অসম চৰকাৰৰ ষ্টাৰ্টআপ নীতি ২০১৭ৰ খচৰা প্ৰকাশ

অসম চৰকাৰৰ ষ্টাৰ্টআপ নীতি ২০১৭ৰ খচৰা প্ৰকাশ

Friday June 23, 2017,

2 min Read

অসমৰ বাবে অচিৰেই প্ৰৱৰ্তন কৰা হ'ব ষ্টাৰ্টআপ নীতি । শুকুৰবাৰে খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুস্থিত এক সভাত অসম ষ্টাৰ্টআপ নীতিৰ খচৰা প্ৰকাশ কৰা হয় । এই ষ্টাৰ্টআপ নীতি প্ৰস্তুত কৰাত অসম চৰকাৰক সহায় কৰিছে ইনভেষ্ট ইণ্ডিয়াই । এই অনুস্থানত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত মূখ্য সচিব ৰৱি কপুৰ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত কে কে দ্বিবেদীৰ উপৰিও ষ্টাৰ্টআপ নীতি সন্দৰ্ভত বিভিন্ন উদ্যমী আৰু উদ্যোগ বিশেষজ্ঞ, চৰকাৰী-বেচৰকাৰী সংস্থা, শিক্ষানুস্থানৰ প্ৰতিনিধি, বেংকাৰ আদিয়ে নিজ নিজ মতামত প্ৰকাশ কৰে ।

image


এই ষ্টাৰ্টআপ নীতিয়ে চাৰিটা দিশত দুৰুত্ব প্ৰদান কৰিছে - ষ্টাৰ্টআপ অনুকূল এটা ডিজিটেল ব্যৱস্থা, আন্তঃগাঁঠনি, পুঁজি তথা উগদনিমূলক ব্যৱস্থা আৰু মানৱ পুঁজি বিকাশ ।  

ষ্টাৰ্টআপ অনুকূল এটা ডিজিটেল ব্যৱস্থা

এটা বিশেষ হেলপলাইন আৰু ষ্টাৰ্টআপ প'ৰ্টেল স্থাপন কৰা হ'ব । এই প'ৰ্টেলৰ যোগোদি মাই আছাম ষ্টাৰ্টআপ আই ডি (MASI), অনলাইন প্ৰশিক্ষণ আৰু আহিলা-পাতিৰ বুকিঙৰ সুবিধৈ প্ৰদান কৰা হ'ব । 

আন্তঃগাঁঠনি

ৰাজ্য চৰকাৰে স্থাপন কৰিব ইনকিউবেচনৰ ব্যৱস্থা । প্ৰথমে গুৱাহাটী মহানগৰীত আৰু পৰৱৰ্তী পৰ্যায়ত ডিব্ৰুগড় আৰু শিলচৰত এই ব্যৱস্থা স্থাপন কৰা হ'ব । ইয়াৰ উপৰিও ইনভেচন জ'ন, ইএছডিএম ইনভেচন চেন্টাৰ আৰু কৃষিজাত উদ্যোগৰ বাবে ইনকিউবেচন চেন্টাৰ স্থাপন কৰা হ'ব । 

পুঁজি তথা উগদনিমূলক ব্যৱস্থা

এই নীতিৰ অধীনত বিভিন্ন পুঁজি তথা উগদনিমূলক ব্যৱস্থাৰ প্ৰস্তাৱ ৰখা হৈছে । আছাম এণ্জেলছ নেটৱৰ্ক ( AAN ), ইনভেচন এণ্ড বায়টেক ভেঞ্চাৰ কেপিটেল ফাণ্ড, সাৰথি ষ্টাৰ্টআপ পুঁজি, পেটেন্ট আবেদনৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ লগতে মহিলা, বিশেষভাৱে সক্ষম আৰু তৃতীয় লিংগৰ বাবে বিশেষ ব্যৱস্থা ৰখা হৈছে । আন এক গুৰুত্বপূৰ্ণ ব্যৱস্থা হৈছে অসমৰ বাহিৰত পঞ্জীকৃত প্ৰতিস্থানে যদি ৫০ শতাংশ কৰ্মী অসমৰপৰা লয় তেনেহলে ই অসমত ষ্টাৰ্টআপ হিচাপে পঞ্জীয়নৰ সুবিধা পাব । 

মানৱ পুঁজি বিকাশ

ৰাজ্যখনত ষ্টাৰ্টআপৰ পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত উদ্যমশীলতাক অন্তৰ্ভূক্ত কৰি পাঠ্যক্ৰম প্ৰৱৰ্তন, ছাত্ৰ উদ্যমীলৈ গ্ৰেচ মাৰ্ক আৰু গেপ য়েৰৰ সুবিধা, প্ৰতিখন শিক্ষানুস্থানতে ই-চেল আৰু প্ৰশিক্ষণৰ ব্যৱস্থা অন্যতম । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিনিয়োগকাৰীৰ হেঁচাত উবেৰ চিইঅ' ট্ৰেভিছ কালনিকৰ পদত্যাগ

জিএছটিঃ ৬৬ বিধ সামগ্ৰীৰ দাম কমিব 

ভাৰতৰ প্ৰথম মহিলা প্ৰাইভেট ডিটেক্টিভ ৰজনী পণ্ডিত