰে আৰু ছাত্ৰীসকলক নিজৰ ভৰিত থিয় দিব পৰাকৈ সহায় কৰে।

মূল-অনমোল

অনুবাদ-তুলিকা দেৱী