কোকৰাঝাৰৰ চিআইটিত অনুষ্ঠিত হ'ব উদ্যোগশীলতা বিকাশ কাৰ্যসূচী

কোকৰাঝাৰৰ চিআইটিত অনুষ্ঠিত হ'ব উদ্যোগশীলতা বিকাশ কাৰ্যসূচী

Friday June 16, 2017,

1 min Read

কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান চিআইটিত (CIT) পাঁচদিনীয়াকৈ অনুষ্ঠিত হব ২য় উদ্যোগশীলতা দক্ষতা বিকাশ অনুষ্ঠান । এই অনুষ্ঠানৰ যোগেদি যিকোনো শাখাৰ স্নাতক অথবা স্নাতক পাঠ্যক্ৰমৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰী, আভিযান্ত্ৰিক ডিপ্লমা অথবা ডিপ্লমা পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী বা উদ্যোগশীলতাত আগ্ৰহী আভিযান্ত্ৰিক পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব । ২৪ জুলাইৰপৰা ২৮ জুলাইলৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত থাকিব বিভিন্ন কৰ্মশালা, বক্তৃতানুস্থান, কেৰিয়াৰ আৰু মনোবৈজ্ঞানিক পৰামৰ্শ ইত্যাদি বিভিন্ন কাৰ্যসূচী । 

image


এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে চিআইটিৰ ৱেবছাইটৰপৰা প্ৰ-পত্ৰ ডাউনলড কৰিব পাৰিব অথবা পোনপটীয়াকৈ চিআইটিৰ উদ্যোগশীলতা বিকাশ কেন্দ্ৰৰ ( EDC) গুণজিৎ শৰ্মাৰ সৈতে [email protected] অথবা + 91-9954354449 নম্বৰত যোগাযোগ কৰিব পাৰিব ।

যোগদানৰ শেষ তাৰিখ ১৬ জুলাই আৰু আৰু এই কাৰ্যসূচীৰ বাবে আসনৰ সংখ্যা ৩০ । উল্লেখযোগ্য যে জানুৱাৰীত চিইটিত অনুষ্ঠিত হৈছিল প্ৰথম উদ্যোগশীলতা দক্ষতা বিকাশ কাৰ্যসূচী য'ত দেশৰ বিভিন্ন স্থানৰ ছাত্ৰ-ছাত্ৰীয়ো যাগদান কৰিছিল । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

১ টকা মূলধনেৰে আৰম্ভ হৈছিল অগৰৱাল পেকাৰ্ছ এণ্ড মুভাৰ্ছৰ ৪৫০ কোটি টকীয়া ব্যৱসায় 

নাছাৰ তৃতীয়জন ভাৰতীয় মূলৰ মহাকাশচাৰী ৰাজা চেৰী

ৰিক্সাচালক বাবলুৱে যিটো কৰ্মফল কল্পনাও কৰা নাছিল