কোটিপতি ক্লাবত ফুটপাথৰ 'ৰাজা'

কোটিপতি ক্লাবত ফুটপাথৰ 'ৰাজা'

Thursday February 18, 2016,

8 min Read

দৰিদ্ৰতা আৰু ভোকৰ পৰা পৰিত্ৰাণ বিচাৰি ঘৰৰ পৰা পলোৱাৰ সময়ত ৰাজা নায়কৰ বয়স আছিল মাত্ৰ ১৭ বছৰ৷

আজি, ৫৪ বছৰীয়া ৰাজা নায়কে তেওঁৰ বাঙ্গালুৰু স্থিত সুদৃশ্য অফিচটোত বহি ২৭ বছৰ আগৰ স্মৃতি ৰোমন্থন কৰি ক’লে “মই টকা ঘটিব বিচাৰিছিলো, বহুত টকা, তেতিয়া সেইটোৱেই আছিল মোৰ একমাত্ৰ সপোন৷ মোক আৰু মোৰ চাৰিটা ভাই-ভনীক স্কুললৈ পঠিওৱাটো যে দেউতাৰ কাৰণে সম্ভৱ নহয় সেই কথাটো মই সৰুতেই উপলব্ধি কৰিছিলো৷ তেতিয়া আমি সঁচাকৈয়ে বৰ দুখীয়া আছিলো৷ ১৯৭৮ চনৰ এটা দিনত কিবা প্ৰকাৰে মই বাঙ্গালুৰুৰ হল এটাত অমিতাভ বচ্চন অভিনীত ‘ত্ৰিশুল’ নামৰ হিন্দী চিনেমাখন চাইছিলো৷ চিনেমাখনত অমিতাভ কেনেকৈ লাওলোৱা অৱস্থাৰ পৰা গৈ এদিন ৰিয়েল এষ্টেটৰ বেৰন হৈছিল সেইটোকে দেখুউৱা হৈছিল”৷

এন্ধাৰ আৰু বন্ধ চিনেমাহলটোত কটোৱা সেই তিনি ঘণ্টাই ৰাজা নায়কৰ জীৱনৰ গতি সলাই পেলালে৷

“মোৰ জীৱনৰ সৈতে মিলি যোৱা কাৰণেই চাগে কাহিনীটোৱে মোক মুগ্ধ কৰিছিল৷ চিনেমাখন চাই উঠাৰ পিছতেই মোৰ সপোনবোৰ সঁচা হব পাৰে বুলি মই দৃঢ় ভাৱে ভাবিবলৈ লৈছিলো আৰু সেইদিনাৰে পৰা ময়ো এজন ৰিয়েল এষ্টেট বেৰন হোৱাৰ সপোন দেখিছিলো”৷লাজকুৰীয়া হাঁহি এটাৰে ৰাজা নায়কে কথাখিনি কৈ গৈছিল৷

সেই সপোনক সাৰথি কৰিয়েই ৰাজা নায়কে তেতিয়াৰ বম্বে আৰু আজিৰ মুম্বাইলৈ পলাই গৈছিল৷ কিন্তু চিনেমাত দেখুউৱাৰ ধৰণে মুম্বাইত জীৱন কটোৱাটো সিমান সহজ নাছিল৷ তেনেতে এদিন তেওঁ বিফল মনোৰথ হৈ ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিবলৈ বাধ্য হৈছিল৷

image


সেইজন ৰাজা নায়কৰ এতিয়া ব্যৱসায়ৰ টাৰ্ণঅভাৰ হৈছে ৬০ কোটি টকা৷ আজি তেওঁৰ কেইবাটাওঁ উদ্যোগ৷ ১৯৯৮ চনত স্থাপন কৰা MCS Logistics নামৰ আন্তর্জাতিক শ্বিপিং আৰু লজিষ্টিকচ্ বিষয়ক উদ্যোগকে ধৰি Corrugated packaging কৰা Akshay Enterprises বটলিকৃত খোৱা পানী প্ৰস্তুত কৰা Jala Beverages, Purple Haze নামেৰে বাঙ্গালুৰুৰ তিনিঠাইত থকা Beauty Salon আৰু স্পা চেণ্টাৰ, আন তিনি অংশীদাৰৰ সৈতে কৰা Nutri Planet নামৰ যৌথ উদ্যোগটো যিটোৱে CFTRI ৰ সৈতে লগ লাগি Chia ধানৰ পৰা তেল আৰু শক্তিবর্ধক খাদ্য প্ৰস্তুত কৰে৷ এইবোৰৰ বাহিৰেও সমাজৰ দৰিদ্ৰ লোকসকলৰ কাৰণে তেখেতে Kalaniketan Educational Society ৰ অধীনত কেইবাখনো স্কুলৰ লগতে এখন কলেজো প্ৰতিষ্ঠা কৰিছে৷

ৰাজহুৱা জীৱনত ৰাজা নায়ক হৈছে ‘দলিত ইণ্ডিয়ান চেম্বাৰ অৱ কমার্চৰ এণ্ড ইণ্ডাষ্ট্ৰিজ’ৰ কর্ণাটকা শাখাৰ সভাপতি৷ ৰাজা নায়কে ক’লে যে অহৰহ তেওঁলোকৰ এই সংগঠনটোৱে সমাজৰ পিছপৰা শ্ৰেণীটোক মহত্তৰ জীৱনৰ সপোন দেখুৱাৰ চেষ্টা কৰিছে৷

image


জীৱনৰ বাটত প্ৰথমটো সৰু অথচ দৃঢ় খোজ...

ৰাজাই কথাবোৰ কৈ গৈছিল এইদৰে “আজিৰ তুলনাত সেই ৭০ আৰু ৮০ ৰ দশকৰ বাঙ্গালুৰু আছিল এখন তেনেই সৰু চহৰ৷ তেতিয়া দীপক নামৰ পঞ্জাৱী বন্ধুজনৰ সৈতে অভাৱ আৰু ভোকত কাতৰ হৈ চহৰখনৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিছিলো৷ মই তেতিয়ালৈ সেইখন চহৰৰ বাহিৰৰ পৃথিৱীখন একেবাৰেই দেখা নাছিলো৷ কিন্তু দীপকৰ দেউতাকৰ ইঠাইৰ পৰা সিঠাইলৈ বদলি হৈ থকা চাকৰিটোৰ সুবাদতে সি সৰুতেই বহু ঠাই দেখিছিল৷ আমাৰ ঘৰৰ ওচৰতে থকা দীপকে মোক প্ৰায়েই সি দেখা নানা ঠাইৰ অলেখ কাহিনী কৈ শুনাইছিল৷ দীপকৰ সৈতে তেনেকৈ অনাই বনাই ঘূৰি থাকোতে এদিন মই পঢ়া-শুনা বাদ দি দীপকৰ সৈতে একেলগে ফুটপাথতে চোলা কাপোৰ বিক্ৰী কৰা দোকান এখন খোলাৰ কথা ভাবিলো আৰু সেইমতে কামো আৰম্ভ কৰি দিলো”৷

এদিন ৰাজা আৰু দীপকে লগলাগি ১০,০০০ টকা গোটাই তামিলনাডুৰ কাপোৰ-কানিৰ বাবে বিখ্যাত তিৰুপুৰ নামৰ ঠাইখনলৈ কম দামত কাপোৰ কিনিবলৈ গ’ল৷

ৰাজাই ক’লে “মায়ে মোক বহুত মৰম কৰিছিল আৰু সেইকাৰণেই মায়ে বহুবছৰ ধৰি সাঁচি থোৱা পইচাখিনি ল’ৰাই ব্যৱসায় কৰিব বুলি ভাবি মোৰ হাতত তুলি দিছিল”৷

তিৰুপুৰৰ পৰা ৰাজা আৰু দীপকে প্ৰতিটোত ৫০ টকা দাম দি বহুত চার্ট কিনি আনি বাঙ্গালুৰুৰ Bosco office ৰ সন্মূখৰ ফুটপাথত পোহাৰ মেলিলেহি৷ তেওঁলোকৰ দোকানৰ চোলাবোৰ মূলত নীলা আৰু বগা ৰঙৰ আছিল আৰু Bosco ৰ পুৰুষ কর্মচাৰীসকলৰ ইউনিফর্মৰ ৰঙটোও নীলা হোৱা হেতুকে কেইদিনমানৰ ভিতৰতে ৰাজা আৰু দীপকৰ দোকানৰ গোটেইবোৰ চোলা প্ৰতিটোতে ১০০ টকা দৰত বিক্ৰী হৈ গৈছিল৷ সেইদৰে ফুটপাথত দোকান দি প্ৰথমবাৰতে তেওঁলোকৰ প্ৰায় ৫০০০ টকা লাভ হৈছিল৷

সেই সময়খিনিলৈ মনত পেলাই ৰাজাই ক’লে “মই তেতিয়ালৈকে ইমানখিনি টকা একেলগে কেতিয়াওঁ দেখাই নাছিলো৷ টকাখিনি পাই আমি আনন্দতে ক’ব নোৱাৰা হৈ গৈছিলো আৰু দুগুণ উৎসাহেৰে আমাৰ ব্যৱসায়ত মনযোগ দিছিলো৷ তাতকৈয়ো অধিক ধন ঘটাৰ আশাত কেইদিনমানলৈ আমাৰ খাৱন-শোৱন নাইকীয়া হৈ গৈছিল”৷

বচ, তাৰপিছত আৰু তেওঁলোকে কেতিয়াও পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল৷ ৰাজা আৰু দীপকে মিলি কিলো হিচাপে ওজন কৰি বৃহৎ পৰিমানে কপাহী সূতাৰ গোঠা কাপোৰ আৰু অর্ন্তবাস কিনি আনি ডাঙৰ ডাঙৰ প্ৰদর্শনীৰ অস্থায়ী দোকানত কর্মচাৰী নিয়োগ কৰি সেইবোৰ কাপোৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছিল৷ তেনেবোৰ প্ৰদর্শনীত বিক্ৰী নোহোৱাকৈ থাকি যোৱা কাপোৰবোৰ তেওঁলোকে হয় ফুটপাথত নহয় মানুহৰ ঘৰে ঘৰে গৈয়ো বিক্ৰীৰ ব্যৱস্থা কৰিছিল৷ তিনি বছৰকাল এইদৰে ব্যৱসায়টো চলাই যোৱাৰ অন্তত তেওঁলোকৰ প্ৰচুৰ লাভ হৈছিল আৰু তাৰপিছতেই দুই বন্ধুৱে কোলহাপুৰি চেণ্ডেলকে ধৰি আন আন জোতা চেণ্ডেলৰ ব্যৱসায়তো হাত দিছিল৷

বিপদৰ সম্ভাৱনাকো নেওচি লোৱা কিছু সাহসী সিদ্ধান্ত...

ৰাজাৰ মতে, দীপক আৰু তেওঁ মিলি কৰা আটাইবোৰ যৌথ ব্যৱসায়তে যথেষ্ট লাভ হৈছিল যদিও আন এখন চহৰলৈ চাকৰিয়াল দেউতাক বদলি হৈ যোৱা কাৰণে দীপকেও ব্যৱসায়ৰ সকলোখিনি ৰাজাৰ হাততে অর্পন কৰি বাঙ্গালুৰুৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছিল৷ এইখিনিতে ৰাজা নায়কে দূখেৰে জনালে যে তেওঁৰ সেই বাল্য বন্ধু দীপকৰ ইতিমধ্যে মৃত্যু ঘটিছে৷

পুনৰ আহিল তেখেতৰ ব্যৱসায়ৰ প্ৰসঙ্গ৷ দীপক বাঙ্গালুৰুৰ পৰা আতৰি যোৱা সময়ত অর্থাৎ ১৯৯১ চনৰ আশেপাশে দেশত মুক্ত অর্থনীতিৰ বতাহ বলিব ধৰিছিল৷ ৰাজা নায়কে তেতিয়া তেওঁৰ আন এজন সহযোগীৰ সৈতে Akshay Enterprise নামেৰে Corrugated packaging ব্যৱসায় এটাত হাত দিলে৷ ৰাজাৰ সহযোগী জনৰ এই ব্যৱসায় সম্পর্কে সম্যক জ্ঞান এটা আগৰে পৰাই আছিল৷ সেই কথালৈ লক্ষ্য ৰাখিয়ে ৰাজাই এইটো ব্যৱসায় কৰাৰ প্ৰতি আগ্ৰহী হ’ল৷ তেওঁ ক’লে “য’তেই সম্ভাৱনা দেখো ত’তেই মই হাত দিওঁ”৷

এইখিনি সময়তে ৰিয়েল এষ্টেটৰ ব্যৱসায়ৰো দ্ৰুত বিকাশ হ’ব ধৰিছিল৷ গতিকে ৰাজাই এই ব্যৱসায়তো বিনিয়োগ কৰি যথেষ্ট লাভ অর্জন কৰিছিল৷

ধন ঘটিব খোজা আন ব্যৱসায়ী সকলৰ সৈতে ৰাজাৰ পার্থক্য এইখিনিতে যে ৰাজাই আকাশত চাং নাপাতি সকলো সময়তে ব্যৱসায়িক বুদ্ধি আৰু কঠিন পৰিশ্ৰমেৰে যিকোনো সুযোগৰ সদ্ব্যৱহাৰ কৰি ক্ৰমে উন্নতিৰ জখলাত আগবাঢ়ি যাব পাৰিছে৷

ৰাজাই কয় যে ময়ো আন বহুতৰ দৰে প্ৰত্যহ্বানৰ সন্মূখীন হৈছিলো কিন্তু সেই বাধাবোৰ সাহসেৰে মোকাবিলা কৰি মই আগুৱাই যাব পাৰিছো৷ এইক্ষেত্ৰত অৱশ্যে মোক ভাগ্যয়ো সদায়ে সহায় কৰি আহিছে৷ বোধহয় ভাগ্যৰ বলতে বিপদৰ সম্ভাৱনা থকাৰ পিছতো আজিলৈকে মই লোৱা প্ৰতিটো সিদ্ধান্তই মোৰ অনুকূলে গৈছে৷

ঈশ্বৰেও চাগে সদায় সাহসীজনৰেই পক্ষ লয়৷ নহলেনো ৰাজা নায়কে ফুটপাথত জীৱন যাপন কৰা অৱস্থাৰ পৰা আজিৰ কোটিপতি ব্যৱসায়ী হয়নে? এই প্ৰসঙ্গত ৰাজাই ক’লে “আজিও আমাৰ ওচৰ চুবুৰীয়া সকলৰ অৱস্থাৰ বিশেষ পৰিবর্তন হোৱা নাই৷ এতিয়া সেই মানুহবোৰৰ কিছুমানে পইচা বিচাৰি মোৰ কাষ চাপে আৰো ময়ো পৰা পক্ষত তেওঁলোকক শুদা মূখে নপঠিয়াও৷ কিন্তু আগতে এই মানুহখিনিৰ অৱস্থা আমাৰ ঘৰতকৈ ভাল আছিল৷ তেওঁলোকৰ বহুতৰে ঘৰত একোজন চাকৰিয়াল আছিল আৰু তেওঁলোক মোৰ নিছিনাকৈ স্কুললৈ নোযোৱাকৈ থকা নাছিল৷ কিন্তু আজি মই ভাগ্যৰ বলত ভাৰতৰ বিদ্বৎ সমাজ আৰু ধনী-মানি ব্যক্তিৰ সৈতে সমানে উঠা-বহা কৰাৰ সুযোগ পাইছো৷ এইটো কিন্তু অকল মোৰ টকা-পইচাৰ কাৰণেই হোৱা নাই, হৈছে মোৰ কঠিন পৰিশ্ৰম আৰু বিপদৰ সম্ভাৱনাকো মূৰ পাতি লৈ আগবাঢ়ি যাবলৈ মনত সাহস থকাৰ কাৰণে৷

image


এংগ্ৰি ইয়ং মেন জনৰ মৌনতা...

বাঙ্গালুৰু চহৰত ৰাজা নায়কে বাস কৰা চাৰিমহলীয়া ঘৰটোৰ তলৰ মহলাত তেওঁ পৰিচালনা কৰা এখন স্কুল আছে৷ সৰুতে দৰিদ্ৰতাৰ কাৰণে আধাতে স্কুল এৰিব লগা হোৱাৰ কাৰণেই এতিয়া তেওঁৰ দৰে আন দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীক সকাহ দিবলৈকে তেওঁ স্কুলকেইখন স্থাপন কৰা বুলি আমি ভাবিছিলো৷ কিন্তু নহয়, যিটো কথা আমি নজনাকৈ আছিলো সেইটো হ’ল সৰুতে তেওঁৰ ভনীয়েকক দলিত হোৱাৰ কাৰণেই স্কুলত নাম ভর্তিৰ সুযোগ দিয়া হোৱা নাছিল৷ 

এই কথা খিনি আমাৰ আগত প্ৰকাশ কৰোতে তেখেতৰ চকুৱে-মূখে খঙৰ স্পষ্ট প্ৰকাশ আমি লক্ষ্য কৰিছিলো৷

আমাৰ সমাজত দলিত মানুহৰ হাতেৰে পানী অথৱা খোৱা বস্তু খাব নালাগে বোলা ধাৰণাটোৰ কাৰণেই ৰাজা নায়কে নিজে খাদ্য সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ গঢ়ি তোলা বুলি আমাৰ আগত প্ৰকাশ কৰিলে৷ তেওঁ স্থাপন কৰা ভোজনালয়খন যদিও ইতিমধ্য বন্ধ হৈ গৈছে কিন্তু Jala Beverages নামৰ বটলিকৃত খোৱাপানীৰ উদ্যোগটো পূর্নোদ্যমে এতিয়াও চলি আছে৷

প্ৰেমৰ পৰাই ৰাজা নায়কে আহৰন কৰিছে শকতি...

একাধিক উদ্যোগ আৰু ব্যৱসায় পৰিচালনা কৰা ৰাজা নায়কৰ সফলতাৰ আঁৰৰ মূল মানুহগৰাকী হৈছে তেখেতৰ পত্নী ‘অনিতা’৷ ৰাজা নায়কে আমাক ক’লে “ইমানবোৰ ব্যৱসায় একেলগে কৰিব পাৰিছো কাৰণ মোৰ বাহিৰেও এইবোৰ চোৱাচিতা কৰিবলৈ মোৰ পত্নী আছে”৷

এই অনিতাই আকৌ দৰিদ্ৰতাত পিষ্ট হৈ ১৬ বছৰ বয়সত ৰাজা নায়কৰ স্কুলখনলৈ কিবা এটা কাম বিচাৰি আহিছিল৷ দলিত পৰিয়াল এটাৰ অটোৰিক্সা চালক এজনৰ জীয়েক অনিতাই স্কুলখনত চাকৰিটো কৰাৰ কিছুদিনৰ ভিতৰতে স্কুল পৰিচালনা সম্পর্কীয় সকলোবোৰ কথাই আয়ত্ব কৰি ল’বলৈ সক্ষম হৈছিল৷ নিজৰ বিয়াৰ প্ৰসঙ্গত ৰাজা নায়কে ক’লে “আমি দুয়োজনে আচলতে পলাই গৈ মন্দিৰ এটাত হে বিয়া হৈছিলো৷ আমাৰ বিয়াৰ সময়ত স্কুলৰ কর্মচাৰী এজনৰ বাহিৰে আমাৰ লগত আৰু কোনো নাছিল”৷ লগতে ৰাজা নায়কে এইটোও ক’লে যে আজিলৈকে আনকি তেওঁলোক বিবাহিত হোৱা কথাটোৰ কোনো চৰকাৰী নথি-পত্ৰই নাই৷

image


এটা সুখকৰ পৰিসমাপ্তি...

শেহতীয়া ভাৱে হাইদৰাবাদৰ বিশ্ববিদ্যালয় এখনত দলিত সম্প্ৰদায়ৰ ছাত্ৰ এজনৰ মৃত্যুৰ ঘটনা এটাই সংবাদ শিৰোনাম দখল কৰাৰ সময়তে ৰাজা নায়কৰ দৰে কাহিনীয়ে আমাক আন ধৰণেও কথাবোৰ ভাবিবলৈ বাধ্য কৰে৷

ৰাজা নায়কে ক’লে “মোৰ জীৱনকালত মই কেতিয়াও কোনো ধৰণৰ সংৰক্ষণৰ সুবিধা লোৱা নাই আৰু মোৰ ল’ৰা তিনিটাকো মই কেতিয়াওঁ সংৰক্ষণৰ সুবিধা ল’বলৈ নকও৷

মোৰ ল’ৰাকেইটাই মই প্ৰতিষ্ঠা কৰা স্কুলখনতে পঢ়া-শুনা কৰে, কাৰণ পঢ়া-শুনা কৰিবলৈ বৃহৎ অট্টালিকাৰ কোনো স্কুললৈ যোৱা কথাটোৰ মই কেতিয়াও পক্ষপাতি নহয়৷ মোৰ মতে য’ত ভালদৰে ইংৰাজীৰ শিক্ষা দিয়া হয় সেইখনেই ভাল স্কুল৷

ৰাজা নায়কৰ মতে “মোক দলিত হিচাপে concession নালাগে, লাগে connection. কিন্তু দূখৰ বিষয় যে মোৰ সম্প্ৰদায়ৰ প্ৰায়ভাগ লোকেই নিজাকৈ কিবা এটা নকৰি আজিও কেৱল চৰকাৰী চাকৰিৰ পিছতে দৌৰি আছে৷ আমি ‘দলিত ইণ্ডিয়ান চেম্বাৰ অৱ কমার্চৰ এণ্ড ইণ্ডাষ্ট্ৰিজ’ৰ অধীনত মানুহবোৰক স্বাবলম্বী হোৱাৰ বাবে থকা সুযোগ-সুবিধা বোৰৰ বিষয়ে অৱগত কৰিবলৈ অহৰহ চেষ্টা কৰি আছো৷ আমি ইয়াৰ দ্বাৰা চাকৰি বিচাৰি ফুৰা লোকতকৈ চাকৰি দিব পৰা লোকহে সৃষ্টি কৰিব বিচাৰিছো৷

ৰাজা নায়কে আামাৰ আাগত কোৱা মতে এতিয়া তেওঁৰ এটাই সপোন “মই ১০০ কোটিৰ ক্লাৱত সোমাব খোজো৷ সেইটো কৰিব পাৰিলে মই এতিয়াতকৈয়ো আৰু ডাঙৰ ডাঙৰ মানুহৰ লগত উঠা-বহা কৰাৰ সুযোগ পাম”৷

হয়, ৰাজা নায়কে সেইটো কৰিব পাৰিলে সমাজৰ অসমতা খিনিও বহু পৰিমানে দূৰ হোৱা বুলি আমাৰ বিশ্বাস হ’ব৷ আনহাতে ৰাজা নায়কে দৃঢ়ভাৱে বিশ্বাস কৰে যে ব্যৱসায়ৰ কথা ক’লে প্ৰথমেই টকা-পইছাৰ কথাটোৱেই আহে৷

ৰাজা নায়কে আশা কৰাৰ দৰেই তেওঁৰ সম্পত্তিৰ পৰিমানে অচিৰেই ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰিব বুলি আমিও আশাকৰিলো৷


মূল কাহিনী: দীপ্তী নায়াৰ

অসমীয়া অনুবাদ: মণি ভট্টাচার্য্য


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী


উন্নত মান, গ্ৰাহকৰ সন্তুষ্টিয়েই শক্তি অসমৰ ফাৰ্নিচাৰৰ ব্ৰেণ্ড 'কেনক্ৰাফট'ৰ

গাঁৱৰ অশিক্ষিত মহিলাৰেই চেতনা গালাই গঢ়ি তুলিলে এটা বেংক

আৱৰ্জনা বোটলা শিশুসকলক শিক্ষাদানত ব্ৰতী বাৰাণসীৰ এজন ব্যক্তি

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী