ফাৰ্মাচিউটিকেল আৰু স্বাস্থ্যসেৱাত শক্তিশালী ভাৰতীয় মহিলাৰ কাহিনী

এই লেখাটিত আমি কেইগৰাকীমান সবল মহিলা নেত্ৰীৰ কথা আলোচনা কৰিছো যি ফাৰ্মাউচিটিকেলৰ ক্ষেত্ৰত দেশৰ লগতে সমগ্ৰ বিশ্বতে নাম উজলাবলৈ সক্ষম হৈছে|

ফাৰ্মাচিউটিকেল আৰু স্বাস্থ্যসেৱাত শক্তিশালী ভাৰতীয় মহিলাৰ কাহিনী

Tuesday November 10, 2015,

5 min Read

কিৰণ মজুমদাৰ শ্ব; অধ্যক্ষা তথা পৰিচালন সঞ্চালিকা- বায়’ক’ন লিমিটেড

বিশ্বমানৰ সফল প্ৰযুক্তিবিদ শ্ব হৈছে ভাৰতৰ প্ৰমুখতম বায়’টেকনলজী এন্টাৰপ্ৰাইজ বায়’কনৰ মুৰব্বী। তেওঁক কৰ্প’ৰেট দুনিয়াত খুব সন্মান কৰা হয় আৰু “টাইম” আলোচনীয়ে তেওঁৰ নাম পৃথিৱীৰ ভিতৰতে এশগৰাকী সৰ্বোচ্চ প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত উল্লেখ কৰিছে। কিছুদিনৰ আগতে “ইক’নমিক টাইমছে” তেওঁৰ নাম ভাৰতীয় উদ্যোগৰ ২০১২ চনৰ শীৰ্ষ ১০ গৰাকী CEOৰ তালিকাত প্ৰকাশ কৰে।

image


শ্ব কৰ্ণাটকৰ ভিশ্যন গ্ৰুপ অন বায়’টেকন’লজীৰ চেয়াৰপাৰ্ছন আৰু তেখেতে আয়াৰলেণ্ডৰ ব’ৰ্ড অব ছায়েন্স ফাউণ্ডেশ্যনতো কৰ্ম নিৰ্বাহ কৰিছিল। তেওঁ চৰকাৰৰ বায়’টেকন’লজী ডিপাৰ্টমেন্টৰ এডভাইজৰী কাউন্সিলতো সেৱাৰত। ভাৰতত বায়’টেকন’লজীক আগুৱাই নিয়াত; চৰকাৰ, উদ্যোগ আৰু একাডেমিয়াক ঐক্যবদ্ধ কৰাত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ। তেখেত প্ৰধানমন্ত্ৰীৰ কাউন্সিল অ’ন ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া আৰু আমেৰিকা-ভাৰতৰ CEO Forum ৰো এক উল্লেখযোগ্য অংশ। শ্ৰীমতী শ্ব’ হৈছে ইণ্ডিয়ান ফাৰ্মাক’পিয়া কমিশ্যনৰ গভৰ্নিং বডী আৰু জেনেৰেল বডীৰ সদস্যা। ভাৰতৰ ৰপ্তানি উত্তৰণৰ কৌশলৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰামৰ্শদাতা কাউন্সিলৰো তেওঁ সদস্যা। তেওঁ USC Viterbi School of Engineering ৰ এডভাইজৰী ব’ৰ্ডৰো সদস্যা। তাৰোপৰি তেওঁ কেইবাখনো নামী দামী প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা সদস্যা।

শ্বৱে কেইবাটাও সন্মানজনক বঁটা লাভ কৰিছে। তাৰ ভিতৰত নিক্কেই এছিয়া প্ৰাইজ 2009, এক্সপ্ৰেছ ফাৰ্মাচিটিকেল লীডাৰশ্বিপ ছামিট এৱাৰ্ড ২০০৯, ইকন’মিক টাইমছৰ “বিজনেছ-ৱ’মেন অব দা ইয়েৰ”, আৰ্ণষ্ট এণ্ড ইয়ং এন্ট্ৰিপ্ৰিনিউৰ অব দি ইয়েৰ ফৰ লাইফ ছায়েন্স এণ্ড হেলথকেয়াৰ; “টেকনলজী পায়’নীয়াৰ” ৰিকগনিছন বাই ৱৰ্ল্ড ইকনমিক ফৰাম এণ্ড দা ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্ছ লাইফটাইম এচিভমেন্ট এৱাৰ্ড। তেওঁ লাভ কৰা অন্যতম ৰাষ্ট্ৰীয় বঁটাৰ ভিতৰত ইণ্ডাষ্ট্ৰিয়েল বায়’টেকনলজীত তেখেতৰ অৱদানৰ বাবে লাভ কৰা পদ্মশ্ৰী (১৯৮৯) আৰু পদ্মভূষণ (২০০৫) বঁটাও আছে।

ড০ পৃথা ৰেড্ডী, মেনেজিং ডাইৰেক্টৰ- এপ হস্পিটেল এণ্টাৰপ্ৰাইজ লিমিটেড

ভাৰতত কৰ্প’ৰেট স্বাস্থ্যসেৱাৰ সূচনা কৰা পিতৃ ড০ প্ৰতাপ চি. ৰেড্ডীৰ দ্বাৰা অনুপ্ৰাণিত তথা প্ৰেৰিত হৈ পৃথাই 1989 চনত এপ’ল’ হস্পিটেলত জয়ন্ট মেনেজিং ডাইৰেক্টৰ হিচাপে যোগদান কৰে আৰু পাঁচবছৰ পিছত তেওঁ গোটটোৰ মেনেজিং ডাইৰেক্টৰ হয়। এছিয়া আৰু সমগ্ৰ বিশ্বতে সংহত স্বাস্থ্য-বিভাগত এপ’ল’ হস্পিটেলে নাম উজলাব পাৰিছে। এই গোটত চহৰীয় আৰু উপকণ্ঠ অঞ্চলত কোৱাটাৰনাৰী আৰু টাৰ্ছিয়াৰী হস্পিটেলৰ লগতে প্ৰাইমেৰী কেয়াৰ, ডায়গ’নিষ্টিক ফেমিলী ক্লিনিক, ফাৰ্মাছী, স্বাস্থ্য সম্বন্ধীয় শিক্ষা, গ্ল’বেল ক্লিনিকেল ট্ৰায়েল, ৱেলনেছ, হেলথকেয়াৰ কনছাল্টিং, বিজনেছ প্ৰছেছ অপাৰেশ্যন আৰু হেল্থকেয়াৰ টেকন’লজী ছাৰ্ভিছ আদিৰ বিভিন্ন বিভাগো উপলব্ধ। ১৯৮৩ ত আত্মপ্ৰকাশ কৰা এপ’ল’ হস্পিটেলত আজিলৈকে তিনি কোটিৰো অধিক ৰোগীয়ে চিকিৎসা কৰোৱাইছে।

image


পৃথা ৰেড্ডীয়ে এপ’ল’ হস্পিটেল গোটক সুকলমে চলাই নিয়াৰ লগতে ক্লিনিচিয়ানসকলৰ সৈতে সংস্পৰ্শ ৰাখি কাম কৰে যাতে নিৰন্তৰ ক্লিনিকেল পৰিণতিৰ মান উধাই নি থাকিব পৰা যায়। তেওঁ নতুন প্ৰকল্পবিলাকৰ প্লেনিং, ডিজাইনিং আৰু ফাণ্ডিং চোৱা-চিতা কৰাৰ লগতে গোটটোক সৰ্বোত্তম সাহায্য আৰু ফাণ্ডিংৰ ফালেও আগবঢ়াই নিয়ে।

ভাৰতত ম’বাইল সেৱাৰ সম্প্ৰসাৰণলৈ চাই পৃথাই টেলিকম সেৱা প্ৰদানকাৰী সকলৰ সৈতে পাৰ্টনাৰশ্বিপ কৰি এপ’ল’ হস্পিটেলক m-health ৰ ক্ষেত্ৰতো আগুৱাই নিছে। এই যুগান্তকাৰী ম’বাইল হেল্থকেয়াৰ পাৰ্টনাৰশ্বিপে ভাৰতবৰ্ষ জুৰি স্বাস্থ্যসেৱা বিয়পাই দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু এপ’ল’ হস্পিটেলৰ এশ কোটি জীৱনক সহায় কৰাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

তেওঁ ভাৰত চৰকাৰ আৰু কিছু উদ্যোগৰ সতে কাম কৰি বিভিন্ন গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱা বিষয়ত উন্নত আঁচনি প্ৰণয়ন কৰাত সহায় কৰে। ২০০৯ চনত মনমোহন সিঙে তেওঁক ভাৰত-মাৰ্কিন আৰু ভাৰত-মাৰ্কিন CEO Forumত ভাগ ল’বলৈ আমন্ত্ৰণ জনায়।

Fortune আলোচনীৰ দ্বাৰা ২০১০আৰু ২০১১ চনত পৃথা ৰেড্ডীক “বাণিজ্যিক জগতৰ ৫০ গৰাকী সফল মহিলা” ৰ ইন্টাৰনেছনেল তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। তেখেতৰ নাম ২০০৬ ৰ পৰা “বিজনেছ টুডে”ই প্ৰকাশ কৰি অহা শক্তিশালী বিজনেছ ৱ’মেনৰ তালিকাত নিয়মিত ৰূপত আহি আছে।

শ্ৰীমতী ৰেড্ডীয়ে ল’য়লা ফৰাম ফ’ৰ হিষ্টৰিকেল ৰিছাৰ্ছৰ ফালৰ পৰা ছ’ছিয়েল ছায়েন্সৰ ক্ষেত্ৰত উন্নত সেৱা প্ৰদান কৰাৰ বাবে লাইফটাইম এছিভমেন্ট এৱাৰ্ডো লাভ কৰিছে। তেওঁ বঞ্চিত সকলৰ বাবে কাম কৰা অনুষ্ঠান SACHi (Save a Child’s Heart Initiative) ৰ এগৰাকী আগশাৰীৰ কৰ্মকৰ্তা। SACHi ৰ উদ্যোগত ৫০০০ কাৰ্ডিয়াক ছাৰ্জাৰী আৰু ৫০০০০ বঞ্চিত শিশুক কাৰ্ডিয়াক ৰোগৰ বাবে স্ক্ৰীন কৰা হৈছে। অনেক মেডিকেল ইমাৰ্জেন্সী তথা বিপদৰ সময়ত তেওঁ গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে।

ডঃ স্বাতী এ পিৰামল, উপাধ্যক্ষ; পিৰামল এণ্টাৰপ্ৰাইজ

ডঃ স্বাতী পিৰামল হৈছে ভাৰতৰ আগৰণুৱা বিজ্ঞানী আৰু উদ্যোগপতিসকলৰ ভিতৰত অন্যতম আৰু তেওঁ স্বাস্থ্যসেৱাতো জড়িত হৈ আছে। তেওঁৰ নতুন ঔষধ আৰু ৰাজহুৱা স্বাস্থ্যসেৱালৈ আগবঢ়োৱা অৱদানে হাজাৰ লোকৰ জীৱনলৈ পৰিবৰ্তন আনিছে। ১৯৫৬ত চনত জন্মগ্ৰহণ কৰা ডঃ পিৰামলে তেওঁৰ মেডিকেল ডিগ্ৰী- M.B.B.S. ১৯৮০ চনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা আহৰণ কৰে। তেওঁ হাৰ্ভাৰ্ড স্কুল অব পাব্লিক হেল্থৰো প্ৰাক্তন ছাত্ৰী। ১৯৯২ চনত তেখেতে পাব্লিক হেল্থত মাষ্টাৰ্ছ ডিগ্ৰী লাভ কৰাৰ পিছত বিশ্ব জুৰি জনস্বাস্থ্যৰ ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে।

image


ডঃ পিৰামলে কেঞ্চাৰ, ডায়েবেটিছ, ইনফ্লেমেশ্যন আৰু সংক্ৰামক ৰোগৰ ওপৰৰ গৱেষণা কৰি থকা এটি বিজ্ঞানীৰ দলৰ পৰিচালনা কৰে। এই টীমৰ ওচৰত ২০০ আন্তঃৰাষ্ট্ৰীয় পেটেন্ট আৰু ১৪ বিধ নতুন ঔষধৰ সুনাম আছে। পিৰামল এন্টাৰপ্ৰাইজ এক মাল্টিনেশ্যনেল কোম্পানী, য’ত বিশ্বমানৰ নিৰ্মাণ ব্যৱস্থা আছে আৰু ই এশৰো অধিক দেশলৈ ঔষধ ৰপ্তানি কৰে। তেওঁ মুম্বাই স্থিত গোপীকৃষ্ণ পিৰামল হস্পিটেলৰ এগৰাকী প্ৰতিষ্ঠাপক আৰু বিভিন্ন দুৰাৰোগ্য ৰোগ যেনে অষ্টিঅ’পৰছিছ, মেলেৰিয়া, ষক্ষ্মা, মৃগী আৰু পলিঅ’ৰ বিৰুদ্ধে অভিযান চলাই আহিছে। তেওঁ Ostop India নামৰ এটি Osteoporosis বিৰোধী অভিষান আৰম্ভ কৰিছিল আৰু মধুমেহ চিনাক্তকৰণৰ বাবে এক ফিল্ড ডিটেকশ্যন চেন্টাৰো আৰম্ভ কৰে।

পিৰামল ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ হিচাপে তেওঁ HMRI নামৰ এক মবাইল হেল্থ সেৱাৰ যোগেদি গাওঁ অঞ্চলত সুস্বাস্থ্য বিয়পোৱাত সহায় কৰে। তেওঁ নাৰী সবলীকৰণৰ প্ৰকল্প আৰু কিশোৰ নেতা নিৰ্মাণৰ বাবে সমুহীয়া শিক্ষা প্ৰসাৰতো মনোনিবেশ কৰে। তেওঁ যোৱা ৯০ বছৰত ভাৰতৰ শীৰ্ষ চেম্বাৰ অব কমাৰ্ছৰ, ASSOCHAM প্ৰথম মহিলা সভাপতি।

তেওঁ বৰ্তমান হাৰ্ভাৰ্ড স্কুল অব পাব্লিক হেল্থ আৰু হাৰ্ভাৰ্ড বিজনেছ স্কুল দুয়োৰে ডীন’ছ এডভাইজৰী বৰ্ডত সেৱাৰত। তেওঁ স্বাস্থ্যসেৱা, বিত্তীয় সেৱা, নিৰ্মাণ আদিৰ সতে জড়িত অনেক কোম্পানীৰ বৰ্ডৰ সদস্যা। 2012 চনৰ এপ্ৰিল মাহত ডঃ পিৰামলে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী সন্মান কৰে। ২০১২ চনৰ মে' মাহত তেওঁ হাৰ্ভাৰ্ড ব'ৰ্ড অব অভাৰছিয়াৰছত এগৰাকী সদস্যা হিচাপে নিৰ্বাচিত হয়। ডঃ স্বাতীয়ে এলুমনাই মেৰিট এৱাৰ্ড ২০১২ চনৰ ছেপ্টেম্বৰত লাভ কৰে, যিটো হাৰ্ভাৰ্ডৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা সৰ্বোচ্চ বঁটা। নেশ্যনেল টেকন’লজি দিৱসত তেওঁক ২০০৮ চনৰ Distinguished Scientist Oration বঁটা প্ৰদান কৰা হয়। ইয়াৰ বাহিৰেও তেওঁ অলেখ গুৰুত্বপূৰ্ণ বঁটা আৰু সন্মান লাভ কৰিছে।

বিনীতা গুপ্তা, CEO- লুপিন ফাৰ্মাচিউটিকেলছ

image


মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ফাৰ্মাচীত স্নাতক আৰু জে.এল. কেল’গ গ্ৰেজুৱেট স্কুল অব মেনেজমেন্টৰ পৰা এম.বি.এ. কৰা বিনীতা গুপ্তাই ল্যুপিন গোটৰ বিভিন্ন 'এডভান্সড মাৰ্কেট' প্ৰকল্পত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰ তথা ইউৰোপত কোম্পানীটোৰ 'এডভান্সড মাৰ্কেট' ব্যৱসায়ৰ মুৰব্বী হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আহিছে। তেওঁৰ নেতৃত্বতে ল্যুপিন এক বিশ্বমানৰ জেনেৰিক প্ৰতিষ্ঠান হিচাপে থিয় দিব পাৰিছে। বিশেষকৈ আমেৰিকাৰ বজাৰত শিশুৰোগৰ ক্ষেত্ৰখনত ল্যুপিন এক জাকতজিলিকা কোম্পানী হিচাপে পৰিগণিত হৈছে।


ওপৰত উল্লেখ কৰা মহিলাসকলে ভাৰতৰ ফাৰ্মা আৰু হেল্থকেয়াৰৰ ক্ষেত্ৰতেই নহয়, বিশ্বমানৰ নেতৃত্বৰ ক্ষেত্ৰতো লেখত ল’'বলগীয়া অৱদান আগবঢ়াইছে। আমি আশা কৰোঁ ভৱিষ্যতে এই ক্ষেত্ৰত আৰু অনেক তাৰকা উদ্ভাসিত হ’ব।