আপোনাৰ দীৰ্ঘম্যাদী সপোনবোৰত হ্ৰস্বম্যাদী লক্ষ্যৰ আঁচোৰ পৰিবলৈ নিদিব : প্ৰমাদ জান্ধাল্য, সহঃ প্ৰতিষ্ঠাপক, Latentview

আপোনাৰ দীৰ্ঘম্যাদী সপোনবোৰত হ্ৰস্বম্যাদী লক্ষ্যৰ আঁচোৰ পৰিবলৈ নিদিব : প্ৰমাদ জান্ধাল্য, সহঃ প্ৰতিষ্ঠাপক, Latentview

Wednesday December 09, 2015,

4 min Read

হয়তো এয়া তেওঁৰ আত্মবিশ্বাসেৰে ভৰা শৰীৰী ভাষা বা হৃদয়ৰ অতি কাষৰৰ কিবা এটা কৰাৰ দৃঢ়তা অথবা তেওঁ ভাবি-চিন্তি সাৱধানে দিয়া উত্তৰবোৰো হ’ব পাৰে- যিটোৰ কাৰণে প্ৰমাদ জান্ধাল্যক সাক্ষাতৰ অন্তত সন্মোহিত নোহোৱাকৈ ওলাই অহাটো অসম্ভৱ। যদিও মই তেওঁক লগ পাইছিলো বিটছ পিলানিৰ বাছকবনীয়া শিক্ষাৰ্থীসকলৰ এক সন্মিলনত, তাৰ মাজতে তেওঁ আকৰ্ষণীয় কটন শাৰী আৰু চুটি চুলিখিনিৰে আনতকৈ সুকীয়া ৰূপত জিলিকি আছিল। প্ৰমাদৰ বাবে জীৱনটো এতিয়ালৈকে সফলভাৱে ৰূপায়িত এক কৰ্মসূচী। বিটছ পিলানীৰ পৰা কম্পিউটাৰ বিজ্ঞান বিষয়ত স্নাতক শিক্ষাৰ পৰা আৰম্ভ কৰি আই আই এম কলকাতাৰ পৰা এম বি এ আৰু তাৰ পিছত Latentview নামৰ এক তথ্য বিশ্লেষণ আৰু পৰিচালনা সম্পৰ্কীয় প্ৰতিষ্ঠান এটাৰ সহঃ প্ৰতিষ্ঠাতা হোৱাৰ আগলৈকে প্ৰায় এটা দশক ধৰি বিত্তীয় সেৱা (আৰু বিশ্লেষণ সেৱা) প্ৰতিষ্ঠানত কাম কৰা পৰ্যন্ত নিজৰ অতীতৰ কোনোটো কথাই প্ৰমাদে সলনি কৰিব নোখোজে। শৈশৱৰ আৰম্ভণিৰ পৰা Latentview বিত্ত আৰু মানৱ মূলধনৰ সঞ্চালক হোৱা পৰ্যন্ত প্ৰমাদৰ যাত্ৰাৰ কিছু বাছকবনীয়া দিশ আগবঢ়োৱা হ’ল।

image


শক্তিশালী ভেটি- কলেজৰ দিনবোৰ

তিনিটা বিশেষ গুণৰ দ্বাৰা প্ৰভাৱিত হৈ ডাঙৰ হৈছে প্ৰমাদ।

১. শৃংখলাবদ্ধতা

২. কঠোৰ পৰিশ্ৰম

৩. নিজে যি বিশ্বাস কৰে তাকে সাৰথি কৰি আগবাঢ়ি যোৱাৰ আদৰ্শ।

কলেজীয়া দিনত বিটছ পিলানীত লাভ কৰা শিক্ষাৰ কথা জনাই তেওঁ ক’লে- ‘কলেজৰ দিকবলন শিবিৰত মই ‘বহল ভিত্তিক পাঠ্যক্ৰম’ শব্দকেইটাৰে চিনাকী হৈছিলো আৰু তাৰ সম্পূৰ্ণ সঠিক অৰ্থমতে মই সামুহিক শিক্ষন প্ৰক্ৰিয়াৰ অভিজ্ঞতা লাভ কৰিছিলো। প্ৰত্যক্ষ প্ৰক্ৰিয়াৰ অভিজ্ঞতা লাভ কৰিছিলো। প্ৰত্যাহ্বান গ্ৰহণৰ এক ইচ্ছাই মনত পোখা মেলিছিল। বিটছ কো-অপাৰেটিভ ষ্ট'ৰৰ অংশীদাৰ হৈ প্ৰতিষ্ঠান এটা চলোৱাৰ পোনপটীয়া অভিজ্ঞতা সংগ্ৰহ কৰিছিলো। (বিল প্ৰদানৰ এক চফটৱেৰ প্ৰস্তুত কৰিছিলো) আৰু পাঠ্যক্ৰমৰ পৃথিৱীখনৰ বাহিৰৰ বহুত কিবাকিবিয়েই শিকিছিলো। বিটছ পিলানীৰ মাধুৰ্য হ’ল যে তাত আপুনি নিৰ্বিবাদে এখন আত্মকেন্দ্ৰিক জগতৰ অংশ বিশেষলৈ পৰ্যবসিত হয়।

image



Latentviewলৈ ফাষ্ট ফৰৱাৰ্ড

প্ৰমাদে ছিকিউৰিটী বজাৰ, ক্ৰেডিট ৰেটিংছ আৰু বিত্তীয় সেৱাত কাম কৰিছিল, সকলোবিলাক আছিল তথ্য আৰু বিশ্লেষণৰ ওপৰত আধাৰিত। তেওঁৰ দৃষ্টিকোণো আছিল মানবীয় দৃষ্টিভংগীজনিত, সেয়া হ’ল কিহে মানুহক উদ্বুদ্ধ কৰে আৰু সংলগ্ন বিভিন্ন দিশ। এয়া আছিল তেওঁৰ কৰ্মক্ষেত্ৰৰো অভিজ্ঞতা আৰু আগ্ৰহৰ এখন বিবাহৰ দৰে যি জন্ম দিলে Latentview; য’ত তেওঁ বিত্ত আৰু মানৱ মূলধনৰ সঞ্চালক। ২০০৬ চনত জন্ম লাভ কৰা প্ৰতিষ্ঠানটো আজি ৫ খন ঠাইত কাম কৰি থকা ৩২০ জন সদস্যৰ এটা শক্তিশালী দল। তথ্যনিৰ্ভৰভাৱে Latentviewয়ে কোম্পানীবিলাকৰ বাবে প্ৰযুক্তি বিপ্লৱ আৰু গ্ৰাহকৰ চাৰিত্ৰিক বৈশিষ্ট সম্পৰ্কীয় তথ্যৰ আধাৰত ব্যৱসায়িক পৰ্যালোচনা আগবঢ়ায় আৰু তেনেদৰে তেওঁলোকক উন্নত ব্যৱসায় আৰু বিপণনৰ সিদ্ধান্ত লোৱাত সহায় কৰে। দুই মুখ্য আদৰ্শ উচ্চকাংক্ষা আৰু আত্মবিশ্বাসক আধাৰ হিচাপে লৈ বছৰে বছৰে প্ৰতিষ্ঠানটোৱে সফলতাৰে নিজৰ আয় দুগুণ কৰি যাবলৈ সমৰ্থ হৈছে। ক্ষেত্ৰখনৰ আন প্ৰতিদ্বন্দ্বীৰ তুলনাত Latentviewৰ প্ৰতিযোগিতামূলক সুবিধা প্ৰসংগত প্ৰমাদে ক’লে ‘‘আমি ব্যৱসায় ভিত্তিক সমাধান সূত্ৰ আগবঢ়াও, তথ্যবোৰক গণিতৰ সমস্যা হিচাপে নাচাওঁ। আমাৰ গ্ৰাহকসকল হ’ল সম্পৰ্ক পৰিচালিত। এই দুটা কাৰকে আন প্ৰতিদ্বন্দ্বীতকৈ আমাক অগ্ৰগতি প্ৰদান কৰিছে।’’ তেওঁ প্ৰকাশ কৰিলে যে তেওঁলোকে বজাৰত তেওঁলোকৰ পৰিসৰ আৰু পদক্ষেপ বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণ কৰিছে আৰু অদূৰ ভৱিষ্যতে বৰ্দ্ধিত গ্ৰাহক পৰিসেৱাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গঢ়ি তুলিব খুজিছে।

অভিজ্ঞতাই কথা কয়

image


তথ্য আৰু বিশ্লেষণৰ জগতত তেওঁৰ দুই দশক জোৰা অভিজ্ঞতাৰ পৰা প্ৰমাদে দেখিছে - পূৰ্বতে কাহানিও নোহোৱা পৰিৱৰ্তনৰ জোঁৱাৰ আহিছে। এই বিশেষ ক্ষেত্ৰখনৰ শেহতীয়া গতি-প্ৰকৃতিৰ কিছুমান প্ৰমাদে শ্বেয়াৰ কৰিলে। সেইবোৰ হ’ল...

(১) ছ’চিয়েল মিডিয়া : ই নিশ্চিতভাৱে কোম্পানী এটাক গ্ৰাহকৰ কথা শুনিব পৰাৰ লাভ প্ৰদান কৰে আৰু বজাৰখনৰ তাৎক্ষণিক সংঘটনটো ধৰি ৰাখে।

(২) বিশালায়তন তথ্য : যিহেতু পৰম্পৰাগত ছাৰ্ভাৰবোৰ ক্লাউডৰ সমতুল্য হোৱাত অসমৰ্থ, কোম্পানীবিলাকে ক্লাউডযোগে বিশ্লেষণৰ প্ৰতি অনায়াসে ধাৱমান হৈছে।

(৩) ম’বাইল : ই বৰ আকৰ্ষণীয় মাত্ৰা প্ৰদান কৰিছে কাৰণ আপোনাক ই সকলো সময়তে অনুসৰণ কৰিব পাৰে যদিহে আপুনি তাত দৃষ্টি নিবদ্ধ ৰাখে। আপোনাৰ সকলো ব্যক্তিগত তথ্য সম্বলিত এক প্ৰখৰ ব্যৱস্থা হিচাপে ই সংযোজন ঘটাইছে।

(৪) ভিজুৱেলাইজেশ্যন: ইয়াৰ ফলত, তথ্যৰ সাগৰত ডুবি আৰু ‘পূৰ্বানুমানৰ বাবে হাহাকাৰ কৰা’ দোষত নপৰাকৈ সকলো তথ্য বিশ্লেষণৰ বাৰ্তা তৎকালে পোৱাৰ সুবিধা হৈছে।

এগৰাকী মহিলা হিচাপে

প্ৰমাদে বিশ্বাস কৰে যে যদিও আজিৰ মহিলাসকল জীৱনৰ বিভিন্ন পৰ্যায়ত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয়, সকলো প্ৰত্যাহ্বান মিলাই পেলালে কিছুমান স্পৰ্শকাতৰ সিদ্ধান্তৰ ৰূপ লয়

(১) হয় ঘৰ বা পেছা তাৰে যিকোনো এটা বাচি তাতে খামুচি থাকিব লাগিব। অৱধাৰিতভাৱে ই ভাল ফলাফল দিব।

(২) লিংগ নিৰ্বিশেষে কম্প্ৰমাইজ কৰিব পৰাটো প্ৰয়োজনীয়। ইয়াৰ অবিহনে কোনো যুদ্ধ জয় কৰিব নোৱাৰি আৰু সেইটো যিমান সোনকালে উপলব্ধি কৰিব সিমানে আপোনাৰ বাবে ভাল।

প্ৰমাদ পতিয়ন গৈছে যে নিজে যিটো বিশ্বাস কৰে সেইটো কৰি আগুৱাই যোৱা মহিলাৰ সংখ্যাটো বাঢ়িছে। আৰু ই আৰু বহুতকে এই প্ৰক্ৰিয়াটোত যোগ দিবলৈ অনুপ্ৰাণিত কৰিব। আজিৰ সামাজিক পৰিকাঠামোত সেয়া একে ৰাতিতে সম্ভৱ নহ’ব পাৰে; কিন্তু পৰিবৰ্তন অৱশ্যাম্ভাৱী।

অতীতৰ পৰা শিক্ষা আৰু ভৱিষ্যতৰ বাবে বাৰ্তা

image


বিভিন্ন ক্ষেত্ৰলৈ (ছিকিউৰিটী বজাৰৰ পৰা বিত্তীয় লেখলৈ) কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তনে আপোনাক বিশ্বাস প্ৰদান কৰে। কামৰ শ্ৰেণী বিভাগ নকৰাকৈ কামত মনোনিৱেশ কৰি বিভিন্ন অভিজ্ঞতা আহৰণ কৰিব লাগে।

যুৱ পেশাদাৰী মহিলা সকলৰ প্ৰতি উচ্চ প্ৰত্যাশাৰ এক বাৰ্তাৰে বিদায় ল’লে প্ৰমাদে:

‘‘আপোনাৰ স্বাচ্ছ্যন্দৰ পৃথিৱীখনৰ পৰা ওলাই যাব পৰাটোৱে আপোনাক অভিজ্ঞতা আহৰণৰ বাবে উত্তম সুযোগ আনি দিব। সেয়ে আপোনাৰ সপোনবোৰ বাস্তৱত ৰূপায়িত কৰাৰ বাবে কাম কৰক আৰু দৃঢ়তা বজাই ৰাখক। ভুল-ভ্ৰান্তি হ'ব পাৰে বুলি শংকিত নহ’ব আৰু লক্ষ্য স্থিৰ কৰি ৰাখক। আপোনাৰ দীৰ্ঘম্যাদী পৰিকল্পনাক আপোনাৰ হ্ৰস্বম্যাদী লক্ষ্যবোৰে আঁচুৰি যাব পাৰে, কিন্তু আপুনি লক্ষ্যপথত থাকি যাবই লাগিব।’’

মূল : আলোক ছোনী

অনুবাদ : ৰুণুমী শইকীয়া