বিনিয়োগকাৰীৰ হেঁচাত উবেৰ চিইঅ' ট্ৰেভিছ কালনিকৰ পদত্যাগ

বিনিয়োগকাৰীৰ হেঁচাত উবেৰ চিইঅ' ট্ৰেভিছ কালনিকৰ পদত্যাগ

Wednesday June 21, 2017,

2 min Read

এসপ্তাহৰ অনুপস্থিতিৰ পাছত উবেৰ চিইঅ' ট্ৰেভিছ কালানিকে দিলে আন এক চমক । বিনিয়োগকাৰীৰ হেঁচাত পৰি অৱশেষত পদত্যাগ কৰিলে ট্ৰেভিছ কালানিকে । নিউ য়ৰ্ক টাইমছে এই বাতৰি পৰ্কাশ কৰিছে ।

বিশ্বৰ আটাইতকৈ মূল্যবান কোম্পানীৰূপে গণ্য হোৱা উবেৰৰ পাঁচজন মূখ্য বিনিয়োগকাৰীয়ে কালানিকৰ তাৎক্ষণিক পদত্যাগ বিচাৰিছিল । ইয়াৰে অন্যতম হৈছে উবেৰৰ বৃহত্তম বিনিয়োগকাৰী ভেঞ্চাৰ কেপিটেল ফাৰ্ম বেন্সমাৰ্ক । বেঞ্চমাৰ্কৰ অংশীদাৰ বিল গাৰ্লে উবেৰৰ সঞ্চালকমণ্ডলীৰ সদস্য ।

image


কালানিক চিকাগোত থকাৰ সময়তে বিনিয়োগকাৰীসকলে তেওঁলৈ তেওঁৰ পদত্যাগ বিচাৰি এখন চিঠি প্ৰেৰণ কৰে । বেঞ্চমাৰ্কৰ উপৰিও ফাৰ্ষ্ট ৰাউণ্ড কেপিটেল, মেনল' ভেঞ্চাৰছ, লৱাৰকেছ কেপিটেল আৰু ফিডেলিটি ইনভেষ্টমেন্টছে তেওঁৰ পদত্যাগ দাবী কৰে । 

উল্লেখযোগ্য যে এই বিনিয়োগকৰীসকলৰ হাতত কোম্পানীটোৰ ৪০ শতাংশ মতদান ক্ষমতা আছে । 


কোম্পানীটোৰ স্বাৰ্থতে ট্ৰেভিছক নেতৃত্ব এৰিবলৈ কয় বিনিয়োগকাৰীসকলে । ট্ৰেভিছে নিজৰ মতামত প্ৰকাশ কৰে এইদৰে-

মই উবেৰক পৃথিবীৰ আন যিকোনো বস্তুতকৈ বেছি ভাল পাওঁ আৰু এয়া মোৰ জীৱনৰ াটাইতকৈ কঠিন মুহুৰ্ত্ত । মই বিনিয়োগকাৰীসকলৰ ইচ্ছাক সন্মান জনাই আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছো যাতে উবেৰ আন এখন যুদ্ধৰ সলনি নিৰ্মাণৰ অৱস্থালৈ ঘূৰি যাব পাৰে ।

এই বছৰটো কালানিকৰ বাবে সংঘাটপূৰ্ণ বিবেচিত হৈছে । নাও দুৰ্ঘটনাত মাতৃ বিয়োগৰ উপৰিও উবেৰৰ প্ৰাক্তন কৰ্মী ছুজেন ফউলাৰে উবেৰৰ ভিতৰচৰাত চলা লিংগ বৈষম্য আৰু কদৰ্য পৰিবেশৰ কথা উদঙাই দিয়াৰ পাছত উবেৰৰ বিৰুদ্ধে চলা ঋণাত্মক প্ৰচাৰ হৈছে তেওঁৰ সমস্যআ সমূহৰ অন্যতম ।

আনহাতে গুগলৰ চালকবিহীন গাড়ী কোম্পানী ৱেম'ৰ তৰফৰ পৰা আদালতত দাখিল কৰা বৌদ্ধিক সম্পত্তিৰ অধিকাৰ সম্পৰ্কীয় এক গোচৰো চলি আছে উবেৰৰ বিৰুদ্ধে । আনহাতে প্ৰতিদ্বন্দীৰ বিৰুদ্ধে হেল নামৰ এক বিশেষ প্ৰযুক্তি ব্যৱহাৰৰ অভিযোগতো উবেৰৰ বিৰুদ্ধে তদন্ত চলি আছে । 

আনহাতে ছুজেন ফাউলাৰৰ অভিযোগৰ পাছত হোৱা তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত কোম্পানীটোৰ ২০ গৰাকীতকৈও অধিক কৰ্মীক যৌন আতিশয্যৰ অভিযোগত বহিষ্কাৰ কৰা হৈছে । 

কিন্তু ট্ৰেভিছৰ পদত্যাগে আন কেতবোৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে । উবেৰৰ নেতৃত্ব কোনে লব সেয়া এক ডাঙৰ প্ৰশ্ন । লগতে উবেৰৰ ভৱিষ্যৎ সম্পৰ্কেও এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা হৈছে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভাৰতীয় কমাণ্ডোৰ মহিলা প্ৰশিক্ষক সীমা ৰাও

এজন ২০ টকীয়া ডাক্টৰৰ মৃত্যুত শোকস্তব্ধ কোইম্বটুৰ

বাস্তৱ জীৱনৰ 'ফুনছুক ৱাঙ্গৰু' চোনম ৱাংচুকলৈ ৰ'লেক্স বঁটা