এটা সুন্দৰ সংগ্ৰামী গজলৰ নাম-ৰঞ্জিত ৰাজৱাড়া

এটা সুন্দৰ সংগ্ৰামী গজলৰ নাম-ৰঞ্জিত ৰাজৱাড়া

Thursday December 03, 2015,

4 min Read

গজল ক্ষেত্ৰখনত এক সম্ভাৱনাময় প্ৰতিভাৰ নাম-ৰঞ্জিত ৰাজৱাড়া।ৰঞ্জিত ৰাজৱাড়াৰ বিষয়ে কবলৈ গৈ আৰম্ভণীতে ক'ব পাৰি যে য'ত প্ৰতিভাৰ বীজ থাকে, সেই বীজ হাজাৰ প্ৰতিকূলতাক নেওচি হলেও এদিন অঙ্কুৰিত হবই।জীৱনত লক্ষ্যৰ পথ মসৃণ নহলেও পৰিশ্ৰম, সাধনা প্ৰতিভাৰ সংগী হলে প্ৰতিভাই নিজ পথ বিচাৰি লয়।মাত্ৰ প্ৰয়োজন নিজ প্ৰতিভা,ক্ষমতা বা অক্ষমতাক নিজে বুজি পোৱাটো।যিকোনো ধৰণৰ প্ৰতিভা বা কলাক আগুৱাই নিবলৈ সাধনাৰ প্ৰয়োজন। কিন্তু তাৰ মাজতে সংগীত এনে এক কলা য'ত কলাকাৰে নিজৰ প্ৰতিভা বুজি পোৱাৰ লগতে ইয়াৰ বিকাশৰ বাবে নিৰন্তৰ সাধনা কৰা একান্ত প্ৰয়োজন।আৰু এই কথা খুব ভালকৈ উপলব্ধি কৰি ৰঞ্জিত ৰাজৱাড়াই গজল ক্ষেত্ৰখনত এক পৰিচয় গঢ়িবলৈ সক্ষম হৈছে।

শাস্ত্ৰীয় সঙ্গীতৰ গুৰুস্থানীয় পণ্ডিত জসৰাজে ৰঞ্জিত ৰাজৱাড়াক গজল ক্ষেত্ৰখনৰ ভৱিষ্যত বুলি মন্তব্য কৰিছে।ৰঞ্জিত ৰাজৱাড়াৰ বাবে গায়কী আৰু গজল যেন শ্বাস-প্ৰশ্বাসৰ এক প্ৰক্ৰিয়া।শাস্ত্ৰীয় সঙ্গীতত ৰাজস্থানী গায়ন শৈলীৰ এক সুকীয়া মৰ্যাদা আছে। সেই ৰাজস্থানৰ মাটি-বতাহৰ পৰিবেশত ডাঙৰ-দীঘল হৈছিল ৰঞ্জিত ৰাজৱাড়া।শ্ৰোতাৰ হৃদয়ত বিশেষ স্থান গঢ়িবলৈ সক্ষম হোৱা ৰঞ্জিত ৰাজৱাড়াই জন্মস্থানৰ লগতে ঘৰতো সঙ্গীতৰ এক পৰিবেশ লাভ কৰিছিল।ৰঞ্জিতে যেতিয়া তেওঁৰ সঙ্গীত যাত্ৰাৰ কথা ইয়ৰ ষ্ট'ৰীৰ আগত ব্যক্ত কৰিছিল তেওঁ আৱেগিক হৈ পৰিছিল।"মই চাৰি বছৰ বয়সৰ পৰা গান গুনগুনাইছো।আৰু এই প্ৰতিভা মই জন্মসূত্ৰে পাইছো।গায়ন বাদন আমাৰ পৰিয়ালত আগৰে পৰা আছিল।মোৰ পিতৃয়ে মোক ৰাতিপুৱা চাৰে ছয় বজাৰ পৰা ন বজালৈ সঙ্গীত চৰ্চা কৰোৱাইছিল। তাৰপাছত মই স্কুললৈ গৈছিলো।এয়া মোৰ বাবে নৈমিত্তিক কাৰ্য হৈ পৰিছিল।সাত বছৰ বয়সত মই প্ৰথমটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ এৱাৰ্ড লাভ কৰিছিলো।বাৰ বছৰ বয়সলৈকে মই বহু বঁটা লাভ কৰিছিলো।মই বুজি পাইছিলো যে প্ৰতিভা আৰু সপোনৰ মাজত নিজ বিবেচনাৰ সীমাৰেখাডাল সমান্তৰালত ৰাখিলে জীৱনত আগবাঢ়ি যাব পাৰি।এইখিনিতে এটা শ্বায়েৰী মোৰ মনলৈ আহিছে- যি নিজৰ সপোনক উৰি যাবলৈ দিয়ে..........ভগৱানে তেওঁলোকক মুক্ত আকাশ দিয়ে।"

image


সঙ্গীত ক্ষেত্ৰখনত ৰিয়েলিটি শ্ব সমূহে বহু প্ৰতিভা চিনাক্তকৰণত সহায় কৰিছে।ইয়াৰ বাবে প্ৰতিযোগীতাও বাঢ়িছে।এই দৌৰত নিজকে প্ৰমাণ কৰাটো এক প্ৰকাৰৰ প্ৰত্যাহ্বান বুলিয়ে কব পাৰি।এই সন্দৰ্ভত ৰঞ্জিতে কয়-"মোৰ প্ৰতিযোগীতা সদায় নিজৰ লগত।মই বিচাৰোঁ মোৰ আজি কালিতকৈ ভাল হওঁক।মই আনক অনুকৰণ কৰাৰ সলনি নিজৰ মাজত বিলীন হৈ আগবাঢ়ি যাব বিচাৰোঁ।মই বিশ্বাস কৰোঁ যে প্ৰত্যেক শিল্পীৰ মাজত সুকীয়া গুণ আৰু প্ৰতিভা থাকে।"

'সাৰেগামা' শীৰ্ষক সঙ্গীত ৰিয়েলিটি শ্ব'ৰ শীৰ্ষ পাঁচ জন প্ৰতিযোগীৰ এজন হবলৈ সক্ষম হোৱা ৰঞ্জিত সিঙ ৰাজৱাড়া শিশু শিল্পী হিচাপে পৰিচিত আছিল।তেতিয়ালৈ বহু মঞ্চ আৰু ৰেডিঅ'ত তেওঁৰ কণ্ঠই পৰিচিতি লাভ কৰিছিল।সাৰেগামালৈ অহাৰ পিছত তেওঁৰ সঙ্গীত যাত্ৰাত কেনে পৰিৱৰ্তন আহিছিল।ইয়ৰ ষ্টৰীৰ তৰফৰ পৰা এই প্ৰশ্নটো সোধোতে ৰঞ্জিতে উত্তৰত কৈছিল-"ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰাৰ কথা আগতে ভবা নাছিলো।কলকাতা ৰেডিঅ'ত ৰেকৰ্ডিঙ কৰি থকাৰ মাজতে মোলৈ ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰাৰ প্ৰস্তাৱ আহিল আৰু মই অডিশ্যনত উত্তীৰ্ণ হ'লো। মোৰ মনত পৰে সেই সময়ত ৰিয়েলিটি শ্ব'ত গজল গায়কীক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বহু লোকে আপত্তি কৰিছিল।তেওঁলোকৰ মতে বহু মানুহে গজল নুশুনে।কিন্তু শ্ব' আৰম্ভ হোৱাৰ পিছত তেওঁলোকে মতামত সলনি কৰিবলৈ বাধ্য হৈছিল।সেই অনুভৱ মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ।"

image


ৰঞ্জিতৰ জীৱনত এনে সময়ো পাৰ হৈছে যেতিয়া নিজৰ প্ৰতিভা প্ৰমাণ কৰিবলৈ তেওঁ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল।এই সন্দৰ্ভত তেওঁ কয়-"যেতিয়া মোৰ পিতৃ ৰাজস্থানৰ পৰা দিল্লীলৈ স্থানান্তৰিত হৈছিল তাত আমাৰ বহু চা-চিনাকী নাছিল।আমি বাজনা লৈ বিভিন্ন ঠাইলৈ গৈ লোকক গান শুনাইছিলো।এইবোৰ সংগ্ৰামৰ দিন আছিল। তাৰপাছত লাহে লাহে মানুহে আমাক আদৰি লৈছিল।"

ৰঞ্জিতৰ মতে সঙ্গীত এক কষ্টকৰ সাধনা।জীৱনৰ প্ৰতিটো দিন আৰম্ভণী দিন হিচাপে গণ্য কৰিব লাগে।যদি কোনোবাই ভাবি লয় যে মই বহুত শিকিলো,তেন্তে তেওঁ সেই ক্ষেত্ৰৰ পৰা অব্যাহতি লোৱাই শ্ৰেয়।তেওঁৰ মতে, "সঙ্গীত ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সদায় নিজকে শিকাৰু বুলি গণ্য কৰিব লাগে।মোৰ প্ৰতি থকা মানুহৰ আশাক মই আশীৰ্বাদ বুলি গণ্য কৰোঁ।লক্ষ্যৰ দিশত আগবাঢ়ি যাবলৈ প্ৰতিদিনে সাধনা কৰোঁ।"

image


সঙ্গীত প্ৰতিভা সকলোৰে নাথাকে।আৰু সঙ্গীত শিকাব পৰা বস্তু নহয়।পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে কিছু আগবাঢ়িব পৰা যায় সঁচা। কিন্তু লক্ষ্যস্থান প্ৰাপ্তিৰ বাবে অন্তৰ আত্মাৰ পৰা স্বৰৰ জ্ঞান আহিব লাগিব।সঙ্গীতৰ মুখ্য উদ্দেশ্য আত্মাৰ আনন্দ।এই আনন্দ প্ৰাপ্তিয়েই কলাকাৰ আৰু কলাপ্ৰেমীৰ মাজত যোগসূত্ৰ স্থাপন কৰে।কলাকাৰ জনে বুজি পোৱা উচিত যে মানুহে তেওঁৰ প্ৰতি দেখুওৱা স্নেহ-মৰম সঁচা।কৃতকাৰ্যতাক গৌৰৱ হিচাপে লোৱাৰ সলনি আশিৰ্বাদ হিচাপে ল'ব লাগে।

ৰঞ্জিত এতিয়া এজন যুৱ শিল্পী। এটা সুন্দৰ ভৱিষ্যত তেওঁৰ বাবে ৰৈ আছে।গজল ক্ষেত্ৰখনত গোলাম আলি, মেহদী হাচান আৰু জগজিত সিঙক ৰঞ্জিতে আদৰ্শ হিচাপে জ্ঞান কৰে।কিন্তু এই কথা সঁচা যে গোলাম আলি,জগজিত সিঙৰ অবৰ্তমানত গজল ক্ষেত্ৰখনত যেন এক শূণ্যতাই বিৰাজ কৰিছে।এই ক্ষেত্ৰত নতুন প্ৰজন্মৰ শিল্পীসকলৰ যথেষ্ঠ দায়িত্ব আছে।ৰঞ্জিতৰ মতে "নিজে নিৰন্তৰ সাধনা কৰাৰ লগতে সঙ্গীতৰ মূল ভেঁটিটোৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়।গজলৰ মাজতে জীয়াই থকাৰ চেষ্টা কৰোঁ আৰু শ্বায়েৰীৰ অনুভৱ গায়নশৈলীত ফুটাই তুলিবলৈ চেষ্টা কৰোঁ।"

image


'তেৰে খেয়াল চে' এলবামটোৱে শ্ৰোতা ৰাইজৰ সঁহাৰি পোৱাৰ পিছত ৰঞ্জিতে 'পেগাম' শীৰ্ষক এটা এলবামৰ প্ৰস্তুতি কৰি আছে। গজল গায়কীক জীৱনৰ অবিচ্ছিন্ন অংগ হিচাপে গণ্য কৰা ৰঞ্জিতৰ সন্মুখত নিশ্চিতভাৱে এক সুন্দৰ ভৱিষ্যত অপেক্ষাৰত ।

মূল: ড° অৰৱিন্দ যাদৱ

অনুবাদ: পূবালী ভাগৱতী