উদ্যমিতাৰে বহু লোকৰ জীৱন পোহৰোৱা এগৰাকী সাহসী মহিলা চয়নিকা ৰাজখোৱা

উদ্যমিতাৰে বহু লোকৰ জীৱন পোহৰোৱা এগৰাকী সাহসী মহিলা চয়নিকা ৰাজখোৱা

Saturday March 26, 2016,

5 min Read

সত্তৰ দশকৰ শেষ বা আশীৰ আৰম্ভণী। সেই সময়ত অসমীয়া ছোৱালী এগৰাকীয়ে বিশ্ব ভাৰতীৰ দৰে দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱাটো একেবাৰে সাধাৰণ কথা নাছিল। সেই সময়ৰ সমাজ ব্যৱস্থাই নাৰীৰ উচ্চ শিক্ষাক প্ৰাধান্য দিয়া নাছিল। কিন্তু সেই সময়তে যোৰহাটৰ এটা শিক্ষিত পৰিয়ালৰ এগৰাকী যুৱতী গৈছিল উচ্চ শিক্ষাৰ বাবে বিশ্ব ভাৰতীলৈ।কলাৰ প্ৰতি সৰুৰে পৰা থকা ধাউতি আৰু দৃঢ় মনোভাৱৰ বাবে পিতৃ-মাতৃয়ে ছোৱালীজনীক উচ্চ শিক্ষাৰ বাবে পঠিয়াইছিল বিশ্ব ভাৰতীলৈ। তাত সুন্দৰ পৰিবেশ আৰু শিক্ষাই সৰুৰে পৰা ব্যতিক্ৰমী মনৰ ছোৱালীজনীক সাহসী আৰু সবল ব্যক্তিত্বৰ অধিকাৰী কৰিছিল। শিক্ষা সমাপ্তিৰ পিছত অসমলৈ আহি তেওঁ লাভ কৰি অহা শিক্ষাৰে পোহৰাই তুলিছিল শতাধিক লোকৰ জীৱন। উদ্যমিতাৰ ক্ষেত্ৰ খনত নামি পৰি আন বহু লোকক দেখুৱাইছে স্বাৱলম্বিতাৰ পথ।

য়’ৰ ষ্ট’ৰীৰ ফালৰ পৰা বাৰ্তালাপ কৰিছিলোঁ অসমৰ এগৰাকী জনপ্ৰিয় ডিজাইনাৰ তথা প্ৰশান্তি ফেব্ৰিকছৰ স্বতাধিকাৰী চয়নিকা ৰাজখোৱাৰ সৈতে। আনৰ সুখত জীৱনৰ অৰ্থ বিচাৰি পোৱা চয়নিকা ৰাজখোৱাৰ প্ৰশান্তি ফ্ৰেব্ৰিকছৰ ডিজাইনে কেৱল অসমতে নহয়, দেশ-বিদেশত সমাদৰ লাভ কৰিছে।


image


বিশ্বভাৰতীলৈ যাত্ৰা

‘১৯৭৮ চন। স্নাতক ডিগ্ৰী লোৱাৰ পিছত শান্তিনিকেতনত পঢ়িবলৈ গলোঁ। স্কুলত থাকোঁতে মই গান গাইছিলো, নাচিছিলোঁ আৰু ভাল ছবি আঁকিছিলোঁ। মায়ে ইচ্ছা কৰিছিল মোক শান্তিনিকেতনত পঢ়ুৱাবলৈ। দেউতাই সেই ইচ্ছাত সহযোগ কৰিছিল। মোৰ পিতৃ প্ৰয়াত নলীন চক্ৰৱৰ্তী অসম কৃষি বিশ্ব বিদ্যালয়ৰ বিজ্ঞানী আছিল আৰু তেওঁ সাহিত্য চৰ্চা কৰিছিল। তেওঁ এজন উদাৰ মনৰ লোক আছিল। গতিকে মোৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আছিল। তাৰবাবে মই নিজকে সৌভাগ্যবান বুলি ভাবোঁ। শান্তিনিকেতনত মই টেক্সটাইল ডিজাইন বিষয়ত পাঠ্যক্ৰম কৰিছিলোঁ। শান্তিনিকেতনৰ সুন্দৰ পৰিবেশ যেন মানুহ গঢ়াৰ পৰিবেশ। simple living and high thinking কথাষাৰৰ প্ৰকৃত অৰ্থ ইয়ালৈ আহি বুজিব পাৰি।জীৱনৰ বহু কথা ইয়ালৈ আহি শিকিলোঁ।‘


image


পাঠ্যক্ৰম সমাপ্তিৰ পিছত যোৰহাটলৈ গৈ ‘শিল্পায়ন’ নামৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিছিলোঁ। প্ৰায় আশী জন ছাত্ৰ-ছাত্ৰীক বাতিক আৰু বান্ধনী, পেইন্টিঙ আদি শিকাইছিলোঁ। এই প্ৰশিক্ষণৰ পৰা ল’ৰা-ছোৱালীবোৰ উপকৃত হৈছিল।


image


১৯৮২ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ গৃহ বিজ্ঞান বিভাগত বয়ন আৰু বস্ত্ৰশিন্প ডিজাইনাৰ হিচাপে যোগদান কৰে চয়নিকা ৰাজখোৱাই। সেই চাকৰিৰ মাজতে তেওঁ সৌন্দৰ্য চৰ্চাৰ পাঠ্যক্ৰম এটা কৰিছিল। কৃষি বিশ্ববিদ্যালয়ত সাত বছৰ চাকৰি কৰাৰ পিছত সেই চাকৰি ত্যাগ কৰি বিবাহসূত্ৰে শ্বিলঙলৈ গুছি গৈছিল। তাত ‘শিৱম’ নামেৰে এটা প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰাৰ লগতে এখন পাৰ্লাৰ আৰম্ভ কৰিছিল। প্ৰশিক্ষণ কেন্দ্ৰত বিবাহিতা মহিলা, ছোৱালীৰ লগতে বহু পুৰুষেও প্ৰশিক্ষণ লৈছিল। বাতিক আৰু বান্ধনীৰ লগতে মম বনোৱা, বিভিন্ন ফুল বনোৱা, পুতলা বনোৱা প্ৰশিক্ষণৰ লগতে ছেণ্ড পেইন্টিঙ, গ্লাছ পেইন্টিঙ আদি শিকাইছিল। সেই সময়ত টাই এণ্ড ডাই কনচেপ্টটো নতুন আছিল। সেয়ে ল’ৰা-ছোৱালীবোৰে ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল।

২০০৩ চনত গুৱাহাটীলৈ আহি ছয় মাইলত এখন পাৰ্লাৰ আৰম্ভ কৰাৰ লগতে ঘৰতে আঠখন শালেৰে বয়ন কেন্দ্ৰ এটা আৰম্ভ কৰে চয়নিকা ৰাজখোৱাই।


image


‘পৰম্পৰাগত শালতকৈ কিছু মডিফাইড তথা মেচিন শালেৰে উদ্যোটো আৰম্ভ কৰিলোঁ। আজিকালি এনে ধৰণৰ শাল ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ কৰা হয়। বোৱা কামৰ বাবে আঠ গৰাকী পুৰুষ-মহিলা আৰু চাৰিগৰাকী সহায়িকাৰে আৰম্ভ কৰিলোঁ। ডিজাইন মই নিজে দিওঁ। প্ৰথমৰ পৰাই গ্ৰাহকৰ ভাল সঁহাৰি পাইছোঁ।মেখেলা চাদৰৰ বহলটো বেছিকৈ দিওঁ।সাধাৰণতে ৩২ পান্নাৰ ঠাইত আমি ৩৬-৩৮ লৈকে দিওঁ।কইনাৰ সাজৰ অৰ্ডাৰ আহে। কালাৰ কম্বিনেশ্যনৰ উপৰি কালাৰ কনচেপ্ট বিষয়ত মই গুৱাহাটীত এটা প্ৰশিক্ষণ লৈছিলোঁ। গ্ৰাহকে বিচৰাটো দিব পৰা কাৰণেই হয়তো এতিয়ালৈকে ভাল ডিমাণ্ড পাইছোঁ। অসম, ভাৰতৰ উপৰি আমেৰিকা, অষ্ট্ৰেলিয়া,ইংলেণ্ড আদি ঠাইৰ পৰাওঁ অৰ্ডাৰ পাইছোঁ।‘


image


বোৱা কাপোৰৰ এটা স্বকীয় সৌন্দৰ্য আছে। বজাৰৰ মেচিনত তৈয়াৰী কাপোৰৰ লগত ইয়াৰ তুলনা নহয়। আনহাতে, বোৱা কাপোৰো আজিকালি বজাৰত ডুপ্লিকেট হোৱা বাবে বুটিকৰ চাহিদা বাঢ়িছে। ফেচবুকতো মোৰ Prashanti Febrics নামৰ এটা পেজ আছে। পেজটো মানুহৰ মাজত জনপ্ৰিয় হোৱাৰ লগতে ইয়াৰ পৰাওঁ বহু অৰ্ডাৰ পাই আছোঁ।


image


এই ব্যৱসায়টো কেৱল মোৰ লাভৰ বাবেই নহয় আনক উপকাৰ কৰিব পাৰিম বুলি আৰম্ভ কৰিছিলোঁ। মোৰ শালত কাম কৰা পৰিয়াল কেইটাৰ ল’ৰা-ছোৱালীৰ পঢ়োৱাৰ দ্বায়িত্ব মই লৈছোঁ। আনহাতে বহু লোকে মোৰ শালত প্ৰশিক্ষণ লৈ নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছে।

স্বীকৃতি

শান্তিনিকেতনত পঢ়ি থাকোঁতে ছাত্ৰ-ছাত্ৰী সকলৰ এখন প্ৰদৰ্শনী হৈছিল। সেই প্ৰদৰ্শনীত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীৰ পুৰষ্কাৰ পাইছিল চয়নিকা ৰাজখোৱাই। পৰৱৰ্তী ১৯৮৪ চনত গুৱাহাটীৰ ষ্টেট আৰ্ট গেলেৰীত ‘খনিকৰ’ নামৰ এটা অনুষ্ঠানে আয়োজন কৰা বাতিক আৰু বান্ধনীৰ এখন প্ৰদৰ্শনীত তেওঁৰ সামগ্ৰী সমূহ প্ৰদৰ্শন কৰা হৈছিল। প্ৰদৰ্শনীখনত মানুহৰ ইমানেই সঁহাৰি পাইছিল যে দুদিনীয়া প্ৰদৰ্শনীখন চাৰিদিনীয়া কৰিব লগীয়া হৈছিল।


image


‘নাগালেণ্ড,মিজোৰাম আদিৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকল আহিছিল। তেওঁলোকক প্ৰশিক্ষণ দিব লগা হৈছিল। এয়া মোৰ বাবে বিৰল অভিজ্ঞতা আছিল। ইয়াৰোপৰি যোৰহাটৰ নেহৰু পাৰ্কত প্ৰদৰ্শনী আয়োজিত কৰি গ্ৰাহকৰ যথেষ্ট সহাৰি পাইছিলোঁ।‘

উদ্যমিতাৰ ক্ষেত্ৰখনৰ লগতে চয়নিকা ৰাজখোৱা সামাজিক অনুষ্ঠানৰ সৈতেওঁ সক্ৰিয়ভাৱে জড়িত। শ্বিলঙত থাকোঁতে জাগৰণ নামৰ সংগঠনৰ লগত জড়িত হৈ মহিলা সকলৰ সামাজিক, আৰ্থিক উন্নয়নৰ বাবে কাম কৰিছিল। বৰ্তমান লায়ন্স ক্লাৱ আৰু ইনাৰ হল আদি সংগঠনৰ সৈতে জড়িত হৈ সামাজিক ক্ষেত্ৰত কাম কৰি আছে। বিভিন্ন স্কুল, কলেজত আমন্ত্ৰিত অতিথি হিচাপে হস্ত কলাৰ প্ৰশিক্ষণ দি আহিছে।


image


বাতিক আৰু বান্ধনীৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰি চয়নিকা ৰাজখোৱাই ‘বাতিক আৰু বান্ধনী শিকো আহক’ শীৰ্ষক এখন কিতাপ প্ৰকাশ কৰিছে। হস্ত কলাৰ ক্ষেত্ৰত কিতাপখনৰ উপযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ গৃহ বিজ্ঞান বিভাগে কিতাপখন বিদ্যালয়, মহাবিদ্যালয়ত পাঠ্য পুথি হিচাপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ বাবে কিতাপ খনৰ ইংৰাজী অনুবাদৰ কাম আৰম্ভ কৰাৰ কথা চয়নিকা ৰাজখোৱাই জানিবলৈ দিয়ে।


image


হস্ত কলাৰ প্ৰয়োজনীয়তা

সকলো মানুহৰে কিবা নহয় কিবা প্ৰতিভা আছে।ইয়াৰে ভিতৰত হস্ত শিল্পও এনে এক প্ৰতিভা যি প্ৰতিভাই মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে। এই কলাৰ দ্বাৰা আৰ্থিক স্বাৱলম্বিতাৰ লগতে যান্ত্ৰিক যুগত মানসিক প্ৰশান্তিৰ দিশতো বহু সহায় কৰে। হতাশাত ভোগা লোক সকলেও এই কলা চৰ্চা কৰি মনৰ আনন্দ পাব পাৰে। হস্ত কলাই জীৱনটো অৰ্থপূৰ্ণ ভাৱে জীয়াই থকাত সহায় কৰে বুলি মন্তব্য কৰে চয়নিকা ৰাজখোৱাই।


image


'মহিলা এগৰাকী স্বাৱলম্বী হ’ব পাৰিলেহে স্বাধীন হ’ব পাৰে।' মহিলাৰ স্বাৱলম্বিতাৰ ক্ষেত্ৰত প্ৰৰণা যোগাই অহা চয়নিকা ৰাজখোৱাই প্ৰশান্তি ফেব্ৰিকছৰ জৰিয়তে ভৱিষ্যতে আৰু মহিলা,যুৱক-যুৱতী সকলক উদ্যমিতাৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী কৰাৰ লক্ষ্য আগত ৰাখিছে।

স্বামী চম্দন ৰাজখোৱা, মাতৃ বীণা চক্ৰৱৰ্তী, বন্ধু-বান্ধৱ, শুভাকাংক্ষীৰ প্ৰেৰণা আৰু সহযোগিতাক সফলতাৰ মূলধন বুলি ক’ব খোজা চয়নিকা ৰাজখোৱালৈ য়’ৰষ্ট’ৰীৰ ফালৰ পৰা থাকিল অশেষ শুভকামনা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অসমৰ শিক্ষা জগতলৈ অভিনৱ অৱদান শান্তনু আৰু উৎপলাৰ GOOD WORDS

সংবাদ ব্যৱসায়ৰ প্ৰত্যাহ্বানক অতি কুশলতাৰে চম্ভালি থকা দিপান্নিতা জয়ছোৱালৰ সফলতাৰ আঁৰৰ মন্ত্ৰ

২৭ বছৰ বয়সত এটা বৃহৎ সংবাদ প্ৰতিষ্ঠানৰ নেতৃত্ব দিয়া স্মৃতাক্ষী বি গোস্বামী

'সভ্যতা আহে আৰু যায়, জীয়াই থাকে নাটক'- নাটকেৰে বিশ্বক আপোন কৰা ড° কেৰেন লিবমেন