বৈদ্যুতিক সামগ্ৰীৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লক্ষ্য ভাৰতৰ

বৈদ্যুতিক সামগ্ৰীৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লক্ষ্য ভাৰতৰ

Monday January 30, 2017,

2 min Read

অলপতে কেন্দ্ৰীয় কেবিনেট বৈঠকত দেশৰ বৈদ্যুতিক খণ্ডত বিনিয়োগ বৃদ্ধিৰ জৰিয়তে ২০২০ৰ ভিতৰত এটাও বৈদ্যুতিক সামগ্ৰী বিদেশৰ পৰা আমদানি নকৰাৰ বাবে সংশোধিত বিশেষ সা-সুবিধাৰ পেকেজ আঁচনি (M-SIPS) সম্পর্কীয় কর্মসূচীৰ সংশোধনী প্ৰস্তাৱত অনুমোদন জনৱা হয়।

বৈদ্যুতিক সা-সৰঞ্জামৰ নক্সা আৰু উৎপাদনখণ্ডত বিনিয়োগ দ্রুত হাৰত বৃদ্ধি কৰাৰ উপৰি ইয়াৰ ফলত যিমানেই কর্মসংস্থাপনৰ ব্যাপক সুযোগ সৃষ্টি হ’ব সিমানেই আমদানিৰ ওপৰত থকা নির্ভৰশীলতাও ক্রমান্বয়ে হ্রাস পাই আহিব। কর্মসূচীৰ আওঁতাত ইতিমধ্যে যিবোৰ প্রকল্প অন্তৰ্ভূক্ত কৰা হৈছে, তাত প্রত্যক্ষ আৰু পৰোক্ষভাৱে প্রায় ১০ লোকৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

image


এই নীতিয়ে বৈদ্যুতিক খণ্ডত বিনিয়োগ কৰিব বিচৰা দেশৰ সকলো ৰাজ্য আৰু জিলাৰ লোকসকলক সূযোগ প্ৰদান কৰিব। এই আঁচনিৰ অধীনত বৰ্তমানলৈকে ২৪৩খন আবেদন লাভ কৰা হৈছে, য’ৰ ৭৫খন আবেদনত অনুমোদন জনোৱা হৈছে। ইয়াৰ বাবে ১৭,৯৯৭ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱতো অনুমোদন জনোৱা হৈছে।

এই সংশোধনীৰ মুল বৈশিষ্ট্যবোৰ হ’লঃ

ক) এই আঁচনিৰ অধীনত ২০১৮ৰ ৩১ মাৰ্চ পৰ্যন্ত অথবা ইয়াৰ প্ৰতিশ্ৰুতিমুলক সা-সুবিধা ১০,০০০ কোটি নোহোৱালৈকে আবেদন গ্ৰহণ কৰা হ’ব। এই লক্ষ্যত উপনীত হ’লে পৰৱৰ্তী বিত্তীয় প্ৰতিশ্ৰুতিৰ সিদ্ধান্তৰ বাবে এক পৰ্যালোচনা কৰা হ’ব।

খ) এই আঁচনি অধীনৰ সা-সুবিধাৰ নতুন অনুমোদনৰ বেলিকা প্ৰকল্প অনুমোদন কৰা দিনৰ পৰাহে গণনা কৰা হ’ব। আবেদন গ্ৰহণ কৰা দিনটোৰ পৰা গণ্য কৰা নহয়। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিধান সভা অধিবেশন উপলক্ষে মহানগৰীৰ যান-বাহন সম্পৰ্কীয় বাধা-নিষেধ

এটি শিশুৰ জন্মই গঢ় দিছিল এটা ষ্টাৰ্টআপৰ

৩ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ তৃতীয় ৰঙালী উৎসৱ

বৃদ্ধ পেঞ্চন বীমা আঁচনি-২০১৭