ভাৰত আৰু ৰাষ্ট্ৰসংঘৰ লিঙ্গ সমতা আৰু নাৰী সবলীকৰণ সংস্থাৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেট অনুমোদন

ভাৰত আৰু ৰাষ্ট্ৰসংঘৰ লিঙ্গ সমতা আৰু নাৰী সবলীকৰণ সংস্থাৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেট অনুমোদন

Friday March 31, 2017,

2 min Read

প্ৰধানমন্ত্ৰীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু ৰাষ্ট্ৰসংঘৰ লিঙ্গ সমতা আৰু নাৰী সবলীকৰণ সংস্থাৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

উক্ত চুক্তিখন কাৰ্যকৰী কৰিবৰ বাবে পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ সমৰ্থনৰ প্ৰয়োজন আছিল আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানে আইনী ব্যৱস্থাৰে এই চুক্তিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াব।

image


পঞ্চায়তীৰাজ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰসংঘৰ লিঙ্গ সমতা আৰু নাৰী সবলীকৰণ সংস্থাই যুটীয়াভাৱে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰিবৰ বাবে কাৰ্যব্যৱস্থা হাতত লৈছে। নিৰ্বাচিত মহিলা প্ৰতিনিধিৰদ্বাৰা মহিলা সবলীকৰণৰ কাম আগবঢ়াই নিবলৈ যত্ন কৰা হৈছে।দুয়োপক্ষই সঠিক নীতি, আঁচনি আৰু আইনী ব্যৱস্থাৰে শাসন ব্যৱস্থাত মহিলাৰ অংশগ্ৰহণ নিশ্চিত কৰিবৰ বাবে চেষ্টা কৰি আছে।দুয়োপক্ষই একমত ব্যক্ত কৰিছে যে পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ দক্ষতা বৃদ্ধিৰ এই পদক্ষেপে দুয়োপক্ষকে উপকৃত কৰি তেওঁলোকক লিঙ্গ সমতা, মহিলা সবলীকৰণ আৰু সবল প্ৰশাসনৰ দিশে আগুৱাই নিব।ভৱিষ্যতে এই পদক্ষেপে গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ মান উন্নত কৰাৰ লগতে বেইজিঙত অনুষ্ঠিত বহনক্ষম উন্নয়নৰ লক্ষ্য অনুষ্ঠানত মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বিভাজন নোহোৱা কৰিম বুলি ভাৰতে কৰা প্ৰতিশ্ৰুতিও ৰক্ষা হ’ব।

প্ৰস্তাৱিত বুজাপৰাৰ চুক্তিখনত পঞ্চায়তীৰাজ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰসংঘৰ লিঙ্গ সমতা আৰু নাৰী সবলীকৰণ সংস্থাই যুটীয়াভাৱে ৰাষ্ট্ৰসংঘৰ উন্নয়ন সহযোগিতা আঁচনিৰ অধীনত সময়সাপেক্ষ কিছুমান কৰ্মআঁচনি নিৰ্দ্ধাৰণ কৰিছে।এই চুক্তিয়ে সেয়ে কিছু গুৰুত্বপূৰ্ণ সহযোগিতাৰ সূচনা কৰিছে।

এই চুক্তি ৰূপায়ণৰ কাম অন্ধ্ৰ প্ৰদেশ, তেলেঙ্গানা, উৰিষ্যা, কৰ্ণাটক, ৰাজস্থান, মধ্য প্ৰদেশকে ধৰি মুঠ আঠখন ৰাজ্যত জিলা আৰি মহকুমা পৰ্যায়ত আৰম্ভ হ’ব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণত এক দম্পতি

ষ্টাৰ্টআপৰ বাবে গণতান্ত্ৰিক নীতি ফলদায়ক নহয়

ষ্টাৰ্ট আপ বিফল হোৱাৰ দহটা মুখ্য কাৰণ