গুৱাহাটীৰপৰা বাংগালুৰুলৈ ধাৰাবাহিক উদ্যমী ২২ বছৰীয়া ঋদ্ধিনীল ৰয়ৰ চমকপ্ৰদ যাত্ৰা

গুৱাহাটীৰপৰা বাংগালুৰুলৈ ধাৰাবাহিক উদ্যমী ২২ বছৰীয়া ঋদ্ধিনীল ৰয়ৰ চমকপ্ৰদ যাত্ৰা

Monday May 23, 2016,

4 min Read

‘মই বহুবাৰ বিফল হৈছো । যিমানে বিফল হওঁ সিমানে মই আৰু আগবাঢ়িবলৈ অনুপ্ৰাণিত হওঁ।‘ য়'ৰ ষ্ট'ৰী অসমীয়াৰ আগত নিজৰ মনৰ কথা এইদৰে ক’লে ঋদ্ধিনীল ৰয়ে । গুৱাহাটীৰ যুৱক ঋদ্ধিনীল ৰয় । গুৱাহাটীৰ এটা মধ্যবিত্ত পৰিয়ালৰপৰা গৈ বাংগালুৰুত দেশৰ অগ্ৰণী কেম্পাছ ডেশ্বব’ৰ্ড প্লেটফৰ্ম স্থাপন কৰালৈকে ঋদ্ধিনীলৰ কাহিনী যথেষ্ট অনুপ্ৰেৰণাদায়ক ।

“মোৰ মা-দেউতাই মোৰ বাবে বহুত কষ্ট কৰিছে । গুৱাহাটীৰ ওদালবাক্ৰাৰ আমাৰ ঘৰ এসময়ত বছৰৰ তিনি-চাৰি মাহেই পানীত বুৰ গৈ থাকিছিল। মই যাতে পানী খচকিবলগীয়া নহয় তাৰ বাবে মা-দেউতাই মোক স্কুল বাছলৈকে ডাঙি লৈ গৈছিল । মই যি হৈছো সেয়া মই তেওঁলোকৰ কাৰণেই হৈছো।‘ ঋদ্ধিনীলে কয়। সৰুতে দেখা সেই বানপানীয়ে ঋদ্ধিনীলক ইমানেই প্ৰভাৱিত কৰিছিল যে তৃতীয় শ্ৰেণীত থাকোঁতে গুৱাহাটীৰ বানপানী শীৰ্ষক ছৱি আঁকি ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত স্বৰ্ণপদক পাইছিল তেওঁ । পিতৃ হৃদয়ৰঞ্জন ৰয় আৰু মাতৃ মৌচুমী ৰয়ে কিন্তু ইমানবোৰ সমস্যাৰ মাজতো যোগাত্মক মনোভাৱ এৰা নাছিল । মাকে তেওঁক কৈছিল, ‘ আমাৰ সকলো কষ্টৰ ফল আমি সেইদিনা পাম যিদিনা তুমি সমাজত এজন ভাল নাগৰিক হিচাপে থিয় দিব পাৰিবা।‘ ঋদ্ধিনীলে কয় এই কথাই তেওঁক আজিও যোগাত্মক মনোভাৱেৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে আৰু ইয়েই তেওঁক জীৱনৰ বাটত আগুৱাই যাবলৈ সহায় কৰিছে।

image


ষ্টাৰ্টআপৰ পোক

গুৱাহাটীৰ খানাপাৰ কেন্দ্ৰীয় বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰাৰ পাছত বাংগালুৰুৰ দয়ানন্দ সাগৰ কলেজ অৱ ইঞ্জিনিয়াৰিঙলৈ বায়টেকনলজীত বি ই কৰিবলৈ য়ায় ২০১২ চনত । সেইসময়ত ভাৰতবৰ্যত ষ্টৰ্টআপ সংস্কৃতিৰ ঢৌ প্ৰৰম্ভিক পৰ্যায়ত । দেশৰ ষ্টাৰ্টআপ ৰাজধানীৰূপে খ্যাত বাংগালুৰুত ভৰি দিয়েই যেন ঋদ্ধিনীলে সন্ধান পালে এখন নতুন জগতৰ । দেশজুৰি বলা ষ্টাৰ্টআপৰ বতাহজাকে ভালকৈয়ে কোবাই গ’ল ঋদ্ধিনীলক । উদ্যমী ঋদ্ধিনীলে সিদ্ধান্ত ল’লে ষ্টাৰ্টআপৰ সংস্কৃতিটো মজ্জাগত কৰি ল’ব তেওঁ। ইয়াৰবাবে তেওঁ যিটো পন্থা ল’লে, বহুতৰ দৃষ্টিত সেইটো আছিল অলপ আচহুৱা ।

প্ৰথম ষান্মাষিকত থাকোতেই এটা ষ্টাৰ্টআপত ইন্টাৰ্নশ্বিপ কৰিবলৈ আৰম্ভ কৰে ঋদ্ধিনীলে। তেওঁ ইন্টাৰ্নশ্বিপ কৰিবলৈ লোৱা সিদ্ধান্তত আন মানুহ বাদেই, স্বয়ং সেই ষ্টাৰ্টআপ প্ৰতিষ্ঠানটোৰ বিষয়ববীয়া সকলো আচৰিত হৈছিল । কিন্তু সেই সিদ্ধান্তক লৈ ঋদ্ধিনীলৰ মনত কোনো শংকা নাছিল । কাৰণ তেওঁৰ লক্ষ্য আছিল জ্ঞান আহৰণ । তেওঁৰ লক্ষ্য আছিল ষ্টাৰ্টআপ সংস্কৃতিক ওচৰৰ পৰা বুজি পোৱা।

সেই সময়ত যুৱ সমাজৰ মাজত ফেচবুক, হোৱাটছআপ আদি ইতিমধ্যে যথেষ্ট জনপ্ৰিয় হৈ উঠিছিল । এই জনপ্ৰিয়তাই ঋদ্ধিনীলক অনুপ্ৰাণিত কৰিলে কেৱল শৈক্ষিক প্ৰতিষ্ঠানৰ চৌহদ সামৰি এক কেম্পাছ ডেশ্বব’ৰ্ড প্লেটফৰ্ম বনাবলৈ । সহজ ভাষাত ক’বলৈ হ’লে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যোগাযোগ আৰু তথ্যৰ আদান প্ৰদানৰ এক অনলাইন মাধ্যম । জন্মলাভ কৰিছিল ডি এছ আই কানেক্টিভ প্লাছে । 

image


ডি এছ আই কানেক্টিভ প্লাছ 

কিন্তু অগতানুগতিক এই ধাৰণাৰ পথ ইমান মসৃণ নাছিল । কলেজীয়া ছাত্ৰই চলোৱা এটা প্ৰতিস্থানৰ পথ ইমান মসৃণ নোহোৱাটোৱেই স্বাভাবিক । পুঁজিৰ নাটনিৰপৰা আৰম্ভ কৰি অন্যান্য বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ডি এছ আই কানেক্টিভ প্লাছৰ সমূখত দেখা দিলে আস্তিত্বৰ সংকটে । তথাপি কিন্তু হাত দাঙি দিয়া ভকত নাছিল ঋদ্ধিনীল। দুবছৰ ধৰি কোনোমতে চলাই থকাৰ অন্তত কিছু সুস্থিৰ হবলৈ আৰম্ভ কৰিলে কানেক্টিভে । ইতিমধ্যে  ঋদ্ধিনীলে আৰম্ভ কৰিছিল আন এক ষ্টাৰ্টআপ - বায়কগনিজেন্স । নিজৰ শৈক্ষিক ক্ষেত্ৰ বায়টেকৰ লগত সংগতি থকা এই ষ্টাৰ্টআপ পৰৱৰ্তী সময়ত জাৰ্মান প্ৰতিস্থান এটাই ক্ৰয় কৰে । 

image


ঋদ্ধিনীলে কয়, 'মই ষ্টাৰ্টআপ আৰম্ভ কৰি উজুটি খাইছিলো, কিন্তু অাকৌ ষ্টাৰ্টআপ আৰম্ভ কৰিয়েই মই প্ৰত্যাৱৰ্তন কৰিব পাৰিলো। ' 

বায়কগনিজেন্স বিক্ৰী হোৱাৰ পাছত কানেক্টিভ প্লাছেও যেন নতুনকৈ বল পালে । দুগুণ উদ্যমেৰে কানেক্টিভক আগবঢ়াই নিবলৈ সাজু হ'ল ঋদ্ধিনীল । ৱেবছাইটৰ লগতে এপৰ মাধ্যমেৰেও উপলব্ধ কানেক্টিভ প্লাছ বৰ্তমান গুৱাহাটী, আহমেদাবাদ, চেন্নাই, বাংগালুৰু, দিল্লী, হাইদৰাবাদ, মুম্বাই, কলকাতা আদি ঠাইৰ ৩০খনতকৈও অধিক শৈক্ষিক প্ৰতিস্থানৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়োগ কৰি আছে । অসমৰ অসম আভিযান্ত্ৰিক মহাবিদ্যালয়, যোৰহাট আভিযান্ত্ৰিক মহাবিদ্যালয়, গিৰিজানন্দ চৌধুৰী ইন্সটিটিউট অৱ টেকনলজী আদি প্ৰতিস্থানতো জনপ্ৰিয় এই প্লেটফৰ্ম । কানেক্টিভৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে ইন্টাৰ্নশ্বিপ, বৃত্তিকে ধৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় তথ্যৰ আদান প্ৰদান আৰু পাৰস্পৰিক যোগাযোগ ৰাখিব পাৰে। ফিলাডেলফিয়াৰ হেইছ গ্ৰুপে ইতিমধ্যে ইয়াক পৰৱৰ্তী ১০০ টা ডাঙৰ ঢৌৰ তালিকাত স্থান দিছে । 

image


কিন্তু অসমক পাহৰি যোৱা নাই ঋদ্ধিনীলে । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্টআপসমূহক সহায় কৰাৰ বাবে অতি শীঘ্ৰেই এন ই এইট নামৰ এক ষ্টাৰ্টআপ এক্সিলাৰেটৰ গঠন কৰাৰ প্ৰক্ৰিয়া চলাই আছে তেওঁ আৰু দুজনমান সহযোগীয়ে। তেওঁৰ মতে যিদৰে বাংগালুৰুৰ পৰিচয় প্ৰযুক্তিৰে সেইদৰে অসমৰ ষ্টাৰ্টআপসমূহে কৃষি আৰু বস্ত্ৰশিল্পত একাণপটীয়াকৈ মনোযোগ দিয়াৰ থল আছে । নতুনকৈ ষ্টাৰ্টআপ কৰিব খোজাসকললৈ ঋদ্ধিনীলৰ উপদেশ- 

‘অকল পুঁজিৰ কথা ভাবি নহয়, যোগাত্মক মনোভাৱেৰ ষ্টাৰ্টআপ কৰক। কাৰণ যোগত্মক মনোভাৱেৰে বুনিয়াদী কথাসমূহত গুৰুত্ব নিদিলে অকল পুঁজিয়ে একো কৰিব নোৱাৰে ।’

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী  

অসমত ষ্টাৰ্টআপ সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়াস ষ্টাৰ্টআপ আছামৰ

প্ৰথমটো অসমীয়া ছাৰ্চ ইঞ্জিন: বিনায়ক শাণ্ডিল্যৰ sondhan.in

'আৰোহন ফুডচ'ৰ সফল যাত্ৰাই অনুপ্ৰাণিত কৰিছে অসমৰ নৱ প্ৰজন্মৰ উদ্যোগীক

বাঁহৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰা এগৰাকী যুৱ উদ্যমী