সাহস দেখুৱাই আগবাঢ়ি ভাগৰা নাই মৃন্ময় আৰু অভীক

সাহস দেখুৱাই আগবাঢ়ি ভাগৰা নাই মৃন্ময় আৰু অভীক

Monday January 11, 2016,

3 min Read

মৃন্ময় চন্দ্ৰ । ব’টানীৰ গ্ৰেজুৱেট। কিন্তু একপ্ৰকাৰ পাকত পৰি বন্ধুসকলৰ সৈতে মাছ কমিউনিকেশ্যন পঢ়িলে। বিজ্ঞান বাদ দি হৈ পৰিল সাংবাদিক।

কিছু পৰিস্থিতিৰ বাধ্যবাধকতা আৰু কিছু নিজৰ ইচ্ছাতেই সাংবাদিকতাৰ চাকৰি বেছিদিন কৰা নহ’ল। কিবা এটা কৰাৰ কথাও ভাবিছিল বহুদিন। তাতো দোদুল্যমান পৰিস্থিতি। মণিকাঞ্চন সংযোগ হ’ল মৃণ্ময়ৰ সৈতে অভিকৰ আলোচনাৰ পিছতহে। সেয়াও এটা গল্প।

২০০৬ চনত মাছ কমিউনিকেশ্যনৰ ৰিজাল্ট ওলোৱাৰ আগেয়ে যোগদান কৰিলে উত্তৰবংগ এখন সংবাদপত্ৰত। কপী এডিটৰ। ২০০৭ চনত ইণ্টাৰ্ণশ্বিপৰ সুবিধা পালে এটা নামী বাংলা টিভি চেনেলত। তাৰ পিছত চাকৰি। দৰমহা বৃদ্ধিৰ নামত চেনেলত অস্থিৰতা। এই ডুবু এই ডুবু জাহাজ। চাকৰি এৰি ব্যৱসায় কৰাৰ ইচ্ছাটো মৃণ্ময়ৰেই তাগিদা। এই টাইটানিকতেই অভিকৰ সৈতে চিনাকি। অভিক মজুমদাৰ আছিল চেনেলটোৰ গ্ৰাফিক্স ডিজাইনাৰ। পোছাকী নাম এডভান্সড এনিমেশ্যন ইঞ্জিনিয়াৰ। কথাতেই কোৱা হয় গুণীয়ে গুণীৰ মোল বুজে। তেনেকৈয়ে মণি কাঞ্চন সংযোগ। চাকৰি কৰি থাকোতেই দুয়োজনে নিজেই কিবা এটা কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু বেছিকৈ ভবা-চিন্তা কৰাৰ সময় দিয়া নাছিল চেনেলটোৱে। মৃণ্ময় আৰু অভিকে ভয়ে ভয়ে ব্যৱসায়ৰ সাগৰত জঁপিয়াই পৰিল।

আৰম্ভ কৰিলে নিজৰ ব্যৱসায়। প্ৰস্তুত হৈ উঠিল মেক্স অ’মনিমিডিয়া। বিভিন্ন বেনাৰ, ফ্লেক্স, ইণ্টেৰিয়ৰ ডিজাইনিং, গ্ৰাফিক্স প্ৰেজেণ্টেশ্যনৰ সকলোধৰণৰ কাম কৰে এই সংস্থাটোৱে।


image


২০১৩ চনৰ জুলাই মাহত মেক্স অ’মনিমিডিয়াৰ নামত অনুজ্ঞাপত্ৰ আহিল। মৃণ্ময়ে কয়, ‘পুঁজি বুলিবলৈ আছিল সৰ্বমুঠ ২০ হাজাৰ টকা, অভীকৰ ১০, মোৰ ১০। আৰু দুয়োজনৰে দুটা ব্যক্তিগত কম্পিউটাৰ। বিভিন্ন ডিজাইনিঙৰ কাম কৰিম বুলি স্থিৰ কৰিলেও ক’ৰপৰা অৰ্ডাৰ আহিব, কাৰ কাষলৈ যাব লাগিব, কাৰো একো অভিজ্ঞতা নাছিল।’ যাক কোৱা হয় একেবাৰে শূন্যৰপৰা আৰম্ভ। পূৰ্বৰ পৰিচিতিসূত্ৰে প্ৰথম কামটো দিলে এজন চৰকাৰী কৰ্মচাৰীয়ে। হাওড়াৰ এটা কাৰ্যালয়ত নেতাজী, গান্ধীজী আৰু ৰবীন্দ্ৰনাথ-এই তিনিজনৰ ছবি বন্ধোৱাৰ কাম। ২০ বাই ২৫ ইঞ্চিৰ তিনিখনকৈ ছবি বন্ধাই মেক্স অ’মনিমিডিয়াৰ হাতত ৰৈছিল ৭৩০ টকা। সামান্য হ’লেও প্ৰথম কামৰ মজাই সুকীয়া। তাৰ পাছত আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। পৰিচিতি বৃদ্ধি হৈ থাকিল। চৌধুৰী ডেকৰ ইণ্টেৰিয়ৰ ডিজাইনিং নামৰ এটা সংস্থাৰপৰা নানা অৰ্ডাৰ পাই থাকে মৃণ্ময়হঁতে। চৰকাৰী কামৰ অৰ্ডাৰত প্ৰথম ব্ৰেকথ্ৰু বুলিবলৈ হ’লে হাওড়াৰ শৰত্সদনত ৰাজ্যৰ মধ্যমীয়া আৰু ক্ষুদ্ৰ উদ্যোগ বিভাগৰ ছেমিনাৰৰ ভিডিঅ’গ্ৰাফী আৰু নিমন্ত্ৰণীপত্ৰৰ অৰ্ডাৰ। ইয়াৰ পিছত ২০১৪ চনৰ জুলাইত হাওড়াৰ সৰ্বশিক্ষা মিছনৰ শিক্ষাসপ্তাহ শীৰ্ষক এক কেম্পেইন কৰে। জিলাখনৰ সকলো প্ৰাথমিক বিদ্যালয়ত কাঠৰ ফ্ৰেম সাজি ১৪০খন ফ্লেক্স লগোৱাৰ কাম পালে মৃণ্ময়হঁতে। লাহে লাহে সাংস্কৃতিক বিভাগৰ জিলাভিত্তিক কাম, যেনে- কাৰ্ড, বেনাৰ, ফ্লেক্সৰ কাম পাই থাকিল মেক্স অ’মনিমিডিয়াই। বিশেষকৈ হাওড়া আৰু উত্তৰ ২৪ পৰগনা জিলাৰ আৰু মহকুমাৰ চৰকাৰী বিভাগসমূহৰ বহুতো বেনাৰ, ফ্লেক্সৰ কাম পাই থাকিল অভীক-মৃণ্ময়ে। ভোটৰ সময়ত ডাইমণ্ড হাৰ্বাৰত থকা কাউণ্টিং ষ্টেশ্যনত থ্ৰিডি ইমেজ প্ৰস্তুত কৰি দিয়ে মেক্স-এ। ইয়াৰ বাহিৰেও ডাইমণ্ড হাৰ্বাৰ প্ৰশাসনিক ভৱনৰ চাৰিমহলীয়া অট্টালিকাত বিভিন্ন বিভাগৰ নামকৰণৰ ছাইনব’ৰ্ড প্ৰস্তুত কৰাৰ কামো পালে এই দুগৰাকী তৰুণ উদ্যোক্তাই।

মৃণ্ময়ৰ কয়, ‘জিনি এণ্ড জনী, ৰত্ন বিক্ৰেতা প্ৰতিষ্ঠান গীতাঞ্জলী গ্ৰুপ আমাৰ ক্লায়েণ্ট। এই সংস্থাসমূহৰ বিভিন্ন ষ্টোৰত ফ্লেক্স, ভিনাইল প্ৰস্তুত কৰাৰ কাম কৰোঁ আমি। ২০ হাজাৰ টকাৰপৰা আৰম্ভ কৰি ডেৰ বছৰত টাৰ্ণঅ’ভাৰ প্ৰায় ১২ লাখ টকা।’ ক’বলৈ গ’লে মেক্স অ’মনিমিডিয়াৰ এতিয়াও কোনো কাৰ্যালয় নাই। অভীকৰ ঘৰতে চলে যাৱতীয় কাম। মৃণ্ময়ৰ মতে, ‘ঠাণ্ডা ঘৰত বহি ব্যৱসায় নহয়। শিৰ অৱনত কৰি বজাৰ চাই কাম কৰিবলগীয়া হয়।’ ব্যৱসায় বাঢ়িছে। এইবাৰ এটা ডাঙৰ কাৰ্যলয় স্থাপন কৰাৰ সমান্তৰালভাৱে কিছু মানুহ নিয়োগ কৰাৰ কথা ভাবিছে দুয়োগৰাকী তৰুণ উদ্যোক্তাই। তৰুণ প্ৰজন্মৰ যিসকলে ষ্টাৰ্টআপৰ কথা ভাবিছে তেওঁলোকৰ বাবে মৃণ্ময় আৰু অভিকৰ বাৰ্তা, সামৰ্থ্যৰ বাহিৰলৈ ভৰি মেলিব নালাগে। যিমান কাম কৰিব পাৰে ক্লায়েণ্টক সিমানেই প্ৰতিশ্ৰুতি দিয়াটো ভাল। তাতকৈ বেছি নহয়। আৰু ঠিক সময়তে ক্লায়েণ্টৰ কাম বুজি ল’ব লাগিব। গুণ, মান আৰু সময়জ্ঞান- এই তিনিটা থাকিলে কেতিয়াও পিছলৈ চাবলগীয়া নহয়।

মূল: তিয়াশা বিশ্বাস

অনুবাদ: ৰুবুল দাস

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিন্দু উপাধ্যায়: খালী ভৰিৰে দৌৰি সপোন পূৰাব খোজা ছোৱালীজনী

কোটি টকাৰ বাবে ব্যৱসায় নে কোটিজন গ্ৰাহকৰ বাবে ব্যৱসায়?

RiiDL ৰ সহায়ত যন্ত্ৰৰে চালিত চেছ ব'ৰ্ড নিৰ্মাণ মুম্বাইৰ হাৰ্ডৱেৰ অভিযন্তাৰ

এটা ভাৰতীয় বহুজাতিক কোম্পানী নিৰ্মাণ: আয়ুশক্তি আয়ুৰ্বেদৰ ডা. স্মিতা নাৰমৰ সপোন