মধ্য আয় শ্ৰেণীৰ লোকসকলৰ বাবে এক নতুন ‘ঋণযুক্ত ৰাজসাহায্য আঁচনি’ মুকলি

মধ্য আয় শ্ৰেণীৰ লোকসকলৰ বাবে এক নতুন ‘ঋণযুক্ত ৰাজসাহায্য আঁচনি’ মুকলি

Tuesday February 28, 2017,

1 min Read

প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত ‘ঋণযুক্ত ৰাজসাহায্য আঁচনি’ৰ অন্তৰ্গত গৃহীত ঋণ পৰিশোধৰ সময়সীমা ১৫ বছৰৰ পৰা ২০ বছৰ কৰা আৰু মধ্য আয় বৰ্গৰ নাগৰকসকলৰ বাবে এক নতুন ‘ঋণযুক্ত ৰাজসাহায্য আঁচনি’ আৰম্ভ কৰাৰ বিষয় দুটালৈ আজি দেশৰ কেন্দ্ৰীয় কেবিনেটে যাৱতীয় অনুমোদন আগবঢ়াইছে৷

image


উল্লেখ্য যে প্রধানমন্ত্রীৰ অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত এইসমূহৰ উপৰিও প্রাথমিক ঋণ সাহায্য প্রদানকাৰী সংস্থাসমূহক তেওঁলোকৰ ঋণদান সম্পৰ্কীয় বুজাবুজি চুক্তিৰ অধীনত বা সেৱা পৰিসৰক নিম্ন আয়ৰ চি এল এছ এছৰ পৰা এম আই জিলৈ সম্প্রসাৰণৰ প্রস্তাৱলৈও একেলগে অনুমোদন জনোৱা হৈছে৷

এই কাৰ্যসূচীসমূহৰ অধীনত মঞ্জুৰীকৃত ঋণৰ বাবে প্রক্রিয়াকৰণ মাচুল আৰু বাস্তৱসম্মত কৰি তোলাৰ প্রস্তাৱটোলাও অনুমোদন প্ৰদান কৰা হৈছে৷

কেবিনেটৰ এই অনুমোদনৰ ফলত আগন্তুক ২০২২ চনৰ ভিতৰত ‘সকলোৰে বাবে বাসস্থান’ কাৰ্যসূচীত নিম্ন আৰু মধ্য আয় বৰ্গৰ নাগৰিকসহ সমাজৰ সকলো স্তৰৰ লোকৰেই অংশগ্রহণ বিশেষভাৱে উৎসাহিত হ’ব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিৰক্তি আৰু খঙৰ সৈতে মোকাবিলা কৰাৰ ৯টা কিটিপ

চাইকেল আৰোহীৰ বাবে এয়াৰবেগ: ঘূৰি আহিব নেকি পৰিবেশ অনুকূল যাতায়ত মাধ্যমৰ সুদিন

কহিমা আৰু ইম্ফল যুদ্ধৰ স্মৃতিত “মেম’ৰিজ অৱ এ ফৰগটেন ৱাৰ”