GE communicationৰ নেত্ৰী গৰিমা বাৰ্মাৰ সফলতাৰ দুটা মন্ত্ৰ

মূল- বৰ্ষা আডুছুমিল্লি

GE communicationৰ নেত্ৰী গৰিমা বাৰ্মাৰ সফলতাৰ দুটা মন্ত্ৰ

Thursday October 20, 2016,

4 min Read

২০১১ চনৰ কথা। মাৰ্চ মাহত জি ই কমিউনিকেছনত যোগদান কৰিছিল গৰিমা বাৰ্মাই। যোগদানৰ লগে লগেই প্ৰতিস্থানটোৰৰ সবাতোকৈ বৃহৎ উন্নয়ন আৰু গৱেষণা কেন্দ্ৰ John F. Welch Technology Centreৰ দায়িত্ব গ্ৰহন কৰি যোগাযোগ ব্যৱস্থাক এক অন্য মাত্ৰা প্ৰদান কৰে গৰিমাই। এই কেন্দ্ৰটোত আছিল ৪৫০০ৰো অধিক অভিযন্তা আৰু বিজ্ঞানী।সংহত জনসংযোগৰ ক্ষেত্ৰখনত প্ৰায় ২৫বছৰৰ অভিজ্ঞতাৰে পুষ্ট আছিল গৰিমা। ইতিমধ্যে কেইবাটাও কৰ্প’ৰেট ক্ষেত্ৰত গণসংযোগৰ কাম কৰিছিল তেওঁ।corporate communication, brand creation, marketing, change management, diversity আৰু corporate social responsibility আদিৰ ক্ষেত্ৰত দক্ষতাৰে কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট আছিল গৰিমা।আন্তৰাষ্ট্ৰীয় স্তৰত ব্যৱসায়ৰ উন্নয়ন, কৰ্মচাৰী নিয়ন্ত্ৰণ, কৰ্মসংস্কৃতি সম্প্ৰসাৰণ আদিৰ ক্ষেত্ৰত নিজৰ পটুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম কৰিছিল গৰিমাই।

image


JFWTCত গৰিমাই চম্ভালিছিল সকলো ধৰণৰ আভ্যন্তৰীণ আৰু বাহ্যিক গণসংযোগ। তদুপৰি বিভিন্ন ইভেন্ট, লীডাৰশ্বীপ কমিউনিকেছন আৰু এম্প্লয়ী এনগেজমেন্টৰ ৰ দায়িত্বও আছিল গৰিমাৰ ওপৰতেই ন্যস্ত। ইয়াৰ ওপৰিও জি ই কমিউনিকেছনৰ ক'ৰ্পৰেট স্বাস্থ্য আঁচনি হেল্থ এহেডৰ সফলতাও আছিল গৰিমাৰেই কৃতিত্ব।

GEৰ পূৰ্বে গৰিমা আছিল Fidelity Investments, Microland and Sun Microsystemsৰ গণসংযোগ বিভাগৰ নেত্ৰী।

গৰিমাই BITS Pilani ৰ পৰা Computer Science বিভাগত স্নাতক ডিগ্ৰী আৰু মুম্বাইৰ জেভিয়াৰ ইন্সটিটিউট অৱ কমিউলিকেচনছৰ পৰা এডভাৰটাইজিং এণ্ড মাছ কমিউনিকেছনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল গৰিমাই।

আজি আমি আমাৰ HerStoryশীতানত গৰিমাৰ সৈতে বাঙ্গালুৰুস্থিত জিই কেম্পাচত কটোৱা এটা আবেলিত তেওঁৰ বৃত্তিগত জীৱনৰ দুটা বিশেষ দিশ উন্মোচন কৰিবলৈ যত্ন কৰিছো। এই দুটা ঘটনাই গৰিমাক বিশ্বজুৰী খ্যাতি দিয়াৰ লগতে GE ৰ শীৰ্ষ পদবীত অধিস্থিত কৰিবলৈ সহায় কৰিছিল। আহক শুনো গৰিমাৰ মুখেৰেই।

‘নিজৰ শিপা কেতিয়াও পাহৰি নাযাব’

২০০৪ চনত মই আছিলো Fidelity Investments ত। Fidelityৰ মুখ্য কাৰ্যালয় আছে ব'ষ্টনত আৰু এটা শাখা কাৰ্যালয় আছে মুম্বাইত। ব'ষ্টনৰ মোৰ এজন সহকৰ্মীয়ে এবাৰ মোক শুধিছিল যে আমি ভাৰতীয়সকলে এতিয়াও যাতায়াতৰ বাবে হাতীৰ ব্যৱহাৰ কৰো নেকি বুলি। সেই সময়ত মই অনুভৱ কৰিছিলো যে এটা আন্ত-সাংস্কৃতিক সজাগতাৰ প্ৰয়োজন আছে আৰু তেতিয়া আমি ব'ষ্টনৰ কাৰ্যালয়ত আয়োজন কৰিলো ‘India Day’(ভাৰত দিৱস)।

মোৰ আজিও মনত পৰে, সেই ,সময়ত মই ব'ষ্টন যাবৰ বাবে যেতিয়া কাপোৰ কানি বেগত ভৰাই আছিলো,তেতিয়া মোৰ মায়ে কেইখনমান শাৰীও লবৰ বাবে কৈছিল।যাতে তাত মই মোৰ ভাৰতীয়ত্ব প্ৰদৰ্শন কৰিব পাৰো। কিন্তু মই নিশ্চিত নাছিলো যে অনুস্থানটোত মই শাৰী পিন্ধাৰ সুবিধা পাম নে নাই।

ব'ষ্টনত এদিনাখন মই শাৰী পিন্ধাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। মই যথেষ্ট ইতস্ততঃবোধ কৰিছিলো। কাৰণ শাৰীৰ দৰে ভাৰতীয় সাজ-পাৰত কেৱল ময়েই আছিলো। ১৭৫গৰাকী লোকৰ ভীৰৰ মাজত ময়েই আছিলো একমাত্ৰ ব্যতিক্ৰম।

অনুস্থানটোৰ অন্তত Fidelity Investmentsৰ CEO Ned Johnsonৰ সৈতে মই নিশাৰ আহাৰৰ সময়ত প্ৰায় ৪৫মিনিট সময় কথা পতাৰ সুবিধা পালো,যিটো সুবিধা প্ৰতিজনৰ বাবেই ঈৰ্ষণীয়। আমাৰ কথা বতৰাৰ আৰম্ভনীতে তেওঁ মোক সুধিলে, মই পৰিধান কৰি থকা সাজযোৰৰ নাম কি। মই তেওঁক শাৰীৰ বিষয়ে কলো, শাৰী কিদৰে পিন্ধে তাকো কলো।লগতে ভাৰতৰ বস্ত্ৰ উদ্যোগটোৰ কথাও তেওঁক অৱগত কৰিলো। তেওঁ যঠেষ্ট আগ্ৰহী হৈ পৰিল। তেওঁ তেওঁৰ পৰৱৰ্তী ভাৰত ভ্ৰমণৰ সময়ত ভাৰতীয় বস্ত্ৰ উদ্যোগৰ বিষয়ে তথ্য দিয়াৰ লগতে তেওঁক শাৰীৰ দোকানলৈ লৈ যাবলৈও মোক অনুৰোধ কৰিলে। অৱশেষত তেওঁৰ ভাৰত ভ্ৰমণত মই তেওঁক সেইকণ সহায় কৰি দিবলৈ পাই সুখী হৈছিলো।

কেতিয়াবা নিজৰ বিষয়ে আনক অৱগত কৰাৰ এক সুযোগৰ সৃষ্টি কৰাটো আৰু নিজৰ শিপাৰ বাবে গৌৰৱ কৰিবলৈ পোৱাটাও ডাঙৰ কথা। তেতিয়াৰে পৰা মই মোৰ ভিতৰত থকা ভাৰতীয়ত্বক অতি গৌৰৱেৰে নিজৰ সৈতে কঢিয়াই ফুৰো। মই মোৰ মাৰ সেই পৰামৰ্শৰ বাবে সদায়েই কৃতজ্ঞ।

‘সাক্ষাতৰ প্ৰথম ৭চেকেণ্ডত আপুনি কি কৰিব?’

কেইবছৰমান পিছৰ কথা,মোৰ কেৰিয়াৰৰ আৰম্ভনীৰ সময়। এজন শীৰ্ষ বিষয়াৰ সৈতে মোৰ এটা অভাৱনীয় অভিজ্ঞতা হল।যিটো অভিজ্ঞতা আছিল সম্পূৰ্ণ দুৰ্ভাজ্ঞজনক। মই কাম কৰা এটা প্ৰতিস্থানৰ সেই শীৰ্ষ বিষয়াগৰাকীৰ সৈতে এটা লিফ্টত আছিলো কিছুসময়। আমি ৭ম মহলাৰ পৰা গ্ৰাউণ্ড ফ্ল'ৰলৈ গৈ আছিলো। তেওঁ মোক সুধিলে,মই কি কৰোঁ। মই ইমানেই নাৰ্ভাছ হৈছিলো যে মুখৰ পৰা এটা শব্দও নোলাল। সেই অভিজ্ঞতাটো মোৰ বাবে এটা ডাঙৰ শিক্ষা আছিল। তেতিয়াৰে পৰা মই সদায়েই লিফ্ট বা এলিভেটৰত উঠাৰ সময়ত নিজকে সাজু কৰি লওঁ। কাৰণ লিফ্টত কাক লগ পাওঁ কোনো নিশ্চয়তা নাই।

অধিকসংখ্যক লোকেই প্ৰথম ৭চেকেণ্ডতেই আপোনাৰ সম্পৰ্কে প্ৰথম ধাৰণা (first impressions ) গঢি তোলে। আপুনি প্ৰথম ৭চেকেণ্ডত যদি বিফল হল,তেনেহলে তাৰ পিছত আপুনি যিমানেই ভাল নকৰক সকলো অসাৰ। মই সকলো উদিয়মান আৰু যুৱ কৰ্মীকে এই পৰামৰ্শই দিম যে আপোনালোকে আপোনালোকৰ ‘personal elevator pitch’টো সদায়েই প্ৰস্তুত কৰি ৰাখক। কাৰণ প্ৰথম চিনাকিৰ সেই চমু সময়চোৱাত আপুনি প্ৰদৰ্শন কৰাৰ ব্যক্তিত্বই আপোনাক বহু দুৰলৈ লৈ যায়।