উত্তৰ পূৰ্বাঞ্চলৰ বাবে সামাজিক আৰু আন্তঃগাঁথনি উন্নয়নমূলক পুঁজি

উত্তৰ পূৰ্বাঞ্চলৰ বাবে সামাজিক আৰু আন্তঃগাঁথনি উন্নয়নমূলক পুঁজি

Friday March 31, 2017,

1 min Read

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজহুৱা পুঁজিৰ শিতানত , বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু অন্যান্য সীমান্তৱৰ্তী অঞ্চলৰ সাধাৰণ আঁচনিয়ে ঢুকি নোপোৱা বিশেষ সমস্যা কিছুমানৰ সমাধানৰবাবে মুঠ ৫৮৬.২০ কোটি টকাৰ সামাজিক আৰু আন্তঃগাঁথনি উন্নয়নমূলক পুঁজি গঠন কৰা হৈছে।

image


এই আঁচনিৰ অধীনত অনুমোদন লাভ কৰা মুঠ ২৬ টা প্ৰকল্পৰ ৬২.৪১ কোটি টকাৰ ৩ টা প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। ১৩ টা প্ৰকল্পৰ বাবে অন্তিম ২১৮.৬৩ কোটি টকা মুকলাই দিয়া হৈছে আৰু প্ৰকল্প সম্পূৰ্ণ হোৱাৰ প্ৰমাণ-পত্ৰ কম সময়ৰ ভিতৰতে লাভ কৰা হ’ব। ৪ টা প্ৰকল্পৰ বাবে দ্বিতীয়টো কিস্তি মুকলাই দিয়া হৈছে আৰু ৬ টা প্ৰকল্পৰ বাবে প্ৰথমটো কিস্তি মুকলাই দিয়া হৈছে।

লোকসভাত বিষ্ণু দয়াল ৰামে সোধা এটা প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী (স্বাধীন দপ্তৰ), প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে এই তথ্য দাঙি ধৰে। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অষ্ট্ৰেলিয়াৰ চৰাইৰে শোণিতপুৰত উদ্যমিতাৰ নিদৰ্শন দাঙি ধৰিছে এক দম্পতীয়ে

উঃ পূবৰ ষ্টাৰ্টআপৰ অসুবিধালৈ লক্ষ্য ৰাখিয়েই নেডফি ভেঞ্চাৰ ফাণ্ড: বি পল মুক্তি, চি এম ডি, নেডফি

পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’