নতুন মেট্রো ৰে’ল নীতিত অনুমোদন কেবিনেটৰ

নতুন মেট্রো ৰে’ল নীতিত অনুমোদন কেবিনেটৰ

Tuesday August 22, 2017,

3 min Read

প্রধানমন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত নতুন মেট্ৰো ৰে’ল নীতি অনুমোদন জনাই দেশৰ কেইবাখনো চহৰত বৃদ্ধি পোৱা মেট্রো ৰে’লৰ চাহিদাৰ প্ৰতি যথোচিত দায়বদ্ধতাৰে তাৰ সুস্থ বাস্তবায়নৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।

নতুন নীতি অনুসৰি মেট্রো ৰে’ল প্রকল্প ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ ওপৰত জোৰ দিয়া হৈছে। নতুন নতুন মেট্রো প্রকল্পত কেন্দ্রীয় সাহাৰ্যৰ সুবিধা লাভৰ অৰ্থে চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্ব বাধ্যতামূলক কৰা হ’ব। উচ্চগতিৰ মেট্রো ৰে’ল আৰম্ভ কৰাৰ লক্ষ্যৰে মুলধনী সম্পদৰ ব্যাপক চাহিদাৰ যোগান দিয়াত চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰা হৈছে নতুন ৰে’ল নীতিত।

Image source: Ridlr

Image source: Ridlr


বিভিন্ন ৰাজ্যত দূৰ-দুৰণিৰ অঞ্চলসমূহক মেট্রো ৰে’লৰ জৰিয়তে যুক্ত কৰা সম্ভৱ ন’হলে মেট্রো ষ্টেচনসমূহৰ পাঁচ কিলোমিটাৰ জুৰি থকা ফিডাৰ ছাৰ্ভিছ আৰম্ভ কৰাৰো প্রস্তাৱ লোৱা হৈছে। নতুন মেট্রো ৰে’ল নীতিত প্রয়োজন মতে মেট্রো ষ্টেচনত পোৱাৰ সুবিধাৰ বাবে চাইকেলেৰে তথা খোজ কাঢ়ি ষ্টেচন পোৱাৰ বাবে পথ সংযোগৰ সুবিধা প্রসাৰৰ দিশতো বিশেষ জোৰ দিয়া হৈছে।

নতুন নতুন মেট্রো ৰে’ল প্রকল্পৰ প্রস্তাৱসমূহৰ সন্দৰ্ভত তৃতীয় সংস্থাৰ দ্বাৰা যথোপযুক্ত সমীক্ষা কৰিবলৈ দায়িত্ব দিয়া হৈছে। মেট্রোপ্রকল্পসমূহৰ পৰা আর্থ-সামাজিক তথা পৰিৱেশগত সুফল লাভৰ সম্ভাৱনাও অধিক। এই মেট্রো ৰে’ল প্রকল্প অনুমোদনৰ জৰিয়তে ৰাজহ আহৰণৰ হাৰ ৮ শতাংশৰ পৰিৱর্তে ১৪ শতাংশ বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰা হৈছে।

এই নীতিৰ অধীনত মেট্রো ৰে’ল প্রকল্প ৰাজ্যসমূহৰ বিনিয়োগ আৰু সম্পদৰ যোগান নিশ্চিত কৰাৰ লক্ষ্যৰে উদ্ভাৱনমূলক পদ্ধতি অৱলম্বন কৰাৰ প্রস্তাৱ লোৱা হৈছে। প্রয়োজন মতে মেট্রো ৰে’ল প্রকল্পৰ বাবে কর্পোৰেট বণ্ড ইছ্যু কৰি ৰাজ্যসমূহে প্রয়োজনীয় মূলধনী সম্পদ সংগ্রহ কৰিব পাৰিব।

মেট্রো ৰে’ল প্রকল্পসমূহৰ আর্থিক সম্ভাৱনাক নিশ্চিত কৰিবলৈ বিভিন্ন ষ্টেচনৰ বাণিজ্যিক ব্যৱহাৰ তথা অতিৰিক্ত সাহাৰ্যমুলক সম্পদ সৃষ্টিৰ লক্ষ্যত কোন্‌ কোন্‌ ব্যৱস্থা গ্রহণ কৰা হ’ব, সেয়া ৰাজ্যসমূহে স্পষ্টভাৱে জনাব লাগিব। মেট্রো ৰে’ল প্রকল্পৰ কাম যাতে সুস্থভাৱে পৰিচালিত হয়, সেই দিশত প্রয়োজনীয় সকলো ধৰণৰ অনুমতি তথা অনুমোদন দিয়াৰ বাবেও ৰাজ্যসমূহ সাজু থাকিব লাগিব।

কেবিনট বৈঠকত অনুমোদিত নীতিত ৰাজ্যসমূহক যাত্রী ভাড়া সংশোধনৰ ক্ষেত্রত নিয়ম-নীতি স্থিৰ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে। ইয়াৰ বাবে এক স্থায়ী ভাড়া নির্ধাৰক সংস্থা বা কর্তৃপক্ষ গঠন কৰাৰ এক প্রস্তাৱ লোৱা হৈছে।

উল্লেখ্য যে বর্তমানে দেশৰ আঠখন চহৰত মুঠ ৩৭০ কিলোমিটাৰ মেট্রো প্রকল্পৰ কাম আৰম্ভ হৈছে। ইয়াৰ ভিতৰত দিল্লীত ২১৭ কিলোমিটাৰ, বাংগালুৰুত ৪২.৩০ কিলোমিটাৰ, কলকাতাত ২৭.৩৯ কিলোমিটাৰ, চেন্নাইত ২৭.৩৬ কিলোমিটাৰ, কোচিত ১৩.৩০ কিলোমিটাৰ, মুম্বাইত মেট্রো লাইন ১-১১.৪০ কিলোমিটাৰ আৰু মন’ ৰে’ল ১-৯.০ কিলোমিটাৰ, জয়পুৰত ৯ কিলোমিটাৰ আৰু গুৰুগ্রামত ১.৬ কিলোমিটাৰ উল্লেখযোগ্য। এই আঠখন চহৰৰ উপৰি দেশৰ মুঠ ১৩খন চহৰত বর্তমান মুঠ ৫৩৭ কিলোমিটাৰ দৈর্ঘ্যৰ প্রকল্পৰ কাম ৰূপায়ণ হৈ আছে। যি কেইখন নতুন চহৰত মেট্রো প্রকল্পৰ সুবিধা পাইছে সেইবোৰ হ’ল-হায়দৰাবাদ (৭১ কিলোমিটাৰ), নাগপুৰ(৩৮ কিলোমিটাৰ), আমেদাবাদ(৩৬ কিলোমিটাৰ), পুণে (৩১.২৫ কিলোমিটাৰ) আৰু লক্ষ্ণৌ (২৩কিলোমিটাৰ)।

১০খন নতুন চহৰকে ধৰি দেশৰ মুঠ ১৩খন চহৰত ৫৯৫ কিলোমিটাৰ দৈর্ঘ্যৰ মেট্রো ৰে’ল প্রকল্প গঢ়ি তোলাৰ কাম বর্তমান সমীক্ষা আৰু পৰিকল্পনাৰ বিভিন্ন পর্যায়ত আছে। যি কেইখন চহৰত এই প্রকল্পৰ ৰূপায়ণৰ প্রস্তাৱ লোৱা হৈছে, তাৰ ভিতৰত দিল্লী মেট্রো ৰে’লৰ চতুর্থ পর্যায়(১০৩.৯৩ কিলোমিটাৰ), দিল্লী আৰু দেশৰ ৰাজধানী অঞ্চল(২১.১০ কিলোমিটাৰ), বিজয়ৱাড়া(২৬.০৩ কিলোমিটাৰ), বিশাখাপট্ৰনম(৪২.৫৫ কিলোমিটাৰ), ভূপাল(২৭.৮৭ কিলোমিটাৰ), ইন্দোৰ(৩১.৫৫ কিলোমিটাৰ), কোচি মেট্রোৰ দ্বিতীয় পর্যায়(১১.২০ কিলোমিটাৰ), বৃহত্তৰ চণ্ডীগড় অঞ্চলৰ মেট্রো প্রকল্প(৩৭.৫৬ কিলোমিটাৰ), পাটনা(২৭.৮৮ কিলোমিটাৰ), গুৱাহাটী(৬১ কিলোমিটাৰ), বাৰাণসী(২৯.২৪ কিলোমিটাৰ), তিৰুৱনন্তপুৰম আৰু কোঝিকোড়(৩৫.১২ কিলোমিটাৰ) আৰু চেন্নাই(১০৭.৫০) অন্যতম।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন জয় কৰা প্ৰথম মহিলা অঞ্জলি ছাৰাউগী

বি এছ এফৰ ইতিহাসৰ প্ৰথম মহিলা বিষয়া তনুশ্ৰী পাৰিক

তালিবানৰ কবলৰপৰা পলায়ন কৰা শিশু নাদিয়া আজি ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় স্তৰৰ ফুটবলাৰ

৬৩ বাৰ বিফলতাৰ পাছত আহিল সফলতা