বিশেষজ্ঞৰ দৃষ্টিৰে যুৱচামৰ বিত্তীয় জিজ্ঞাসাৰ উত্তৰ

বিশেষজ্ঞৰ দৃষ্টিৰে যুৱচামৰ বিত্তীয় জিজ্ঞাসাৰ উত্তৰ

Monday November 23, 2015,

7 min Read

নিজৰ আৰ্থিক দিশ সম্পৰ্কে সচেতন বক্তিৰ সৈতে মোৰ সঘন কথা বতৰা হয়। তাৰ ভিতৰত বেছিসংক্ষ্যকৰে প্ৰশ্ন প্ৰায় একে। শেহতীয়াকৈ কেইজনমান বিত্তীয় বিশেষজ্ঞক সাক্ষাৎ কৰি আমাৰ যুৱচামে সঘনাই উত্থাপন কৰা এলানি প্ৰশ্ন তেওঁলোকলৈ আগবঢ়াইছিলো। যুৱচামৰ প্ৰশ্ন, এই বিষয়ত বিশেষজ্ঞসকলৰ জ্ঞান আৰু তেওঁলোকৰ পৰামৰ্শ তথা পৰ্যালোচনাৰে লেখাতো আগবঢ়াইছো।

image


আজিৰ যুৱপ্ৰজন্মৰ সৰহ সংক্ষ্যকৰ প্ৰশ্ন-

“মই মাহে প্ৰায় ৩০,০০০ টকাৰ পৰা ৪০,০০০ টকা উপাৰ্জন কৰো।ফাইনেন্সিয়েল প্লেনিং আৰম্ভ কৰাৰ আটাইতকৈ ভাল উপায় কি?”

পাৰ্চনেল ফাইনেন্স বিষয়ক কেবাখনো গ্ৰন্থ ৰচনা কৰা মনিষ চৌহানক লগ পাইছিলো।পাৰ্চনেল ফাইনেন্স সম্পৰ্কীয় জনপ্ৰিয় ব্লগ জাগোইন্ভেষ্টৰ (jagoinvestor)ৰ পৰিচালক চৌহানৰ মতে, মুঠ উপাৰ্জনখিনিক তিনিভাগ কৰক। বাধ্যতামূলক খৰচৰ বাবদ ২০,০০০ , বিনোদনৰ বাবে ৰাখক ১০,০০০ আৰু ১০,০০০ আছুতীয়াকৈ জমা কৰক।তেওঁ কয়- “এজন বক্তিযে যেতিয়া উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে তেতিয়া প্ৰথমবাৰৰ বাবে একেলগে বহুত টকা হাতত পাই স্বাভাৱিকতে উৎফুল্লিত আৰু উত্তেজিত হৈ পৰে। যিহেতু আমাৰ সমাজত লৰা ছোৱালীক প্ৰয়োজনতকৈ বেছি টকা খৰচ কৰাৰ স্বাধীনতা দিয়া নহয় গতিকে নিজে উপাৰ্জন কৰি ইচ্ছানুযায়ী খৰচ কৰাৰ হেপাঁহ সকলোৱে মনত পুহি ৰাখে।সেয়ে প্ৰথম ২-৩ বছৰলৈ মাহে ১০,০০০ টকা(২৫%) সম্পূৰ্ণ বিনোদনৰ বাবে ৰাখিবলৈ পৰামৰ্শ দিওঁ। সমান্তৰালকৈ সমান পৰিমানৰ টকা জমাও কৰিব লাগিব।এনেদৰে তেওঁলোকে চখ পূৰাবলৈ খৰচো কৰিব পাৰিব আৰু লগতে জমা কৰিবলৈকো শিকিব।লাহে লাহে এই তিনিটা ভাগৰ পৰিমান তেওঁলোকৰ সুবিধা অনুযায়ী সালসলনি কৰিব পাৰিব। সকলো থিকে থাকিলে এনেদৰে চাকৰিৰ প্ৰথম ২-৩ বছৰৰ ভিতৰত তেওঁলোকে এটা মোটা অংকৰ ধন জমা কৰিব পাৰিব।”


মই আৰু এজন বিশেষজ্ঞক সাক্ষাৎ কৰিছিলো। চাৰি বচৰ পূৰ্বে ষ্টক্ মাৰ্কেট এনালিষ্টৰ চাকৰি ত্যাগ কৰা বিশাল খাণ্ডেলৱালে তেওঁৰ অনলাইন প’ৰ্টেল ‘সফলনিৱেশক’ (SafalNiveshak) ৰ জৰিয়তে ‘ভ্যেলু ইনভেষ্টমেন্ট’ সম্পৰ্কে নিজৰ মতামত ব্যক্ত কৰি আহিছে। বিনিয়োগৰ ক্ষেত্ৰখনত প্ৰচুৰ জ্ঞান থকা বিশালে নতুনকৈ উপাৰ্জন কৰাসকলৰ মাৰ্গদৰ্শনৰ বাবে সাফল্যৰ ৭টা মন্ত্ৰ (seven point mantra ) আগবঢ়াইছে-

১. আয়তকৈ ব্যয় কম কৰা।

২. ক্ৰেডিট কাৰ্ড আৰু ব্যক্তিগত ঋণৰ মোহ ত্যাগ কৰা।

৩. ৬-৭ মাহৰ ঘৰুৱা খৰচৰ সমান পৰিমানৰ ধনৰাশিৰে এটা জৰুৰীকালীন পূঁজি গঠন কৰা।

৪. টাৰ্ম বীমা কৰা(এণ্ড’মেন্ট বা ইউলিপ নহয়)

৫. স্বাস্হ্য বীমা কৰা।

৬.ৰাহি ধনৰ সদায় বিনিয়োগ কৰাৰ চেষ্টা কৰক।

৭. জীৱনটো উপভোগ কৰক।ধন উপাৰ্জন আৰু সঞ্চয়ৰ সমান্তৰালকৈ জীৱনৰ সৰু সৰু মুহুৰ্তবোৰো ভৱিষ্যৎ দিনৰ জমাপূঞ্জী।

ভ্যেলুফাই (Valuefy ) আৰু দ্য ফানডু (The Fundoo)ৰ প্ৰতিষ্ঠাতা শাৰদ সিঙকো একেই প্ৰশ্ন কৰিছিলো। বিত্ত আৰু বিনিয়োগৰ ক্ষেত্ৰখনত প্ৰায় দশকজোৰা অভিজ্ঞতাপুষ্ট শাৰদে মেনেজমেন্ট ক্ষেত্ৰত উচ্চপৰ্যায়ৰ সমাধানসূত্ৰ আগবঢ়োৱাৰ লগতে সূক্ষ্ম পৰ্যালোচনাৰে বিনিয়োগকাৰীক সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰি আহিছে। শাৰদে আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলাৰ পৰামৰ্শ দিয়ে। তেওঁ কয়-“অভিনন্দন!কঠোৰ পৰিশ্ৰম কৰা।আনন্দ-স্ফূৰ্ত্তি কৰা।কিন্তু লগতে সঞ্চয়ৰ অভ্যাসো গঢ়ি তোলা। বহুসংখ্যকৰে মনত বৰ্তমান কোনো লক্ষ্য নাথাকিব পাৰে। সেয়ে প্ৰতিমাহে ৪-৫ হাজাৰ টকাকৈ ইকুইটি ম্যুচুৱেল ফাণ্ডত জমা কৰিলে লাভান্বিত হ’ব। সঞ্চয় কৰাৰ স্বাৰ্থত অৱশ্যে দৈনন্দিন জীৱনত অতি কৃপণো হ’ব নালাগে। জীৱনটোক সম্পূৰ্ণকৈ উপভোগ কৰাতোও জৰুৰী। ভাৰসাম্যতা আচল কথা।”

স্ক্ৰীপবক্স (scripbox)ৰ প্ৰতিষ্ঠাপক সঞ্জীৱ সিংঘালৰ সৈতেও মত বিনিময় কৰিছিলো।বিত্ত আৰু প্ৰযুক্তিৰ জগতখনত ২০ বছৰৰো অধিককাল কাম কৰা সঞ্জীৱে সম্পত্তি পৰিচলনাৰ(wealth management)দিশত বিভিন্ন দিহা পৰামৰ্শৰে সহায় কৰি আহিছে। তেওঁ কয়-“উপাৰ্জনৰ আৰম্ভণীৰ পৰাই সঞ্চয় আৰম্ভ কৰক।দৰমহাৰ প্ৰায় ৩০% জমা কৰক।য’দি পৰিয়ালত আপোনাৰ উপাৰ্জনৰ ওপৰত চলা কোনোবা আছে তেন্তে টাৰ্ম জীৱন বীমাত টকা জমা কৰক।ইকুইটি মিউচ্যুৱেল ফাণ্ডটো বিনিয়োগ কৰিব পাৰে।প্ৰথমতে কৰ ৰেহাইৰ সুবিধা থকা ই এল এছ এছ(ELSS)ফাণ্ডত টকা জমা কৰি ৮০ চিচি সীমা পাৰ কৰাৰ পাছত ভিন্ন প্ৰকাৰৰ ইকুইটি ফাণ্ডত বিনিয়োগ কৰিব পাৰে ”

অৱশেষত বিপিন খাণ্ডেলৱালৰ পৰাও বহু মূল্যৱান পৰামৰ্শ পালো।ব্যৱসায়, বিত্তীয় পৰ্যালোচনা, বিত্তীয় পৰিকল্পনা আৰু শিক্ষাক্ষেত্ৰত বহুবছৰধৰি কাম কৰি থকা বিপিন খাণ্ডেলৱালে অনলাইন ব্যৱসায় চলাই আছে।দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পৰা বিপিনে কয়-“এজন ব্যক্তিৰ প্ৰয়োজনখিনিৰ ওপৰত বহুকথা নিৰ্ভৰ কৰে।যেতিয়া মই প্ৰথম উপাৰ্জন কৰিছিলো তেতিয়া কোনোপধ্যে সঞ্চয় কৰিব নোৱাৰিছিলো।কাৰণ মোৰ প্ৰয়োজন যথেষ্ট আছিল।কিন্তু এটা খুৱ দৰকাৰী কাম মই কৰিছিলো। সেইটো হ’ল কেবাটাও প্ৰয়োজনীয় বীমা কৰিছিলো।লাইফ কাভাৰৰ সুবিধা থকা এখন টাৰ্ম বীমা আচঁনিত বিনিয়োগ কৰিলো আৰু এটা মেডিক্লেইম কৰিলো।অতিৰিক্ত টকা থাকিলে আপুনি মিউচ্যুৱেল ফাণ্ডৰ Systematic Investment Plan (SIP) ও খুলিব পাৰে ” 

যুৱপ্ৰজন্মৰ মনলৈ অহা আন এটা জৰুৰী প্ৰশ্ন হ’ল-

“মই এটা ঘৰ কেতিয়া কিনা উচিত?”

বিশাল খাণ্ডেলৱালৰ মতে নিজৰ ঘৰ এটাত থকাৰ বাবে মানসিকভাৱে প্ৰস্তুত হ’লেই ঘৰটো কিনিব পাৰি।কিন্তু এটা কথা চাব লাগে যাতে ঘৰৰ ই এম আই দৰমহাৰ ৪০-৫০% তকৈ কম হয়।তেওঁ লগতে কয় যে-“য’দি আপুনি কিছু দিন অপেক্ষা কৰিব পাৰে তেন্তে এই পৰিমানৰ ভিতৰত ই এম আই ৰাখি এতিয়াৰ প্ৰয়োজনতকৈ ডাঙৰ ঘৰ এটা কিনক।আপুনি ভাবিছে যে ২বি এইছ কে ঘৰ এটাই আপোনাৰ বাবে যথেষ্ট,কিন্তু আপোনাৰ উপাৰ্জনেৰে য’দি পাৰে ৩ বি এইচ কে ঘৰ এটাই কিনক।ভৱিষ্যতে পৰিয়াল বঢ়াৰ লগে লগে ডাঙৰ ঘৰৰ প্ৰয়োজন হ’বই(মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছো)।কিন্তু ই এম আইয়ে যাতে ককাঁলত মাৰ নোসোধাই তালৈ মন কৰিব।ই এম আইৰ পৰিমান সৰ্বোচ্চ ৫০% হে হোৱা উচিত”

মনিষ চৌহানৰো মতামত একেধৰণৰ- “প্ৰায়ে দেখা যায় যে ঘৰ কিনাৰ সিদ্ধান্তৰ ক্ষেত্ৰত পৰিয়ালৰ লোকে(পতি/পত্নী,পিতৃ-মাতৃ)প্ৰভাৱ বিস্তাৰ কৰে।ফলত এগৰাকী ব্যক্তি আৰ্থিকভাৱে প্ৰস্তুত হওক বা নহওক পৰিয়ালৰ হেঁচাত বাধ্য হৈ অ’ৰ ত’ৰ পৰা জোৰা তাপলি মাৰি হ’লেও তেওঁ ঘৰ এটা কিনাৰ বাবে টকাৰ যোগাৰ কৰে।কষ্টসাধ্য হ’লেও বেছিভাগেই যিকোনো প্ৰকাৰে টকাৰ যোগাৰ কৰে।শুনিবলৈ ভাল নালাগিলেও এইটোও ঠিক যে পৰিয়ালৰ সেই হেঁচা নাথাকিলে হয়তো এজন ব্যক্তিয়ে সহজে ঘৰ এটা কিনাৰ সাহস গোটাব নোৱাৰে। ঘৰ কিনাৰ আগতে ডাউন পেমেন্টৰ ৪০-৫০% জমা ৰখা উচিত।এনে কৰিলে ঋণৰ ধনৰাশিৰ পৰিমান মধ্যমীয়া হয়।মই এনে বহু ব্যক্তিক লগ পাইছো যিয়ে ঘৰটোৰ দামৰ ৮০% ঋণ লয় আৰু পিছত চিন্তাত দিন কটাবলগীয়া হয়।মোৰ মতে আপোনাৰ বছৰি দৰমহাৰ ৩-৪ গুন পৰিমানৰহে ঋণ হ’ব লাগে”

সঞ্জীৱ সিংঘালৰ মতে ৩০ বছৰৰ পিছতহে ঘৰ কিনাৰ চিন্তা কৰা উচিত। “৩০ বছৰ অতিক্ৰম কৰাৰ পিছত ব্যক্তিগত আৰু পেচাগত জীৱনত কিছু স্হিৰতা আহিলেহে ঘৰ কিনাৰ কথা ভাবিব লাগে।কিন্তু ডাউন পেমেন্টৰ বাবে বহু আগৰ পৰাই সঞ্চয় কৰিব লাগিব।দৰমহাৰ ৩০% সঞ্চয় কৰাৰ অভ্যাসে এইক্ষেত্ৰতো সহায় কৰিব”

বিপিন খাণ্ডেলৱালৰ মন্তব্য-“ঘৰ কিনাতো হৈছে এটা ডাঙৰ আৰ্থিক বোজা।মই ভাবো এজন ব্যক্তিয়ে ঘৰটো কিনোতে চাব লাগে যাতে ঘৰৰ ই এম আই তেওঁৰ মাহিলি উপাৰ্জনৰ ৪০% তকৈ বেছি নহয়”

দেখা গ’ল যে প্ৰতিজন বিশেষজ্ঞৰ মতে ঘৰৰ ই এম আই মাহিলি উপাৰ্জনৰ ৪০-৫০% ৰ ভিতৰত হোৱা উচিত। ঘৰ কিনাৰ সময়ত এই পৰামৰ্শ উলাই নকৰিব।


তেওঁলোকক সোধা শেষ প্ৰশ্নটো-

“য’দি মই ১লাখ টকা ৫ বছৰৰ বাবে বিনিয়োগ কৰিব বিচাৰো তেন্তে ক’ত ক’ত বিনিয়োগ কৰিব পাৰো?”

এই বিষয়ত আটাইকেইজন বিশেষজ্ঞৰ মত একেই।

বিশালে কয়, “নিসন্দেহে ইক্যুইিট। প্ৰত্যক্ষভাৱে হওক বা ভাল মিফচুৱেল ফাণ্ডতে হওক।মোৰ ধাৰণাত আগন্তুক পাঁচ বচৰত এইখিনি টকাৰ আপোনাৰ প্ৰয়োজন নাই।অন্যান্য জৰুৰীকালীন শিতানত আপোনাৰ জমা ধন আছে।গতিকে এইখিনি টকা বিনিয়োগ কৰি আপুনি দীৰ্ঘকালীন লাভ বিচাৰিছে”

image


বিপিনেও মিউচুৱেল ফাণ্ডৰ ইকুইটিৰে পৰামৰ্শ দিয়ে।“মিউচুৱেল ফাণ্ডত বিনিয়োগৰ বহু শিতান আছে।ৰিস্ক টেকিং সামৰ্থ অনুযায়ী আপুনি বিনিয়োগ কৰিব পাৰে।কিছুমান বেলেন্সড্ ফান্ডত মধ্যমীয়া বিনিয়োগৰ সুবিধা আছে।প্ৰথমবাৰৰ বাবে বিনিয়োগ কৰাসকলৰ বাবে এনেধৰণৰ ফাণ্ড সুবিধাজনক”

মনিষে ইকুইটি আৰু ফিক্সড ডিপজিত দুয়োটাই পচন্দ কৰে।তেওঁ কয়- “ মজলীয়া টাৰ্ম বীমাৰ বাবে ৫ বছৰ সময় উত্তম হ’ব।৩০-৪০ শতাংশ ইকুইটি লাভৰ সুবিভা থকা ডেব্ট ফাণ্ড(debt fund)ত বিনিয়োগ কৰাৰ পোষকতা কৰিম।কাৰণ ডেব্ট ফাণ্ডত মোৰ বিনিয়োগ সুৰক্ষিত বুলি মই আস্বস্ত হ’ব পাৰো।এই ফাণ্ডত লোভনীয় মুনাফাৰ লগতে কৰ ৰাহিৰ দিশৰ পৰাও ই যথেষ্ট লাভজনক ।মুঠৰ ওপৰত য’দি আপুনি কোনো জঞ্জাল নোহোৱাকৈ সহজ বিনিয়োগৰ ব্যৱস্হা আৰু লগতে কৰ ৰেহাইৰ সুবিধাও বিচাৰিছে তেন্তে ফিক্সড ডিপ’জিট আপোনাৰ বাবে উত্তম বিনিয়োগ হ’ব। ”

শাৰদেও ইকুইটিৰে পোষকতা কৰি কয়-“মই ১ লাখ টকা ইকুইটি ফাণ্ডতে বিনিয়োগ কৰিম আৰু চতুৰ্থ বছৰত সম্পদ আবন্টনৰ স্হিৰতা অথবা সন্তুলন সম্পৰ্কে সমীক্ষা কৰি চাম।বৰ্তমানৰ বজাৰৰ ব্যৱস্হাত এজন সাধাৰণ বিনিয়োগকাৰীৰ বাবে পাঁচ বচৰত ৭৫ শতাংশ ইকুইিটি লাভজনক।”

সঞ্জীৱক এই প্ৰশ্নটো অলপ বেলেগ ধৰণৰে সুধিছিলো। তেওঁক সুধিছিলো বিনিয়োগৰ সৰ্বোত্তম বিকল্প হিচাপে ফাণ্ডকে সকলোৱে কিয় পচণ্ড কৰে?

তেওঁ জনালে- “কেবাটাও কাৰণত ফাণ্ডক বিনিয়োগৰ উত্তম বিকল্প হিচাপে বিবেচনা কৰা হয়।কাৰণবোৰ হ’ল- পেচাগতভাৱে অতি কম খৰচত পৰিচালিত, আপোনাৰ ধন সুৰক্ষিত কৰি ৰাখিবলৈ দৃঢ়ভাৱে নিয়ন্ত্ৰিত, সহজতে বিনিয়োগ কৰা অথবা ধন উলিওৱাৰ ব্যৱস্হা আৰু আপোনাৰ বিনিয়োগৰ ক্ষমতা অনুযায়ী একাধিক এছেট ক্লাছত বিনিয়োগৰ সুবিধা। ডেব্ট ফাণ্ডৰ জৰিয়তে কেৱল ফিক্সড ডিপ’জিটেই নহয়, ছেভিংছ একাউন্টেও বিনিয়োগৰ সুন্দৰ বিকল্প লাভ কৰে। বহুতে ভাৱে যে স্ক্ৰিপবস্কে (scripbox) ফাণ্ড বিক্ৰী কৰে বাবে মই সদায় ফাণ্ডত টকা জমা কৰিবলৈ পৰামৰ্শ দিও।কিন্তু সত্যটো হল ষ্ক্ৰিপবস্কে ম্যুচ্যুৱেল ফাণ্ড বিক্ৰী কৰে কাৰণ ম্যুছুৱেল ফাণ্ডেই হৈছে সঠিক বিকল্প ।”

আশাকৰোঁ এই লেখাটোৱে আপোনাক ব্যক্তিগত বিত্তীয় দিশটোত শিক্ষিত আৰু সচেতন কৰাত সহায়ক হৈছে। যুৱচামৰ আৰ্থিক স্বাস্হ্যৰ উপযাগীকৈ মই 21 lessons for young adults (প্ৰাপ্তবয়স্ক যুৱচামৰ বাবে ২১ পাঠ)লিখি উলিয়াইছো।


টোকাঃ সাক্ষাৎ কৰা ব্যক্তিসকলৰ মতামত আৰু পৰামৰ্শসমূহেই এই লেখাত প্ৰকাশ কৰা হৈছে।


লেখকঃ পৰদীপ গয়েল

অনুবাদঃ সংগীতা দেৱী

(Image Credit: Shutterstock )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান