দিল্লীত স্মাৰ্ট ইণ্ডিয়া হেকাথনত অসমৰ দলৰ সাফল্য

দিল্লীত স্মাৰ্ট ইণ্ডিয়া হেকাথনত অসমৰ দলৰ সাফল্য

Friday April 21, 2017,

2 min Read

দিল্লীত অনুস্থিত স্মাৰ্ট ইণ্ডিয়া হেকাথনত প্ৰথম স্থান জয় কৰিছে অসমৰ টেকনফৰেণছিক দলে । নতুন দিল্লীৰ নিউ দেল্হি ইন্সটিটিউট অৱ মেনেজমেণ্টত আয়োজিত এই অনুস্থানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আগবঢ়োৱা কেইবাটাও সমস্যাৰ সমাধান আগবঢ়াইছিল দলটোৱে । নাছকমৰ অধ্যক্ষ আৰ চন্দ্ৰশেখৰ মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা এই অনুস্থানত বিজয়ী দলটোক নগদ এক লাখ টকা পুৰষ্কাৰ আৰু মানপত্ৰ আগবঢ়োৱা হয় । 

image


টেকভেৰিয়েবল নামৰ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানটোৰ মূখ্য প্ৰযুক্তি বিষয়া উৎপল শৰ্মাৰ নেতৃত্বত টেকভেৰিয়েবলৰ শিক্ষাৰ্থী জিমলি বৰা, কামচন্দ সাহা, মনামী বৰা, ৰিয়া সিং, উদয় ৰঞ্জন সোণোৱাল আৰু নিশান্ত কুমাৰ চৌধুৰীয়ে এই পুৰষ্কাৰ লাভ কৰে । উল্লেখযোগ্য যোগদানকাৰী ছাত্ৰ-ছাত্ৰীসকল এন আই টি এছ মিৰ্জাত অধ্যয়নৰত । আনহাতে টেক ভেৰিয়েবল হৈছে এটা তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান যিয়ে এনে ধৰণৰ অনুস্থান সমূহত যেগদানত অগ্ৰধিকাৰ দি আহিছে । 

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য প্ৰযু্ক্তি আৰু ই-গভৰ্ণেন্স বিভাগৰ সঞ্চালক ড° নৱীন কুমাৰ চৌধুৰীয়ে কয় যে তেওঁ দলটোৰ প্ৰদৰ্শনত মুগ্ধ । চৌধুৰীয়ে দলটোৰ পৰামৰ্শদাতা উৎপল শৰ্মাৰ সৈতে মত বিনিময়ো কৰে । 

উল্লেখযোগ্য যে স্মাৰ্ট ইণ্ডিয়া হেকাথন হৈছে ৩৬ ঘন্টা জোৰা এক ডিজিটেল প্ৰতিযোগিতা য'ত প্ৰতিযোগীসকলে ২৯ টা মন্ত্ৰালয়ে প্ৰস্তুত কৰা ৫৯৮ টা সমস্যাৰ সমাধান বিচাৰে । কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে আৰম্ভ কৰা এই প্ৰতিযোগিতা ভাৰতৰ ২৬ টা স্থানত অনুস্থিত হৈছিল । ২,১৮৩ খন আভিযান্ত্ৰিক আৰু প্ৰৱন্ধন প্ৰতিস্থান তথা বিশ্ববিদ্যালয়ৰ ৪২০০০ ছাত্ৰ-ছাত্ৰীৰ ৭০০০ টা দলৰ মাজৰপৰা ১২৬৬ টাক নিৰ্বাচিত কৰা হৈছিল চুড়ান্ত পৰ্যায়লৈ । এপ্ৰিলৰ ১ আৰু ২ তাৰিখে ২৬ টা স্থানত অনুস্থিত হৈছিল এই হেকাথন । 

এই দলটোৱে ৰসায়ণ আৰু পেট্ৰকেমিকেল মন্ত্ৰালয়ৰ নিম্নোক্ত সমস্যাকেইটাৰ সমাধান দিবলৈ সক্ষম হয় । 

১.উদ্যোগটোৰ বিষয়ে অনলাইন ভিডিঅ 

২.কাম সমাধা কৰিবলৈ প্ৰয়োজনীয় দক্ষতাৰ সবিশেষ সম্পৰ্কে জ্ঞান

৩.বিশেষজ্ঞ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত অনলাইন ফৰামৰ ব্যৱস্থা 

৪.পোনপটীয়া প্ৰশিক্ষণ আৰু যোগাযোগৰ বাবে ৱেবকাষ্টৰ ব্যৱস্থা

৫.যিকোনো নতুন উদ্ভাৱন, উদ্যোগ মেলা আদি সম্পৰ্কে তথ্য

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ন-উদ্যমীয়ে পুঁজিৰ বাবে কেইবাটাও উৎসৰ প্ৰতি মনোযোগ দিয়ক: উগেন টাশ্বি

ৰ'লছ ৰয়ছ থকা এজন নাপিত

‘মোৰ পকেটত ৫০টকীয়া নোট এখনৰ বাহিৰে হাতত ভাত খাবলৈও এটকাও নাছিল ’ – এজন উদ্যোগীৰ কাহিনী