এজন ডেলিভাৰী বয়ৰ পৰা এজন উদ্যোগীলৈ:কোচিৰ এজন ২৭বছৰীয়া স্বপ্ন বিলাসী যুৱকৰ জীৱন যাত্ৰা

এজন ডেলিভাৰী বয়ৰ পৰা এজন উদ্যোগীলৈ:কোচিৰ এজন ২৭বছৰীয়া স্বপ্ন বিলাসী যুৱকৰ জীৱন যাত্ৰা

Saturday December 12, 2015,

6 min Read

মাজত মাত্ৰ ৩০টা দিন। হাতত ধন নাই। সহযোগী প্ৰতিস্থাপকজনে খেলিমেলিসমুহ চম্ভালিব নোৱাৰি চত্ৰভংগ দিলে। কাৰ্যালয় শীঘ্ৰেই খালি কৰিব লাগে। কাৰণ ঘৰ ভাৰা দিবলৈ হাতত টকা নাই। এয়াই আছিল নেকি উদ্যোগশীলতা ? ঘৰৰ পৰা মনত এক ডাঙৰ সপোন লৈ ওলাই অহা দিনুপ কাল্লেৰিলে অন্তত এই কথা কল্পনা কৰা নাছিল। ২০১৩চনৰ আৰম্ভণীতে দিনুপৰ বাবে দিনবোৰ আছিল কেৱল অন্ধকাৰাচ্ছন্ন। চিন্তাবোৰো হতাশাৰে ভৰা। হয়তো তেওঁৰ পিতৃ-মাতৃয়ে ঠিকেই কৈছিল। তেওঁ ইঞ্জিনীয়াৰিঙৰ শিক্ষা সাং কৰি চাকৰি এটা বিচাৰি লোৱাটোৱেই ভাল হ'লহেতেন। তেওঁ অনলাইন টি-শ্বাৰ্ট কোম্পানী এটা স্থাপন কৰাৰ সিদ্ধান্তটো ভুল আছিল। বিনিয়োগৰ ২৫,০০০টকাও পানীত পৰিল। তেওঁৰ পিতৃ-মাতৃয়ে ধাৰণা কৰিছিল যে তেওঁলোকৰ পুত্ৰ হয়তো এটা ডিগ্ৰী লাভ কৰি চাকৰি বাকৰি কৰি বিদেশত সংস্থাপিত হোৱা প্ৰথমজন পৰিয়ালৰ সদস্য হব। কিন্তু পাইপৰ মিস্ত্ৰিৰ সন্তান এইজন যুৱকৰ মনত কিছু পৃথক পৰিকল্পনা হে আছিল। তেওঁ বাচি লৈছিল উদ্যোগশীলতাৰ যাত্ৰাপথ, যি পথ আছিল প্ৰৱল প্ৰত্যাহ্বানেৰে ভৰা। অনলাইন টি-শ্বাৰ্ট কোম্পানীটোৰ বিফতাৰ পিছত দিনুপে আৰম্ভ কৰিলে দ্বিতীয়টো ষ্টাৰ্ট আপ MonkVyasa , এটা অনলাইন জ্যোতিষ পৰামৰ্শ প্ৰদান ৱেবচাইট। তেওঁ দাবী কৰা মতে এইবছৰৰ আৰম্ভণীতে আৰম্ভ কৰা এই ৱেবচাইটটোৰ দৈনিক লেনদেন ৭৫,০০০টকাৰ পৰা ১,০০,০০০টকা ।

কিন্তু ২০১৩চনৰ আদিছোৱা সময়ত তেওঁ এজন ডেলিভাৰী বয় পৰ্যন্ত হৈ পৰিছিল আৰু কাম কৰি গৈছিল।

image


প্ৰথমটো পদক্ষেপৰ বিফলতা

“মোৰ বাবে আদৰ্শ হৈছে শচীন তেণ্ডুলকাৰ। সেইবাবেই মোৰ স্কুলীয়া দিনবোৰ ক্ৰিকেট আৰু ওচৰৰে পুখুৰীত সাতোঁৰাৰ মাজেৰে পাৰ হৈছিল। মই কেতিয়াও ভবা নাছিলো মই ডাঙৰ হৈ কি কৰিম। কিন্তু অন্তত এটা ৯টাৰ পৰা ৫টালৈ কাৰ্যালয়ত থকা চাকৰিৰ কথা ভবা নাছিলো। ” ২৭বছৰীয়া দিনুপে কয়। তথাপিও তেওঁৰ আন সমনীয়াসকলৰ দৰে তেওঁও ইঞ্জিনীয়াৰিং কলেজ এখনত নাম ভৰ্তি কৰিলে। কিন্তু সেয়া যে এটা ভুল সিদ্ধান্ত আছিল তাক বুজিবলৈ বেছিদিন নালাগিল।

“কলেজৰ দ্বিতীয়টো বৰ্ষত মই সিদ্ধান্ত ল'লো যে মই এজন উদ্যোগী হম। মই কেইবাটাও চিন্তা কৰিছিলো আৰু সেইবোৰ বন্ধুবৰ্গৰ সৈতে আলোচনা কৰিছিলো। মই সেইবাবেই পেলনীয়া সামগ্ৰীৰ বেপাৰ কৰিলো, ছিমকাৰ্ড বিক্ৰী কৰিলো আৰু বিভিন্ন সংস্থাৰ বাবে ভ্ৰমণ ব্যৱস্থাপনাৰ বেহাও কৰিছিলো। তাৰ পৰা উপাৰ্জন কৰা ধনেৰে ২০০৮চনত এটা কম্পিউটাৰ কিনি ল'লো। ,” দিনুপে অতীত সুঁৱৰি কয়।

কম্পিউটাৰ আৰু ইন্টাৰনেটে দিনুপক বেলেগ জগত এখনৰ সন্ধান দিলে আৰু তেওঁ সেই জগতখনৰ বাসিন্দা হবলৈ আগ্ৰহী হৈ পৰিল। সেইবাবেই সেইটো বছৰতে তেওঁ বিশ্ববদ্যালয়ৰ শিক্ষা বাদ দি ষ্টাৰ্ট আপত মনোনিবেশ কৰিলে । অৱশ্যে তেওঁ সকলো ধন হেৰুৱালে। আনকি তেওঁৰ দেউতাকে যেতিয়ালৈকে দিনুপে নিজৰ মনটো সলনি নকৰে তেতিয়ালৈকে তেওঁৰ সৈতে কথা নাপাতে বুলি সিদ্ধান্তও লৈ পেলালে। সেই পৰিবেশত থাকিব নোৱাৰি দিনুপে চেন্নাইলৈ গুছি যোৱাৰ সিদ্ধান্ত লয়। চেন্নাইত থকা সময়ছোৱাত প্ৰথম দুটা মাহত জীৱন জীৱিকাৰ বাবে তেওঁ এজন ছেলচমেন হিচাপে কাম কৰিবলগীয়া হৈছিল। “চেন্নাইৰ পৰা উভটি আহি মই ২০১২চনত এটা অনলাইন শ্বপিঙৰ প'ৰ্টেল খুলি ষ্টাৰ্ট আপ কৰাৰ সিদ্ধান্ত ললো। সেই সময়ত কেৰেলাত অনলাইন শ্বপিঙৰ ধাৰণাটো সিমান আগবঢ়া নাছিল। ,”দিনুপে কয়। কিন্তু সকলো কথা ভবা মতে নহয়। সেইক্ষেত্ৰত আটাইতকৈ প্ৰতাহ্বানমূলক কথাটো আছিল প্ৰয়োজনীয় খৰচ বহন কৰাটো। বেছিভাগ বিক্ৰীয়েই আছিল কেছ অন ডেলিভাৰী। যাৰ ফলত টকাটো হাতলৈ আহোতে মাহৰ পিছত মাহ লাগি গৈছিল। তাৰ বাবেই তেওঁ নিজৰ ষ্টাৰ্ট আপ কোম্পানীটোৰ লগতে আন কোম্পানীৰো ডেলিভাৰী বয় নিজেই হোৱাৰ সিদ্ধান্ত হৈছিল।

“ মই কোচিত ছমাহলৈ সামগ্ৰীসমুহ ডেলিভাৰী দিছিলো। বেছিভাগ কোচিবাসীৰ আগত মই ডেলিভাৰী বয় হিচাপেই পৰিচিত হৈ পৰিছিলো। ,” তেওঁ লগতে কয়।

প্ৰত্যাহ্বান গ্ৰহণ কৰাটো দিনুপৰ বাবে নতুন কথা নাছিল। তেওঁৰ জন্ম হৈছিল কোচিৰ পৰা ২৫কিলোমিটাৰ আতৰৰ পাট্টিমাট্টম নামৰ সৰু ঠাই টুকুৰাৰ এটা তেনেই সাধাৰণ পৰিয়ালত। স্কুলত তেওঁলোকে মালায়ালাম ভাষাত পঢ়া-শুনা বা কথা -বতৰা পাতিব লাগিছিল। কলেজত নামভৰ্তি কৰাৰ পিছত দিনুপে ইংৰাজী শিকিবলগীয়া হৈছিল। পঢাৰ সময়তে তেওঁ বিভিন্ন কাম কৰিছিল হাত খৰচ উলিয়াবলৈ। অৱশেষত দিনুপে নিজৰ ব্যৱসায়টো কোচিৰ এজন চাৰ্টাৰ্ড একাউন্টেন্টৰ ওচৰত বিক্ৰী কৰিবলগীয়া হৈছিল। তেওঁৰ প্ৰথমটো পদক্ষেপ ভবা মতে সফল নহ'ল। কিন্তু দিনুপে চেষ্টা এৰি নিদিলে। এটা স্থায়ী উদ্যোগশীল কৰ্ম সংস্থাপন আৰম্ভ কৰিবলৈ যত্ন কৰি গ'ল। এসময়ত তেওঁ হৈ পৰিল অনলাইন যিকোনো কামৰ বাবে একমাত্ৰ নিৰ্ভৰযোগ্য ব্যক্তি।

এটা নতুন আৰম্ভনী- MonkVyasa

তেওঁৰ ঐকান্তিকতাই তেওঁক নতুন কামৰ দিশে আগুৱাই লৈ গ'ল। ২০১৩চনৰ ডিচেম্বৰ মাহত তেওঁৰ এজন বন্ধুৰ ঘৰত তেওঁ দেখিলে যে বন্ধুজনৰ পিতৃয়ে জ্যোতিষীৰ পৰামৰ্শ ল'বৰ বাবে যাবলৈ ওলাইছে । লগে লগেই তেওঁ সুধি পেলালে যে তেওঁ অনলাইন কিয় পৰামৰ্শ নলয়। “মই লগে লগেই বন্ধুজনৰ লেপটপটোত অনলাইন জ্যোতিষ পৰামৰ্শ প্ৰদান কৰা কিবা ৱেবচাইট আছে নেকি চাৰ্ছ কৰি চালো। কিন্তু তেনেকুৱা একোৱেই মই বিচাৰি নাপালো। ,” দিনুপে কয়। বিচাৰোতে বিচাৰোতে তেওঁ এনেকুৱা অনলাইন স্বয়ংক্ৰিয় জ্যোতিষ পৰামৰ্শ সেৱা এটা পালে যিটোৱে জন্মৰ সময়,স্থান আদি দি দিয়াৰ লগে লগেই জ্যোতিষ পৰামৰ্শ দিয়ে।

“সেইটোৱেই আছিল মোৰ বাবে সেই বিশেষ ইউৰেকা(Eureka) মুহুৰ্ত। মই অনুভৱ কৰিলো যে সৰহসংখ্যক ভাৰতীয়ৰ বাবে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত জ্যোতিষ শাস্ত্ৰই হৈছে এক অন্যতম উপায়। কিন্তু এইহেন ইন্টাৰনেটৰ দিনত আমি অন্য সেৱাসমুহৰ দৰে অনলাইনযোগে জ্যোতিষ পৰামৰ্শ নাপাও। ,”দিনুপে কয়।


image


এজন সহযোগী প্ৰতিস্থাপকৰ সন্ধানত

দিনুপে জানিছিল যে এই কামৰ বাবে তেওঁক লাগিব এটা শক্তিশালী কাৰিকৰী দল। এদিনাখন সন্ধিয়া কোচি আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামৰ কাষৰ এখন চাহ দোকানত দিনুপে লগ পালে ছফ্টৱেৰ ডেভেলপাৰ হিচাপে কাম কৰি থকা তেওঁৰ একালৰ সহপাঠী শৰৎ কে.এছক।

“মই যেতিয়া জ্যোতিষ পৰামৰ্শৰ বাবে এটা ৱেবচাইটৰ কথা ভবা বুলি তেওঁক কলো,তেওঁ যঠেষ্ট উৎসাহী হৈ পৰিল। আমি একেই স্থানতে এই কথাটো পতাৰ বাবে আৰু বিভিন্ন দিশ তথা পৰিকল্পনা সম্পৰ্কে আলোচনা কৰাৰ বাবে কেইবাবাৰো লগ হ'লো । অৱশেষত তেওঁ চাকৰি এৰি মোৰ সহযোগী হিচাপে Monkvyasa প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লৈ পেলালে,” দিনুপে কয়।

আন এক কঠিন বাট

দুয়ো ক'ডিঙ আৰম্ভ কৰাৰ পূৰ্বে প্ৰায় দুমাহ ধৰি সমগ্ৰ কাৰ্যপন্থা প্ৰস্তুত কৰি ল'লো। তাৰ পিছৰ প্ৰত্যাহ্বানটো আছিল জ্যোতিষী বিচৰাটো। কাৰণ সৰহসংখ্যক জ্যোতিষীৰে ইন্টাৰনেট জ্ঞান শূণ্য। জ্যোতিষীসকলক সৈমান কৰোৱা আৰু তেওঁলোকক অনলাইন পৰামৰ্শ তথা সমস্যাৰ নিদান দিবলৈ প্ৰশিক্ষিত কৰি তোলোতে দুয়োকে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ল।

কাৰিকৰী কিছু আসুবিধাৰ বাবে কিন্তু তেওঁলোকে পুনৰ সকলো কথা বিবেচনা কৰিবলৈ বাধ্য হল। তেওঁলোকে ১০জন জ্যোতিষীক লৈ এটা video consultation platformআৰম্ভ কৰিলে। কিন্তু payment gateway integration আৰু video consultation একেলকে নচলিল ।

তেওঁলোকে সেৱা বন্ধ কৰি দিলে আৰু সেৱাৰ ক্ষেত্ৰত কিছু সালসলি আৰু উন্নয়ন সাধন কৰি ২০১৫চনৰ এপ্ৰিলত পুনৰ আৰম্ভ কৰিলে। ইতিমধ্যে দিনুপে TIE Keralaৰ সদস্য পদ লাভ কৰিলে আৰু শীঘ্ৰেই কোচিৰ Startup Village নামৰ ষ্টাৰ্ট আপ বিনিয়োগৰাকী সংস্থাটোৰ সঞ্চালক সঞ্জয় বিজয়কুমাৰৰ পৰা বিনিয়োগ লাভ কৰিলে।

ব্যৱসায়টোৰ পদ্ধতি

২০১৫চনৰ এপ্ৰিললৈকে Monkvyasaৰ লগত ১৫জন জ্যোতিষীয়ে কাম কৰিছিল আৰু মাহে ২২টাকৈ নিদান দিবলৈ সক্ষম হৈছিল। আজিৰ তাৰিখত ২৫জন জ্যোতিষীয়ে দিনে ২২টাকৈ পৰামৰ্শ আৰু সমিধান দিয়ে। সমগ্ৰ দলটোৱে প্ৰায় ৫০০ পৰামৰ্শৰ অৰ্ডাৰ লাভ কৰে তাৰে ২০০ আহে অনলাইন। ই সমগ্ৰ প্ৰক্ৰিয়াটোকে এটা ধাপ আগুৱাই লৈ গৈছে। “আমি কোনো জ্যোতিষীক সেৱা প্ৰদান কৰাৰ সুবিধা প্ৰদান কৰাৰ পূৰ্বে তেওঁৰ জ্যোতিষ দক্ষতা আৰু জ্ঞানসম্পৰ্কে সকলে তথ্য লৈ লওঁ। ” দিনুপৰ ভাষ্য

প্ৰতিটো লেনদেনতে ৱেবচাইটটোৱে জ্যোতিষীৰ পৰা ১৫শতাংশ কমিছন লয়। গ্ৰাহকে পৰামৰ্শ লোৱাৰ ক্ষেত্ৰত online video chat অথবা offline phone callৰ যিকোনো এটা সুবিধা লব পাৰে। পৰামৰ্শৰ বিনিময়ত গ্ৰাহকে অনলাইনযোগে ধন পৰিশোধ কৰিব পাৰে। গড়ে প্ৰায় ৫০০টকা মাচুল হয় একোটা পৰামৰ্শৰ বিনিময়ত । দিনুপৰ মতে একেটা প্লেটফৰ্মতে দেশৰ শ্ৰেষ্ঠ জ্যোতিষীসকলক একগোট কৰোৱাটোৱেই হৈছে মূল লক্ষ্য. কোম্পানীটোৱে অনাগত তিনিবছৰত প্ৰায় ২০০ মিলিয়ন গ্ৰাহকক সেৱা দিবৰ বাবে ২০০০জন জ্যোতিষীক একগোট কৰাৰ পৰিকল্পনা হাতত লৈছে

“উদ্যোগশীলতাই মোক মোৰ কঠিনতম সময়খিনিতো স্বাধীনতা দিছিল। এই ক্ষেত্ৰত দুশ্চিন্তা, সংগ্ৰাম আদি সকলো বাধা বিঘিনি স্বত্বেও মই আন কিবা বেলেগ কৰিব বিচাৰোঁ বুলি মই নাভাবো । ,” দিনুপে কয়।

মূল ৰচনা-সিন্ধু কাশ্যপ

অনুবাদ--প্ৰাঞ্জল শৰ্মা