অসমক গ্ৰাফিক্স, এনিমেচনৰ কেন্দ্ৰৰূপে গঢ় দিয়াৰ সপোন ধ্ৰুৱ ৰাভাৰ

অসমক গ্ৰাফিক্স, এনিমেচনৰ কেন্দ্ৰৰূপে গঢ় দিয়াৰ সপোন ধ্ৰুৱ ৰাভাৰ

Sunday December 27, 2015,

3 min Read

‘সৰুৰেপৰা এটাই ইচ্ছা আছিল। সেয়া হ’ল ৰং আৰু ৰেখাৰে নিজৰ জীৱনটো সজাই তোলাৰ দুৰ্বাৰ হাবিয়াস। অ আ ক খ শিকাৰ সময়ৰপৰাই বা তাতোকৈ আগৰপৰা ৰঙৰ প্ৰতি আকৃষ্ট হৈছিলো।’ নিজৰ বিষয়ে এনেদৰেই ক’লে গ্ৰাফিক্স ডিজাইনাৰ, ইলাষ্ট্ৰেটৰ তথা কাৰ্টুনিষ্ট হিচাপে পৰিচিত ধ্ৰুৱ ৰাভাই।


image


বিভিন্ন অসমীয়া চিনেমাত ভিজুৱেল এফেক্ট তথা গ্ৰাফিক্সৰ কাম কৰা ধ্ৰুৱ ৰাভাৰ সৃষ্টিৰ পৰিসৰ অসমতে সীমাৱদ্ধ হৈ থকা নাই। বলিউডলৈও প্ৰসাৰিত তেওঁৰ সৃষ্টি। বলিউডৰ একাধিক চিনেমাৰ ভিজুৱেল এফেক্টৰ কাম সম্পূৰ্ণ হৈছে। বৰ্তমানে কৰি থকা কামৰ তালিকাতো আছে কেইবাখনো বলিউডৰ চিনেমাৰ নাম।

ধ্ৰুৱ ৰাভাৰ সৈতে সঘন যোগাযোগ ৰাখে কেইবাটাও তামিল প্ৰযোজনা সংস্থাই। একেদৰে আমেৰিকা আৰু লণ্ডনৰো বহুকেইটা প্ৰতিষ্ঠান আছে যিয়ে তেওঁলোকৰ গুৰুত্বপূৰ্ণ কামবোৰত তেওঁৰ সৃষ্টিশীল হাতৰ স্পৰ্শ বিচাৰে। ভাৰতৰ ইমূৰৰপৰা সিমূৰলৈ তেওঁৰ কামৰ কদৰ আছে। সমান্তৰালভাৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ কলাৰসিক মানুহে তেওঁৰ সৃষ্টিৰ মোল বুজে। তেওঁৰ ওচৰলৈ আহে। মানুহজনে কিন্তু অসমৰ বায়ু-পানী-মাটিৰ সৈতে সম্পৰ্ক শেষ কৰি দূৰলৈ গুচি যোৱা নাই। অসমতে থাকি তেওঁ দেশ-বিদেশৰ বিভিন্ন সৃষ্টিশীল কামত ব্ৰতী হৈ আছে।

মানুহবোৰ তেওঁৰ ওচৰলৈ কিয় আহে? দেশৰ আটাইতকৈ ডাঙৰ মহানগৰ অথবা সাগৰৰ সিপাৰৰ মানুহবোৰে তেওঁৰ সৃষ্টি বিচাৰি ঢপলিয়াই অহাৰ আঁৰত কি কাৰণ আছে।

‘সৃষ্টিৰ প্ৰতি মানুহৰ আদৰ কেতিয়াও শেষ নহয়। আপোনাৰ যদি এটা নান্দনিক মন আছে। সৃষ্টিৰ ক্ষুধাই আপোনাক প্ৰতিটো মুহূৰ্তৰ ভোকাতুৰ কৰি ৰাখে। আপোনাৰ সৃষ্টিক কলা ৰসিকসকলে আদৰি ল’বই। ভৌগোলিক সীমাৰে সৃষ্টিক আৱদ্ধ কৰি ৰাখিব নোৱাৰি। ভালকৈ কাম কৰক আপোনাৰ ওচৰলৈ মানুহ আহিবই।’ এয়া ধ্ৰুৱ ৰাভাৰ কথা।

শৈশৱৰ মাত ফুটা নুফুটা অৱস্থাতে হাতত পেন্সিল লৈ তেওঁ যিবোৰ আঁক-বাক কৰিছিল তাকেই নিজৰ কলাত্মক পেছাটোৰ আদিপাঠ বুলি ক’ব খোজে ধ্ৰুৱ ৰাভাই। ‘ছবি অঁকাৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিলো হাইস্কুলত’, ৰাভাই ক’লে। কিন্তু তেতিয়ালৈকে ছবি অঁকাত একপ্ৰকাৰ সিদ্ধহস্ত হৈ উঠিছিল তেওঁ। প্ৰাইমাৰী কালাৰ, ছেকেণ্ডাৰী কালাৰে জীৱনটো ইতিমধ্যই গঢ় দিবলৈ আৰম্ভ কৰিছিল তেওঁৰ। টিংকলৰ দৰে আলোচনীৰ সেই জনপ্ৰিয় চৰিত্ৰবোৰে তেওঁক আকৰ্ষিত কৰিছিল। তেওঁৰ হাততো প্ৰাণ পাই উঠিছিল সুপন্দি, সম্ভু চিকাৰী, তন্ত্ৰী নামৰ মন্ত্ৰী। সুপন্দি চৰিত্ৰৰ স্ৰষ্টা ৰাম ৱেকাৰো তেওঁৰ প্ৰিয় হৈ উঠিল। ৰাম ৱেকাৰে অঁকা আনবোৰ কাৰ্টুনো তেওঁ আঁকিবলৈ ল’লে।

ধ্ৰুৱ ৰাভা নিজেওঁ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট হৈ উঠিল। অসমৰ বৰ্তমানৰ জনপ্ৰিয় কাৰ্টুনিষ্টসকলৰ ভিতৰত আছে তেওঁৰ নাম। ‘জনসাধাৰণ’ কাকতৰ ষ্টাফ কাৰ্টুনিষ্ট হিচাপে তেওঁ অঁকা কাৰ্টুনবোৰে বহু সময়ত চৰ্চা লাভ কৰিছিল। এতিয়াও কাৰ্টুনৰ মোহ এৰিব পৰা নাই তেওঁ।

এতিয়া ধ্ৰুৱ ৰাভা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় ভিএফএক্স ক্ৰিয়েটৰ। পুলক গগৈৰ ‘মমতাজ’, বাণী দাসৰ ‘অহেতুক’, ৰাজেশ যশপাল ‘গানে কি আনে’, ৰজনী বসুমতাৰীৰ ‘ৰাগ’কে ধৰি বিভিন্ন চিনেমাত তেওঁ গ্ৰাফিক্সৰ যাদু দেখুৱালে। কেৱল তেওঁৰ ভিএফএক্সেৰে নিৰ্মাণ হোৱা গীতাঞ্জলি দাসৰ ‘যাদু’ শীৰ্ষক গীতটোৱে অসমীয়া কলানুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।


image


প্ৰচণ্ড ৱৰ্কেহলিক ধ্ৰুৱ ৰাভা। হাতত যেতিয়া এটা কাম থাকে তেতিয়া তেওঁ পাহৰি যায় দিন আৰু ৰাতিৰ পাৰ্থক্য। তেওঁ কিন্তু নিজে নিশাৰ ভাগতহে বেছি কাম কৰি ভাল পায়।

‘নিশা কাম কৰাৰ আনন্দই সুকীয়া। ম’বাইল ফোনৰ সমস্যা নাই। নাথাকে কোনো হাই-উৰুমি। গতিকে মনিটৰৰ সৈতে মই নিজেই একাত্ম হৈ পৰোঁ। প্ৰায়েই এনেদৰে গোটেই নিশাটো সাৰে থাকি কাম কৰা হয়।’

অসমক গ্ৰাফিক্স আৰু এনিমেচনৰ 'হাব' ৰূপে গঢ়ি তোলাৰ সপোন দেখা ধ্ৰুৱই বৰ্তমান কেইবাগৰাকীও গ্ৰাফিক্স ডিজাইনাৰ আৰু এনিমেটৰক সংগঠিত কৰি এইক্ষেত্ৰত আগবাঢ়ি গৈছে । ধ্ৰুৱ ৰাভাৰ এই যাত্ৰাত আমাৰো শুভেচ্ছা থাকিল। তেওঁ আগুৱাই যাওঁক। লগতে সমাজখনকো আগুৱাই নিয়ক।