আইছিছৰ যৌন দাসী নাদিয়া মুৰাদ এতিয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি

আইছিছৰ যৌন দাসী নাদিয়া মুৰাদ এতিয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি

Sunday September 18, 2016,

2 min Read

ইৰাকী যুৱতী নাদিয়াক ২০১৪ চনত অপহৰণ কৰিছিল বৰ্বৰ সন্ত্ৰাসবাদী সংগঠন আইছিছে । তেওঁৰ আঠজন ককায়েকক হত্যা কৰা হৈছিল আৰু নাদিয়াক পৰিণত কৰা হৈছিল আইছিছ জেহাদীৰ যৌন ক্ৰীতদাসীত । "সিহঁতৰ আইন মতে অপহৃতা নাৰী সিহঁতৰ সম্পদ আৰু তেনে নাৰীক সিহঁতে সঁজাত ভৰাই থয় আৰু সেই চৌহদত থকা প্ৰতিটো মানুহে যাৰে যেতিয়াই মন যায় সেই নাৰীবোৰক ধৰ্ষণ কৰে । মোক সিহঁতে ইচ্ছামতে গণধৰ্ষণ কৰিছিল ।" নাদিয়াই কয় । 

পিছে এই অত্যাচাৰ আৰু অপমানেও নাদিয়াক ভাঙি পেলাব পৰা নাই । আইছিছৰ কবলৰপৰা কোনোমতে পলাই সাৰিবলৈ সক্ষম হোৱা নাদিয়াই আৰম্ভ কৰিছে এক নতুন জীৱন আৰু বৰ্তমান তেওঁ ৰাষ্ট্ৰসংঘৰ ড্ৰাগছ আৰু অপৰাধ সংস্থাৰ 'ছাৰভাইভৰছ অৱ হিউমেন ট্ৰেফিকিং' মিছনৰ গুডউইল এম্বেছেডৰ । ২৩ বছৰীয়া নাদিয়া হৈছে যৌন দাসত্বৰ বলি হোৱা প্ৰথমগৰাকী এনে মহিলা যাক ৰাষ্ট্ৰসংঘই গুডউইল এম্বেছেডৰ নিযুক্তি দিছে । নবেল শান্তি বঁটাৰ বাবেও মনোনয়ন লাভ কৰিছে তেওঁ ।

Image : Independent

Image : Independent


বিশ্ব শান্তি দিৱস উপলক্ষে ৰাষ্ট্ৰসংঘৰ মূখ্যালয়ত আয়োজিত এক বিশেষ অনুষ্ঠানত নাদিয়াক ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান বান কি মূুনে সম্বৰ্ধনা জনায় । নাদিয়াই এই অনুষ্ঠানতে বিশ্বৰ নেতাসকলক একগোট হৈ আইছিছৰ হাতত বন্দী হৈ থকা মহিলা আৰু ছোৱালীবোৰক উদ্ধাৰ কৰিবলৈ আবেদন জনায় । 

বিশ্বৰ মুছলমানসকলক তেওঁ মৌলবাদীক ইছলাম বিকৃত কৰাৰ সুবিধা নিদিবলৈ আহ্বান জনায় । "আইছিছে ইছলামৰ প্ৰতিনিধিত্ব নকৰে । সিহঁতে নিজৰ অপৰাধবোৰক ন্যায্য প্ৰতিপন্ন কৰিবলৈ ইছলামক ব্যৱহাৰ কৰে ।" নাদিয়াই কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গান্ধীজি আৰু এটা প্ৰৱন্ধ

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

অৰ্জুনৰ বংশধৰ বুলি পৰিচয় দিয়ে মেঅ' মুছলমান সম্প্ৰদায়ে

বাট পথ নথকা এখন গাৱঁত কিয় বাস কৰে আইআইটিৰ প্ৰাক্তন অধ্যাপক আলোক সাগৰে